একে-৪৭
| একে-৪৭ | |
|---|---|
এটা একে-৪৭ |
|
| প্ৰকাৰ | এচ্চাল্ট ৰাইফল |
| উদ্ভাৱনকৰ্তা | চোভিয়েট য়ুনিয়ন |
| ব্যৱহাৰৰ ইতিহাস | |
| ব্যৱহাৰকাল | ১৯৪৯-বৰ্তমানলৈ |
| উৎপাদনৰ ইতিহাস | |
| নক্সাকৰ্তা | মিখাইল কালাচনিকভ্ |
| নক্সা প্ৰস্তুত | ১৯৪৪-১৯৪৭ |
| উৎপাদন কৰ্তা | ইজমাশ্ব্ |
| উৎপাদন সংখ্যা | প্ৰায় ৭৫০ কোটি |
| তথ্যৱলী | |
| ওজন | ৫.২১ কিগ্ৰা (গুলিভৰ্তি মেগাজিনৰ সৈতে) |
| দৈৰ্ঘ্য | ৮৭০মিমি (কাঠৰ কুণ্ডা) ৮৭৫মিমি (folding stock extended) |
|
|
|
| কাৰ্টিজ | ৭.৬২x৩৯মিমি M43/M67 |
| কাৰ্যপদ্ধতি/একশ্যন | গেছ-চালিত |
| গুলিৰ হাৰ | ৬০০ৰাউণ্ড প্ৰতি মিনিট |
| নিক্ষেপণ বেগ | ৭১৫ মি/চে. |
| কাৰ্যকৰ পাল্লা | ৪০০মিটাৰ (অৰ্ধ-স্বয়ংক্ৰিয়) ৩০০মিটাৰ (স্বয়ংক্ৰিয়) |
একে-৪৭ হ'ল এটা গেছ-পৰিচালিত ৭.৬২x৩৯মিমি এচ্চাল্ট ৰাইফল । চোভিয়েট ৰাচিয়াৰ মিখাইল কালাচনিকভে ইয়াৰ ডিজাইন কৰিছিল ।
২য় বিশ্বযুদ্ধৰ শেষৰফালে ইয়াৰ ডিজাইনৰ কাম আৰম্ভ হয় । ১৯৪৬ চনত একে-৪৬ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি চোৱা হয় । ১৯৪৭ চনত কিছুসংখ্যক একে-৪৭ চোভিয়েট সেনাবাহিনিক ব্যৱহাৰৰ বাবে দিয়া হয় । আৰু ১৯৪৯ চনত একে-৪৭ক চোভিয়েট সেনাই কাৰ্যকৰিভাবে গ্ৰহণ কৰে ।
স্ট্ৰামগৱেৰ্-৪৪ৰ পাছতে একে-৪৭ প্ৰথম এচ্চাল্ট ৰাইফলবোৰৰ এটা । প্ৰথম ব্যবহাৰৰ প্ৰায় ৬ দশক পাচতো ই আতাইতকৈ বহুলভাবে ব্যৱহাৰ হয়, কিয়নো ইয়াৰ উৎপাদন ব্যয় কম, বেছি দিন টিকে আৰু সহজে ব্যৱহাৰ কৰিব পাৰি । বহুতো দেশত ইয়াৰ উৎপাদন হয় আৰু নানান দেশৰ সেনা তথা অনান্য বাহিনিয়ে ইয়াক ব্যৱহাৰ কৰে ।
সূচী |
একে-৪৭ৰ ইতিসাহ [সম্পাদনা কৰক]
দিজাইনৰ পটভুমি [সম্পাদনা কৰক]
২য় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানসকলে এচ্চাল্ট ৰাইফলৰ ধাৰণাতো আনে । এই কথা দেখা গৈছিল যে বেছিভাগ গুলিয়া-গুলি কম দুৰত্ব অৰ্থাৎ প্ৰায় ৩০০মিটাৰৰ মাজতে হয় । সেয়ে তেওঁলোকে বেছি গুলিথকা মেগাজিন আৰু মধ্যম ক্ষমতাসম্পন্ন কাৰ্ট্ৰিজৰ সৈতে এটা ৰাইফল বিছাৰিলে । যুদ্ধৰ শেষৰফালে জাৰ্মানসেনাই স্ট্ৰামগৱেৰ্-৪৪ ব্যৱহাৰ কৰিবলৈ লয় ।
ব্ৰায়নস্কৰ যুদ্ধক্ষেত্ৰত আঘাটপ্ৰাপ্ত হৈ চিকিৎস্যালয়ত থকাৰ সময়ত মিখাইল কালাচনিকভে অস্ত্ৰ্-দিজাইনাৰ হিছাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । চোভিয়েট সেনাই সেমেকা, বোকাময় আৰু বৰফভৰা ঠাইত ব্যৱহাৰৰ বাবে এটা ৰাইফল বিছাৰিছিল । কালাচনিকভে আমেৰিকান এম্-১ৰ ওপৰত ভিত্তি কৰি এটা কাৰ্বাইন দিজাইন কৰে, কিন্তু অন্য এটা কাৰ্বাইনহে বাচনি কৰা হয় । ইয়াৰ পাচতে চোভিয়েট সেনাই এটা এচ্চাল্ট ৰাইফল ব্যৱহাৰ কৰিবলৈ বিছৰিলে । ইয়াৰ বাবে হোৱা প্ৰতিযোগিতাত কালাচনিকভৰ দলে এটি গেচ-পৰিছালিত ৰাইফলৰ দিজাইন প্ৰদৰ্শন কৰে ।
কালচনিকভৰ ৰাইফল এই প্ৰতিযোগিতাত ২য় ৰাউণ্ডৰ বাবে বাচনি কৰা হয় । ১৯৪৬ চনত কালাচনিকভৰ সহযোগি আলেকজাণ্ডাৰ জাইতচেভৰ পৰামৰ্শমতে এই দিজাইনৰ নানান সালসলনি কৰা হয় । অৱশেষত ১৯৪৯ চনত চোভিয়েট সেনাই একে-৪৭ক বহুলভাবে ব্যৱহাৰৰ বাবে গ্ৰহন কৰে ।
ডিজাইনৰ ধাৰনা [সম্পাদনা কৰক]
একে-৪৭ক পুৰ্বৱৰ্তি কিছু ৰাইফল প্ৰযুক্তিৰ সংমিস্ৰণ বুলিব পাৰি। এম-১ কাৰ্বাইনৰ ট্ৰিগাৰ্, ৰেমিংটন মদেল্-৮ ৰাইফলৰ চেফতি-কেছ, স্ট্ৰামগৱেৰ্-৪৪ৰ গেচ্-চিষ্টেম আদিৰ ব্যৱহাৰ ইয়াত দেখা যায় । অৱশ্যে কালাচনিকভে এই কথা মানি নলয়।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
|
|
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অতিৰিক্ত তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে আলোচনা পৃষ্ঠাখনটো এই সম্পৰ্কীয় কিবা তথ্য থাকিব পাৰে, সেয়াও আপুনি চাব পাৰে।
অধিক সহায়ৰ বাবে কাষৰ "[বিস্তাৰ কৰক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্রয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্রহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্রত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্রথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভূল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰুপন কৰিবলৈ অকো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |