আতিয়া ইছলাম আনে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আতিয়া ইছলাম আনে(ইংৰাজী: Atia Islam Anne) এগৰাকী বাংলাদেশী শিল্পী(চিত্ৰশিল্পী), যিয়ে চিত্ৰৰ মাজেৰে নাৰীৰ অনুশোচনা, প্ৰয়োজন, আশা আৰু নিৰাশা আৰু হতাশাৰ বিষয়ে কাম কৰা বুলি জনা যায়[1] আৰু বিশেষকৈ নাৰীৰ ওপৰত হোৱা হিংসাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ব্যাপকভাবে পৰিচিত। ডিলাৰা বেগম জলী, কনক চানপা চাকমা, ফাৰেহা জেবাৰ দৰে শিল্পীৰ লগতে অংশীদাৰ হোৱা আনে, নাৰী শিল্পীৰ আন্দোলনৰ অংশ আছিল, যাৰ নাৰীবাদী কাৰ্যক্ৰম ১৯৯০ চনৰ সময়ছোৱাত বাংলাদেশত অধিক জনপ্ৰিয় হৈ উঠিছিল।[2] তেওঁৰ জন্ম হৈছিল, ১৯৬২ চনত বাংলাদেশৰ ঢাকা চহৰত৷[3]

শিক্ষা[সম্পাদনা কৰক]

১৯৮২ চনত আনেই ঢাকা বিশ্ববিদ্যালয়ৰ চাৰুকলা ইনষ্টিটিউটৰ পৰা অঙ্কন আৰু চিত্ৰকলাৰ ওপৰত বিএফএ ডিগ্ৰী আৰু ১৯৮৫ চনত একেই বিশ্ববিদ্যালয়ৰ পৰা অঙ্কন আৰু চিত্ৰকলাৰ এমএফএ ডিগ্ৰী অৰ্জন কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

মূল বিষয়[সম্পাদনা কৰক]

আতিয়া ইছলাম আৰু তেওঁৰ কৰ্মই বাংলাদেশৰ মহিলা শিল্পীসকলৰ মাজত এক নৱ জাগৰণৰ চেতনাৰ প্ৰমাণ বুলি চিহ্নিত কৰা হৈছে। তেওঁৰ “নাৰী এবং সমাজ’’ চিৰিজটো পুৰুষ নিয়ন্ত্ৰিত, প্ৰভাৱশালী পুৰুষ প্ৰথাৰ বিপৰীতে এক ব্যংগ হিচাপে আৰু ইয়াৰ লগে লগে সমাজৰ পিতৃতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এক আক্ৰমণ হিচাপে চিহ্নিত কৰা হৈছে, য’ত নাৰীক কেৱল যৌন সামগ্ৰী হিচাপে গণ্য কৰা হয়।[5]

আতিয়া ইছলাম আনেৰ ৰচনাসমূহ অতি-বাস্তৱিক আৰু ইয়াত কল্পনাৰ পৰশ আছে, লগতে আছে বিদ্ৰূপ আৰু হাস্যৰসৰ ৰং।[1] তেওঁৰ কামে অপশাসন আৰু ক্ষমতাৰ অপব্যৱহাৰে কঢ়িয়াই অনা কৰুণ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে আৰু সকলোফালে সামাজিক সমালোচনাৰ এক সুস্পষ্ট বাৰ্তা দেখা যায়। [6]

প্ৰদৰ্শনী[সম্পাদনা কৰক]

১৯৮১ চনৰ পৰা ২০০৯ চনৰ ভিতৰত চীন, আমেৰিকা, ভাৰত, ব্ৰিটেইন, ফ্ৰান্স, ম্যানমাৰ আদি দেশৰ লগতে বাংলাদেশতো আতিয়া ইছলাম আনেৰ কৰ্ম ৬০ টাতকৈও অধিক দলীয় প্ৰদৰ্শনীত অন্তৰ্ভুক্ত কৰা হয়।[4]

২০০৯ চনত তেওঁ বেংগল গেলেৰী অৱ ফাইন আৰ্টছত “অশুভ সময়’’ শীৰ্ষক একক প্ৰদৰ্শনী অনুষ্ঠিত কৰে,[6] যাক "পুৰুষ প্ৰধান সমাজৰ ওপৰত এক প্ৰহসন আৰু নাৰী চিৰদিন যৌন ভোগৰ সামগ্ৰী হৈ থকা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ফোঁপোলা স্বৰূপৰ ওপৰত এক মোক্ষম আঘাত’’ বুলি বৰ্ণনা কৰা হৈছে।[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Atia Islam AnneImages of women objectified" (en ভাষাত). The Daily Star. 2009-06-16. http://www.thedailystar.net/news-detail-92719. 
  2. 2.0 2.1 "Diaaalogue". www.aaa.org.hk. Archived from the original on 2016-06-19. https://web.archive.org/web/20160619162744/http://www.aaa.org.hk/Diaaalogue/Details/70। আহৰণ কৰা হৈছে: 2017-03-11. 
  3. "আতিয়া ইছলাম আনে". Archived from the original on 19 August 2016. https://web.archive.org/web/20160819133705/http://dhakaartcenter.org/artist_directory/atia_islam_anne.html। আহৰণ কৰা হৈছে: 9 January 2024. 
  4. 4.0 4.1 "Error: no |title= specified when using {{Cite web}}". 
  5. "Contemporary Art in Dhaka, Bangladesh: Optimism and Confusion - Qantara.de" (en ভাষাত). Qantara.de - Dialogue with the Islamic World. https://en.qantara.de/content/contemporary-art-in-dhaka-bangladesh-optimism-and-confusion. 
  6. 6.0 6.1 "Depart Magazine|List Your Ad" (en ভাষাত). www.departmag.com. http://www.departmag.com/index.php/en/detail/28/Reality-plumbed-and-unloaded। আহৰণ কৰা হৈছে: 2017-03-11.