আহমদ ফৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহমদ ফৰাজ

২০০৫ চনত টৰণ্টোত আহমদ ফৰাজ
জন্ম চৈয়দ আহমদ শ্বাহ আলি
১২ জানুৱাৰী, ১৯৩১
ক’হাত, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স (১৯০১-১৯৫৫), ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান)
মৃত্যু ২৫ আগষ্ট, ২০০৮ (৭৭ বছৰ)
ইছলামাবাদ, ইছলামাবাদ ৰাজধানী অঞ্চল, পাকিস্তান
ছদ্মনাম ফৰাজ নষ্টালিক
পেচা উৰ্দু কবি, অধ্যাপক
ৰাষ্ট্ৰীয়তা পাকিস্তানী
নাগৰিকত্ব পাকিস্তানী
শিক্ষা উৰ্দু সাহিত্য
স্নাতকোত্তৰ
পাৰ্ছিয়ান লিটাৰেচাৰ
স্নাতকোত্তৰ
মাতৃশিক্ষায়তন এডৱাৰ্ডচ্‌ কলেজ, পেশৱাৰ বিশ্ববিদ্যালয়
সময় ১৯৫০-২০০৮
ধৰণ উৰ্দু গজল
বিষয় প্ৰেম, ৰাজনীতি, প্ৰতিৰোধ
সাহিত্যিক বিপ্লৱ গণতান্ত্ৰিক আন্দোলন (ডেমক্ৰেটিক মুভমেণ্ট)
উল্লেখযোগ্য বঁটা চিতাৰা-এ-ইমতিয়াজ
হিলাল-এ-ইমতিয়াজ
হিলাল-এ-পাকিস্তান
নিগাৰ এৱাৰ্ড
সন্তান চাদি, শিবলি ফৰাজ, শৰমাদ ফৰাজ

চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়।[1][2][3] তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্‌ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)।[4] তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল।[lower-alpha 1] তেওঁ দেশত চলা সামৰিক শাসন আৰু অভ্যুত্থানৰ সমালোচনা কৰিছিল আৰু সামৰিক স্বৈৰশাসকৰ দ্বাৰা স্থানচ্যুত হৈছিল।[5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩১ চনৰ ১২ জানুৱাৰী তাৰিখে ক’হাতত চৈয়দ মুহম্মদ শ্বাহ বাৰ্কৰ ঘৰত আহমদ ফৰাজৰ জন্ম হৈছিল।[4][2][6] তেওঁৰ জন্ম নাম আছিল চৈয়দ আহমদ শ্বাহ আলি। পাকিস্তানৰ খাইবাৰ পাখতুনখৱাৰ প্ৰাক্তন ৰাজ্যপাল মাচুদ কোচাৰ ফৰাজৰ ভাতৃ। ফৰাজে আগতে তেওঁৰ পৰিয়ালৰ সৈতে ক’হাত জিলাত বাস কৰিছিল। পিছত তেওঁলোক পেশৱাৰলৈ উঠি গৈছিল। তেওঁ পেশৱাৰৰ এডৱাৰ্ডচ্‌ কলেজত অধ্যয়ন কৰিছিল আৰু পেশৱাৰ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু আৰু পাৰ্চী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1][4][6] কলেজীয়া জীৱনকালত ফৈজ আহমদ ফৈজ আৰু আলি চৰ্দাৰ জাফৰি নামৰ দুজন কবিয়ে তেওঁক প্ৰভাৱিত কৰিছিল আৰু এক আদৰ্শ ৰূপে পৰিগণিত হোৱাত সহায় কৰিছিল।[4]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

ফৰাজক তেওঁৰ পাচ অন্দাজ, সৱ আৱাজে মেৰী, খুৱাব গুল, গজল বাহানা কৰু আদি সাহিত্য কৰ্মৰ বাবে জনা যায়।

কৰ্মজীৱন[সম্পাদনা কৰক]

মেহদি হাছান, নুৰ জাহান, গোলাম আলি, পংকজ উধাচ, জগজিৎ সিং আৰু ৰুণা লেইলাৰ দৰে গায়কসকলে চলচ্চিত্ৰ আৰু লাইভ কনচাৰ্টত ফৰাজৰ গজল গাই তেওঁৰ কবিতাক অধিক জনপ্ৰিয় কৰি তুলিছিল।[1][4][5]

আহমদ ফৰাজে পাকিস্তানৰ ইছলামাবাদত নেচনেল বুক ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[7][4]

ৰাজনৈতিক কাৰ্যকলাপ[সম্পাদনা কৰক]

জেনেৰেল জিয়া-উল-হকৰ শাসনকালত পাকিস্তানৰ সামৰিক শাসকসকলক লৈ সমালোচনাত্মক কবিতা লিখাৰ বাবে ফৰাজক গ্ৰেপ্তাৰ কৰা হৈছিল। এইদৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ স্ব-নিৰ্বাসন গ্ৰহণ কৰে।[5] পাকিস্তানলৈ উভতি অহাৰ আগতে তেওঁ ব্ৰিটেইন, কানাডা আৰু ইউৰোপত তিনি বছৰ থাকিছিল,[7] য’ত তেওঁ প্ৰথমে পাকিস্তান একাডেমী অফ লেটাৰচ্‌ৰ অধ্যক্ষ আৰু পিছলৈ কেইবা বছৰ ধৰি ইছলামাবাদস্থিত নেচনেল বুক ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছিল।[7][1][4]

মৃত্যু[সম্পাদনা কৰক]

আহমদ ফৰাজৰ সমাধিস্তম্ভ

২০০৮ চনত মেৰিলেণ্ডৰ বাল্টিমোৰত পৰি যোৱাৰ পিছত চিকাগোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি মিছা উৰাবাতৰি ওলাইছিল। কিন্তু তেওঁ নিজৰ জন্মভূমি পাকিস্তানলৈ উভতি আহিবলৈ সক্ষম হৈছিল। তাৰ পিছত, ২০০৮ চনৰ ২৫ আগষ্টত ইছলামাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৃক্ক ৰোগত আহমদ ফৰাজৰ মৃত্যু হয় বুলি তেওঁৰ পুত্ৰ শিবলি ফৰাজে নিশ্চিত কৰে। পাকিস্তানৰ ইছলামাবাদৰ এইচ-এইট কবৰস্থানত বহুতো গুণমুগ্ধ আৰু চৰকাৰী বিষয়াৰ উপস্থিতিত ২৬ আগষ্টৰ সন্ধিয়া ফৰাজৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হৈছিল।[6][1][8]

আহমদ ফৰাজক উৰ্দু ভাষাৰ বিপ্লৱী কবিসকলৰ দীঘলীয়া তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ যোৱা শতিকাৰ আটাইতকৈ প্ৰভাৱশালী আধুনিক উৰ্দু কবি হিচাপে প্ৰশংসিত।[2][7][5]

ফৰাজে পাকিস্তানৰ ইছলামাবাদত নেচনেল বুক ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

স্বীকৃতি[সম্পাদনা কৰক]

তেওঁক প্ৰথমে পাকিস্তান চৰকাৰে চিতাৰা-এ-ইমতিয়াজ আৰু তাৰ পিছত ২০০৪ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে হিলাল-এ-ইমতিয়াজ বঁটা প্ৰদান কৰিছিল। দুবছৰ পিছত ২০০৬ চনত মুছাৰফ শাসনৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদৰ মাধ্যম হিচাপে তেওঁ এই বঁটা ঘূৰাই দিছিল।[2][4][6]

২০০৮ চনৰ ২৫ আগষ্ট তাৰিখে ইছলামাবাদত তেওঁৰ মৃত্যুবৰণৰ পিছত পাকিস্তান চৰকাৰে কবিতা আৰু উৰ্দু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ফৰাজক মৰণোত্তৰভাৱে হিলাল-এ-পাকিস্তান প্ৰদান কৰে।[2][4]

টোকাসমূহ[সম্পাদনা কৰক]

  1. তাখালুস হৈছে এটি কাল্পনিক বা ছদ্মনাম; যিটো উৰ্দু বা পাৰ্চী ভাষী লোকসকলে কবিতা আদিৰ দৰে এক নিৰ্দিষ্ট সামাজিক বা সাংস্কৃতিক ভূমিকা পালন কৰাৰ সময়ত ব্যৱহাৰ কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Haresh Pandya (1 September 2008). "Ahmed Faraz, Outspoken Urdu Poet, Dies at 77". The New York Times. https://www.nytimes.com/2008/09/01/books/01faraz.html?_r=1&oref=slogin। আহৰণ কৰা হৈছে: 29 June 2022. 
  2. 2.0 2.1 2.2 2.3 2.4 "Tribute to a legend: Remembering Ahmed Faraz". The Express Tribune (newspaper). 12 January 2015. https://tribune.com.pk/story/820627/tribute-to-a-legend-remembering-ahmed-faraz. 
  3. "Profile of Ahmad Faraz". Ahmad Faraz Trust. Archived from the original on 2016-02-06. https://web.archive.org/web/20160206192954/http://ahmadfaraztrust.org/about_faraz.html। আহৰণ কৰা হৈছে: 2022-06-29. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 "Faraz dies: Poetry loses a voice, people a friend". Dawn (newspaper). 26 August 2008. https://www.dawn.com/news/318363. 
  5. 5.0 5.1 5.2 5.3 "Interview in Urdu language سلسلے توڑ گیا وہ سبھی جاتے جاتے". BBC News website. 26 August 2008. https://www.bbc.com/urdu/miscellaneous/story/2008/08/080826_fraz_died_sen। আহৰণ কৰা হৈছে: 29 June 2022. 
  6. 6.0 6.1 6.2 6.3 "Profile of Ahmad Faraz". Urduwire.com website. http://urduwire.com/people/Ahmed-Faraz_586.aspx। আহৰণ কৰা হৈছে: 29 June 2022. 
  7. 7.0 7.1 7.2 7.3 "Remembering Ahmad Faraz". Outlook (India magazine). 11 September 2008. https://www.outlookindia.com/website/story/remembering-ahmad-faraz/238364। আহৰণ কৰা হৈছে: 29 June 2022. 
  8. "Ahmad Faraz laid to rest". Gulf News. 26 August 2008. https://gulfnews.com/news/asia/pakistan/leading-urdu-poet-faraz-laid-to-rest-1.126834.