কম্পিউটাৰ হাৰ্ডৱেৰ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
আধুনিক ব্যক্তিগত কম্পিউটাৰৰ হাৰ্ডৱেৰসমূহ:
1. মনিটৰ
2. মাডাৰবৰ্ড
3. চি পি ইউ
4. RAM
5. এক্সপান্সন কাৰ্ড
6. শক্তি বিতৰণ ইউনিট
7. অপ্টিকেল ডিস্ক ড্ৰাইভ
8. হাৰ্ড ডিস্ক ড্ৰাইভ
9. কীবৰ্ড
10. মাউচ
2. মাডাৰবৰ্ড
3. চি পি ইউ
4. RAM
5. এক্সপান্সন কাৰ্ড
6. শক্তি বিতৰণ ইউনিট
7. অপ্টিকেল ডিস্ক ড্ৰাইভ
8. হাৰ্ড ডিস্ক ড্ৰাইভ
9. কীবৰ্ড
10. মাউচ
এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ আৰু চফ্টৱেৰ। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি।[1][2][3] বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়। তাৰ পাছত ইয়াত অপাৰেটিং চিষ্টেম ইনষ্টল কৰা হয় আৰু ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি বিভিন্ন চফ্টৱেৰ ইনষ্টল কৰা হয়।
[সম্পাদনা কৰক] কম্পিউটাৰ হাৰ্ডৱেৰৰ শ্ৰেণীবিভাজন
হাৰ্ডৱেৰসমূহক বিভিন্ন ধৰনে শ্ৰেণীবিভাজন কৰিব পৰা যায়। ইয়াত প্ৰক্ৰিয়াকৰণৰ স্তৰ অনুসৰি শ্ৰেণীবিভাজিত কৰা হৈছে:
- ইনপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক নিৰ্দেশ প্ৰদান কৰিব পাৰি অৰ্থাৎ ইনপুট দিব পাৰি, সেইবোৰক ইনপুট যন্ত্ৰ বোলা হয়। যেনে: কীবৰ্ড, মাউচ আদি।[4][5][6][7]
- প্ৰক্ৰিয়াকৰণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশ প্ৰচেচ বা প্ৰক্ৰিয়া কৰা হয়, তাকে প্ৰক্ৰিয়াকৰণ বা প্ৰচেচিং যন্ত্ৰ বোলা হয়। কীবৰ্ডৰ সহায়ত প্ৰদান কৰা নিৰ্দেশ কীবৰ্ড পোৰ্টৰ মাধ্যমত মাডাৰবৰ্ড পাইগৈ, য’ত তাক প্ৰচেচ কৰা হয়। সেয়ে মাডাৰবৰ্ড হৈছে এটা প্ৰক্ৰিয়াকৰণ যন্ত্ৰ।
- আউটপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশৰ ফলাফল দেখা যায়, সেইবোৰক আউটপুট যন্ত্ৰ বোলা হয়। যেনে: মনিটৰ, প্ৰিন্টাৰ আদি।[8][9]
- সংৰক্ষণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা প্ৰকৃয়াকৃত তথ্য বা ফলাফল সংৰক্ষণ কৰা হয়, সেইবোৰক সংৰক্ষণ বা ষ্টোৰেজ যন্ত্ৰাংশ বোলা হয়। যেনে: চিডি ৰোম, হাৰ্ড ডিস্ক আদি।[10][11][12]
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "What is computer hardware?". machine-information-systems.com. http://www.machine-information-systems.com/What_is_Computer_Hardware.html. Retrieved February 19, 2012.
- ↑ "Computer Hardware Definition". openprojects.org. http://www.openprojects.org/hardware-definition.htm. Retrieved February 19, 2012.
- ↑ ""hardware" meaning". dictionary.com. http://dictionary.reference.com/browse/hardware. Retrieved February 19, 2012.
- ↑ ""input" Definition". Webopedia. http://www.webopedia.com/TERM/I/input.html. Retrieved February 19, 2012.
- ↑ "Input". TechTerms. http://www.techterms.com/definition/input. Retrieved February 19, 2012.
- ↑ "Input Devices". Wacona. http://www.wacona.com/input/input.html. Retrieved February 19, 2012.
- ↑ "Input device". Computer Hope. http://www.computerhope.com/jargon/i/inputdev.htm. Retrieved February 19, 2012.
- ↑ "Computer Concepts and Terminology - Input and Output Devices". unm.edu. http://www.unm.edu/~tbeach/terms/inputoutput.html. Retrieved February 19, 2012.
- ↑ "Computer Output". Information Technician Training. http://informationtechniciantraining.tpub.com/14223/css/14223_44.htm. Retrieved February 19, 2012.
- ↑ "Storage Device". TechTerms. http://www.techterms.com/definition/storagedevice. Retrieved February 19, 2012.
- ↑ "storage device - meaning". The Free Dictionary. http://www.thefreedictionary.com/Storage+Devices. Retrieved February 19, 2012.
- ↑ "What is Storage?". Search Storage. http://searchstorage.techtarget.com/definition/storage. Retrieved February 19, 2012.