অগ্নিৱেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অগ্নিৱেশ (সংস্কৃত: अग्निवेश, Agniveśa) হ’ল এজন ঐতিহাসিক ঋষিমুনি আৰু আয়ুৰ্বেদৰ প্ৰাৰম্ভিক লেখক সকলৰ এজন।[1]

তেওঁ আছিল পুনৰ্বসু আত্ৰেয়ৰ ছাত্ৰ। মহাভাৰতৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী দ্ৰোণ আৰু দ্ৰুপদে এওঁৰেই অধীনত শিক্ষা গ্ৰহণ কৰিছিল।[2] ভৰদ্বাজৰ পৰা অগ্নিৱেশে লাভ কৰা শিক্ষাৰ সাৰ হিচাপে তেওঁ ৰচনা কৰা আয়ুৰ্বেদৰ বিষয় সম্বলিত অগ্নিৱেশ তন্ত্ৰ (বা অগ্নিৱেশ সংহিতা) বৰ্তমান কালৰ গৰাহত লীন গৈছে। ইয়াৰ কথা চৰক সংহিতাত উল্লেখ আছে: "অগ্নিৱেশৰ দ্বাৰা ৰচিত অগ্নিৱেশতন্ত্ৰৰ চৰকে সম্পাদনা আৰু পৰিৱৰ্তন সাধন কৰে" (অগ্নিৱেশকৃতে তন্ত্ৰে চৰকপ্ৰতিসংস্কৃতে)

লগতে চাওক[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. Dowson, John (1984) [1879]. A Classical Dictionary of Hindu Mythology, and Religion, Geography, History. প্ৰকাশক Calcutta: Rupa & Co.. পৃষ্ঠা. 8. 
  2. http://vedabase.com/en/mbk/appendix-5-main-characters

তথ্যসূত্ৰ[সম্পাদনা কৰক]