ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ সৈতে মোৰ এটা দশকজোৰা সম্পৰ্ক। আজিৰ পৰা দহবছৰ আগতে ২০১১ চনত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিছিলোঁ এটা নতুন প্ৰবন্ধ, শৈশৱৰ একাল পাৰ কৰি অহা ঢকুৱাখনাৰ বিষয়ে। পৃথিৱীৰ যিকোনো কোণৰ পৰা কোনোবা অসমীয়াই ঢকুৱাখনাৰ বিষয়ে ইণ্টাৰনেটত খুঁচৰিলে অসমীয়াতে এই প্ৰবন্ধই ধৰা দিবহি; লিখি উঠি সেই অনুভৱে মন ৰোমাঞ্চিত কৰি তুলিলে। সেই প্ৰথম অৱদানৰ অপূৰ্ব অনুভূতি, অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ সেই সন্তুষ্টিয়েই মোৰ বাবে মুকলি কৰি দিলে এটা নতুন বাট। অসমীয়া ৱিকিপিডিয়াৰ সৈতে এটা নজহা নপমা আন্তৰিক সম্পৰ্কৰ বাট!

বিগত দশকটোত জীৱনৰ বহু দিশৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে এই সম্পৰ্কই নতুন ৰূপ ল’লে। সময়ৰ লগে লগে মোৰ ৱিকি আসক্তি কেৱল ৱিকিপিডিয়াতে সীমাবদ্ধ নাথাকি ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প যেনে- ৱিকিকমনছ, মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎস আদিলৈকো বিয়পিল। এই সময়ছোৱাত ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ বিভিন্ন কামত জড়িত হ’লোঁ, কেইবাখনো কৰ্মশালা, এডিটাথন আদিতো অংশ লোৱাৰ সুযোগ পালোঁ। লগতে চিনাকি হ’লোঁ অসমীয়া ভাষাৰ বাবে নিস্বাৰ্থভাৱে অক্লান্ত অৱদান আগবঢ়াই অহা অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে। দৈনন্দিন ব্যস্ততাৰ মাজতো ভিন্ন ঠাইৰ, ভিন্ন বয়সৰ এই সকলো অসমীয়াই ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে যোগ দিয়েহি এটি দুটিকৈ শব্দ আৰু তথ্যৰ; প্ৰতিদিনে কীবৰ্ডত আঙুলি বুলাই সাধনা কৰেহি অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ। ৱিকিপিডিয়াৰ জৰিয়তে ময়ো কম সময়তে এই অপূৰ্ব যাত্ৰাত সেইসকলৰ সহযাত্ৰী হৈ পৰিলোঁ।

যোৱা দশকটোতে প্ৰথমে উচ্চশিক্ষাৰ বাবে অসম এৰি আহিলোঁ। তাৰপিছত কৰ্মসূত্ৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে বিভিন্ন ঠিকনা আদৰিব লগাত পৰিলোঁ। কিন্তু যিমানে অসমৰ পৰা ভৌগোলিক দূৰত্ব বাঢ়িল, মোৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ তাৎপৰ্য্য যেন সিমানে বেছি গভীৰ হৈ পৰিল। বৰ্তমান কানাডাৰ পশ্চিম প্ৰান্তৰ এই ভেনকুভাৰ মহানগৰীত অসমীয়া কথা এষাৰ নুশুনাকৈ-নোকোৱাকৈ কেতিয়াবা বহুদিন বাগৰি যায়। সেই অভাৱখিনি পূৰাবলৈকে হয়তো প্ৰতিদিনে ব্যস্ততাৰ মাজতো ক্ষন্তেক সময় উলিয়াই চেষ্টা কৰোঁ এটা হ’লেও পৃষ্ঠা অসমীয়াত পঢ়িবলৈ, দহমিনিটৰ বাবে হ’লেও অসমীয়া ৱিকিপিডিয়াত কিবা এটা কাম কৰিবলৈ। গতিকে সময়ৰ লগে লগে অসমীয়া ভাষাৰ সৈতে মোৰ সম্পৰ্ক জীপাল কৰি ৰখাৰ, সাৰ্মথ্য অনুসৰি মাতৃভাষাটোৰ প্ৰতি কিছু অৱদান আগবঢ়োৱাৰ মূল মাধ্যম হৈ পৰিছে অসমীয়া ৱিকিপিডিয়া।

জীৱন আৰু জীৱিকাৰ প্ৰয়োজনে মানুহক অৰঙে দৰঙে লৈ যায়, জীৱন পটত ৰং বোলাবলৈ নতুন তূলিকা আৰু নতুন অভিজ্ঞতা আনি দিয়ে। যোৱা দশকটোত এনেবোৰ প্ৰয়োজনেই মোকো লৈ গৈছে বহু ঠাইলৈ, বাধ্য কৰিছে ভিন্ন ভাষা আৰু সংস্কৃতিৰে পূৰ্ণ এক গোলকীয় সম্প্ৰদায়ৰ অংশ হৈ পৰিবলৈ। কিন্তু নিজৰ শিপা এৰি সেই মিছলত বিলীন হৈ পৰাৰ সলনি দিনক দিনে মোৰ মাজত যেন দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহিছে স্বাভিমানী অসমীয়া হৈ মূৰ দাঙি জীয়াই থকাৰ হেঁপাহ। যেন এটা জেদ, এটা প্ৰত্যাহ্বান- অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যতক লৈ ক্ষণে ক্ষণে উঠা আশংকাবোৰ দেই দি যোৱাৰ, নিজা ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ বাবে দেশে দেশে খিলঞ্জীয়া জাতিবোৰে কৰা নিৰলস প্ৰচেষ্টাত গৌৰৱেৰে যোগ দিয়াৰ। অসমীয়া ৱিকিপিডিয়া মোৰ সেই প্ৰতিবাদী সত্তাৰ সমৰক্ষেত্ৰ, আকাশত উৰাৰ হেঁপাহ লৈও নিজৰ শিপাডাল নেহেৰুৱাৰ বাবে এক আলম৷

মই বিশ্বাস কৰোঁ, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে আছে। জন্মলগ্নৰ পৰা বহু বাধা নেওচিও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসই লাভ কৰা ক্ৰমাগত বিকাশ আৰু প্ৰসাৰে এই কথাকে প্ৰতিপন্ন কৰিছে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা কেনে গুৰুত্বপূৰ্ণ সেয়া অনুধাৱন কৰি হাতে-কামে লাগি পৰিছে বহুতো এনে অসমীয়াই। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ অসমীয়া ভাষাৰ এক বিশাল ডিজিটেল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বহুতৰ অজানিতে আৰম্ভ হৈছে এক বৌদ্ধিক আন্দোলন, নিৰলস এক প্ৰচেষ্টা চলিছে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ- যাৰ নাম অসমীয়া ৱিকিপিডিয়া। এই আন্দোলনৰ এটা দশকজোৰা সাক্ষী হ’বলৈ পাই, অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে একেলগে এই প্ৰয়াসত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত।

অসমীয়া ৱিকিপিডিয়াৰ এই যাত্ৰা চিৰযুগমীয়া হওক। -Joli Rumi (বাৰ্তা) 06:05, 30 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]