অৰিগামি

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অৰিগামিৰে সজা সাৰেং চৰাই
Crane.ogv
অৰিগামিৰে সাৰেং চৰাই এটা সজাৰ কৌশল ভিডিঅ'

অৰিগামি, জাপানৰ (মূল জাপানী শব্দ, 'অৰি', অৰ্থ ভাঁজ কৰা, আৰু 'কামি', অৰ্থ কাগজ) এটা পাৰম্পৰিক কলা, য'ত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভনি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা। এই কলাত মূলত: কাগজ ভাঁজ কৰাৰ হে অনুমতি আছে, কাগজ কাটি বা আঠা লগাই সজা আকৃতিক অৰিগামিৰ ভিতৰত ধৰা নহয়।

অৰিগামিত মূলত: কেইটামানহে ভাঁজ কৰাৰ বিশেষ পদ্ধতি আছে। একে কেইটা ভাঁজকে বিভিন্ন ধৰণে লগলগাই বিভিন্ন আকৃতি সজা হয়। সাধাৰণতে এখন বৰ্গাকাৰ কাগজৰপৰা প্ৰায়ভাগ অৰিগামি আকৃতিৰ নিৰ্মান আৰম্ভ হয়। অৰিগামিৰ বাবে ব্যৱহৃত বিশেষ কাগজৰ এপিঠি ৰঙীন হয় আৰু আনটো ফাল সাধাৰণতে বগা ৰঙৰ হয়।

অৰিগামিৰ কৌশলবিলাক বস্তুবন্ধা, আভিআন্ত্ৰিক গঠন ইত্যাদিতো ব্যৱহাৰ কৰা হয়।[1]

[সম্পাদনা কৰক] চিত্ৰ

কেইটামান বিভিন্ন ধৰণৰ অৰিগামিৰ চিত্ৰ:

[সম্পাদনা কৰক] তথ্য সমল

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত