পিটাৰ জন ৰেটক্লিফ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
{{Infobox scientist
{{Infobox scientist
| name = পিটাৰ জন ৰেটক্লিফ
| name = পিটাৰ জন ৰেটক্লিফ
| image =Peter J. Ratcliffe at Centro Cultural de la Ciencia 01.jpg
| image =Peter J. Ratcliffe at Centro Cultural de la Ciencia 01 (cropped).jpg
| caption =
| caption =
| native_name =
| native_name =
21 নং শাৰী: 21 নং শাৰী:

তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ [[উইলিয়াম কেলিন জুনিয়ৰ]] আৰু [[গ্ৰেগ লিয়নাৰ্ড চেমেনজা]]ৰ সৈতে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ [[নোবেল বঁটা]] লাভ কৰে।<ref>{{Cite web|url=https://www.nobelprize.org/prizes/medicine/2019/summary/|title=The Nobel Prize in Physiology or Medicine 2019|website=NobelPrize.org|language=en-US|access-date=2019-10-07}}</ref>

==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
১৯৫৪ চনৰ ১৪ মে' তাৰিখে [[যুক্তৰাজ্য]]ৰ মৰেকেম্বে, লেন্সশ্বাযাৰত পিটাৰ জন ৰেটক্লিফৰ জন্ম হৈছিল। তাৰপিছত তেওঁ ল'ৰাৰ লেনচেষ্টাৰ ৰয়েল গ্লোৱেল গ্ৰামাৰ স্কুলত শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৯৭২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ জলপানি লাভ কৰে। তাৰপিছত তেওঁ [[লণ্ডন]]ৰ চেইণ্ট বাৰ্থ'ল'মিউ হস্পিটেলত শিক্ষা সম্পূৰ্ণ কৰে।<ref name="gairdner1">{{cite web|url=http://www.gairdner.org/content/peter-j-ratcliffe |title=Peter J. Ratcliffe |publisher=Gairdner |date= |accessdate=2014-01-02}}</ref> ১৯৭৮ চনত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰত বৃক্ক চিকিৎসাত প্ৰশিক্ষিত হয় আৰু পিচলৈ ৰেনেল অক্সিজিনেচনক মূল বিষয় লৈ গৱেষণা আৰম্ভ কৰে।

08:01, 8 October 2019ৰ সংস্কৰণ

পিটাৰ জন ৰেটক্লিফ

জন্ম ১৪ মে', ১৯৫৪ (৬৯ বছৰ)
মৰেকেম্বে, লেন্সশ্বাযাৰ, যুক্তৰাজ্য
ক্ষেত্ৰ কোষ আৰু আণৱিক জীৱবিজ্ঞান
কৰ্মস্থান ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউট
অক্সফোৰ্ড বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজ
জনা যায় অক্সিজেনৰ অভাৱত কোষত ঘটা ৰাসায়নিক বিক্ৰিয়াৰ অধ্যয়ন
উল্লেখনীয় বঁটা বেলি প্ৰাইজ (২০১১)
ৱিলি প্ৰাইজ (২০১৪)
চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা (২০১৬)
মাছৰী প্ৰাইজ (২০১৮)
চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০১৯)

ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪[1]) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল। ২০১৬ চনত তেওঁ ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ ক্লিনিকেল গৱেষণা নিৰ্দেশক হিচাপে নিযুক্ত হয়।[2] ইয়াৰ লগতে তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লোডৱিগ ইনষ্টিটিউট অফ কেঞ্চাৰ ৰিচাৰ্ছৰ সদস্য টাৰ্গেট ডিস্ক'ভাৰী ইনষ্টিটিউটৰ নিৰ্দেশক আছিল।[3]

তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ উইলিয়াম কেলিন জুনিয়ৰ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৪ চনৰ ১৪ মে' তাৰিখে যুক্তৰাজ্যৰ মৰেকেম্বে, লেন্সশ্বাযাৰত পিটাৰ জন ৰেটক্লিফৰ জন্ম হৈছিল। তাৰপিছত তেওঁ ল'ৰাৰ লেনচেষ্টাৰ ৰয়েল গ্লোৱেল গ্ৰামাৰ স্কুলত শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৯৭২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ জলপানি লাভ কৰে। তাৰপিছত তেওঁ লণ্ডনৰ চেইণ্ট বাৰ্থ'ল'মিউ হস্পিটেলত শিক্ষা সম্পূৰ্ণ কৰে।[5] ১৯৭৮ চনত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰত বৃক্ক চিকিৎসাত প্ৰশিক্ষিত হয় আৰু পিচলৈ ৰেনেল অক্সিজিনেচনক মূল বিষয় লৈ গৱেষণা আৰম্ভ কৰে।

