কাৰ্ল মাৰ্ক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্ল মাৰ্ক্স

Marx in 1875
জন্ম ৫ মে', ১৮১৮
Trier, Kingdom of Prussia, German Confederation
মৃত্যু ১৪ মাৰ্চ, ১৮৮৩ (৬৪ বছৰ)
London, England, United Kingdom
যুগ 19th-century philosophy
অঞ্চল Western Philosophy, German philosophy
ধাৰা Marxism
আগ্ৰহ Politics, economics, philosophy, sociology, labour, history, class struggle, natural sciences
উল্লেখযোগ্য কৰ্ম Surplus value, contributions to the labour theory of value, class struggle, alienation and exploitation of the worker, materialist conception of history
স্বাক্ষৰ

শৈশৱ[সম্পাদনা কৰক]

১৮১৮ চনৰ ৫ মে তাৰিখে জার্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্রায়াৰ চহৰত কার্ল মার্ক্সৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মার্ক্স দুয়োজনেই ইহুদী ধর্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধর্ম পৰিত্যাগ কৰি খৃষ্টান ধর্ম গ্রহণ কৰে। সেইসময়ত প্রুছিয়াৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুনসমূহ যথেষ্ঠ কাঢ়া আছিল; আনকি ইহুদীসকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই জাতীয় বাধাসমূহৰ পৰা ৰক্ষা পাবলৈকে মার্ক্স দম্পত্তীয়ে ইহুদী ধর্ম পৰিত্যাগ কৰিছিল বুলি জনা যায়। অৱশ্যে প্রতিক্রিয়াশীল প্রুছিয়ান সাম্রাজ্যৰ আন আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক তথা অর্থনৈতিকভাৱে যথেষ্ঠ আগবঢ়া আছিল। বিশেষকৈ ফৰাচী বিপ্লৱৰ আমূল পৰিবর্তনকামী চিন্তা-চর্চাই অঞ্চলটো দকৈ ছুই গৈছিল। এনে এক তুলনামূলকভাৱে মুক্ত পৰিবেশতে মার্ক্সৰ শৈশৱ অতিবাহিত হৈছিল।

পেছাত এজন সফল আইনজীৱি হেনৰিখ মার্ক্স উদাৰবাদী চিন্তাৰ লোক আছিল। তেওঁৰ নাতিনী অর্থাৎ কার্ল মার্ক্সৰ জীয়ৰী এলেন’ৰৰ ভাষাত ‘মোৰ ককাদেউতা আছিল ১৮ শতিকাৰ এজন প্রকৃত ফৰাচী ভদ্রলোক; ৰুছো আৰু ভল্টেয়ৰ তেওঁৰ কণ্ঠস্থ আছিল’। দেউতাকৰ সৈতে মার্ক্সৰ সম্পর্ক আছিল অতিশয় মধুৰ। মৃত্যু পর্যন্ত দেউতাকৰ ছবি এখন মার্ক্সে সযতনে লগত লৈ ফুৰিছিল।

সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মার্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্রায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্রুছিয়ান ৰাষ্ট্রৰ প্রশাসনিক বিষয়া চার্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্রায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্রুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা জেনী ভন ৱেষ্টফালেনক মার্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মার্ক্সে কোনো বিশেষ প্রতিভা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্রভাৱতেই মার্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰছনাৱলী পঢ়িবলৈ ললে। [4]

শিক্ষা আৰু প্রেম[সম্পাদনা কৰক]

১৮৩৫ চনত উচ্চশিক্ষাৰ বাবে মার্ক্সে বন বিশ্ববিদ্যালয়লৈ গমন কৰিলে। প্রথমতে দেউতাকৰ দৰে এক মধ্যবিত্তীয় কেৰিয়াৰ গঢ়ি তোলাই তেওঁৰ উদ্দেশ্য আছিল। কিন্তু অচিৰেই আন আন ডেকা বন্ধুসকলৰ সংগত পৰি ল’ৰাটিয়ে মদ খাই, ধাৰ কৰি, কাজিয়াত মত্ত হৈ সময় কটাবলৈ ললে! এবাৰ সুৰাত ৰাগীত মাৰপিট কৰি মহাশয়ে আনকি জেলৰ ভাতো খাব লগা হৈছিল! এনে সময়তে গৰমৰ বন্ধত ঘৰলৈ আহোঁতে জেনীৰ সৈতে মার্ক্সৰ দেখাদেখি হয়। ভৱিষ্যতৰ মহান দার্শনিক গৰাকীয়ে এইবাৰ দিন ৰাতি একাকাৰ কৰি দীঘল দীঘল প্রেমৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে। কাব্য ৰছনাৰ দিশৰ পৰা অতিশয় তৰল (কাৰো কাৰো মতে আবর্জনাসদৃশ!) হোৱা স্বত্তেও সিবিলাকে অৱশ্যে জেনীৰ হৃদয় জিনাৰ ক্ষেত্রত বাৰুকৈয়ে সহায় কৰিলে! সমগ্র চহৰখনতে সুন্দৰী বুলি নাম থকা জেনী মার্ক্সতকৈ চাৰি বছৰে ডাঙৰ হোৱাৰ লগতে সম্ভ্রান্ত ভন ৱেষ্টফালেন পৰিয়ালৰো জীয়ৰী আছিল। দুয়োটা পৰিয়ালৰ পৰাই মার্ক্স-জেনীৰ সম্পর্কটোৰ বিৰুদ্ধে উজৰ আপত্তি আহিবলৈ ধৰিলে। ৱেষ্টফালেন পৰিয়ালৰ কেইবাজনো সদস্য অতিশয় প্রতিক্রিয়াবাদী আছিল; ১৮৫০ৰ দশকত জেনীৰ ককায়েক এজন প্রুছিয়ান মন্ত্রীসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল। আনফালে মার্ক্সৰ দেউতাকৰ মতে তেওঁৰ পুত্রৰ ঘৰ-সংসাৰ চলোৱাৰ ক্ষমতা তেতিয়ালৈকে বিকাশ হোৱাই নাছিল! পৰিয়ালৰ এই আপত্তিৰ বাবেই হয়তো বহু পলমকৈ ১৮৪৩ চনতহে জেনী আৰু মার্ক্সৰ বিবাহ সম্পন্ন হয়।

উচ্চশিক্ষা[সম্পাদনা কৰক]

বনত এবছৰ থকাৰ পাছত ১৮৩৬ চনত মার্ক্সে বার্লিন বিশ্ববিদ্যালয়ত নামভর্তি কৰিলে। প্রথমতে তেওঁ আইনী শিক্ষাৰ কথাই ভাবিছিল যদিও লাহে লাহে দর্শনৰ প্রতি তেওঁৰ মন ঢাল খাবলৈ ধৰিলে। প্রেমৰ কবিতা এৰি মার্ক্সে এইবাৰ ভালকৈ পঢ়াশুনাত মনোযোগ দিলে। আইনৰ দর্শনৰ পৰা আৰম্ভ কৰি ক্রমান্বয়ে তেওঁ দর্শনৰ গূঢ় জগতখনত নিমগ্ন হৈ পৰিল। অৱশেষত তেওঁ মুখামুখি হল সেই সময়ৰ শ্রেষ্ঠ দার্শনিক ফ্রেডৰিক হেগেলৰ দর্শনৰ সৈতে। হেগেলেৰ ৰছনাৱলীয়ে মার্ক্সৰ হৃদয়ত তীব্র মানসিক তথা বৌদ্ধিক অন্তর্দ্বন্দ সৃষ্টি কৰিলে। বন্ধু এজনলৈ লিখা চিঠি এখনত মার্ক্সে ঘোষণা কৰিলে- ‘হেগেলৰ ৰছনাসমূহ ৰুগ্ন, বীভৎস গদ্যৰ চূড়ান্ত নিদর্শন’। কিন্তু তথাপিও শেহলৈ তেওঁ হেগেলৰ অনুগামী হিচাপেই পৰিচিত হল।

মার্ক্সৰ এই বৌদ্ধিক পৰিবর্তন কোনো আকস্মিক ঘটনা নাছিল। ১৮৩০ তথা ৪০ৰ দশকত জার্মান-দর্শনৰ জগতখন সমকালীন ৰাজনীতিৰ সৈতে উতঃপ্রোতভাৱে জড়িত হৈ পৰিছিল। ৰাজনৈতিক ভাৱে সেইসময়ত জার্মানীখন বহুধাবিভক্ত আছিল; আর্থিক তথা সামাজিকভাৱে পিছপৰা তথা বহুতো ক্ষুদ্র ৰজা মহাৰজাৰে ভৰা। সিবিলাকৰ ওপৰত আকৌ অষ্ট্রিয়া, প্রুছিয়া তথা ৰাছিয়াৰ প্রতিক্রিয়াশীল ‘পবিত্র জোট’ৰ প্রতিপত্তি চলিছিল। কিন্তু বৌদ্ধিক দিশৰপৰা দেশখন যথেষ্ট আগুৱাই গৈছিল। ১৯ শতিকাৰ প্রথমছোৱা সময় জার্মান দর্শনৰ সোণালী কাল বুলিয়েই কব পাৰি; যেন সামাজিক-ৰাজনৈতিক অনগ্রসৰতাৰ ক্ষতিপূৰণ জার্মানীয়ে বৌদ্ধিক উপলব্ধিৰ দ্বাৰাই কৰিব খুজিছিল। মার্ক্সৰ ভাষাত- ‘আন আন দেশসমূহে ৰাজনৈতিক ভাৱে যি উপলব্ধি লাভ কৰিছিল, সেইখিনি জার্মানীয়ে কেৱল বিমূর্ত তত্ত্বৰ সহায়ত ভবা চিন্তাহে কৰিছিল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮১)।

জার্মান সমাজৰ এই অন্তর্বিৰোধসমূহ প্রতিফলিত হৈছিল দার্শনিক হেগেলৰ চিন্তাধাৰাৰ মাজত। প্রথমতে হেগেল ফৰাচী বিপ্লৱৰ উগ্র সমর্থক আছিল, পাছলৈ নেপোলিয়নপন্থী হৈ পৰিছিল আৰু শেহান্তৰত তেওঁ প্রতিক্রিয়াশীল প্রুছিয়ান ৰাষ্ট্রৰ পদলেহনকাৰীলৈ পৰিণত হৈছিল। হেগেলে মতপোষণ কৰিছিল যে প্রুছিয়ান ৰাষ্ট্রই হৈছে মানৱ বুদ্ধি(reason)ৰ পৰম মূর্ত ৰূপ(embodiment)। ১৮৩০ৰ পৰা ১৮৪০ৰ দশকলৈকে তেওঁক প্রুছিয়ান ৰাষ্ট্রৰ চৰকাৰী দার্শনিক বুলিয়েই কব পৰা যায়। এই সময়ছোৱাত ৰাষ্ট্র নিয়ন্ত্রিত সকলো বিশ্ববিদ্যালয়তে হেগেল অনুগামী দার্শনিক-অধ্যাপক সকলে বিশেষ স্বীকৃতি লাভ কৰিছিল।

অৱশ্যে এই অৱস্থা বেছিপৰলৈকে একেই নাথাকিল। হেগেলৰ কেতবোৰ তৰুণ অনুগামীয়ে তেওঁৰ দার্শনিক সূত্রসমূহৰ বৈপ্লৱিক ৰূপ দিবলৈ আৰম্ভ কৰিলে। হেগেলৰ মতে বুদ্ধিৰ আন এটা নাম হৈছে ভগবান বা পৰমাত্মা(absolute spirit)। ইতিহাস হৈছে এই পৰমাত্মাৰ ক্রমান্বয়ে চেতন লাভ কৰাৰ যাত্রা, যাৰ ফলাফল হৈছে প্রটেষ্টাণ্ট ৰিফৰমেছন(Protestant Reformation)। তৰুণ হেগেলবাদীসকলে এই পৰমাত্মাক ‘মানব’ বুলি পুনঃসূত্রায়িত কৰিলে। অর্থাৎ এই নতুন সূত্র মতে- ইতিহাস হৈছে মানুহে ক্রমান্বয়ে চেতনা লাভ কৰাৰ এক যাত্রা মাথো। এই তৰুণ হেগেলবাদীসকল বাওঁ হেগেলবাদী ৰূপেও জনাজাত হল। তেওঁলোকৰ পুনঃসূত্রায়ণৰ ফলত হেগেলবাদী দর্শনৰ পৰা ভগবানৰ ধাৰণাটোৱে পলাই ফাট মেলিলে। অৱশ্যে হেগেলৰ দৰেই তেওঁলোকেও মানি ললে যে ৰাষ্ট্র(State) বুদ্ধিৰ মূর্তমান ৰূপ হোৱা উচিত। কিন্তু লগতে তেওঁলোকে এইবুলিও কলে যে প্রুছিয়ান ৰাজতন্ত্রই এই ভূমিকা পালন কৰিব পৰা নাই। এই তৰুণ হেগেলবাদীসকল নাস্তিক, উদাৰবাদী তথা যুক্তিবাদী আছিল। প্রথমতে তেওঁলোকে আশা কৰিছিল যে যুবৰাজ ফ্রেডৰিক ৰজা হোৱাৰ পাছত প্রুছিয়ান ৰাষ্ট্র ব্যৱস্থাৰ কেতবোৰ গণতান্ত্রিক সংস্কাৰ সাধন হব। পিছে ১৮৪০ চনত যুবৰাজে ৰজা হৈ পুনৰ একেই প্রতিক্রিয়াশীল নীতিসমূহ পালন কৰি যোৱাত তেওঁলোক ক্রমান্বয়ে যথাস্থিতি বিৰোধী তথা উগ্র হৈ পৰিল।

এনে সময়তে মার্ক্সে হেগেলৰ দর্শন গ্রহণ কৰিলে। সেইসময়ত বার্লিন ডক্টৰছ ক্লাবত প্রায়ে তৰুণ হেগেলবাদীসকলৰ নিয়মীয়া বৈঠক অনুষ্ঠিত হৈছিল। মার্ক্সে ততালিকে ক্লাবত যোগদান কৰিলে আৰু অতি সোনকালেই মহাশয় ক্লাবৰ এজন নিয়মীয়া সদস্য হৈ পৰিল। ক্লাবৰ সভ্যসকলৰ জীৱন ধাৰণৰ একো ঠিকনা নাছিল। প্রায়ে মদ খাই, তর্ক, বাক-বিতণ্ডাত মত্ত হৈ তেওঁলোকে জীৱন কটাইছিল। মার্ক্সৰ দেউতাকৰ অভিযোগ মতে, ‘মোৰ লৰাটিয়ে সকলো প্রতিশ্রুতি আওকাণ কৰি কোনো ধনীৰ দুলালৰ দৰেই এবছৰতে প্রায় ৭০০ থেলাৰ মুদ্রা খৰচ কৰি পেলালে। অথচ ধনীতকৈ ধনী মানুহেও বছৰত ৫০০ থেলাৰমানহে খৰচ কৰে।’ ১৮৩৮ চনত দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ সৈতে মার্ক্সৰ প্রায় সকলো সম্পর্কই ছিন্ন হৈ পৰিল। অৱশ্যে মাকৰ কৃপাত লৰাটিলৈ ধনৰ যোগাৰ ঠিকেই অব্যাহত থাকিল। সেই সময়ত মার্ক্সৰ বন্ধু (ব্রুন’ বয়াৰৰ ভাতৃ) এদগাৰ বয়াৰ তথা এংগেলছে তেওঁৰ বেপৰোৱা জীৱন সম্পর্কে এটি ধেমেলীয়া কবিতা ৰছনা কৰিছিলঃ

‘মানব নহয় ই জানিবা অসুৰ/ ত্রায়াৰ চহৰ মুখী ৰঙা বকাসুৰ/ খোজত নবহে হিয়া জাপতহে মন/ উর্ধ মুষ্টি বাহু পিশাচ আচৰণ/ অবিন্যস্ত কেশ সজ্জা বিকট বচন/ অশান্ত দেহা মন অসুৰ বিচৰণ’!!

