কামিনীকান্তৰ চৰিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামিনীকান্তৰ চৰিত্ৰ  
লেখক এ. কে গাৰ্ণী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাসধৰ্মী গ্ৰন্থ
মিডিয়া প্ৰকাৰ মুদ্ৰণ

কামিনীকান্তৰ চৰিত্ৰ ((১৮৭৭ খ্ৰীষ্টাব্দ)) অসমীয়া ভাষাৰ এখন গ্ৰন্থ৷ অৰুণোদয় যুগত খ্ৰীষ্টান মিছনেৰী এ কে গাৰ্নিয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল৷ ডঃ প্ৰফুল্লদত্ত গোস্বামীয়ে এই গ্ৰন্থখন অসমীয়া ভাষাত পুনঃ সম্পাদনা কৰিছে৷

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

এ.কে.গাৰ্নি (২৯ মে ১৮৫৪ - ১৯১০) আমেৰিকাত জন্মগ্ৰহন কৰা এগৰাকী খৃষ্টান পাদুৰী। এখেতে ১৮৭৪ চনত পাদুৰী জীৱন গ্ৰহন কৰে আৰু ১৮৭৬ চনত অসমলৈ আহি শিৱসাগৰৰ 'মিছন প্ৰেছ'ৰ দায়িত্ব গ্ৰহন কৰে।[1] ১৮৮৩ চনত স্বদেশলৈ উভতি গৈ ২ বছৰ পাছত পুনৰাই অসমলৈ আহে। ১৯০৭ চনত অসমৰপৰা উভতি যায়। মূল হিব্ৰু ভাষাৰপৰা বাইবেলৰ 'অল্ড টেষ্টামেণ্ট'ৰ অসমীয়া ভাঙনিৰ কাম শেষ কৰে। ১৯০০ চনৰ শেষৰ ফালে এই ভাঙনিৰ কাম শেষ হয়। ১৯০৩ চনত ৮০৩ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ 'পুৰনি নিয়ম--Old Testament in Assamese' গ্ৰন্থ ছপা হৈ ওলায়। ইবাৰ আগতে ১৮৮৬ চনত 'যিহুছুৱা আৰু বিচাৰ কৰ্তাৰ পুথি' আৰু 'ৰুথৰ বিৱৰণ' নাম দি কিছু অংশ প্ৰকাশ কৰিছিল। ১৮৭৭ চনত 'এলোকেশী বেশ্যাৰ কাহিনী' নামৰ এম.ই. লেছ্‌লীৰ সৰু বাংলা উপন্যাস অসমীয়ালৈ ভাঙি প্ৰকাশ কৰে। উপন্যাস জাতীয় গ্ৰন্থ 'কামিনীকান্তৰ চৰিত্ৰ' প্ৰকাশ কৰে একেটা চনতে। ১৮৭৬-৭৯-চলৈ সম্ভৱত: 'অৰুণোদই'ৰ সম্পাদক আছিল। ডিব্ৰুগড়ৰপৰা 'দীপ্তি' নামেৰে এখন ধৰ্মালোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল ১৯০৫ চনৰপৰা ১৯০৭ চনলৈ।[2]

কাহিনী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • [Short URL: https://w.wiki/63he অসমীয়া ৱিকিউৎসত ‘কামিনীকান্তৰ চৰিত্ৰ’ গ্ৰন্থখন পঢ়ক]