১৯৮৯ চনত তেওঁ ৱেলকাম ট্ৰাষ্টৰ চিনিয়ৰ ফেল'শ্বিপ লাভ কৰি নিজৰ ক্ষেত্ৰ সলনি কৰি এক ননতুন পৰীক্ষাগাৰ স্থাপন কৰে। ইয়াত তেওঁ কোষৰ অক্সিজেন সংবেদনশীলতাৰ পথৰ ওপৰত গৱেষণা আৰম্ভ কৰে।[5]

কৰ্মজীৱন

১৯৮০ৰ দশকত গৱেষক সকলে হাইপ'ক্সিয়া হ'লে কোষীয় মৌলিক পৰিঘটনা সমূহৰ বিষয়ে অজ্ঞাত আছিল। ১৯৮৯ চনত এই ধাৰণা সলনি হ'ল। সেইসময়ত ডাঃ ৰেটক্লিফে লোহিত ৰক্ত কণিকাৰ উৎপাদন নিয়ন্ত্ৰণ কৰা ইৰিথ্র'প্ৰটিন নামৰ হৰমনৰ ওপৰত গৱেষণা কৰিবলৈ পৰীক্ষাগাৰ স্থাপন কৰিছিল। ইয়াৰ লগতে এই হৰমনে অক্সিজেনৰ অনুপস্থিতিত বৃক্কৰ কোষক উত্তেজিত কৰে।

ৰেটক্লিফৰ গোটে আৱিষ্কাৰ কৰিলে যে বৃক্কৰ কোষবিলাকৰ বাহিৰেও আন আন কোষ সমূহেও হাইপ'ক্সিয়াৰ সময়ত বিশেষ আচৰণ কৰে। বহুতো মানুহ আৰু আন জীৱৰ বহুতো কোষৰ ধৰণে অক্সিজেনৰ অভাৱত ইৰিথ্র'প্ৰটিন তো অন্যান্য জিনক সক্ৰিয় কৰে। ইয়াৰ ফলত ডাঃ ৰেটক্লিফ আৰু তেওঁৰ দলে অক্সিজেনৰ প্ৰতি সংবেদনশীল কোষৰ আণৱিক প্ৰক্ৰিয়াৰ শাৰীক চিনাক্ত কৰে। এই একেই বিক্ৰিয়াৰ পথে নতুন তেজৰ নলিকা সৃষ্টি কৰি কেঞ্চাৰৰ টিউমাৰক বৃদ্ধিত সহায় কৰে।

বঁটা আৰু সন্মান

ৰেটক্লিফে তেওঁৰ গৱেষণাৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল

  • দা মিলনে-মিউৰেক ফাউণ্ডেচন বঁটা, ১৯৯১
  • গ্ৰাহাম বুল বঁটা, ১৯৯৮
  • দা ইণ্টাৰনেচেনেল ছ'চাইটি ফৰ ব্লাড পিউৰিফিকেচন বঁটা, ২০০২
  • একাডেমী অফ মেডিকেল চাইন্সছৰ ফেল',

২০০২

  • ৰয়েল ছ'চাইটিৰ ফেল' (২০০৬)
  • এন ই.এম.বি.অ' ফেল'শ্বিপ, ২০০৬
  • আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় বিদেশী সদস্যপদ, ২০০৭
  • লুইছ জিনটেট প্ৰাইজ ফৰ মেডিচিন, ২০০৯[6][7]
  • কানাডা গ্ৰেইডনাৰ ইণ্টাৰনেছনেল বঁটা, ২০১০[5]
  • ২৪তম বাৰ্ষিক হৃদযন্ত্ৰৰ ওপৰত গৱেষণাৰ ৰবাৰ্ট জে. এণ্ড ক্লেৰী পাছাৰৌ ফাউণ্ডেচন বঁটা,

২০১১

  • বেলি মেডেল, ৰয়েল কলেজ অফ ফিজিছিয়ান, ২০১১
  • বাৰ্ষিক ৰিভিউ বঁটা, ফিজিঅ'লজিকেল ছ'চাইটি, ২০১৩
  • ৱিলি প্ৰাইজ, ২০১৪
  • চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা, ২০১৬
  • মাছৰী প্ৰাইজ, ২০১৮[8]
  • চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, ২০১৯

২০১৪ চনত ক্লিনিকেল মেডিচিনত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে নাইট উপাধি প্ৰদান কৰা হৈছিল।[9]

তথ্য উৎস

বাহ্যিক সংযোগ