এই সময়ছোৱাত মার্ক্সৰ সপোন আছিল এজন প্রফেচনেল দার্শনিক হোৱাৰ। তেওঁ ধ্রুপদী গ্রীক দার্শনিকসকলৰ ৰছনাৱলীত মনোনিবেশ কৰিলে আৰু ১৮৪১ চনত ‘Difference Between the Democritean and Epicurean Philosophy of Nature’ শীর্ষক গৱেষণা পত্র লিখি ডক্টৰেট ডিগ্রী লাভ কৰিলে। হেগেলৰ সুস্পষ্ট চাপ থকা স্বত্তেও এই ৰছনাখনিতেই ভাববাদী দর্শনৰ প্রতি মার্ক্সৰ লাহে লাহে মোহভংগ ঘটাৰ উমান পোৱা যায়। স্মর্তব্য যে মার্ক্সৰ সেইকালৰ হেগেলবাদী বন্ধু ব্রুন’ বয়াৰৰ ৰছনাসমূহত ইতিমধ্যেই সকলো প্রক্রিয়াকে মানৱ চেতনালৈ পর্যৱসিত কৰি পেলোৱাৰ প্রৱণতা সুস্পষ্ট হৈ পৰিছিল। সিবিলাকৰ সৈতে মার্ক্সৰ অসহমতি ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। আনফালে একে সময়তে প্রুছিয়ান সম্রাট ফ্রেদৰিক উইলিয়াম চতুর্থৰ দ্বাৰা উগ্র তৰুণ হেগেলবাদীসকলৰ দমন প্রক্রিয়া আৰম্ভ হল। ফ্রেদৰিকে তৰুণ হেগেলবাদীসকলৰ আলোচনী Hallische Jahrbücherৰ প্রকাশন নিষিদ্ধ ঘোষণা কৰিলে আৰু হেগেলৰ পুৰণা শত্রু চেলিঙক ‘হেগেলবাদৰ শিপা উঘালিবলৈ’ বার্লিন বিশ্ববিদ্যালয়ত দর্শনৰ অধ্যাপক ৰূপে নিযুক্তি দিলে। শেহত ১৮৪২ চনৰ মার্চ মাহত বন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা ব্রুন’ বয়াৰকো বর্খাস্ত কৰা হল। এইবোৰ ধাম-খুমিয়াৰ মাজতেই মার্ক্সৰ প্রফেচনেল দার্শনিক হোৱাৰ সপোনৰো অন্ত পৰিল।

সাংবাদিকতা[সম্পাদনা কৰক]

ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত মার্ক্স ত্রায়াৰ চহৰলৈ উভটি আহিল। এইবাৰ তেওঁ ৰাজনৈতিক-সাংবাদিকতালৈ হাত মেলিলে। সেই সময়ত ৰাইনলেণ্ডৰ পুঁজিপতিসকলে ৰাইনিচে চাইতুং (Rheinische Zeitung)নামেৰে কাকত এখন ছপাবলৈ উদ্যোগ লৈছিল। পুঁজিপতিসকলৰ শ্রেণী স্বার্থসমূহ প্রতিনিধিত্ব কৰিবলৈকে কাকতখনৰ জন্ম দিয়া হৈছিল যদিও হেগেলবাদী সম্পাদক মজেজ হেছৰ হাতত পৰি কাকতখন তৰুণ হেগেলবাদীসকলৰ মুখপত্রলৈ পৰিণত হৈছিল। ১৮৪২ চনৰ মার্চ মাহৰ পৰা মার্ক্সে কাকতখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰে অক্টোবৰ মাহলৈ তেওঁ কাকতখনৰ সম্পাদক পদত নিযুক্ত হল। কাকতৰ কামত তেওঁ এইবাৰ কল’ন চহৰলৈ আহিল। মার্ক্স সেই সময়ত এজন ৰেডিকেল উদাৰবাদী ডেমক্রেট আছিল; ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ লেখিয়াকৈ তেওঁ জার্মানীতো সার্বজনীন ভোটাধিকাৰ তথা গণতন্ত্র সাব্যস্ত হোৱাটো বিচাৰিছিল। আন এখন কাকতে ৰাইনিচে চাইতুঙক সাম্যবাদৰ প্রচাৰক বুলি অভিযোগ আনোতে সেই অভিযোগ নাকচ কৰি মার্ক্সে এনেদৰে লিখিছিল, ‘সাম্যবাদ সম্পর্কীয় ধাৰণাসমূহৰ বর্তমান যি ৰূপ, সিবিলাক তত্ত্বগত দৃষ্টিৰেও সুসংগত নহয়, এনে স্থলত সিবিলাকে বাস্তবিক ৰূপ ধাৰণ কৰিব পাৰিব বুলি আমি বিশ্বাস নকৰোঁ’(Collected Works,Vol. i., পৃষ্ঠা ২২০)।

অৱশ্যে ৰাইনিচে চাইতুঙৰ অভিজ্ঞতাই মার্ক্সৰ চিন্তাধাৰা ইতিমধ্যেই বহুখিনি সলনি কৰি পেলালে। মার্ক্সৰ ভাষাত, ৰাইনিচে চাইতুঙৰ পাততেই ‘পোন প্রথমবাৰৰ বাবে মই বাস্তৱ স্বার্থ সম্পর্কীয় আলোচনাত ভাগ লবলৈ বাধ্য হলো।’ এই সময়ছোৱালৈকে আন আন হেগেলবাদীৰ দৰেই মার্ক্সেও বিশ্বাস কৰিছিল যে ৰাষ্ট্রই সমাজৰ শ্রেণী স্বার্থসমূহতকৈ ঊর্ধত অৱস্থান কৰে; অর্থাৎ শ্রেণী সংঘাতৰ ক্ষেত্রত ৰাষ্ট্রই এক নিৰপেক্ষ ভূমিকা পালন কৰে। বিভিন্ন শ্রেণীৰ আন্তঃসংঘাতসমূহ নিৰাময় কৰি সকলো নাগৰিকৰে সার্বজনীন স্বার্থ সাধন কৰাটোৱেই হৈছে ৰাষ্ট্রৰ মূল উদ্দেশ্য। পিছে সেই সময়ৰ খৰি চুৰি সম্পর্কীয় কেতবোৰ সংসদীয় বিতর্ক অনুসন্ধান কৰি মার্ক্সৰ অনুভৱ হল - উদ্যোগিক পুঁজিপতি, সামন্তীয় ভূ-স্বামী তথা প্রুচিয়ান ৰাষ্ট্র – এই আটাইৰে মাজত যেন কেতবোৰ সমূহীয়া স্বার্থ আছে। এই তিনিওটা শক্তিয়েই ব্যক্তিগত সম্পত্তিৰ সমর্থক, যি বৃহত্তৰ কৃষক তথা শ্রমিক জনগণৰ জীৱনলৈ বিভীষিকা কঢ়িয়াই ফুৰিছে। মছেল অঞ্চলৰ কৃষক ৰাইজৰ দুৰৱস্থা সম্পর্কীয় এটা ৰিপর্ট লিখি থাকোতে মার্ক্সে অনুভৱ কৰিলে- ব্যক্তিগত সম্পত্তি বিষয়ক আইনসমূহ কাঢ়াকৈ বলবৎ কৰাৰ ফলত কৃষকে ভূ-স্বামীসকলৰ মাটিৰ পৰা পৰম্পৰাগতভাৱে খৰি লুৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিছে আৰু ই কেৱল ভূ-স্বামীসকলকেই লাভবান কৰিছে। সুদীর্ঘ পঞ্চাছ বছৰৰ পাছত এই সময়খিনিৰ বিষয়ে সুৱঁৰি এংগেলছে এনেদৰে লিখিছিল, ‘মার্ক্সে মোক প্রায়েই কৈছিল- খৰি চুৰি সম্পর্কীয় আইনসমূহ তথা মছেল অঞ্চলৰ কৃষকৰ দুৰৱস্থা- এই দুটি বিষয় সম্পর্কে অনুসন্ধান কৰিয়েই তেওঁ পোন প্রথমবাৰৰ বাবে অর্থনৈতিক অৱস্থা সম্পর্কে সচেতন হল, আৰু ই তেওঁক তথাকথিত বিশুদ্ধ ৰাজনীতিৰ পৰা আঁতৰাই আনি অর্থনীতিৰ অধ্যয়ণৰ বাবে প্রেৰণা যোগালে, যি পাছলৈ সমাজবাদৰ পথটি প্রশস্ত কৰিলে।’

ৰাইনিচে চাইতুং কাকতখনত মার্ক্সে অৱশ্যে কেৱল অর্থনীতিৰ চিন্তাই কৰা নাছিল। স্মর্তব্য এই সময়ছোৱাতে ব্রুন’ বয়াৰ আদি তৰুণ হেগেলবাদীসকলৰ বিপ্লৱী বহুবল্কিতাই চৰম পর্যায় পাইছিল। প্রুচিয়ান ৰাষ্ট্রৰ দমনৰ বলি হৈ তৰুণ হেগেলবাদীহঁতে নিজকে ‘ফ্রী’ বা ‘স্বাধীন’ নামেৰে নামাকৰণ কৰিছিল আৰু ঘোষণা কৰিছিল যে ভুল দেখুৱাই দিয়াটোৱেই হৈছে দার্শনিকসকলৰ একমাত্র উদ্দেশ্য! এই সময়ছোৱাত তেওঁবিলাকৰ আক্রমণৰ মূল লক্ষ্য আছিল- ধর্ম। ইফালে কাকতখনক কোনোমতে চেঞ্চৰ বর্ডৰ পৰা ৰক্ষা কৰাৰ তাড়নাত মার্ক্সে কৰা প্রতিটো সৰু বৰ বুজাপৰাকে মহাশয়সকলে সত্যৰ সৈতে চৰম বিশ্বাস ঘাটকতা বুলি ঘোষণা কৰিছিল। সিবিলাকৰ পৰা মার্ক্সে এটা জীৱনজোৰা শিক্ষা লাভ কৰিলে –‘যি তত্ত্বই বাস্তৱ পৰিস্থিতিৰ সৈতে সম্পর্ক হেৰুৱাই পেলায়, সি আপাত দৃষ্টিত অগ্নিবর্ষা হলেও বাস্তৱ জীবনত ই নিস্তেজ হৈ পৰিবলৈ বাধ্য।’

ব্রুন’ বয়াৰকে আদি কৰি বার্লিনস্থিত এই পুৰণি বন্ধুসকলক আক্রমণ কৰি মার্ক্সে কিছু দিনৰ পাছত লিখিলে,

"আমি কোনো শাস্ত্র আওঁৰাই পৃথিবীৰ বাবে নতুন নিয়ম বান্ধিবলৈ নাযাওঁ। আমি এইবুলি নকওঁ যে চোৱা! আমি এটা নতুন নিয়ম বান্ধিছোঁ, এয়াই সত্য নিয়ম। সকলোৱে ইয়াৰ আগত আঁঠু লোৱা! বৰঞ্চ আমি পৃথিবীৰ বাস্তৱিক নিয়মসমূহৰ পৰাই নতুন নিয়ম গঢ়িব বিচাৰোঁ। আমি জগতখনক এইবুলি কবলৈ নাযাওঁ: তোমালোকৰ সংগ্রাম বন্ধ কৰা, তোমালোক আটাইবোৰ মূর্খ; আমাৰ কথা শুনা, আমি তোমালোকক সংগ্রামৰ নতুন বাণী গঢ়ি দিম! বৰঞ্চ আমি সংগ্রামৰ প্রকৃত লক্ষ্যৰ প্রতিহে আঙুলিয়াই দিওঁ আৰু লগতে কওঁ যে এই লক্ষ্য সম্পর্কে [সংগ্রামী সকলে] যথোচিত চেতনা বিকশিত কৰি লবই লাগিব।" (Marx Engels Collected Works, Vol. iii, পৃষ্ঠা ১৪৪)।

শ্রমিক শ্রেণীৰ সংগ্রাম সম্পর্কীয় মার্ক্সৰ প্রাৰম্ভিক চিন্তা-ভাৱনাৰ এইখিনিতেই উমান পোৱা যায়। লগতেই উমান পোৱা যায় তত্ত্ববিদকসকলৰ সামাজিক ভূমিকা সম্পর্কীয় তেওঁৰ চিন্তাৰাজিৰো। মার্ক্সৰ মতে শ্রমিকক নীতি-নিয়ম শিকোৱাটো তাত্ত্বিকৰ কাম নহয়, বৰঞ্চ শ্রমিকসকলৰ সংগ্রামৰ প্রকৃত উদ্দেশ্যনো কি তথা কেনেকৈনো তেওঁলোকে এই উদ্দেশ্যত উপনীত হব পাৰিব এই সম্পর্কে বিশ্লেষণ কৰি আঙুলিয়াই দিয়াটোৱেই হৈছে তেওঁলোকৰ কর্তব্য।

অৱশ্যে শ্রমিক-শক্তিৰ প্রচুৰ বৈপ্লৱিক সম্ভাৱনীয়তা সম্পর্কে এইখিনি সময়তো মার্ক্সৰ ধাৰণা পৰিষ্কাৰ হোৱা নাছিল। এই কথাৰ উমান পোৱা যায় ১৮৪৩ চনৰ মাজভাগত তেওঁ লিখা এটি পাণ্ডুলিপিৰ পৰা। (এই পাণ্ডুলিপিটো লিখাৰ কিছুদিন পূর্বেই মার্ক্সে ৰাইনিচে চাইতুঙৰ পৰা পদত্যাগ কৰে।) পিছলৈ Contribution to the Critique of Hegel’s Philosophy of Right নামেৰে জনাজাত হোৱা এই পাণ্ডুলিপিটো গ্রন্থৰূপত অৱশ্যে ১৯২৭ চনতহে ছপা হয়গৈ। এই ৰছনাখনিত মার্ক্সে হেগেলৰ ‘শ্রেণী নিৰপেক্ষ ৰাষ্ট্র’ সম্পর্কীয় ধাৰণাসমূহ খণ্ডন কৰিবলৈ চেষ্টা কৰিছিল। ৰছনাখনিত সেই সময়ৰ আন এজন দার্শনিক লুদউইগ ফয়াৰবাখৰ প্রভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা যায়। মার্ক্সৰ দৰেই ফায়াৰবাখো এটা সময়ত হেগেলৰ অনুগামী আছিল; পিছে পাছলৈ তেওঁ হেগেলৰ তীব্র সমালোচক হৈ পৰে। ১৮৪১ চনত প্রকাশিত তেওঁৰ Essence of Christianity শীর্ষক গ্রন্থখনি ইতিমধ্যেই ব্যাপক চর্চাৰ বিষয় হৈ পৰিছিল। ব্রন’ বয়াৰ আদি তৰুণ হেগেলবাদী সকলতকৈ বহুখিনি আগুৱাই গৈ ফায়াৰবাখে ঘোষণা কৰিছিল-‘হেগেলৰ সমস্ত দর্শন নাকচ কৰাৰ সময় আহি পৰিছে; হেগেলে কোৱাৰ দৰে কোনো ভগবান বা আইডিয়াৰ পৰা দর্শনৰ আৰম্ভণি কৰাটো ভ্রান্তিকৰ; বৰঞ্চ মানৱ জীৱন আৰু এই জীৱনৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ অধ্যয়ন হে দর্শনৰ আৰম্ভণি বিন্দু হোৱা উচিত’। ফয়াৰবাখৰ এই ধাৰণাসমূহ ততালিকেই মার্ক্স, এংগেলছ , হেছ আদিৰ মাজত জনপ্রিয় হৈ পৰিল; ইতিমধ্যেই মার্ক্সে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে কেৱল ৰাজনৈতিক বিপ্লৱে জার্মান সমাজখনৰ আমূল পৰিবর্তন সাধন কৰিব নোৱাৰে; এইক্ষেত্রত এক সামাজিক বিপ্লৱো প্রয়োজনীয় হব। অৱশ্যে এইখিনি সময়লৈকে এনে সামাজিক বিপ্লৱৰ অগ্রণী শক্তি হিচাপে শ্রমিক শ্রেণীৰ বৈপ্লৱিক ভূমিকা সম্পর্কে তেওঁ দকৈ ভবা-চিন্তা কৰা নাছিল। বৰঞ্চ এক বহল পৰিসৰত গণতন্ত্র বা সার্বভৌমিক ভোটাধিকাৰ প্রতিষ্ঠা কৰিয়েই জনগণৰ দ্বাৰা ৰাষ্ট্র-শক্তি নিয়ন্ত্রিত কৰিব পৰা যাব বুলি তেওঁ আশা কৰিছিল।

Critique লিখাৰ এবছৰমানৰ ভিতৰতেই অৱশ্যে মার্ক্স এজন পূর্ণ কমিউনিষ্টলৈ পৰিণত হল। এই পৰিবর্তনৰ অন্যতম কাৰণ আছিলঃ কলনৰ পৰা পেৰিছলৈ মার্ক্সৰ দেশান্তৰ আৰু পেৰিছৰ শ্রমিক আন্দোলনৰ সৈতে প্রত্যক্ষ যোগাযোগ। প্রুছিয়ান চেঞ্চৰছিপৰ উৎপাতত থাকিব নোৱাৰি মার্ক্স অৱশেষত জার্মানী এৰিবলৈ বাধ্য হ’ল। চেঞ্চৰছিপৰ পৰা ৰক্ষা পাবলৈ তেওঁ বন্ধু আর্নল্ড ৰুজৰ সৈতে জার্মানীৰ পৰা দূৰৈত পেৰিছ চহৰৰ পৰা The Deutsch-Französische Jahrbücher নামেৰে তৰুণ-হেগেলবাদী কাকত এখন ছপা কৰাৰ সিদ্ধান্ত ললে। ১৮৪৩ চনৰ অক্টোবৰ মাহত মার্ক্স পেৰিছ চহৰত উপস্থিত হলগৈ।

