মাইকেল জেকচন
মাইকেল জেকচন | |
---|---|
১৯৮৮ চনৰ ২ জুনত অষ্ট্ৰিয়াৰ ৰাজধানীৰ ভিয়েনাত মাইকেল জেকচন | |
জন্ম | মাইকেল জোচেফ জেকচন ২৯ আগষ্ট, ১৯৫৮ গেৰী, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ২৫ জুন, ২০০৯ (৫০ বছৰ) লছ এঞ্জেলেছ, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যুৰ কাৰণ | একিউট প্ৰ'প'ফল আৰু বেঞ্জডিয়াজেপাইন বিষক্ৰিয়াৰ ফলত হৃদক্ৰিয়া বন্ধ |
অন্য নাম | মাইকেল জয়ী জেকচন |
পেচা |
|
দাম্পত্যসঙ্গী | লিজা মেৰী প্ৰিছলী (বি. ১৯৯৪; বিবি. ১৯৯৬) ডেবী ৰ'ৱে (বি. ১৯৯৬; বিবি. ১৯৯৯) |
পিতৃ-মাতৃ | জয়ী জেকচন কেথৰিন জেকচন |
সন্তান |
|
সাংগীতিক কেৰিয়াৰ | |
সংগীতৰ প্ৰকাৰ |
|
বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৬৪–২০০৯ |
ৰেকৰ্ড লেবেল |
|
সহযোগী |
|
স্বাক্ষৰ | |
ৱেবছাইট | |
www |
মাইকেল জেকচন (ইংৰাজী: Michael Jackson; সম্পূৰ্ণ নাম: মাইকেল জোচেফ জেকচন; ২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়। চাৰি দশকজোৰা কালছোৱাত তেওঁ সংগীত, নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ ৰাজহুৱাকৰণৰ বাবে জনপ্ৰিয় মাধ্যমত গোলকীয় তাৰকা ব্যক্তিত্বত পৰিগণিত হৈছিল।
জেকচন পৰিয়ালৰ অষ্টম সন্তান মাইকেল জেকচনে তেওঁৰ জ্যেষ্ঠ ভাতৃ জেকী, টিটো, জেৰমাইন, আৰু মাৰলনৰ সৈতে দা জেকচন ৫ দলৰ সদস্য হিচাপে ১৯৬৪ চনত পেশাদাৰী শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৭১ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে ম'টাউন ৰেকৰ্ডছ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। ১৯৮০ৰ দশকত তেওঁ নিজকে জনপ্ৰিয় সংগীতৰ এজন প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৮২ চনৰ তেওঁৰ এলবাম "থ্ৰীলাৰ"ৰ গানসমূহ "বিট ইট", "বিলী জীন", "থ্ৰীলাৰ" আদিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষ্ণাংগসমূহৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অন্ত পেলাই পৰিবৰ্তনৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল। তেওঁৰ গীতসমূহৰ জনপ্ৰিয়তাৰ বাবে এমটিভি চেনেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ১৯৮৭ চনৰ এলবাম "বেড" আমেৰিকাৰ বিলবৰ্ডত পাঁচটা গীত "বিলবৰ্ড হট ১০০"ত অন্তৰ্ভুক্ত হোৱা প্ৰথম এলবাম। তাৰপিছত তেওঁ ১৯৯০ৰ দশকত "ব্লেক এণ্ড হোৱাইট" আৰু "স্ক্ৰীম" আদিৰ দৰে নতুন শৈলীৰ ভিডিঅ' প্ৰকাশ কৰিছিল আৰু গোটেই বিশ্বতে কনচাৰ্ট পৰিবেশন বাবে জনাজাত হৈছিল। তেওঁৰ মঞ্চ আৰু ভিডিঅ'সমূহত অতি জটিল নৃত্যশৈলী যেনে মুনৱাক আদিক জনপ্ৰিয় কৰিছিল। তেওঁৰ নৃত্য শৈলী আৰু শব্দৰ বিশেষ ভংগীমায়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিল্পী আৰু বিভিন্ন সংগীত শৈলীক অনুপ্ৰাণিত কৰিছিল।
মাইকেল জেকচনৰ এলবাম আৰু গীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়া সকলৰ ভিতৰত অন্যতম। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ৩৫০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।[1] সেইসময়ত তেওঁ অতি জনপ্ৰিয় আদি আৰু তেওঁৰ জনপ্ৰিয়তাৰ বাবেই তেওঁৰ এলবামৰ বিক্ৰী বাঢ়িছিল।[2][3] ২০০৬ চনৰ পৰা বিভিন্ন উৎস যেনে ৰিয়া, ৰলিং ষ্টন আৰু টাইম আলোচনীৰ মতে তেওঁৰ ৭৫০ মিলিয়নতকৈ বেছি (১ বিলয়ন পৰ্যন্ত) ৰেকৰ্ড বিক্ৰী হৈছে।