পৰিসংখ্যা
পৰিসংখ্যা হৈছে এক বিজ্ঞান য'ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়।[1][2][3] কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেঃ পৃথিৱীত বাস কৰা লোকসকল, বা এটা শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ সংখ্যা ইত্যাদি। পৰিসংখ্যাই তথ্যৰ সৈতে জড়িত প্ৰতিটো দিশকেই অধ্যয়ন কৰে। তথ্য সংগ্ৰহৰ পৰিকল্পনাকে আদি কৰি প্ৰশ্ন তালিখাৰ আৰ্হি প্ৰস্তুত আৰু তথ্য সংগ্ৰহৰ পদ্ধতি নিৰ্নয়কো পৰিসংখ্যাই বিবেচনা কৰে।[4]
আৰম্ভণি
[সম্পাদনা কৰক]পৰিসংখ্যাক গণিতৰ এক শাখা বা গণিতৰ এক অংগ বুলি বিবেচনা কৰা হয় যি, তথ্য সংগ্ৰহ, সংগঠিতকৰণ, উপস্থাপন আৰু বিশ্লেষণৰ সৈতে জড়িত।[5][6] যদিও পৰিসংখ্যাই ডাটা সংগ্ৰহ কৰি ইয়াৰ ওপৰত কৰা বিশ্লেষণ আৰু ইয়াৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া এক অনিচ্ছয়তাৰ আৱৰ্তত থাকে, তথাপিও কোনো কোনো ব্যক্তিৰ মতে পৰিসংখ্যা, গণিতৰ এক শাখা হোৱাৰ বিপৰীতে ই এক সুকীয়া গাণিতিক বিজ্ঞান।[7][8]
গাণিতিক পৰিসংখ্যা
[সম্পাদনা কৰক]গাণিতিক পৰিসংখ্যা হৈছে পৰিসংখ্যাত গণিতৰ ব্যৱহাৰ। ইয়াত গাণিতিক কৌশল সমূহ যেনে: গণিতীয় বিশ্লেষণ, ৰৈখিক বীজগণিত, সম্ভাৱিতা, সম্ভাৱিতাৰ সূত্ৰাৱলী, পাৰ্থক্য সূচক সমীকৰণ আদিৰ আলোচনা কৰা হয়।
মূল আৰু ইতিহাস
[সম্পাদনা কৰক]পৰিসংখ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Statistics' শব্দটি লেটিন শব্দ 'Statuss', ইটালীয় শব্দ 'Statista' বা জাৰ্মান শব্দ 'Statistik'ৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। 'statuss' আৰু 'statistik' শব্দৰ অৰ্থ 'ৰাষ্ট্ৰ' আৰু 'Statista' শব্দৰ অৰ্থ ৰাষ্ট্ৰৰ কাৰ্যাৱলী। ইয়াৰ পৰা বুজা যায় যে, ৰাষ্ট্ৰৰ কাম কাজ পৰিচালনাৰ বাবেই পৰিসংখ্যা বিজ্ঞানৰ উৎপত্তি হৈছে। ৰাষ্ট্ৰৰ বিভিন্ন তথ্য যেনেঃ জনসংখ্যা, জন্ম-মৃত্যুৰ হাৰ, আদি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ হয়। ৮ আৰু ১৩ শতাব্দীৰ মাজৰ ইছলামিক স্বৰ্ণ যুগৰ সময় চোৱাত আৰৱ গণিতজ্ঞ আৰু আৰু সাংকেতিক বাৰ্তা লিখোঁতাৰ দ্বাৰা সম্ভাৱিতা আৰু পৰিসংখ্যাৰ ব্যৱহাৰ হোৱা বুলি ধৰা হয়। আল-খালিলে(৭১৭-৭৮৬) সাংকেতিক বাৰ্তাৰ ওপৰত লিখা গ্ৰন্থ খনত স্বৰধ্বনি যুক্ত আৰু অযুক্ত সকলো সম্ভৱপৰা আৰৱী শব্দৰ তালিকা প্ৰস্তুত কৰিবলৈ পোন প্ৰথমবাৰৰ বাবে বিন্যাস আৰু জোটৰ ব্যৱহাৰৰ কৰিছিল।[9] পৰিসংখ্যা বিজ্ঞানৰ আটাইতকৈ পুৰণি কিতাপ খনৰ পাণ্ডুলিপি লিখিছিল আৰৱী পণ্ডিত আল-কিন্দিয়ে। ৮০১-৮৭৩ শতাব্দীত লিখা এই কিতাপখনত তেওঁ সাংকেতিক বাৰ্তাৰ ক্ষেত্ৰত পৰিসংখ্যা আৰু বাৰংবাৰতা কিদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে লিখিছিল। এই পাণ্ডুলিপিয়ে পৰিসংখ্যা বিজ্ঞান আৰু সাংকেতিক বাৰ্তাৰ জগত খনত এটা ভেটি প্ৰতিষ্ঠা কৰিলে।[10][11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Oxford Reference". https://www.oxfordreference.com/view/10.1093/acref/9780199541454.001.0001/acref-9780199541454-e-1566?rskey=nxhBLl&result=1979.
- ↑ Romijn, Jan-Willem (2014). "Philosophy of statistics". Stanford Encyclopedia of Philosophy.
- ↑ "Cambridge Dictionary". https://dictionary.cambridge.org/dictionary/english/statistics.
- ↑ Dodge, Y. (2006) The Oxford Dictionary of Statistical Terms, Oxford University Press. আই.এচ.বি.এন. 0-19-920613-9
- ↑ Moses, Lincoln E. (1986) Think and Explain with Statistics, Addison-Wesley, আই.এচ.বি.এন. 978-0-201-15619-5. pp. 1–3
- ↑ Hays, William Lee, (1973) Statistics for the Social Sciences, Holt, Rinehart and Winston, p.xii, আই.এচ.বি.এন. 978-0-03-077945-9
- ↑ Moore, David (1992). "Teaching Statistics as a Respectable Subject". In F. Gordon. Statistics for the Twenty-First Century. প্ৰকাশক Washington, DC: The Mathematical Association of America. পৃষ্ঠা. 14–25. ISBN 978-0-88385-078-7. https://archive.org/details/statisticsfortwe0000unse.
- ↑ Chance, Beth L.; Rossman, Allan J. (2005). "Preface". Investigating Statistical Concepts, Applications, and Methods. Duxbury Press. ISBN 978-0-495-05064-3. http://www.rossmanchance.com/iscam/preface.pdf.
- ↑ Broemeling, Lyle D. (1 November 2011). "An Account of Early Statistical Inference in Arab Cryptology". The American Statistician খণ্ড 65 (4): 255–257. doi:10.1198/tas.2011.10191.
- ↑ Singh, Simon (2000). The code book : the science of secrecy from ancient Egypt to quantum cryptography (1st Anchor Books সম্পাদনা). প্ৰকাশক New York: Anchor Books. ISBN 978-0-385-49532-5.
- ↑ Ibrahim A. Al-Kadi "The origins of cryptology: The Arab contributions", Cryptologia, 16(2) (April 1992) pp. 97–126.
|