বার্লিন বা কলনতকৈ পেৰিছৰ পৰিস্থিতি একেবাৰে বেলেগ আছিল। ঊনবিংশ শতিকাৰ ইউৰোপৰ সাংস্কৃতিক ৰাজধানী হিচাপে স্বীকৃতি লাভ কৰা পেৰিছ চহৰখন সেই সময়ত বিভিন্ন দেশৰ পৰা দেশান্তৰিত হৈ অহা সাম্যবাদী বিপ্লৱী তথা বুদ্ধিজীৱিৰে গিজগিজাই আছিল। এইক্ষেত্রত কেৱল জার্মান দেশান্তৰিত লোকৰ সংখ্যাই আছিল ৪০,০০০কৈও অধিক। তেওঁলোকৰ বেছিভাগেই পেছাত কাৰিকৰ আছিল আৰু তেওঁলোক ‘লীগ অৱ জাষ্ট’ নামৰ বিপ্লৱী গুপ্ত সংগঠন এটাৰ প্রভাৱাধীন আছিল। তদুপৰি অগণন কমিউনিষ্ট তথা সমাজবাদী সংগঠন আৰু সিবিলাকৰ আভ্যন্তৰীণ তর্ক-বিতর্ক তথা কোর্হালে পেৰিছৰ বতাহ গৰম কৰি ৰাখিছিল। এই সময়ছোৱাতেই তথাকথিত ‘বুর্জোৱা সম্রাট’ লুই ফিলিপৰ অধীনত এক অতিশয় দুর্নীতিবান আমোলাতন্ত্র তথা বেংকাৰ গোষ্টীৰ নেতৃত্বত ফ্রাঞ্চৰ বছা বছা অঞ্চলত দ্রুত হাৰৰ ঔদ্যোগীকৰণৰ প্রক্রিয়াও ত্বৰাম্বিত হৈছিল, যাৰ ফলস্বৰুপে দ্রুত গতিৰে সৃষ্টি হৈছিল এক সর্বহাৰা শ্রেণীৰ। সিবিলাকৰ মাজত প্রভাৱ বিস্তাৰ কৰিবলৈ সকলো বাওঁপন্থী সংগঠনেই উথপথপ লগাইছিল।

এই জার্মান তথা ফৰাচী কমিউনিষ্ট সংগঠনসমূহৰ যোগেদিয়েই পোন প্রথমবাৰৰ বাবে মার্ক্সে সংগঠিত শ্রমিক আন্দোলনৰ সৈতে সংস্পর্শ লাভ কৰিলে। মার্ক্সৰ মন-হৃদয়ত ইয়াৰ ফলাফল আছিল অভূতপূর্ব। ১৮৪৪ চনৰ আগষ্ট মাহত ফয়াৰবাখলৈ লিখা এখনি চিঠিত তেওঁ এইদৰে মনৰ ভাৱ প্রকাশ কৰিলে,

"এই ফৰাচী শ্রমিকসকলৰ এনে বিপুল কর্মোদ্যম, এনে অপূর্ব শক্তি, সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি! আচলতে তথাকথিত সভ্য সমাজৰ পৰা দূৰৈত, এই [তথাকথিত] বর্বৰসকলৰ মাজতেই অনাগত মানব মুক্তিৰ ঐতিহাসিক সোপান লুকাই আছে" (Collected Works, Vol. iii, পৃষ্ঠা ৩৫৫)।

শ্রমিকৰ ঐতিহাসিক ভূমিকা সম্পর্কীয় মার্ক্সৰ এই নতুন দৃষ্টিভংগীৰ প্রমাণ পোৱা যায় Deutsch-Französische Jahrbücher কাকতখনৰ ১৮৪৪ৰ মার্চ মাহত প্রকাশিত একমাত্র সংখ্যাটোৰ দুটা লেখনীৰ মাজত। (এফালে প্রুচিয়ান চৰকাৰৰ নিষেধাজ্ঞা, আনফালে ফৰাচী জনগণৰ কুহুমীয়া সহাঁৰি; তাৰ লগতে ভূতৰ লগত দানহ পৰাদি প্রকাশকে ধনৰ যোগান বন্ধ কৰি দিয়াৰ ফলত নিজৰ মাজতে কাজিয়াত মছগুল সম্পাদকদ্বয়ৰ বাবে কাকতখন বন্ধ কৰি দিয়াৰ বাহিৰে আন একো উপায় নাথাকিল!)। ‘On the Jewish Question’ শীর্ষক প্রথম লেখনীটোত ব্রুন’ বয়াৰৰ সমালোচনা কৰি মার্ক্সে লিখিলে: ‘১৭৮৯ৰ ফৰাচী বিপ্লৱ সদৃশ ৰাজনৈতিক বিপ্লৱে মানুহক কেৱল এটাই স্বাধীনতা দিব পাৰে - সেয়া হৈছে বৃহত্তৰ সম্প্রদায়ৰ পৰা আঁতৰি আহি নিজকে আত্মবিস্মৃত কৰি পেলোৱাৰ স্বাধীনতা, নিজৰে ব্যক্তিগত স্বার্থ তথা ফুর্তিত মছগুল হৈ পৰাৰ স্বাধীনতা। তাৰ বিপৰীতে, কেৱল এক সামাজিক বিপ্লৱেহে ব্যক্তিগত মালিকানা তথা ব্যক্তিবাদৰ অৱসান ঘটুৱাই প্রকৃত মানৱ মুক্তি মাতি আনিব পাৰিব’ (Collected Works, Vol. iii, পৃষ্ঠা ১৬৪)।

দ্বিতীয়টো লেখনীটোত মার্ক্সে লিখিলেঃ "কেৱল এনে এক সামাজিক বিপ্লৱহে জার্মান সমাজখনত সম্ভৱপৰ হব। কিয়নো বিপ্লৱকালীন ফ্রাঞ্চৰ তুলনাত সমকালীন জার্মান বুর্জোৱা বা মধ্যবিত্ত শ্রেণীটো অতিশয় দুর্বল; ই ৰাজতন্ত্রৰ বিৰুদ্ধে জনগণক বিপ্লৱী নেতৃত্ব প্রদান কৰিবলৈ একেবাৰেই অক্ষম। সেয়েহে ঔদ্যোগিক শ্রমিক শ্রেণী বা প্রলেটাৰিয়েটেই এই ভূমিকা পালন কৰিব লাগিব। শৃংখলত আৱদ্ধ এই [সর্বহাৰা] শ্রেণীটোৱে নিজকে মুক্ত কৰিবলৈ হলে সমাজৰ সকলো পর্যায়ৰ, সকলো বন্দীত্বৰ পৰা নিজকে মুকলি কৰিব লাগিব; অর্থাৎ ই নিজৰ মুক্তিৰ লগতে সমাজৰ আন আন সকলো অংশৰ মুক্তিৰ বতৰা আনিব লাগিব; আন কথাত কবলৈ গলে – সম্পূর্ণ আত্মবিস্মৃত হৈ পৰা মানৱ জাতিৰ মুক্তি সামগ্রিকভাৱে সকলোৰে মানৱীয়তা ঘূৰাই অনাৰ পথেৰেহে সম্ভৱপৰ হব।" (Collected Works, Vol. iii, পৃষ্ঠা ১৮৬)।

এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দার্শনিকৰ দৃষ্টিৰেই মার্ক্সে ৰাজনৈতিক প্রশ্নসমূহৰ পর্যালোচনা কৰিছিল। তেওঁ দর্শনবিদ তথা শ্রমিকসকলৰ এক মিত্রতাৰ কথা কল্পনা কৰিছিল য’ত দার্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অর্থাৎ বিপ্লৱী প্রক্রিয়াত শ্রমিকসকলৰ ভূমিকা হব দ্বিতীয় পর্যায়ৰ, এইক্ষেত্রত দার্শনিকসকলহে আগৰণুৱা হব। মার্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্রাম]ৰ হৃদয় হ’ব শ্রমিকসকল আৰু মগজু হ’ব দার্শনিকসকল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮৩, ১৮৭)। শ্রমিক শ্রেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবর্তে ‘শ্রমিকৰ দাৰিদ্রতাই তেওঁলোকক বিপ্লৱী পথেৰে লৈ যাব’ – মার্ক্সৰ এই জাতীয় বাক্যাংশসমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্রশ্রয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ পোৱা যায়।

অৱশ্যে অতি সোনকালেই মার্ক্সে এই দুর্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্রত দুটা কাৰকে ক্রিয়া কৰা দেখা যায়। প্রথমতে, পেৰিছতেই মার্ক্সে পোন প্রথমবাৰৰ বাবে আডাম স্মিথ, ডেভিদ ৰিকার্ডো আদি ধ্রুপদী ৰাজনৈতিক-অর্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়ণসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মার্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্রথম প্রকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পর্কীয় মার্ক্সৰ প্রাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূর্ণ ভাৱে, এইখনি ৰছনাতেই মার্ক্সে শ্রমিকৰ বৈপ্লৱিক ভূমিকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে। মার্ক্সে লিখিলে যে পুঁজিবাদী উৎপাদন প্রক্রিয়াটোত শ্রমিকসকলৰেই আটাইতকৈ কেন্দ্রীয় ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ ক্ষেত্রত শ্রমিকসকলৰেই আটাইতকৈ বেছি ভূমিকা থাকিব। মার্ক্সৰ ভাষাত "ব্যক্তিগত মালিকানা আৰু শ্রমৰ অহি-নকুল সম্পর্কৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্বৰ পৰা সামাজিক মুক্তি শ্রমিকসকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱপৰ হব"। (Collected Works, Vol. iii, পৃষ্ঠা ২৮০)।

শ্রমিক সম্পর্কে মার্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জার্মান শ্রমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্রদর্শন। ইয়েই শ্রমিকসকল যে কোনো নিষ্ক্রিয় সত্তা (passive element )নহয়, সেই কথা মার্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্র শ্রমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্রতিবাদী কার্যসূচী হাতত ললে। বিদ্রোহী শ্রমিকসকলক নিয়ন্ত্রিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আর্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জার্মান কাকত এখনত বিদ্রোহটো নস্যাৎ কৰি শ্রমিকসকলৰ প্রতি ইতিকিংসূচক এটা প্রবন্ধ লিখিলে। বহুতে প্রবন্ধটো মার্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মার্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্রবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মার্ক্সে বিদ্রোহী শ্রমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্রশংসা কৰিলে। মার্ক্সে ঘোষণা কৰিলে – শ্রমিকসকল ভাবী জার্মান বিপ্লৱৰ নিষ্ক্রিয় অংশ হোৱাৰ পৰিবর্তে, তেওঁলোকেই সমগ্র প্রক্রিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মার্ক্সৰ উদয় হল।

বন্ধুত্ব আৰু বিপ্লৱ[সম্পাদনা কৰক]

১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্রান্তত এংগেলছ পেৰিছ চহৰলৈ আহিছিল। এই সময়ছোৱাতে তেওঁ মার্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালে। মার্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে। সেই সময়ত এংগেলছৰ বয়স তেইছ বছৰ; মার্ক্সতকৈ তিনি বছৰ কম। পিছে এই বয়সতেই এংগেলছে নিজকে এজন আমূল-পৰিবর্তনকামী সাংবাদিক তথা বিপ্লৱী তৰুণ-হেগেলবাদী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। ৰাইনিচে চাইতুং কাকতখনত এংগেলছেও দুই এটা প্রবন্ধ লিখিছিল। অৱশ্যে সেই সময়ত মার্ক্সে তেওঁক বিশ্বাসত লোৱা নাছিল। বার্লিনৰ আন আন বক্তৃতাসর্বস্ব তৰুণ হেগেলবাদীৰ দৰেই এংগেলছকো তেওঁ ‘ফ্রী’সকলৰ এজন বুলি ভাবিছিল।.এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰ মাহত পৰিয়ালৰ বিজনেছ ফার্ম ‘আর্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্রত্যক্ষ কৰিছিল। লগতে তেওঁ প্রত্যক্ষ কৰিছিল শ্রমিক জনগণৰ দুর্বিষহ জীৱন ধাৰা আৰু তেওঁলোকৰ প্রতিনিয়ত প্রতিবাদ আৰু সংগ্রামী কার্যসূচী। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্র কিছুদিনৰ আগতে ঐতিহাসিক চার্টিষ্ট আন্দোলনে সমগ্র অঞ্চলটো চুই গৈছিল। এই সমস্ত অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰছনা কৰিছিল ‘The Condition of the Working Class in England’ গ্রন্থখনি। মার্ক্সৰ দৰেই এংগেলছেও শ্রমিক শ্রেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। আন কথাত- দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূর্ব।

অৱধাৰিভাৱেই দুয়ো বন্ধুৱে একেলগে মিলি কাম কৰাৰ সিদ্ধান্ত ললে। মার্ক্স-এংগেলছে যুতীয়াকৈ লিখা প্রথম ৰছনাখনি আছিল ‘The Holy Family’ শীর্ষক গ্রন্থখন। এই সময়ছোৱালৈকে মার্ক্স-এংগেলছৰ পুৰণি তৰুণ-হেগেলবাদী বন্ধুসকল ভীষণভাৱে এলিটবাদী তথা গণতন্ত্রবিৰোধী হৈ পৰিছিল। ব্রুণ’ বয়াৰেতো ৰাছিয়াৰ জাৰতন্ত্রকে সমর্থন কৰি পেলাইছিল আৰু এইবুলি ঘোষণা কৰিছিল ‘জনগণ, কেৱল মাথো জনগণৰ মাজতেই মানৱ-মননৰ প্রকৃত শত্রুবোৰ লুকাই আছে!’ প্রাক্তন বন্ধুসকলৰ এইজাতীয় উৎকট তথা অদ্ভুত যুক্তিসমূহৰ প্রত্যুত্তৰ দিয়াটো প্রয়োজনীয় বুলি দুয়োজনেই অনুভৱ কৰিলে। এংগেলছৰ অভিমত আছিল – এই বিষয়ে পুস্তিকাৰ আকাৰত এখনি সৰু গ্রন্থ লিখা যাওঁক। পিছে মার্ক্সৰ অত্যুৎসাহী বদ-অভ্যাসটোৰ ফলত পুস্তিকাখনৰ কলেৱৰ ক্রমান্বয়ে বাঢ়ি গৈ অবশেষত ২০০ পৃষ্ঠাৰ এখনি পূর্ণাংগ গ্রন্থৰ ৰূপ ললে! ‘The Holy Family’ শীর্ষক এই গ্রন্থখনিত মার্ক্সে দর্শন তথা সাহিত্য-সমালোচনাৰ পৰা আৰম্ভ কৰি শ্রমিক মুক্তিৰ তত্ত্বলৈকে অজস্র বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰিলে।

চল্লিছৰ দশকটোৰ মাজভাগলৈ পেৰিছৰ দেশান্তৰিত বিপ্লৱীসকলৰ মাজত মার্ক্স এজন চর্চিত তথা উল্লেখযোগ্য ব্যক্তি হৈ পৰিল। অৰাজকতাবাদ(Anarchism)ৰ দুয়োগৰাকী পুৰোধা ব্যক্তি –পীয়েৰ জোচেফ প্রুধ’ তথা মিখাইল বাকুনিনৰ সৈতে মার্ক্সৰ বন্ধুসুলভ সম্পর্ক আছিল; দুয়োজনৰে সৈতে তেওঁ মাজে-সময়ে হেগেলৰ দর্শন সম্পর্কে আলোচনা কৰিছিল। কবি হেইনৰিখ হেইনী (Heinrich Heine)ৰ সৈতেও মার্ক্স—এংগেলছৰ ভাল সম্পর্ক আছিল। মার্ক্স-এংগেলছৰ প্রভাৱত পৰিয়েই হেইনীয়ে সমাজবাদী কবিতা লিখিবলৈ চেষ্টা কৰিছিল। পাছলৈ মার্ক্স–এংগেলছৰ কথা সুঁৱৰি হেইনীয়ে এনেদৰে লিখিছে, ‘জার্মান কমিউনিষ্টসকলৰ দুয়োজনা গুপ্তনেতাই হৈছে তর্কবাগীশ; দুয়ো হেগেলবাদী পৰম্পৰাৰ শিষ্য। তেওঁলোকক বিনাদ্বিধাই জার্মানীৰ সবাতোকৈ সক্ষম তথা বলিষ্ঠ চিন্তাবিদ বুলি কব পৰা যায়।’

মার্ক্সৰ এই খ্যাতিৰ বাবেই তেওঁ পুনৰ চৰকাৰৰ ৰোষত পৰিল। এফালে প্রুচিয়ান ৰাষ্ট্রৰ অহৰহ হেঁচা, আনফালে পেৰিছস্থিত বিপ্লৱীসকলৰ মাজত মার্ক্সৰ বাঢ়ি অহা সুনাম, এই দুয়োটা দিশৰ প্রতি লক্ষ্য কৰি ফৰাচী চৰকাৰে তেওঁক দেশান্তৰিত কৰাৰ সিদ্ধান্ত ললে। উপায়ান্তৰ হৈ ১৮৪৫ চনৰ ফেব্রুৱাৰী মাহত মার্ক্সে পেৰিছৰ পৰা ব্রুছেলছলৈ গমন কৰিলে। ইতিমধ্যে এংগেলছেও ঘৰুৱা ব্যৱসায়ৰ কাম পৰিত্যাগ কৰি সম্পূর্ণভাৱে বৈপ্লৱিক কার্যতে সময় নিয়োগ কৰিবলৈ ঠিক কৰিছিল। এংগেলছো ব্রুছেলছলৈ আহিল আৰু ১৮৪৫ চনৰ জহকালত দুয়ো বন্ধুৱে মিলি ইংলেণ্ড পৰিভ্রমণ কৰিলে। এইখিনি সময়ৰ পৰা দুয়োৰে বন্ধুত্ব আৰু প্রগাঢ় হৈ পৰিল।