[4][5][3] ৬৬ মিলিয়নকৈ বেছি তেওঁৰ থ্ৰীলাৰ এলবাম বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ অন্যতম। তেওঁৰ অন্যান্য এলবাম যেনে "অফ দা ৱাল" (১৯৭৯), "বেড" (১৯৮৭), "ডেনজাৰাছ" (১৯৯১), আৰু "হিষ্ট্ৰী" (১৯৯৫) বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ তালিকাত স্থান লাভ কৰিছে। তেওঁ অগণন বঁটা আৰু সন্মান লাভ কৰিছে। পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনেও লাভ কৰা নাই। তেওঁক দুবাৰ "ৰক এণ্ড ৰল হল অফ ফেম"ত স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় নৃত্য যাদুঘৰৰ হল অফ ফেমত স্থান লাভ কৰা একমাত্ৰ ৰক শিল্পী। তেওঁৰ অন্যান্য উপলব্ধিসমূহ হ’ল: গীনিছ বিশ্ব ৰেকৰ্ডছ, ১৫টা গ্ৰেমী বঁটা (গ্ৰেমী লেজেণ্ড আৰু জীৱনজোৰা সাধনা বঁটাৰ সৈতে), ২৬টা আমেৰিকান সংগীত বঁটা আৰু আমেৰিকাৰ বিলবৰ্ডত প্ৰথম স্থানত থকা ১৩টা গীত। তেওঁ বিলবৰ্ড হট ১০০ৰ শীৰ্ষ দহৰ ভিতৰত পাঁচটা ভিন্ন দশক স্থান লাভ কৰা একমাত্ৰ শিল্পী। ২০১৬ চনত তেওঁ ফৰ্বছ আলোচনীৰ মতে বছৰি ৮২৫ আমেৰিকান ডলাৰ উপাৰ্জন কৰি বিশ্বৰ সৰ্বোচ্চ ধন উপাৰ্জন কৰা তাৰকাত পৰিগণিত হৈছিল।
১৯৮০ৰ দশকত তেওঁ সঘনে নিজৰ ৰূপ সলনি কৰা, ব্যক্তিগত সম্পৰ্ক, ব্যৱহাৰ আৰু জীৱন-ধাৰণ বাবে বিতৰ্কত সোমাইছিল। ১৯৯৩ চনত তেওঁ পাৰিবাৰিক বন্ধুৰ শিশু যৌন নিৰ্যাতনৰ বাবে অভিযুক্ত হৈছিল। এই অভিযোগ ন্যায়ালয়ৰ বাহিৰতে নিষ্পত্তি হৈছিল। ২০০৫ চনত তেওঁ ওপৰত আকৌ শিশু যৌন নিৰ্যাতনৰ মুকৰ্দমা চলে। ২০০৯ চনত "দিছ ইজ ইট"ৰ কনচাৰ্টৰ প্ৰস্তুতি চলাই থকা অৱস্থাত অত্যাধিক একিউট প্ৰ'প'ফল আৰু বেঞ্জডিয়াজেপাইন বিষক্ৰিয়াৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বাবে তেওঁৰ ব্যক্তিগত চিকিৎসক কৰনাৰ্ড মুৰেক জগৰীয়া কৰা হয়। তেওঁৰ মৃত্যুত গোটেই বিশ্বতে তেওঁৰ অনুৰাগীসকলৰ মনত শোকৰ ছাঁ পৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Bain, Raymone K. (October 31, 2006). "Statement from Raymone Bain to all fans and fanclubs". Mjtmc.com. Archived from the original on February 17, 2007. https://web.archive.org/web/20070217114004/http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1.
- ↑ Lara, David (May 12, 2012). "Michael Jackson's 'Bad' Gets a Revamp and More Inflated Sales!". ImpreMedia. http://www.impre.com/la-gente-dice/viewArticle.action?articleId=281474978979962। আহৰণ কৰা হৈছে: January 17, 2013.
- ↑ 3.0 3.1 Bialik, Carl (July 15, 2009). "Spun: The Off-the-Wall Accounting of Record Sales". The Wall Street Journal. https://www.wsj.com/articles/SB124760651612341407। আহৰণ কৰা হৈছে: January 17, 2013.
- ↑ Grow, Kory (December 16, 2015). "Michael Jackson's 'Thriller' Is First Album to Sell 30 Million Copies". Rolling Stone. https://www.rollingstone.com/music/news/michael-jacksons-thriller-is-first-album-to-sell-30-million-copies-20151216। আহৰণ কৰা হৈছে: May 29, 2016.
- ↑ Adamczyk, Alicia (December 16, 2015). "Michael Jackson's 'Thriller' Just Smashed Another Record". Time (magazine). Archived from the original on March 5, 2016. https://web.archive.org/web/20160305174307/http://time.com/money/4151215/michael-jacksons-thriller-album-sales-record/। আহৰণ কৰা হৈছে: May 29, 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত মাইকেল জেকচন সম্পৰ্কীয় মিডিয়া ফাইল।
- মাইকেল জেকচন সম্পৰ্কে লিখা তথ্য এনচাইক্লপেডিয়া ব্ৰিটেনিকাত পঢ়ক
- মাইকেল জেকচন বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Michael Jackson at the FBI's website
- মাইকেল জেকচন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।