অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ  
লেখক ৰাজীৱ বৰা
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় অসমীয়া কবিতাৰ ইতিহাস বিষয়ক গ্ৰন্থ
প্ৰকাশক পাঞ্চজন্য বুক্ছ
প্ৰকাশ ২০১৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৭৩৬

অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷[1] এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন গ্ৰন্থত ক্ৰম অনুসাৰে কৰা হৈছে৷ সমান্তৰালভাৱে গ্ৰন্থখনত অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাস সম্পৰ্কে এটি ‘আগকথা’ সন্নিৱিষ্ট কৰা হৈছে৷ আগকথাৰ শিৰোনামটো-‘অসমীয়া কবিতাৰ বিৱৰ্তন’৷ [2]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। তদুপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেখেতৰ উল্লেখযোগ্য কৃতি। [3]

গ্ৰন্থ বিৱৰণ[সম্পাদনা কৰক]

গ্ৰন্থখন অসমীয়া কবিতাৰ সম্পূৰ্ণ ইতিহাস বিষয়ক গ্ৰন্থ৷ [4] এই গ্ৰন্থখনত প্ৰত্ন বা আদি যুগ (৯৫০-১৩০০ শতিকা), প্ৰাক্-শঙ্কৰী যুগ (১৩০১-১৪৯০ খ্ৰীঃ), শঙ্কৰী যুগ (১৪৯১-১৭০০ শতিকা), পাঁচালী সাহিত্য (১৪-১৬শ শতিকা), শঙ্কৰোত্তৰ যুগ (১৭০০-১৮২৬ খ্ৰীঃ), প্ৰাক্ ৰোমাণ্টিক যুগ (১৮২৬-১৮৮৮), আধুনিক যুগ (১৯৪১-১৯৮৫)ৰ পৰা আৰম্ভ কৰি ১৯৯৯ চনলৈকে অসমীয়া কবিতাৰ সুদীৰ্ঘ পৰিক্ৰমা সামৰি নিৰ্বাচিত কবিতা সন্নিৱিষ্ট কৰা হৈছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ৰাজীৱ বৰা. "তেজপুৰ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ". পাঞ্চজন্য বুক্ছ. http://agnee.tezu.ernet.in:8999/cgi-bin/koha/opac-detail.pl?biblionumber=49433। আহৰণ কৰা হৈছে: 29 September 2023. 
  2. ৰাজীৱ বৰা. "অসমীয়া কবিতা বিন্দুৰ পৰা সিন্ধুলৈ". পাঞ্চজন্য বুক্ছ. পৃষ্ঠাসমূহ: ৭. 
  3. সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭, পৃষ্ঠা- ২২
  4. "অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ". https://www.scientiabooks.in/product/asomiya-kabita-bindurpora-sindhuloi-অসমীয়া-কবিতা-বিন্দু/। আহৰণ কৰা হৈছে: 29 September 2023. [সংযোগবিহীন উৎস]