ইংলেণ্ডত থকা সময়ছোৱাতে মার্ক্স–এংগেলছে আন এখন গ্রন্থৰ পৰিকল্পনা কৰিলে। দুয়ো অনুভৱ কৰিলে যে ‘The Holy Family’ গ্রন্থখনিত বহুতো বহুতো বিষয় বাকী ৰৈ গল। তৰুণ হেগেলবাদীসকলৰ সম্পূর্ণ সমালোচনা যেন এতিয়াও অসম্পূর্ণ হৈয়েই ৰল। সেয়েহে অন্তিম বাৰৰ বাবে বয়াৰ আৰু তেওঁৰ সাংগো-পাংগো ‘ফ্রী’সকলৰ এক নির্ণায়ক সমালোচনা আগবঢ়াবলৈ দুয়োজনে ঠিক কৰিলে।

বার্লিনৰ ‘ফ্রী’ মহাশয়সকল ইতিমধ্যেই চৰম ব্যক্তিবাদীলৈ পৰিণত হৈছিল; তেওঁলোকৰ প্রতিনিধি স্বৰূপ মেক্স স্তার্নাৰে যুক্তি দর্শাইছিল: ‘ব্যক্তিসত্তাই হৈছে জগতৰ একমাত্র সত্তা!’ ( দ্রষ্টব্য: স্তার্নাৰৰ গ্রন্থ: The Ego and His Own)। এই মেক্স স্তার্নাৰকে মার্ক্স-এংগেলছে এইবাৰ আক্রমণৰ মূল লক্ষ্য হিচাপে বাছি ললে। ১৮৪৫ চনৰ চেপ্তেম্বৰৰ পৰা ১৮৪৬ চনৰ আগষ্টলৈকে এই সুদীর্ঘ সময়ছোৱা কঠোৰ পৰিশ্রম কৰি দুয়ো বন্ধুৱে লিখি উলিয়ালে ৬০০ পৃষ্ঠাৰ এখন শকত পাণ্ডুলিপি। পাণ্ডুলিপিখনৰ নাম দিয়া হ’ল: ‘The German Ideology’। এই পাণ্ডুলিপিখনতেই ঐতিহাসিক বস্তুবাদ(historical materialism)ৰ ধাৰণাসমূহক প্রথমবাৰৰ বাবে এক সুব্যৱস্থিত ৰূপ দিয়া হল। পিছলৈ এখন ক্লাছিক ৰূপে গণ্য হোৱা এইপাণ্ডুলিপিখনি ছপা কৰিবলৈ অৱশ্যে সেইসময়ত কোনো আগ্রহী প্রকাশক বিচাৰি পোৱা নগল। অৱশ্যে মার্ক্স-এংগেলছৰ এই ক্ষেত্রত কোনো আক্ষেপো নাথাকিল। মার্ক্সৰ ভাষাত, ‘পাণ্ডুলিপিখনআমি স্ব-ইচ্ছাই নিগনি এন্দুৰৰ খাদ্য হবলৈ এৰি দিলো, কিয়নো ইতিমধ্যেই আমি গ্রন্থখনি লিখাৰ[প্রক্রিয়াটোৰ মাজেৰে আমাৰ] মূল উদ্দেশ্য অর্থাৎ -স্ব-স্পষ্টীকৰণ (self-clarification) লাভ কৰাত সফল হলোঁ।’

‘The German Ideology’ গ্রন্থখনিয়ে মার্ক্স-এংগেলছৰ ৰাজনীতিৰ তাত্ত্বিক ভেটিটো নির্মাণ কৰিলে। ইয়াতেই তেওঁলোকে যুক্তি দর্শালে যে পুঁজিবাদে নিজে সৃষ্টি কৰা বস্তুনিষ্ঠ পৰিস্থিতিৰ মাজতেই সামাজিক বিপ্লৱৰ সম্ভাৱনীয়তাৰ বীজো সৃষ্টি হয়। সিবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূর্ণ উপাদানটো হৈছে শ্রমিক শ্রেণীৰ সৃষ্টি। এংগেলছৰ ভাষাত ‘এই শ্রমিক শ্রেণীৰ মুক্তি লাভৰ তত্ত্বই হৈছে কমিউনিজিম’ (Collected Works, Vol. vi, পৃষ্ঠা ৩৪১)।

বিপ্লৱ সম্পর্কীয় ধাৰণাসমূহ এইদৰে বিকশিত কৰাৰ পাছত মার্ক্স-এংগেলছে এইবাৰ বাওঁ ৰাজনীতিৰ প্রত্যক্ষ ক্ষেত্রখনলৈ চকু দিলে। ‘লীগ অৱ জাষ্ট’ নামৰ মূলতঃ জার্মান কাৰিকৰসকলৰ আন্তর্জাতিক গুপ্ত সংগঠনটো ইতিমধ্যেই ইউৰোপৰ চুকে কোণে বিকশিত হৈ উঠিছিল। সংগঠনটো ৱিলহেম ৱেটলিং (Wilhelm Weitling) নামৰ এজন প্রাক্তন দর্জীৰ প্রভাৱত আছিল, যাৰ সমাজবাদ সম্পর্কীয় ধাৰণাসমূহ আছিল অতিশয় অস্পষ্ট। ৱেটলিঙে বিশ্বাস কৰিছিল যে শ্রমিকসকলৰ গৰিষ্ঠ সংখ্যক অংশটোক সমাজবাদৰ পক্ষলৈ আনিব পৰা নাযাব; সেয়েহে বিপ্লৱী চেতনশীল এটি সৰু অংশই তেওঁলোকৰ হৈ ৰাষ্ট্র-ক্ষমতা দখল কৰিব লাগিব। লীগৰ আন এজন নেতা, কিংবদন্তি-স্বৰূপ বিপ্লৱী আগষ্ট ব্লাংক(Auguste Blanqui)ৰো ধাৰণা আছিল অনুৰূপ। ব্লাংকৰ নেতৃত্বত লীগে ফ্রাঞ্চৰ [আধাকেছেলুৱা] ১৮৩৯ৰ বিদ্রোহত অংশ লোৱাৰ ফলত ফ্রাঞ্চত সংগঠনটো নিষিদ্ধ ঘোষিত কৰা হৈছিল আৰু সেইবাবে পেৰিছৰ পৰা লণ্ডনলৈ সংগঠনৰ মূখ্য কার্যালয় স্থানান্তৰিত কৰি পেলোৱা হৈছিল। লণ্ডনত এফালে ৱেটলিঙৰ অনুগামী আৰু আনফালে অহিংস পদ্ধতিৰ সমর্থক এচাম সংস্কাৰকামী সদস্যৰ মাজত সংগঠনটো প্রায় বিভক্ত হৈ পৰিছিল।

১৮৪৬ চনৰ ফেব্রুৱাৰী মাহত মার্ক্স-এংগেলছে ‘লীগ অৱ জাষ্ট’ৰ সদস্যসকলক নিজৰ প্রভাৱলৈ আনিবলৈ ‘কমিউনিষ্ট বার্তা কমিটি’ এখন স্থাপন কৰিলে। ৱেটলিং আদিকো কমিটিৰ অন্তর্ভুক্ত কৰা হল। পিছে কিছু সময়ৰ ভিতৰতে মার্ক্স আৰু ৱেটলিঙৰ মাজত মতানৈক্যই দেখা দিলে। লীগৰ মেল-মিটিংসমূহ এই মতানৈক্যৰ ফলত উষ্ম হৈ পৰিল। মার্ক্সৰ মতে, ‘কোনো বিজ্ঞানসন্মত তথা গঠনমূলক ধাৰণা নোহোৱাকৈ কেৱল শ্রমিকসকলক আহ্বান জনাই থকা কথাটো অসাধু কাম হব। নিজকে স্বয়ং মুক্তিদাতা বুলি ভাবি লৈ শ্রমিকসকলক অজ্ঞানী-মূর্খ বুলি গণ্য কৰা লোকসকলেহে এনে কাম কৰে’। আনফালে ৱেটলিঙে অভিযোগ আনিলে যে মার্ক্সৰ ধাৰণাসমূহ হৈছে পুথিগত জ্ঞান তথা তত্ত্ব প্রসূত; বাস্তৱ-ৰাজনীতিৰ বাবে সিবিলাক বিশেষকৈ সহায়ক নহয়। মার্ক্সে প্রত্যুত্তৰত কলে, ‘অজ্ঞানতাই আজিলৈকে কাকোৱেই সহায় কৰা নাই!’

মার্ক্সৰ বন্ধু প’ল এনেনকভে এই মিটিংসমূহত মার্ক্সৰ ব্যক্তিত্ব সম্পর্কীয় কেতবোৰ জীৱন্ত চিত্র অংকণ কৰি গৈছেঃ

মার্ক্স হৈছে অফুৰন্ত শক্তিৰ অধিকাৰী; তেওঁৰ ইচ্ছা শক্তি অতিশয় দৃঢ় তথা আত্মবিশ্বাস লৰাব নোৱাৰা বিধৰ। তেওঁৰ পোছাক অদ্ভুত। মূৰত এসোপা দীঘল কলা চুলি, নোমেৰে ভৰা হাত ভৰি, ভুলকৈ বুটাম লগোৱা কোটচোলা...পিছে তেওঁক দেখিয়েই অনুভৱ হয় - তেওঁ যিমানেই অপৰিপাটি নহওঁক কিয়, সকলোৰে সন্মান আদায় কৰিব পৰাকৈ অপাৰ ক্ষমতা আৰু যোগ্যতা তেওঁৰ আছে।...তেওঁ খপজপকৈ খোজ কাঢ়ে, কিন্তু তাত আত্মবিশ্বাস আৰু প্রত্যয়ৰ চাপ সুস্পষ্ট। তেওঁৰ চাল চলনবোৰ সাধাৰণ মানুহতকৈ যেন অলপ বেলেগ আৰু কিছুদূৰৈলৈ হয়তো অৱজ্ঞাসূচক। তেওঁৰএটাৰ পাছত সিটোকৈ বিভিন্ন বিষয় তথা ব্যক্তি সম্পর্কে তীক্ষ্ণ মন্তব্য কৰে আৰু সিবিলাকৰ সৈতে তেওঁৰ ধাতৱ কণ্ঠস্বৰ যেন সুন্দৰকৈ খাপ খাই পৰে।

আন এজন সমসাময়িক লেখকৰ মতে:

মার্ক্সক দেখিলে এনে লাগে যেন জন্মগতভাবেই তেওঁ নেতৃত্বকাৰী গুণ লাভ কৰিছে। তেওঁৰ বক্তৃতাসমূহ চুটি চুটি, বিশ্বাসযোগ্য আৰু যুক্তিৰে পৰিপূর্ণ। অপ্রয়োজনীয় বাগাড়ম্বৰৰ পৰা সিবিলাক সম্পূর্ণভাবে মুক্ত। তেওঁৰ উচ্চাৰিত প্রত্যেকটো বাক্যতেই একোটাহঁত ধাৰণা লুকাই থাকে আৰু প্রত্যেকটো ধাৰণাই তেওঁৰ মূল পাঠ্যৰ সৈতে সুন্দৰকৈ যুক্ত। তেওঁক স্বপ্নবিলাসী বোলা কথাষাৰ একেবাৰেই ভুল।

‘কমিউনিষ্ট বার্তা কমিটি’ৰ কাম-কাজসমূহৰ মাজেৰে মার্ক্স-এংগেলছে অনুভৱ কৰিলে-জার্মান শ্রমিক আন্দোলনত বিয়পি থকা সমাজবাদ সম্পর্কীয় বেছিভাগ ধাৰণাই ভ্রান্তিমূলক। সিবিলাকৰ উচিত সমালোচনা আগবঢ়োৱাটো অতিশয় প্রয়োজনীয় বুলি দুয়োজনেই গণ্য কৰিলে।

এইবাৰ তেওঁলোকৰ আক্রমণৰ অন্যতম লক্ষ্য হৈ পৰিল ‘প্রকৃত সমাজবাদী’ (true socialists)সকল। এই ‘প্রকৃত সমাজবাদী’সকল আছিল মূলতঃ বুদ্ধিজীৱি। বস্ত্র শ্রমিকসকলৰ বিদ্রোহৰ পাছতে তেওঁলোকে ‘সামাজিক প্রশ্ন’সমূহ ‘আৱিষ্কাৰ’ কৰিছিল! তেওঁলোকে বিশ্বাস কৰিছিল যে মানুহক নীতিগত শিক্ষা দিয়েই সমাজ পৰিবর্তন কৰিব পৰা যাব। মার্ক্সৰ আক্রমণৰ আন এক লক্ষ্য আছিল প্রুধ’ আৰু তেওঁৰ অনুগামীসকল। ১৮৪৬ চনৰ মে মাহত মার্ক্সে প্রুধ’ক ‘কমিউনিষ্ট বার্তা কমিটি’ৰ পেৰিছৰ সংবাদদাতা হবলৈ আহ্বান কৰি চিঠি এখন লিখিছিল। পিছে উত্তৰত প্রুধ’এ তোষামোদী সুৰেৰে ‘দার্শনিক চাহাব’ক কলে যে তেওঁ বিপ্লৱত বিশ্বাস নকৰে আৰু‘লাহে লাহে ব্যক্তিগত মালিকানা ধ্বংস কৰাতহে তেওঁ আগ্রহী’। ১৮৪৭ চনত প্রুধ’ৰ ‘The System of Economic Contradictions’ শীর্ষক গ্রন্থ এখনি প্রকাশিত হ’ল, যাৰ উপ-শীর্ষক আছিল ‘দাৰিদ্রতাৰ দর্শন’ (Philosophy of Poverty)! সেইখনৰ তীব্র সমালোচনা কৰি মার্ক্সে একে বছৰতে নিজৰ এখনি গ্রন্থ প্রকাশ কৰিলে যাৰ নাম থোৱা হল ‘দর্শনৰ দাৰিদ্রতা’ (The Poverty of Philosophy)!

মার্ক্স-এংগেলছৰ অশেষ চেষ্টাৰ মূৰত অৱশেষত ‘লীগ অৱ জাষ্ট’ সংগঠনটো তেওঁলোকৰ নিয়ন্ত্রণলৈ আহিল। ১৮৪৭ চনৰ জুন মাহত সংগঠনটোৰ এখনি কংগ্রেছ বা অধিবেশন অনুষ্ঠিত কৰা হল যত সংগঠনৰ গুপ্ত ষড়যন্ত্রকাৰী চৰিত্র সলনি কৰি তাক এক মুকলি তথা বিপ্লৱী সংগঠনৰ ৰূপ দিয়া হল। পুৰণি নাম সলনি কৰি সংগঠনৰ এটা নতুন নাম দিয়া হল - ‘কমিউনিষ্ট লীগ’। তদুনুৰূপভাৱে, সংগঠনৰ পুৰণি শ্লগান ‘সকলো মানুহেই ভ্রাতৃ’ সলনি কৰি এটা নতুন শ্লগান নির্মাণ কৰা হল ‘বিশ্বৰ সকলো শ্রমিক, এক হওঁক!’ একে বছৰৰে ডিচেম্বৰ মাহলৈ সংগঠনৰ দ্বিতীয় অধিবেশন অনুষ্ঠিত কৰা হল। এইখন অধিবেশনতে সংগঠনৰ নীতি সম্পর্কীয় এখন ঘোষণা পত্রৰ খচৰা প্রস্তুত কৰিবলৈ মার্ক্স-এংগেলছক দায়িত্ব দিয়া হল। তিনি মাহ কষ্ট কৰি মার্ক্স-এংগেলছে এখনি নাতিদীর্ঘ পাণ্ডুলিপি তৈয়াৰ কৰি উলিয়ালে। এইখনেই পাছলৈ সাম্যবাদী ইস্তাহাৰ বা কমিউনিষ্ট মেনিফেষ্টো নামেৰে জনাজাত হল। লণ্ডনৰ পৰা ১৮৪৮ চনত প্রথমবাৰৰ বাবে প্রকাশিত এই মেনিফেষ্টোখনৰ প্রথম শাৰীটোৱেই আজি এক কিংবদন্তীলৈ পৰিণত হৈছে: ‘A spectre is haunting over Europe; the spectre of communism!’ (Collected Works, Vol. vi, পৃষ্ঠা ৪৮১)। আজি পর্যন্ত সমস্ত মার্ক্সবাদী সাহিত্যৰ ভিতৰত কমিউনিষ্ট মেনিফেষ্টোখনেই হৈছে সর্বাধিক জনপ্রিয় তথা বহুল পঠিত কিতাপ।

