সমললৈ যাওক

বৈশ্বিক মহামাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (ইংৰাজী: Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে। কিমান লোক আক্ৰান্ত হৈছে, সেই দিশৰ পৰা স্থিৰ হোৱা কোনো স্থানীয় ৰোগ, বিশ্বমাৰী নহয়। ইয়াৰ বাহিৰে, বিশ্বমাৰী জ্বৰৰ ভিতৰত, ঋতুকালীন জ্বৰ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ নেপেলোৱালৈকে বিশ্বমাৰীত অন্তৰ্ভুক্ত কৰা নহয়। ইতিহাসত বৰআই আৰু যক্ষ্মাৰ দৰে অসংখ্য বিশ্বমাৰীৰ বিৱৰণ পোৱা যায়। শেহতীয়া বিশ্বমাৰীৰ ভিতৰত এইছ আই ভি (HIV) বিশ্বমাৰী, ১৯১৮ আৰু ২০০৯ চনৰ H1N1 উল্লেখনীয়। ইয়াৰোপৰি ভয়ানক ব্লেক ডেথ (Black Death)ত প্ৰায় ৭৫ নিযুততকৈও অধিক লোকৰ মৃত্যু হৈছিল।

বিশ্বমাৰী হৈছে এনে এক মহামাৰী যি আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি এনে পৰ্যায়ত পাদুৰ্ভাৱ ঘটে যে সাধাৰণতে বিশ্বব্যাপী মানুহক প্ৰভাবিত কৰে।[1] কেবল ব্যাপক আকাৰ ধাৰণ কৰা বা বহু মানুহৰ মৃত্যু ঘটালেই কোনো ৰোগ বা অবস্থা বিশ্বমাৰী নহয়; ইয়াৰ বাবে ই সংক্ৰামক হোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে, কৰ্কট ৰোগৰ ফলত সমগ্ৰ বিশ্বজুৰি অনেক লোকৰ মৃত্যু হয়, কিন্তু ই বিশ্বমাৰী নহয় কাৰণ এই ৰোগ সোঁচৰা বা সংক্ৰামক নহয়।[2]

বৰ্তমানৰ বিশ্বমাৰীসমূহ

[সম্পাদনা কৰক]
২০০৮ চনৰ মতে ৰাষ্ট্ৰ অনুহৰি এইডছ আক্ৰান্ত প্ৰান্তবয়স্কৰ আনুমানিক প্ৰাদুৰ্ভাব

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত[3]২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। [4] ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ।[4] এইড্‌ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ। পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্‌ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ।[5] এইড্‌ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ।[6]

অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ। [7]

মুখ-আৱৰণ আৰু চিকিৎসা সামগ্ৰী কিনিবলৈ য়ুহানৰ এখন দৰৱৰ দোকানত শাৰী পতা মানুহৰ দৃশ্য

২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে।[8][9] জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ।[10][11][12] অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও[13] একাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়।[8][14] ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।[15]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Porta, Miquel, ed (2008). Dictionary of Epidemiology. Oxford University Press. পৃষ্ঠা. 179. ISBN 978-0-19-531449-6. https://books.google.com/books?id=3Dr8dyuzvTkC&pg=PA179। আহৰণ কৰা হৈছে: 14 September 2012. 
  2. A. M., Dumar (2009). Swine Flu: What You Need to Know. Wildside Press LLC. পৃষ্ঠা. 7. ISBN 978-1434458322. 
  3. Tarantola, D. (2000). "Reducing HIV/AIDS risk, impact and vulnerability". Bull World Health Organ খণ্ড vol.78 (no.2). doi:10.1590/S0042-96862000000200013. ISSN 0042-9686. http://www.scielosp.org/scielo.php?pid=S0042-96862000000200013&script=sci_arttext. 
  4. 4.0 4.1 UNAIDS 2011 pg. 1-10
  5. UNAIDS 2011 pg. 20-30
  6. UN2011 pg 40-50
  7. "আৰ্কাইভ কপি". Archived from the original on 2012-04-07. https://web.archive.org/web/20120407073144/http://assamsacs.org/introduction.htm। আহৰণ কৰা হৈছে: 2020-06-06. 
  8. 8.0 8.1 "The continuing 2019-nCoV epidemic threat of novel coronaviruses to global health—The latest 2019 novel coronavirus outbreak in Wuhan, China". Int J Infect Dis খণ্ড 91: 264–66. February 2020. doi:10.1016/j.ijid.2020.01.009. PMID 31953166. 
  9. "WHO Director-General's opening remarks at the media briefing on COVID-19" (Press release). 11 March 2020. https://www.who.int/dg/speeches/detail/who-director-general-s-opening-remarks-at-the-media-briefing-on-covid-19---11-march-2020। আহৰণ কৰা হৈছে: 12 March 2020. 
  10. "Q&A on coronaviruses (COVID-19)". World Health Organization (WHO). https://www.who.int/news-room/q-a-detail/q-a-coronaviruses। আহৰণ কৰা হৈছে: 11 March 2020. 
  11. Gu, Jinyang; Han, Bing; Wang, Jian (27 February 2020). "COVID-19: Gastrointestinal manifestations and potential fecal-oral transmission". Gastroenterology. doi:10.1053/j.gastro.2020.02.054. ISSN 0016-5085. PMID 32142785. 
  12. Miri, Seyyed Mohammad; Roozbeh, Fatemeh; Omrani Rad, Ali; Alavian, Seyed Moayed (16 March 2020). "Panic of Buying Toilet Papers: A Historical Memory or a Horrible Truth? Systematic Review of Gastrointestinal Manifestations of COVID-19". Hepatitis Monthly খণ্ড In Press (In Press). doi:10.5812/hepatmon.102729. ISSN 1735-143X. 
  13. Wang, Vivian (5 March 2020). "Most Coronavirus Cases Are Mild. That's Good and Bad News.". The New York Times. https://www.nytimes.com/2020/02/27/world/asia/coronavirus-treament-recovery.html. 
  14. "Q&A on coronaviruses". World Health Organization (WHO). https://www.who.int/news-room/q-a-detail/q-a-coronaviruses। আহৰণ কৰা হৈছে: 27 January 2020. 
  15. "Coronavirus (COVID-19) Mortality Rate". www.worldometers.info. 5 March 2020. https://www.worldometers.info/coronavirus/coronavirus-death-rate/। আহৰণ কৰা হৈছে: 23 March 2020.