লক্ষণীয়ভাৱে, মেনিফেষ্টোখন প্রেছত ছপা হৈ ওলোৱালৈকে সমগ্র ইউৰোপতে বিপ্লৱৰ লক্ষণে দেখা দিলে। ১৮৪৮ চনৰ ফেব্রুৱাৰী মাহলৈ ফ্রাঞ্চৰ ৰাজসিংহাসনৰ পৰা লুই ফিলিপক ক্ষমতাচ্যুত কৰা হ’ল আৰু দ্বিতীয়বাৰৰ বাবে ফ্রাঞ্চক এখন গণৰাজ্যৰূপে ঘোষণা কৰা হল। মার্চ মাহলৈ ভিয়েনা আৰু বার্লিনতো বিদ্রোহ আৰম্ভ হল। ভয়ত বিতত হৈ বেলজিয়ামৰ চৰকাৰে ততালিকে মার্ক্সক দেশৰ পৰা বহিষ্কাৰ কৰিলে। মার্ক্স পুনৰ জার্মানীলৈ ঘূৰি আহিল। এইবাৰ মার্ক্স নয় ৰাইনিচে চাইতুং (Neue Rheinische Zeitung) নামেৰে নতুন বাতৰি কাকত এখনৰ মূখ্য সম্পাদক নিযুক্ত হল। পূর্বৰ ৰাইনিচে চাইতুং খনৰ দৰেই এই নতুন কাকতখনৰো মূখ্য কার্যালয় কলন চহৰতে ৰখা হল। এইবাৰ মার্ক্সে তেওঁৰ নিজ ইচ্ছাৰে সাংবাদিক তথা সম্পাদনা মণ্ডলী গঠন কৰিবলৈ সুযোগ পালে। এংগেলছৰ ভাষাত ‘কাকতখনৰ সম্পাদনা মণ্ডলী সম্পূর্ণভাৱে মার্ক্সৰ স্বৈৰতন্ত্রৰ অধীন আছিল’। ৱার্ণাৰ ব্লোমেনবার্গে নয় ৰাইনিচে চাইতুঙৰ বিষয়ে এনেদৰে লিখিছেঃ ‘এই কাকতখন বিপ্লৱৰ সময়ছোৱাৰ শ্রেষ্ঠ কাকত হোৱাৰ লগতে জার্মান ভাষাত প্রকাশিত সকলো সমাজবাদী কাকতৰ ভিতৰত সর্বশ্রেষ্ঠ বুলি কব পৰা যায়।’

১৮৪৮ৰ বিপ্লৱে পুঁজি আৰু শ্রমিকৰ সংগ্রামখনিৰ কেন্দ্রীয় গুৰুত্ব সম্পর্কে সকলোকে সঁকীয়াই দিলে। ইয়াৰ আগলৈকে সামন্তীয় শক্তিসমূহৰ বিৰূদ্ধে পুঁজিৰ সংগ্রামখনিকেই মূল সংগ্রাম বুলি ভবা হৈছিল। বুর্জোৱাৰ নেতৃত্বত সামন্তীয় ভূ-স্বামীসকলৰ বিৰুদ্ধে শ্রমিক-কৃষককে আদি কৰি সমস্ত জনগণক একগোট কৰাটোৱেই বিপ্লৱৰ মূল লক্ষ্য বুলি সকলোৱে মানি লৈছিল। পিছে ১৮৪৮ বিপ্লৱে দর্শালে যে দৰাচলতে বর্তমানৰ সময়ত পুঁজি আৰু শ্রমৰ দ্বন্দই সবাটোকৈ গুৰুত্বপূর্ণ হৈ পৰিছে আৰু শ্রমিক জনগনৰ বিৰূদ্ধে ন পুৰণি সকলো শাসক গোট ক্রমান্বয়ে একগোট হৈ পৰিছে। ১৮৪৮ৰ জুন মাহত ইয়াৰ প্রত্যক্ষ প্রমাণ পোৱা গল যেতিয়া গণতান্ত্রিক ফৰাচী চৰকাৰে পেৰিছৰ শ্রমিকসকলৰ বিদ্রোহ কঠোৰ হাতেৰে দমন কৰিলে। শ্রমিকৰ তেজেৰে পেৰিছৰ বাট পথ ৰাঙলী হৈ পৰিল। মার্ক্সে লিখিলে, ‘ভাতৃত্ব! শোষক আৰু শোষিতৰ এই তথাকথিত ভাতৃত্ব, যাক ফ্রেব্রুৱাৰীত প্রতিষ্ঠা কৰা হৈছিল, যাৰ গুণ গান সকলোৱেই গাই ফুৰিছিল, যাৰ আগমনৰ বিষয়ে পেৰিছৰ সমস্ত বাট-পথ, বেৰেক, আৰু কাৰাগাৰত ডাঙৰ ডাঙৰ আখৰেৰে তোৰণ অঁকা হৈছিল, সি অৱশেষত তাৰ প্রকৃত স্বৰূপ দেখুৱালে। গৃহযুদ্ধৰ ৰূপত, শ্রম আৰু পুঁজিৰ ভয়াবহ সংগ্রামৰ ৰূপত তাৰ সবাটোকৈ বিশুদ্ধ আৰু কদাকাৰ প্রমাণ পোৱা গল’ (Collected Works, Vol. vii, পৃষ্ঠা ১৪৪, ১৪৭)।

এইখিনিতে মন কৰিবলগীয়া যে যদিও ইংলেণ্ড তথা ফ্রাঞ্চ প্রভৃতি বিকশিত দেশত বুর্জোৱাৰ প্রকৃত স্থিতি সম্পর্কে মার্ক্স–এংগেলছৰ কোনো সন্দেহ বাকী নাথাকিল, তথাপিও তেওঁলোকে এই আশা নেৰিলে যে জার্মানীৰ দৰে অনগ্রসৰ দেশসমূহত হয়তো এতিয়াও বুর্জোৱা শ্রেণীক এক বৈপ্লৱীক ভূমিকা গ্রহণ কৰিবলৈ বাধ্য কৰিব পৰা যাব। সেয়েহে ১৮৪৮ চনৰ মার্চত যেতিয়া বিপ্লৱে বার্লিন চহৰত প্রবেশ কৰিলে, মার্ক্স এংগেলছে [মাত্র কেইশমান সদস্যৰে গঠিত কমিউনিষ্ট লীগৰ যোগেৰে কোনো সৰু সুৰা ভূমিকা পালন কৰাতকৈ] বুর্জোৱা বিপ্লৱীসকলৰ সবাটোকৈ উগ্র বাওঁ অংশটোৰ ভূমিকা লোৱাটোকেই ঠিক কৰিলে। নয় ৰাইনিচে চাইতুঙৰ যোগেৰে মার্ক্স এংগেলছে বুর্জোৱা বিপ্লৱৰ অসমাপ্ত কামকাজখিনি সম্পূর্ণ কৰিবলৈ জনগণক আহ্বান কৰিলে। এই সময়ত মার্ক্স-এংগেলছৰ ৰাজনৈতিক কার্যসূচীৰ দুটা মূল বিন্দু আছিলঃ এখন একক, অখণ্ড তথা গণতান্ত্রিক জার্মানীৰ নির্মাণ আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।

জাৰ নিকোলাচ প্রথম’ৰ অধীন ৰাছিয়া সেই সময়ৰ এখন অতিশয় প্রতিক্রিয়াশীল দেশ আছিল। ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ সময়ৰে পৰা সমগ্র ইউৰোপতে সকলোধৰণৰ পৰিবর্তনকামী শক্তিক পৰাভূত কৰাৰ ক্ষেত্রত ৰাছিয়াই বিশেষ ভূমিকা লৈ আহিছিল। ৰাছিয়াৰ প্রতি সমস্ত ইউৰোপৰ বিপ্লৱীসকলৰ ঘৃণা ইমানেই প্রচণ্ড আছিল যে তেওঁলোকে ৰাছিয়াক ‘ইউৰোপৰ প্রতিক্রিয়াশীল পুলিছ’ (Gendarme of Europe) নামেৰে সম্বোধন কৰিছিল। পাছলৈ দেখা গল - ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰি ইউৰোপৰ বিভিন্ন দেশত প্রতিক্রিয়াশীল শক্তিসমূহক পুনঃসংগঠিত কৰাৰ ক্ষেত্রতো ৰাছিয়াই বিশেষ ভূমিকা পালন কৰিলে। মার্ক্সে আশা কৰিছিল – ফ্রাঞ্চৰ জেকোবিন বিপ্লৱীসকলে ১৭৮৯ত কৰাৰ দৰে এক গণতান্ত্রিক জার্মানীয়েও ৰাছিয়া নেতৃত্বাধীন প্রতিক্রিয়াশীল শক্তিসমূহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইউৰোপৰ ভূখণ্ডক সিবিলাকৰ হাতোঁৰাৰ পৰা মুক্তি দিয়াব পাৰিব। পিছে মার্ক্সৰ এই সপোন সপোন হৈয়েই ৰ’ল। শ্রমিক শক্তিৰ উগ্র আন্দোলনৰ সম্মুখীন হৈ ভয়ার্ত জার্মান বুর্জোৱাই সকলোধৰণৰ বিপ্লৱী শ্লগান ত্যাগ কৰি প্রুচিয়ান ৰাজতন্ত্রৰ সৈতে হাত মিলালে। ইখনৰ পাছত সিখনকৈ সমগ্র ইউৰোপৰ দেশসমূহত বিপ্লৱ পৰাজিত হোৱাৰ খবৰেৰে নয় ৰাইনিচে চাইতুঙৰ পৃষ্টাবোৰ ভৰি পৰিল। প্রথমতে অষ্ট্রিয়া, তাৰ পাছত বহেমিয়া, হাংগেৰী, ফ্রাঞ্চ আৰু সর্বশেষত জার্মানীতো বিপ্লৱ পৰাভূত হল। এইবাৰ খোদ নয় ৰাইনিচে চাইতুঙৰ ওপৰতো দমন আৰম্ভ হল। অতি সোনকালেই মার্ক্সকে আদি কৰি কাকতখনৰ আটাইকেওজন সম্পাদকৰ ওপৰত উপর্যুপৰি দুটাকৈ গোচৰ জাপি দিয়া হল। অৱশ্যে গোচৰৰ বিচাৰ কৰা ন্যায়াধীশ কেইজন কাকতখনৰ প্রতি সদয় আছিল; সোনকালেই মার্ক্স আৰু তেওঁৰ সহকর্মীসকলক সসন্মানে মুক্ত কৰি দিয়া হল। কিন্তু কিছুদিনৰ পাছতে নতুনকৈ কেইটামান গোচৰৰ চেলু লৈ প্রুচিয়ান চৰকাৰে কাকতখনৰ প্রকাশন বন্ধ কৰি দিলে আৰু সম্পাদক কেইজনক দেশৰ পৰা নির্বাসিত কৰাৰ নির্দেশনা জাৰী কৰিলে। মার্ক্স প্রমূখ্যে নয় ৰাইনিচে চাইতুঙৰ সম্পাদক কেইজনে সিদ্ধান্ত ললে –একেবাৰে বন্ধ কৰি দিয়াৰ আগতে কাকতখনৰ শেষ সংখ্যাটো সম্পূর্ণভাৱে ৰঙা আখৰৰে ছপা কৰা হওঁক! কাকতখনৰ অন্তিমটো সম্পাদকীয় মার্ক্সে এনেদৰে লিখিলে, ‘আপোনালোকে দিয়া অকুণ্ঠ সমর্থনৰ বাবে আমি আটাইকেওজন সম্পাদকেই হৃদয়ৰে ধন্যবাদ জনাইছোঁ। আমাৰ শেষ কথা সকলো সময়তে আৰু সর্বত্রতে একেটাইঃ [আমি বিচাৰোঁ] শ্রমিক শ্রেণীৰ মুক্তি!’(Collected Works,Vol. ix, পৃষ্ঠা ৪৬৭)

দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্রাম[সম্পাদনা কৰক]

জার্মানীৰ পৰা দেশান্তৰিত হোৱাৰ পাছত মার্ক্স কিছুদিনৰ বাবে পেৰিছলৈ আহে আৰু অৱশেষত ১৮৪৯ চনত লণ্ডনলৈ যায়। প্রথমতে তেওঁ দেশান্তৰৰ কাল চোৱা চমু হব বুলিয়েই আশা কৰিছিল। তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল – বিপ্লৱৰ তুঁহ জুইকুৰা অতি সোনকালেই পুনৰ দপদপাই জ্বলি উঠিব। আনফালে মার্ক্সৰ দৰেই এংগেলছেও ১৮৪৮ৰ বিপ্লৱত সকলোখিনি সমর্পণ কৰি দিছিল। পিছে ১৮৪৯ চনৰ শেহৰ ফাললৈ প্রতিক্রিয়াশীল প্রুছিয়ান সেনাৰ হাতত বিপ্লৱৰ অন্তিমটো দুর্গ পেলেটিনেট অঞ্চলৰ পতনৰ পাছত এংগেলছৰ সমুখতো জার্মানীত কৰিবলগীয়া একো বাকী নাথাকিল(পেলেটিনেটৰ প্রতিৰক্ষা সংগ্রামত এংগেলছে সোঁ-শৰীৰেৰে অংশগ্রহণ কৰিছিল)। কিছুদিনৰ পাছত তেৱোঁ লণ্ডন চহৰত উপস্থিত হলগৈ।

এইবাৰ লণ্ডনৰ পৰাই দুয়ো বন্ধু কমিউনিষ্ট লীগৰ পুণর্গঠনৰ কামত নিমগ্ন হৈ পৰিল। বিপ্লৱৰ কালছোৱাত মার্ক্স–এংগেলছৰ অবর্তমানত লীগৰ কাম কাজ প্রায় স্থবিৰ হৈ পৰিছিল। সি যি কি নহওঁক, বিপ্লৱী জুইকুৰা শাম কটাৰ পাছত লীগৰ কেন্দ্রীয় কমিটিৰ অফিচ লণ্ডনলৈ স্থানান্তৰিত কৰা হল। লীগৰ মুখপাত্র হিচাপে পুনৰ এখন নতুন কাকত The Neue Rheinische Zeitung: Politisch-Oekonomisch Revue প্রকাশ পালে। এইখন কাকততে ফ্রাঞ্চৰ শেহতীয়া ঘটনাৱলী সম্পর্কে মার্ক্সৰ এলানি প্রবন্ধ প্রকাশিত হল। The Class Struggles in France নামেৰে প্রকাশিত হোৱা এই ৰছনাখিনিত তেওঁ ১৮৪৮-৪৯ৰ বিপ্লৱৰ এক মূল্যবান বিশ্লেষণ আগবঢ়ালে। লগতে মার্ক্সে এই আশাও ব্যক্ত কৰিলে যে হয়তো অতি সোনকালেই বিপ্লৱৰ তুঁহ-জুইকুৰা পুনৰ দপদপাই জ্বলি উঠিব। ১৮৫০চনৰ মার্চত মার্ক্সে লীগৰ কেন্দ্রীয় কমিটিৰ এখন খচৰা আহ্বান প্রস্তুত কৰি উলিয়ালে, যত কোৱা হল –‘বিপ্লৱৰ অন্তিম পর্যায় সন্নিকট’ (Collected Works, Vol. x, পৃষ্ঠা ২৭৯)। বিপ্লৱ-কালত সকলো সাম্যবাদীৰ একত্রিত অংশগ্রহণ সুনিশ্চিত কৰিবৰ বাবে এইবাৰ ব্লাংকৰ অনুগামীসকলৰ সংগঠন The Universal Society of Revolutionary Communistsৰ সৈতে লীগৰ সদস্যসকল এক বুজা-পৰালৈ আহিল। এই ব্লাংকপন্থীসকলৰ ঘোষিত উদ্দেশ্য আছিলঃ ‘সকলো বিশেষাধিকাৰী শ্রেণীৰ উচ্ছেদকৰণ, এই সমস্ত শ্রেণীসমূহৰ ওপৰত সর্বহাৰাৰ একনায়কত্ব স্থাপন আৰু ইয়াৰ দ্বাৰাই নিৰলস গতিৰে কমিউনিজিম পর্যন্ত বিপ্লৱৰ অবিৰত যাত্রা সুনিশ্চিতকৰণ’(Collected Works, Vol. x, পৃষ্ঠা ৬১৪)।

১৮৫০ চনৰ মাজভাগলৈকে এই জাতীয় সমস্ত প্রস্তুতি তথা আশাবাদ মৰীচিকা যেনেই প্রমাণিত হল। বছৰটো শেষ নহওঁতেই এই কথা স্পষ্ট হৈ পৰিল যে ১৮৪৮ৰ লেখীয়া বিপ্লৱী ধুমুহা সোনকালে পুনৰ অহাৰ কোনো আশা নাই। মার্ক্সেও প্রত্যক্ষ্য ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি আহি পুঁজিবাদ সম্পর্কীয় পঢ়াশুনাত মনোনিবেশ কৰিবলৈ ঠিক কৰিলে। ১৮৫০ চনৰ মাজভাগত তেওঁ ব্রিটিছ মিউজিয়ামৰ ৰিডিং ৰুমৰ সদস্যপদ লাভ কৰিলে। লাইব্রেৰীত সোমায়েই মার্ক্স অর্থনীতি সম্পর্কীয় অধ্যয়নত নিমগ্ন হৈ পৰিল। এইক্ষেত্রত ‘দ্য ইক’ন’মিষ্ট’ আলোচনীখনে তেওঁৰ বিশেষ দৃষ্টি আকর্ষণ কৰিলে। কিছু পঢ়া শুনা কৰাৰ পাছত মার্ক্স এই সিদ্ধান্তত উপনীত হল যে সোনকালে বিপ্লৱী জোৱাৰ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। Revueৰ অন্তিমটো সংখ্যাত প্রকাশিত এটি প্রবন্ধত তেওঁ লিখিলে যে ১৮৪৮ৰ বিপ্লৱী জোৱাৰৰ নেপথ্যত ১৮৪৫ মানৰে পৰা সমগ্র ইউৰোপজুৰি ব্যাপি অহা অর্থনৈতিক সংকটে ক্রিয়া কৰিছিল। পিছে ১৮৫০ চনৰ পাছৰে পৰা বিশ্ব অর্থনীতিয়ে সম্প্রসাৰণৰ এক নতুন পর্যায়ত প্রবেশ কৰিছে। এই ক্ষেত্রত বিভিন্ন কাৰক যেনে কেলিফর্ণিয়াত সোণৰ আৱিষ্কাৰ, ভাপ ইঞ্জিনে সুচল তথা দ্রুত কৰি তোলা যাতায়াত ব্যৱস্থা ইত্যাদিয়ে সহায়ক ভূমিকা লৈছেঃ

বর্তমানৰ এই সমৃদ্ধিৰ পৰিস্থিতিত, যেতিয়া নেকি বুর্জোৱা সমাজৰ উৎপাদিকা শক্তিসমূহ বুর্জোৱা সম্বন্ধসমূহৰ অধীনত যিমান দূৰৈলৈকে সম্ভৱ সিমান খিনিলৈকে বিকশিত হব ধৰিছে, এনে সময়ত ততালিকে বিপ্লৱৰ আশা কৰাটো বাতুলতা মাত্র হব। বিপ্লৱ সংঘটিত হবলৈ প্রয়োজন হয় সংকটকালীন সময়ৰ, যেতিয়া আধুনিক উৎপাদিকা শক্তি আৰু বুর্জোৱা উৎপাদন প্রণালীৰ মাজত সংঘর্ষৰ সৃষ্টি হয়।...এক নতুন সংকটেহে এক নতুন বিপ্লৱৰ জন্ম দিব পাৰিব। পিছে এই সংকট তথা বিপ্লৱ এসময়ত যে আহিবই, সেয়া নির্ঘাট সত্য। (Collected Works, Vol. x, পৃষ্ঠা ৫১০)।

মার্ক্সৰ এই আপাত হতাশাপূর্ণ অথচ বস্তুনিষ্ঠ বিশ্লেষণে কমিউনিষ্ট লীগৰ আন আন নেতাসকলক হতাশ তথা ক্রোধান্বিত কৰি তুলিলে। লীগৰ কেন্দ্রীয় কমিটিৰ সদস্যসকলৰ মাজত এই লৈ তীব্র বাক বিতণ্ডাৰ সৃষ্টি হল। অৱশেষত ১৮৫০ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত কেন্দ্রীয় কমিটিৰ এখন হুলস্থুলীয়া তথা তিক্ত মিটিঙৰ পাছত মার্ক্স-এংগেলছে কমিউনিষ্ট লীগৰ পৰা নিজকে আঁতৰাই অনাটোৱেই সমীচীন হব বুলি বিবেচনা কৰিলে। এনেও এই সময় ছোৱালৈকে প্রুছিয়ান পুলিচৰ উৎপাতত লীগ প্রায় শক্তিহীন হৈ পৰিছিল। জার্মানী স্থিত লীগৰ অধিকাংশ সদস্যকেই প্রুচিয়ান পুলিচে ব্যাপক হাৰত অভিযান চলাই গ্রেপ্তাৰ কৰি পেলাইছিল। যেতিয়া এই সদস্যসকলক বিচাৰৰ বাবে ন্যায়ালয়ৰ সম্মুখীন কৰোৱা হল, মার্ক্সে তেওঁলোকৰ সমর্থনত এখনি পুস্তিকা প্রচাৰিত কৰিলে। মার্ক্সৰ স্বভাৱসিদ্ধ বদ অভ্যাসটোৰ ফলত এই পুস্তিকাখনৰো কলেবৰ ক্রমশঃ বৃদ্ধি হৈ এখন পূর্ণাংগ কিতাপৰ আকাৰ ললে। কিতাপখনৰ নাম থোৱা হলঃ Revelations Concerning the Communist Trial in Cologne।

এই সময়ছোৱাৰ পাছৰে পৰা মার্ক্সে প্রত্যক্ষ্য ৰাজনৈতিক কার্যকলাপৰ পৰা নিজকে আঁতৰাই আনিলে। ১৮৫১ চনৰ ফ্রেব্রুৱাৰীত এংগেলছলৈ লিখা এখনি চিঠিত এইদৰে তেওঁৰ মনৰ ভাৱ প্রকাশ পাইছে,

পাব্লিকৰ পৰা আঁতৰত, আমাৰ এই নিঃসঙ্গ পৰিস্থিতি লৈ মই নথৈ আনন্দিত। আমাৰ স্থিতি আৰু নীতি সমূহৰ বাবেও ই অতিশয় ভাল কথা হৈছে। এতিয়াৰে পৰা আমি ৰাজনৈতিক প্রয়োজনত যাৰে তাৰে লগত হলি-গলি কৰি ন্যায়-নীতিৰ স্বার্থত সিহতৰ অর্ধ-সত্য প্রলাপ বোৰ সহ্য কৰি, পার্টিৰ কর্তব্যৰ খাতিৰত সিহতৰ লগত একেলগে মঞ্চত উঠি জনগনৰ ককর্থনাৰ সমূখীন হোৱাৰ বাধ্য-বাধকতাৰ পৰা হাত সাৰিব পাৰিম।

ৰাজনীতিৰ পৰা আঁতৰি আহি মার্ক্সে এইবাৰ গভীৰ অর্থনৈতিক অধ্যয়নত মনোনিবেশ কৰিলে। ১৮৪৫ চনতেই মার্ক্সে অর্থনীতি সম্পর্কে এখন কিতাপ লিখাৰ পৰিকল্পনা কৰিছিল,পিছে ১৮৪৮ চনৰ আশে পাশে প্রত্যক্ষ্য ৰাজনৈতিক কার্যকলাপত ব্যস্ত হৈ পৰাৰ ফলত এই কাম আধৰুৱা হৈয়েই ৰল। সি যি কি নহওঁক, ১৮৫১ চনৰ অধিকাংশ সময় মার্ক্সে ব্রিটিছ মিউজিয়ামৰ লাইব্রেৰীতে কটালে। এই এবছৰৰ ফছল আছিল ১৪ খন টোকাবহী য’ত মার্ক্সে বিভিন্ন গ্রন্থৰ পৰা গুৰুত্বপূর্ণ অংশবিশেষ টুকি ৰাখিছিল। সেই সময়ৰ এজন বন্ধুৱে মার্ক্সৰ মনোদশাৰ চিত্রণ কৰিছে এনেদৰে, ‘মার্ক্সক লগ পালে তেওঁ আপোনাক সাধাৰণভাৱে সম্ভাষণ জনোৱাৰ সলনি কেতবোৰ অর্থনীতি সম্পর্কীয় তত্ত্বকথাৰেহে বার্তা আৰম্ভ কৰে!’ ১৮৫১ চনৰ এপ্রিল মাহত এংগেলছে মার্ক্সৰ পৰা এখন চিঠি লাভ কৰিলে যত কোৱা হল, ‘মই বৰ খৰ গতিৰে আগবাঢ়িছো। মই ভাবো আৰু পাঁচ সপ্তাহ মানৰ ভিতৰতে মই এই সমস্ত অর্থনীতি সম্পর্কীয় পঢ়া শুনা শেষ কৰি পেলাম। ইয়াৰ পাছত মই ঘৰৰ পৰাই লিখা মেলা কৰিম আৰু এটা নতুন বিষয় লৈ মিউজিয়ামত পঢ়া শুনা আৰম্ভ কৰিম। এই অর্থনীতিসোপা পঢ়ি পঢ়ি মোৰ আমনি লাগি গৈছেগৈ।’

এই চিঠিখন লিখাৰ বত্রিশ বছৰ পাছত মার্ক্সৰ যেতিয়া মৃত্যু হয়, তেতিয়াও তেওঁৰ ‘অর্থনীতিসোপা’ৰ অধ্যয়ন অসম্পূর্ণ হৈয়েই ৰল। তেওঁৰ তিনিটা খণ্ডৰ বৃহৎ গ্রন্থ ‘ডাছ কেপিটেল’ৰো মাত্র এটা খণ্ডহে তেওঁৰ জীৱিত কালত প্রকাশিত হল। মার্ক্সৰ এই শামূকীয়া গতিৰ কাৰণ বুজিবলৈ হলে তেওঁৰ কেতবোৰ চাৰিত্রিক বৈশিষ্টৰ প্রতি চকু দিব লাগিব। আন আন বৃহৎ প্রতিভাসম্পন্ন লোকৰ দৰেই মার্ক্সো আছিল ‘পার্ফেকচনিষ্ট’; একেটা লেখনীকে তেওঁ বাৰে বাৰে লিখিছিল; কেইবাবাৰো সম্পাদনা আৰু পৰিবর্ধন কৰাৰ পাছতো তেওঁ সন্তুষ্ট হোৱা নাছিল। এবাৰ লিখিবলৈ বহিও তেওঁ পুণৰ নতুন তথ্য বিচাৰি আৰু অধিক কিতাপ পত্র পঢ়িবলৈ লৈছিল। এয়া যেন এক অন্তহীন প্রক্রিয়া আছিল। তদুপৰি সমসাময়িক ঘটনা ৰাজী সম্পর্কেও তেওঁ মাজে সময়ে লিখিব লগা হৈছিল আৰু ইয়ে তেওঁৰ ‘অর্থনৈতিক অধ্যয়ন’ত ব্যাঘাট জন্মাইছিল। ১৮৫২চনত মার্ক্সৰ এখন নতুন গ্রন্থ The Eighteenth Brumaire of Louis Bonaparte প্রকাশিত হল। মার্ক্সৰ শ্রেষ্ঠ গ্রন্থসমূহৰ ভিতৰত এইখনো আছিল অন্যতম। দ্বিতীয় ফৰাচী গণৰাজ্যৰ স্খলন হৈ কেনেদৰে নেপোলিয়ন তৃতীয়ৰ দ্বিতীয় সাম্রাজ্য সম্ভৱপৰ হল –এই সম্পর্কে Eighteenth Brumaireৰ বিশ্লেষণ আছিল অভূতপূর্ব। গ্রন্থখনিৰ প্রথম বাক্যটোৰ সৈতে অপৰিচিত লোক আজি হয়তো খুউব কমেই আছে: ‘Hegel remarks somewhere that all great world-historic facts and personages appear, so to speak, twice. He forgot to add: the first time as tragedy, the second time as farce’.

বৌদ্ধিকভাৱে এই সময়ছোৱা মার্ক্সৰ বাবে অতিশয় সাৰুৱা হলেও ব্যক্তিগতভাৱে এইখিনি সময় তেওঁৰ পৰিয়ালটোৰ বাবে আছিল অতিশয় দুর্যোগেৰে ভৰা । কোনো স্থায়ী কর্মসংস্থান নথকাৰ ফলত পৰিয়ালটো আর্থিকভাৱে জুৰুলা হৈ পৰিছিল। ১৮৫০ চনৰ পৰা ১৮৫৬ চনলৈ – এই ছবছৰৰ ভিতৰতে মার্ক্সৰ তিনিটাকৈ সন্তানে মূলতঃ দাৰিদ্রতাৰ বাবেই প্রাণ হেৰুৱাব লগা হল। ১৮৫২ চনৰ আশে পাশে ইমানেই পইছাৰ অনাটনে দেখা দিলে যে মার্ক্সৰ দ্বিতীয়জনী ছোৱালী ফ্রাঞ্চেস্কাৰ মৃত্যৰ পাছত তাইক কবৰ দিয়া কফিনটো কিনিবলৈও জেনীয়ে আনৰ ওচৰত হাত পাতিব লগা হল। প্রায় প্রতিদিনেই টকা পইছা সংক্রান্তত ঘৰৰ মালিক, গাখীৰৱালা, দোকানী আদিৰ পৰা মার্ক্স দম্পতীয়ে কথা শুনিব লগা অৱস্থা। প্রাত্যহিক সংগ্রামৰ মাজত মার্ক্সৰ মৰমৰ জেনী জনী কৰবাত যেন হেৰাই থাকিল। মার্ক্সৰো অৱস্থা তথৈবচ। ডিচেম্বৰৰ আশে পাশে এখন সাংবাদিকে লগ পাবলৈ বিচাৰোতে মার্ক্সে কৈ পঠিয়ালেঃ তেওঁ এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে কিয়নো তেওঁৰ কোট চোলা আৰু জোতাযোৰ বন্ধকীত দি থোৱা হৈছে। ১৮৫৫ চনৰ এপ্রিলত আন এটা দুর্যোগে দেখা দিলেঃ মার্ক্সৰ আটাইতকৈ সৰু আৰু মৰমৰ সন্তান এডগাৰৰ যক্ষ্মা ৰোগত মৃত্যু হ’ল। শোকবিহবল মার্ক্সে এজন বন্ধুলৈ কিছুমাহৰ পাছত এনেদৰে লিখিলে,

বেকনে কৰবাত লিখিছে – মহান মহান লোকসকলে হেনো হেৰুওৱাৰ বেদনা বৰকৈ অনুভৱ নকৰে; কিয়নো এই বিশ্বব্রহ্মাণ্ড আৰু প্রকৃতিৰ সৈতে অজস্র সম্পর্কই তেওঁলোকক সদাব্যস্ত কৰি ৰাখে। কিন্তু মই? মইতো কোনো মহান লোক নহয়। মোৰ লৰাটোৰ মৃত্যুৱে যে মোক ভিতৰলৈকে মাৰি নিছে। এতিয়াও এনে লাগে, এয়া যেন আজিৰ হে ঘটনা। মোৰ দুর্ভগীয়া মানুহ জনীও বেজাৰত একেবাৰে ভাগি পৰিছে।

এই সংকটৰ সময়ছোৱাতে হেলেন ডেম’থ নামৰ মার্ক্স পৰিয়ালৰ পৰিচাৰিকা গৰাকীয়ে এটি সন্তান প্রসৱ কৰিলে। হেলেনক জেনীৰ মাকৰ পৰিয়ালৰ পৰা মার্ক্সৰ ঘৰত পৰিচাৰিকা ৰূপে কাম কৰিবলৈ পঠোৱা হৈছিল। হেলেনৰ সন্তানটিৰ পিতৃ কোন এই লৈ ঘৰত হুলস্থুলীয়া পৰিবেশ এটা সৃষ্টি হল। পাছত গম পোৱা গল –সন্তানটিৰ পিতৃ মার্ক্সৰ বাহিৰে আন কোনো নাছিল। পিছে সেই সময়ত বন্ধুক বচাবলৈ এংগেলছে নিজৰ ওপৰতে কথাটো গাত পাতি ললে। এংগেলছেই সন্তানটিক পিতৃ হিচাপে ‘ফ্রেডৰিক’ নামেৰে নামাকৰণ কৰিলে। সুদীর্ঘ চল্লিশ বছৰৰ পাছত মৃত্যুৰ কিছুদিন আগতেহে এংগেলছে প্রকৃত সত্যটো (মার্ক্সৰ জীয়ৰী) এলেনৰক জানিবলৈ দিলে। এই ঘটনাটোৰ পৰাই গম পোৱা যায়ঃ তথাকথিত বুর্জোৱা ‘সন্মানজনক জীৱন’ৰ প্রতি মার্ক্সৰো অকণমান মোহ আছিল। আচলতে যিমান দূৰৈলৈকে সম্ভৱ বাচি থকা ছোৱালীকেইজনীক এক মধ্যবিত্তীয় জীৱন-স্তৰ প্রদান কৰিবলৈ মার্ক্স–জেনীয়ে পার্যমানে চেষ্টা কৰিছিল। ভদ্র বুর্জোৱা ছোৱালীৰ দৰেই মার্ক্সৰ তিনিওজনী জীয়ৰী- জেনী, লৌৰা আৰু এলেনৰ ডাঙৰ দীঘল হৈছিল। অর্থনৈতিক সমস্যাখিনি বাদ দিলে পৰিচাৰিকা হেলেনৰ সৈতে পৰিয়ালটোক এক বুর্জোৱা পৰিয়াল বুলিয়েই কব পাৰি। এই ক্ষেত্রত আচলতে আচৰিত হবলগীয়া বিশেষ কথা নাই। আন আন মানুহৰ দৰেই মার্ক্সৰো বহুখিনি মানৱীয় দুর্বলতা আছিল। মূল কথাটো হৈছে - বিশেষ সমাজ এখনত জন্ম লোৱা ব্যক্তি এজনে সেই সমাজৰ সকলোখিনি হেঁচা, প্রভাৱ আৰু বাধ্য-বাধকতা সম্পূর্ণভাৱে কেতিয়াও দলিয়াই পেলাব নোৱাৰে; তেহেলৈ তেওঁ সেই সমাজৰ প্রচণ্ড বিৰোধীয়েই নহওঁক কিয়। সি যি কি নহওঁক, ১৮৫৬ চনৰ আশে পাশে পৈত্রিক সূত্রে জেনীয়ে কিছু ধন-সম্পত্তি লাভ কৰিলে। ছ’হ’ চহৰৰ পুৰণা জৰাজীর্ণ ঘৰটো এৰি পৰিয়ালটোৱে এইবাৰ প্রিমৰ’জ হিলৰ ওচৰত এটা নতুন ঘৰ ললে। পিছে এবছৰৰ ভিতৰতে পৰিস্থিতি পুণৰ আগৰ দৰেই হৈ পৰিল। ১৮৫৭ চনৰ জানুৱাৰীত মার্ক্সে লিখিলে, ‘এতিয়া মই কি কৰিম, একোকে ভাবি পোৱা নাই। ভাবিছিলো পাঁচ বছৰ পূর্বৰ সেই বিভীষিকাময় দিনবোৰ দূনাই ঘুৰি নাহিব। কিন্তু এতিয়া যে পৰিস্থিতি তাতোকৈ বেয়ালৈহে ধাল খাইছে।’

এবছৰমান পাছত এংগেলছক উদ্দেশ্যি চিঠি এখনত মার্ক্সে লিখিলে – ‘সাধাৰণ আকাংক্ষাৰ মানুহে বিয়া-বাৰু পাতি ঘৰুৱা সমস্যাত ব্যতিব্যস্ত হৈ পৰাৰ নিচিনা মূর্খামিৰ কাম সংসাৰত আৰু নাই’। ১৮৬২ চনলৈ পৰিস্থিতি ইমানেই বেয়ালৈ ধাল খালে যে উপায়বিহীন হৈ মার্ক্সে ৰেলৱে কেৰাণীৰ চাকৰি এটাৰ বাবে আবেদন কৰিলে। পিছে হাতৰ আখৰ অত্যন্ত বেয়া হোৱাৰ বাবে মার্ক্সক চাকৰিটো দিয়া নহল! কিছু সময়ৰ পাছৰ আন এখন চিঠিত মার্ক্সে লিখিলে,

মোৰ মানুহজনীয়ে প্রতিদিনে কয়, তেওঁ এতিয়া মৰিবলৈহে বাঞ্চা কৰে। মই নিৰুত্তৰ হৈ থাকোঁ। সঁচাকৈ কবলৈ গলে – তেওঁক বুজাবলৈ মোৰ ভাষা নাই। এনে পৰিস্থিতিত নিতৌ কিমান অপমান, যন্ত্রণা আৰু শঙ্কাৰ মাজেৰে দিন কটাব লগা হয় সেয়া যে ভাষাৰে বুজাব নোৱাৰি। ...ল’ৰা ছোৱালীকেইটাৰ মুখলৈ মই চাব নোৱাৰোঁ। এই উৎসৱৰ সময়ছোৱাত সিহঁতৰ বয়সৰ সকলোৱেই ৰং ৰহইছ কৰি ফুৰিছে আৰু সিহঁতে? সিহতঁৰ ভয় জানোচা কোনোবাই সিহঁতক লগ কৰিবলৈ আহে আৰু এই পূতিগন্ধময় পৰিবেশত সিহঁতক আৱিষ্কাৰ কৰে।

এনে নৰক সদৃশ পৰিবেশতো যে মার্ক্স দম্পত্তীয়ে সংসাৰৰ ঘানি টানি নিবলৈ সাহস পাইছিল - তাৰ একমাত্র কাৰণ আছিল – মার্ক্সৰ পৰম-মিত্র ফ্রেডৰিক এংগেলছ আৰু তেওঁৰ জীৱন জোৰা সহায়-সাহার্য। এংগেলছৰ সহায় অবিহনে হয়তো মার্ক্সৰ ঘৰখন কাহানিবাই নিঃশেষ হৈ গল হয়। কেৱল মার্ক্সক ধনৰ যোগান ধৰিবলৈকে ১৮৫০ চনত এংগেলছে পুণৰ ব্যৱসায়ৰ জগতখনত প্রবেশ কৰে। মার্ক্সলৈ লিখা এখন চিঠিৰ মাজেৰে গম পোৱা যায় - অতিশয় বাধ্যত পৰিহে এংগেলছ এই পেছালৈ ঘূৰি আহিছিল। ‘এই টকা ঘটা কাৰবাৰটো অতিশয় অপ্রীতিকৰ...তাতোকৈ অপ্রীতিকৰ এজন কাৰখানা-মালিক হোৱাটো, যাৰ অস্তিত্ব সদায়েই শ্রমিক স্বার্থৰ পৰিপন্থী।’ (দ্রষ্টব্য: মার্ক্সলৈ এংগেলছৰ পত্র, জানুৱাৰী ১৮৪৫)।

এংগেলছৰ জীৱনীকাৰ গুষ্টাভ মায়েৰে লিখিছেঃ

"এংগেলছৰ দৰে সুন্দৰ লেখক এজনৰ বাবে নিজ-ভবিষ্যত সম্পর্কে চিন্তিত হোৱাৰ কোনো কাৰণ নাছিল। কিন্তু তথাপিও যে তেওঁ ‘ব্যৱসায়ৰ লেতেৰা পথ’ত নামিবলৈ বাধ্য হৈছিল – তাৰ একমাত্র কাৰণ আছিল মার্ক্স। এংগেলছে সদায়েই অনুভৱ কৰিছিল – মার্ক্সৰ দৰে বিশাল প্রতিভা এটিক অকালতে মৰহি যাবলৈ এৰি দিব নোৱাৰি। মানৱ ভবিষ্যতৰ কল্যাণৰ বাবেই তেওঁৰ প্রতিভাটিক প্রজ্বোল্লিত কৰি ৰখাটো অতিশয় প্রয়োজনীয়। পৰিয়ালটোক পোহপাল দিবলৈ মার্ক্স প্রায়েই অক্ষম আছিল; হয়তো দেশান্তৰী জীৱনৰ প্রতিকূলতাসমূহৰ মাজত অচিৰেই তেওঁ হেৰাই গল হয়। কিন্তু সেয়া হবলৈ নিদিওঁ বুলি এংগেলছে প্রতিজ্ঞা কৰিছিল। মার্ক্সৰ বাবেই তেওঁ পুণৰ ব্যৱসায়ৰ পৃথিবীখনলৈ ঘূৰি আহিছিল।"

এংগেলছৰ এই জীৱনজোৰা ত্যাগৰ কথা মার্ক্সে সদায়েই কৃতজ্ঞতাৰে সোৱঁৰিছিল। ডাছ কেপিটেল গ্রন্থখনিৰ প্রথম খণ্ডটো ছপাশাললৈ পঠোৱাৰ পাছত এংগেলছলৈ তেওঁ এনেদৰে লিখিছে,

"তোমাৰ অবিহনে যে মই কেতিয়াও কিতাপখন সম্পূর্ণ কৰিব নোৱাৰিলোহেঁতেন। মই প্রায়েই ভাবো – মোৰ বৈষয়িক প্রয়োজনৰ বাবেই যে তুমি নিজৰ সমস্ত প্রতিভা ব্যৱসায়ৰ চিন্তাত অবাবতে ব্যর্থ কৰিব লগা হৈছে। এই কথাটোৱে যে মোৰ বুকুত শেল হৈ বিন্ধে।"

এংগেলছে কেৱল টকা পইছাৰ দিশৰ পৰাই মার্ক্সৰ সহায় কৰা নাছিল; বৰঞ্চ মার্ক্সৰ সমস্ত বৌদ্ধিক জীৱনৰেই তেওঁ আছিল আটাইতকৈ বিশ্বস্ত সহচৰ। এংগেলছে অত্যন্ত বিনয়েৰে নিজকে মার্ক্সৰ জুনিয়ৰ পার্টনাৰ হিচাপে গণ্য কৰিছিল। চিনিয়ৰৰ আসনখন তেওঁ সদায়েই মার্ক্সৰ বাবে এৰি দিছিল। পিছে জুনিয়ৰ হৈও এংগেলছে পার্টনাৰশ্বিপটোলৈ কেতবোৰ অনবদ্য অৱদান আগবঢ়াইছিল। মার্ক্সৰ বিপৰীতে, অতি কম সময়ৰ ভিতৰতেই তেওঁ এজন বিপ্লৱী কমিউনিষ্টলৈ পৰিণত হৈছিল। (‘তুমিতো জানাই; মই বৰ লেহেমকৈহে কথাবোৰ বুজিব পাৰোঁ। এইক্ষেত্রত মই সদায়েই তোমাৰ অনুসৰণ কৰি আহিছোঁ’ – এংগেলছলৈ মার্ক্সৰ পত্র; ৪ জুলাই, ১৮৬৪ চন)। তদুপৰি, মার্ক্সৰ লেহেম গতিৰ বিপৰীতে, এংগেলছে দ্রুত তথা সাৱলীলভাৱে লিখা মেলা কৰিব পাৰিছিল। বহুকেইটা ইউৰোপীয় ভাষাত এংগেলছ সিদ্ধহস্ত আছিল; প্রাকৃতিক বিজ্ঞানতো তেওঁ সমানেই ৰাপ দেখুৱাইছিল। ঐতিহাসিক ব্যাখ্যাৰ ক্ষেত্রতো, মার্ক্সতকৈ এংগেলছৰ দখল বেছি উচ্চ পর্যায়ৰ আছিল। অধিক গুৰুত্বপূর্ণভাৱে – মার্ক্স আছিল মূলতঃ এজন তত্ববিদ; কিন্তু এংগেলছ অনুশীলনৰ জগতখনতো সমানেই সিদ্ধহস্ত আছিল ।(মার্ক্সৰ পৰিয়ালটোত এংগেলছৰ উপনাম আছিল ‘জেনেৰেল চাহাব!’ মিলিটেৰী বিষয়ত এংগেলছৰ গভীৰ জ্ঞানৰ বাবেই এই নাম থোৱা হৈছিল)। এজন বিচক্ষণ সংগঠন কর্তা হিচাপেও এংগেলছৰ যথেষ্ঠ সুনাম আছিল। এই সমস্ত গুণসমূহৰ সৈতে এংগেলছে মার্ক্সক পৰিপূর্ণ কৰি তুলিছিল।

পিছে এংগেলছৰ বন্ধুত্ব আৰু সাহার্যয়ো মার্ক্সৰ পৰিয়ালটোক সম্পূর্ণভাৱে আর্থিক দুর্গতিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ১৮৫০ আৰু ১৮৬০ৰ দশককেইটা মার্ক্স দম্পতীৰ বাবে অভিশাপস্বৰূপ আছিল। এইক্ষেত্রত আটাইতকৈ কষ্ট ভোগ কৰিব লগা হৈছিল – জেনী মার্ক্সে। পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি লৈ ধুনীয়া মানুহজনী বেমাৰী হৈ পৰিছিল। মানসিক ভাৱেও তেওঁ যেন ভাগি পৰিছিল। ১৮৫১ৰ আশে পাশে এংগেলছলৈ এখন পত্রত মার্ক্সে লিখিলে,

"ঘৰখনত সকলো সময়তে যেন অশান্তিকৰ পৰিবেশ এটাই বিৰাজ কৰি থাকে। গোটেই ৰাতি কন্দাকটা চিঞৰ বাখৰ...সিবিলাকে মোক কেতিয়াবা সম্পূর্ণভাৱে অস্থিৰ কৰি তোলে...ঘৰৰ মানুহজনীলৈ মোৰ বৰ পুতৌ জন্মে। ঘৰখনৰ সমস্ত বোজা তেঁৱেইতো বহন কৰিব লগা হৈছে...তুমিতো জানাই মই মানুহটো স্বভাৱতে অলপ কঠুৱা...সেয়ে মাজে সময়ে মই ধৈর্য হেৰুৱাই পেলাওঁ।"

এই জাতীয় চিঠিসমূহৰ পৰা গম পোৱা যায় – অন্তহীন ঘৰুৱা সংকটসমূহৰ পৰা ৰক্ষা পাবলৈ মার্ক্সে প্রায়েই সকলোৰে পৰা নিলগত নির্বিকাৰ থাকিবলৈ চেষ্টা কৰিছিল। হিম-শীতল কাঠিন্যতাৰ মুখা এখন পিন্ধি তেওঁ যেন দৈনন্দিন সমস্যাসমূহৰ পৰা সাময়িক ভাৱে নিষ্কৃতি বিচাৰিছিল। কিন্তু আনক নেদেখুৱালেও ভিতৰি ভিতৰি দুঃচিন্তা আৰু অস্বাস্থ্যকৰ ৰুটিনৰ ফলত মার্ক্স ৰুগীয়া হৈ পৰিছিল। অনিদ্রা, যকৃত আৰু পিত্তকোষৰ বিষ, সমগ্র শৰীৰ ব্যাপী খহু...এশ এবুৰি ৰোগৰ লগতে ঘৰুৱা দুঃচিন্তাই বাৰে বাৰে মার্ক্সৰ পঢ়া-শুনাত ব্যাঘাট জন্মাইছিল।

১৮৫৮ চনৰ জুলাই মাহ। মার্ক্স ‘ডাছ কেপিটেল’ৰ প্রথমটো খণ্ড লিখাত ব্যস্ত। এনে সময়তে এংগেলছে বন্ধুৰ পৰা চিঠি এখন পালে। মার্ক্সে লিখিলে, ‘পৰিস্থিতি এতিয়া সম্পূর্ণভাৱে অসহ্যকৰ হৈ পৰিছে...মই একেবাৰে কাম কৰিব পৰা নাই। পইছাৰ বাবে ইফালে সিফালে দৌৰা-দৌৰি কৰি থাকোতেই মোৰ সময়বোৰ পাৰ হয়। মোৰ গাটোও একেবাৰে ভাল নহয়; পঢ়া শুনা কৰিব বিচাৰিলেও ইটো সিটো ঘৰুৱা সমস্যাৰ দুঃচিন্তাই মোক দেখোন এৰিবই নোখোজে। ইফালে এই পুতিগন্ধময় পৰিবেশত মোৰ মানুহজনীও বলীয়া যেন হৈ পৰিছে।’

এইখিনিতে ৱার্নাৰ ব্লুমেনবার্গৰ এষাৰ মন্তব্য প্রণিধানযোগ্য:

"মার্ক্সে জীৱনৰ প্রায় তিনিটা দশক নিপাত কৰিও কিয় ডাছ কেপিটেলখন সম্পূর্ণ কৰিব নোৱাৰিলে – এই লৈ আজিও আলোচনা অব্যাহত আছে। মূলতঃ বিভিন্ন তাত্তিক সমস্যাৰ ওৰ পেলাব নোৱাৰাৰ বাবেই এই কার্য অসম্পূর্ণ হৈ ৰল বুলি বহুতেই মন্তব্য কৰিছে। পিছে এইক্ষেত্রত কেনেধৰণত পৰিস্থিতিত মার্ক্সে কাম কৰিবলগীয়া হৈছিল – সেইপিনেও মন দিয়া দৰকাৰ। অতিশয় প্রতিকুল পৰিস্থিতিৰ পাছতো যে তেওঁ ইমানখিনি লিখি থৈ যাব পাৰিলে, সেয়া সচাকৈয়ে বিস্ময়কৰ বুলিয়েই কব লাগিব।"

এনে প্রতিকুল পৰিস্থিতিত স্বাভাৱিকতেই মার্ক্সৰ স্বভাৱটো খিংখিঙীয়া হৈ পৰিছিল। সকলো মানুহক অনবৰতে সন্দেহ কৰা, অনাৱশ্যকভাৱে কঠোৰ সমালোচনা কৰা ইত্যাদি বদগুণো ক্রমান্বয়ে লগতে যুক্ত হৈ পৰিছিল। জার্মান সমাজবাদী নেতা ফার্দিনাণ্ড লাছাল সম্পর্কে এংগেলছলৈ মার্ক্সে লিখা চিঠিসমূহ পৰীক্ষা কৰিলে দেখা যায় যে ৰাজনৈতিক মতভেদৰ ওপৰিও লাছালৰ এলিট জীৱন শৈলীৰ বাবেও মার্ক্সে তেওঁক ঘৃণা কৰিছিল। লাছাল আছিল এজন অত্যন্ত সম্পদশালী ব্যক্তি; মার্ক্সতকৈ বহু বেছি জনপ্রিয় তথা পার্টি কৰি ভাল পোৱা ব্যক্তি। ১৮৬২ চনত মার্ক্স দম্পত্তীৰ ঘৰলৈ আহোঁতে লাছালে এদিনতে মাত্র চিগাৰৰ বাবেই এটা সম্পূর্ণ পাউণ্ড খৰচ কৰি পেলাইছিল। ইফালে আলহীক সন্তুষ্ট কৰিবলৈ জেনীয়ে ঘৰৰ প্রায় সমস্ত বস্তু বন্ধকত থব লগা হৈছিল।

মার্ক্সৰ এই স্বভাৱটোৰ বাবেই এবাৰ এংগেলছৰ সৈতেও ভুল বুজাবুজিৰ উপক্রম ঘটিল। ১৮৬৩ চনত জীৱন সংগী মেৰী বার্নছৰ আকস্মিক মৃত্যুৰ পাছত এংগেলছ অকলশৰীয়া হৈ পৰে। মনৰ বেদনা প্রকাশ কৰি এংগেলছে মার্ক্সলৈ এখনি চিঠি লিখিলে। পিছে উত্তৰত বন্ধুক সহানুভূতি জনোৱাৰ পৰিবর্তে, দুই এটা আনুষ্ঠানিক শোকপ্রকাশ সূচক বাক্য লিখিয়েই মার্ক্সে পুণৰ নিজৰ জীৱন সমস্যাৰ এখন দীঘল বকলা মেলিলে। সমগ্র পৰিয়ালটোৱে একেমুখে মার্ক্সক ককর্থনা কৰি এংগেলছৰ ওচৰত কৰযোৰে ক্ষমা প্রার্থনা কৰাৰ পাছতহে কোনোমতে বন্ধুক হেৰুওৱাৰ পৰা মহাশয় ৰক্ষা পৰিল।

মার্ক্সৰ সেইসময়ৰ কিছুমান লেখনীতো তেওঁৰ এই জাতীয় বিপর্যয়সমূহৰ প্রকাশ ঘটিছিল। ১৮৫০ৰ দশকটোত এংগেলছে মার্ক্সৰ ঘৰখনক নিয়মীয়াকৈ ধনৰ যোগান দিব পৰা নাছিল। উপায়ন্তৰ হৈ ধন ঘটিবৰ বাবে মার্ক্সে নিউয়র্ক ডেইলী ট্রিবিউন কাকতখনত নিয়মীয়াকৈ লিখিবলৈ ললে। এই লেখনীসমূহৰ বিশ্লেষণ সদায়েই সঠিক আছিল বুলি আজি কব পৰা নাযায়। উদাহৰণ স্বৰুপে, ১৮৫৪ চনত ৰাছিয়া আৰু ব্রিটেইন-ফ্রাঞ্চৰ মাজত ক্রিমিয়াৰ যুদ্ধ আৰম্ভ হয়। মার্ক্স আছিল ভীষণ-ভাৱে ৰুছ বিদ্বেষী; ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰাৰ ক্ষেত্রত ৰাছিয়াৰ ভূমিকাৰ কথা মার্ক্সৰ মনত তেতিয়াও সজীৱ হৈ আছিল। ফলত মার্ক্সে ৰক্ষণশীল ব্রিটিছ ৰাজনেতা ডেভিদ আর্কেটৰ আদিৰ সৈতে মিলি ৰাছিয়াৰ বিৰুদ্ধে এক অদ্ভুত জোট গঠন কৰিলেঃ ক্রিমিয়া যুদ্ধ সম্পর্কীয় মার্ক্সৰ কেইবাটাও প্রবন্ধ উর্কহার্টৰ লণ্ডন ফ্রী প্রেছ কাকত খনত প্রকাশিত হল! ঠিক একেদৰেই, ১৮৫০ৰ দশকৰ শেহৰ ফালে কার্ল ভখট নামৰ ফৰাচী চৰকাৰৰ এজেণ্ট এজনে মার্ক্সক সমালোচনা কৰি এখনি পুস্তিকা প্রচাৰ কৰি ফুৰিছিল। মার্ক্সৰ দৰে লোক এজনৰ বাবে সেইখনৰ উত্তৰ দিয়াৰ বিশেষ কোনো প্রয়োজন নাছিল। পিছে চিকাক মাৰি হাত গোন্ধোৱাৰ লোভ মার্ক্সে সামৰিব নোৱাৰিলে। এবছৰ মান পৰিশ্রম কৰি মার্ক্সে লিখি উলিয়ালে ৩০০ পৃষ্ঠা জোৰা এখন নাতিদীর্ঘ কিতাপ; সেইখনিৰ নাম দিয়া হল Herr Vogt। কেতবোৰ বিচক্ষণ গালি শপনিৰ বাহিৰে কিতাপখনৰ আন কোনো বিশেষ বৈশিষ্ট্য নাছিল!

অৱশ্যে এই আটাইছোৱা সময় কেৱল দুখ দুর্গতিৰেই পাৰ হৈছিল বুলি কলে অতিশয়োক্তি কৰা হব। মাজে সময়ে মার্ক্স-পৰিয়ালটোৱে দেওবাৰৰ দিনটোত একেলগে বনভোজ খাবলৈ গৈছিল। হেম্পষ্টিড হেথ পার্কৰ প্রশান্তিময় পৰিবেশত পৰিয়ালটোৱে একেলগে বহি দান্তে অথবা শ্যেক্সপীয়েৰৰ কবিতা আবৃত্তি কৰি সুন্দৰ সময় কটাইছিল। মদ্যপান কৰি মার্ক্সে ভাল পাইছিল। তেওঁৰ প্রথম পচণ্ড আছিল ৱাইন; অৱশ্যে বীয়েৰ পান কৰিও তেওঁ সমানেই সন্তুষ্টি লভিছিল। মাজতে পুৰণা বন্ধু এডগাৰ বয়াৰ আৰু ৱিলহেম লিয়েবনিখটে তেওঁক লগ কৰিবলৈ আহিল। বন্ধু সকলক বহুদিনৰ পাছত লগ পাই মার্ক্সে অতিশয় আনন্দ লভিলে। তেওঁলোক যেন পুণৰ কলেজীয়া সময়ছোৱালৈ ঘূৰি গল। সেই নিশা তিনি বন্ধুৱে আকণ্ঠ মদ্যপান কৰিলে। অক্সফর্ড ষ্ট্রীটৰ পৰা হেম্পষ্টিড ৰ’ডলৈকে এই সমগ্র অঞ্চলটোত যিমান পাব আছিল, সকলোতে মদৰ সোৱাদ লবলৈ মহাশয় সকলে উথপথপ লগালে। অতিশয় নিচাসক্ত হৈ ঘূৰি আহোঁতে বাটত আন এটা মদাহী গোটৰ সৈতে তেওঁলোকৰ কাজিয়া লগাৰো উপক্রম হল! কিছু সময়ৰ পাছত দেখা গল – তিনি বন্ধুৱে এইবাৰ ষ্ট্রীট লাইটসমূহলৈ শিলগুটি দলিওৱাত লাগিছে! ক্ষন্তেকৰ পাছতে পুলিচ আহিল; পুলিছৰ খেদাত তিনি বন্ধুৱে পলাই পত্রং দিলে! প্রবাদ আছে যে - সেইদিনা সকলোকে আচৰিত কৰি মার্ক্সে দৌৰাত বিশেষ পাৰদর্শিতা প্রদর্শন কৰিলে!

মার্ক্স দম্পতীৰ আতিথ্য লাভ কৰা এজন প্রুচিয়ান চোৰাংচোৱাই ১৮৫০ৰ দশকৰ মার্ক্সৰ ঘৰখনৰ বর্ণনা এনেদৰে দিছে,

"স্বভাৱসূত্রেই মার্ক্স এজন বনৰীয়া তথা অশান্ত মনৰ মানুহ। কিন্তু এজন পিতৃ তথা স্বামী হিচাপে, তেওঁৰ দৰে মৰমীয়াল তথা নির্জু ব্যক্তি হয়তো খুউব কমেই আছে।...মার্ক্সৰ ঘৰখনত প্রবেশ কৰোতেই ডাঠ ধোৱাঁৰ প্রলেপ এটাৰ সৈতে আপুনি মুখামুখি হব। আপোনাৰ চকু-কাণ-নাক সকলোতে ধোৱা সোমাই আপোনাক ক্ষন্তেকৰ বাবে কাঢ়িল কৰি পেলাব। অৱশ্যে কিছু সময় অপেক্ষা কৰাৰ পাছত লাহে লাহে আপুনি ঘৰৰ ভিতৰখন নিৰীক্ষণ কৰিবলৈ সক্ষম হব। আপুনি দেখিব - এটা ভীষণ লেতেৰা কোঠাত আপুনি প্রবেশ কৰিছে। সকলোতে মাথো ধূলি আৰু ধূলি; বহিবলৈ এটুকুৰা ঠাই বিচাৰি আপুনি হায়ৰান হব। এফালে দেখিব – এখন ভগা চকী পৰি আছে; পিছে সেইখনত আপুনি বহিব নোৱাৰে। ইফালে কোঠাটোৰ একমাত্র ভাল চকীখনত লৰা ছোৱালীকেইটাই ভাত ৰন্ধা খেল খেলাত ব্যস্ত। আলহী আহিলে এইখন চকীকে সদায় আগবঢ়াই দিয়া হয়; পিছে আপুনি সেইখনতো বহিব নোৱাৰে কিয়নো চকী খনত এতিয়াও ৰন্ধা-বঢ়াৰ উচ্ছিষ্ট লাগি আছে। তথাপিও যদি আপুনি বহিব বিচাৰে, আপোনাৰ কাপোৰ কানি লেতেৰা হোৱাটো নিশ্চিত। পিছে এনে সৰু সুৰা কথাবোৰে মার্ক্স তথা তেওঁৰ পত্নীক তলাব নোৱাৰে। অতিশয় অমায়িক ভাৱেই তেওঁলোকে আপোনাৰ শুশ্রুষা কৰিব; আপোনাক পাইপ ইত্যাদি যঁচা হব। লাহে লাহে কথা বতৰা পাতি আপুনি অনুভৱ কৰিব – অস্বস্তিৰ ভাৱটো যেন বহুখিনি আতঁৰি গৈছে। আপুনি হয়তো অলপ অচৰপ আৰামো অনুভৱ কৰিব। শেহত আপোনাৰ অনুভৱ হব- সমস্ত ক্রুটি-নাটি স্বত্তেও মার্ক্সৰ ঘৰখন যথেষ্ঠ আকর্ষণীয়; তেওঁলোকৰ কথা বার্তাসমূহ মৌলিক তথা কৌতুহলদ্বীপক।"

ডাছ কেপিটেল আৰু প্রথম ইন্টাৰনেছনেল[সম্পাদনা কৰক]

মার্ক্সে পূর্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অর্থনীতিয়ে সংকটৰ এটা নতুন পর্যায়ত প্রবেশ কৰিলে। সমগ্র ইউৰোপৰ ষ্টক এক্সচেঞ্জসমূহত হাহাকাৰ লাগি গল। এংগেলছে মার্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক ফূর্তি দেখি [ষ্টক এক্সচেঞ্জৰ] বেটাহঁতে বৰ ভয় খাইছে!’ সংকটৰ আগমনে মার্ক্স-এংগেলছৰ মনত পুণৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনর্গমন ঘটিব। এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলো, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অর্থত ই আহিছিলেও। পিছে এইবাৰ ই সর্বগ্রাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়নসমূহ অৱশেষত বাস্তৱক্ষেত্রত প্রয়োগ কৰাৰ সুযোগ পোৱা যাব।’ (মার্ক্সলৈ এংগেলছৰ পত্রঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)।

পিছে জেনেৰেল চাহাবৰ সপোন ফলৱতী নহল। অর্থনৈতিক সংকট স্বত্তেও ৰাজনৈতিক সংকটৰ কোনো উমঘাম দেখা পোৱা নগল। তথাপিও সংকটৰ আৱির্ভাৱে অর্থনৈতিক অধ্যয়নৰ প্রতি মার্ক্সক পুণৰ উৎসাহিত কৰি তুলিলে। ১৮৫৭ চনৰ ডিচেম্বৰত এংগেলছলৈ মার্ক্সে লিখিলে, ‘দিন ৰাতি একাকাৰ কৰি মই মোৰ অর্থনৈতিক অধ্যয়নৰ এটা সংশ্লেষণ প্রস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ; যাতে সংকট আহি পোৱালৈকে তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব পৰা যায়’। ১৮৫৭ চনৰ আগষ্ট মাহৰ পৰা ১৮৫৮ চনৰ মার্চলৈকে – প্রায় আঠ মাহ সময় অনর্গল ধপাত আৰু নেমুপানী সেৱন কৰি মার্ক্সে ডাছ কেপিটেলৰ এটা মোটা খচৰা লিখি উলিয়ালে। (পাছলৈ এই খচৰা খন Grundrisse নামেৰে জনাজাত হল। ডাছ কেপিটেলখন অসম্পূর্ণ হৈ ৰোৱাৰ বাবে আজিও পণ্ডিত সকলে প্রায়েই Grundrisseৰ মাজতে মার্ক্সৰ সম্ভাৱনীয় বিশ্লেষণৰ সন্ধান কৰে।) পাণ্ডুলিপি খনৰ বাবে লাছালে এজন প্রকাশক যোগাৰ কৰি দিলে। পিছে মার্ক্সে অনুভৱ কৰিলে – ছপা কৰিব পৰাকৈ পাণ্ডুলিপিখন যেন সংহত হোৱা নাই। বিষয় বস্তুৰ উপস্থাপনা ৰীতি যেন অতিশয় বিশৃংখলিত হৈয়েই আছে। ফলতঃ মার্ক্সৰ আন আন গ্রন্থৰ দৰেই এইখনৰো প্রকাশন পাছলৈ গাপ দি থোৱা হল। মাত্র টকা সম্পর্কীয় অধ্যায়টো পুনঃসম্পাদনা কৰি ১৮৫৯ চনত A Contribution to the Critique of Political Economy নামেৰে এখন নাতিদীর্ঘ গ্রন্থৰ ৰূপত প্রকাশ কৰা হল। সৰু হলেও এইখনি গ্রন্থৰ পাতনিতে মার্ক্সৰ বৌদ্ধিক বিকাশ তথা ঐতিহাসিক বস্তুবাদ সম্পর্কে কেতবোৰ গুৰুত্বপূর্ণ সূত্র তথা বিবৰণ পঢ়িবলৈ পোৱা যায়।

ইয়াৰ পাছৰ আঠটা বছৰ মার্ক্সৰ বাবে অতিশয় ব্যস্ততাৰ সময়। ইটোৰ পাছত সিটোকৈ বিভিন্ন সাংসাৰিক দুর্যোগ, ৰাজনৈতিক কাম-কাজ আৰু দৈনন্দিন লেখামেলা – সিবিলাকৰ মাজতে সময় উলিয়াই মার্ক্সে ডাছ কেপিটেলৰ পূৰঠ ৰূপ দিয়া কাম আৰম্ভ কৰিলে। মন কৰিবলগীয়া যে প্রথমতে মার্ক্সে ছটা খণ্ডত তেওঁৰ অর্থনৈতিক অধ্যয়নসমূহ প্রকাশ কৰাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পিত ছটা খণ্ড আছিল: (১) পুঁজি (২) ভূ-সম্পত্তি (৩)মজুৰী-শ্রম (৪) ৰাষ্ট্র (৫) আন্তঃৰাষ্ট্রীয় বাণিজ্য আৰু (৬) বিশ্ব বজাৰ। পিছে লিখি থকাৰ মাজতে তেওঁ পৰিকল্পনা সলনি কৰিলে। ১৮৬১ চনৰ আগষ্টৰ পৰা ১৮৬৩ চনৰ জুলাই মাহলৈকে পৰিশ্রম কৰি মার্ক্সে লিখি উলিয়ালে এহেজাৰতকৈও অধিক পৃষ্ঠা জোৰা এখন প্রকাণ্ড পাণ্ডুলিপি। (তেইছখন টোকাবহীত সন্নিবিষ্ট এই পাণ্ডুলিপিখন মার্ক্সৰ মৃত্যুৰ পাছত The 1861/63 Manuscript নামেৰে প্রকাশিত কৰা হল। মন কৰিবলগীয়া যে পাণ্ডুলিপিখনৰ সম্পূর্ণ ইংৰাজী অনুবাদ আজিও কৰা হোৱা নাই।) Grundrisse লিখাৰ সময়তেই মার্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল; 1861/63 Manuscript লিখি থাকোঁতে মার্ক্সে আৱিষ্কাৰ কৰিলে তেওঁৰ লাভাংশ তত্ত্বৰ। ছটা খণ্ডৰ অর্থনৈতিক অধ্যয়নৰ আঁচনি ত্যাগ কৰি মার্ক্সে এইবাৰ তেওঁৰ সৃষ্টিৰাজীক কেপিটেল বা পুঁজি নামেৰে নামাংকৰিত কৰিবলৈ ঠিক কৰিলে। নতুন আঁচনি মতে ইয়াক চাৰিটা খণ্ডত বিভক্ত কৰাৰ পৰিকল্পনা কৰা কৰা হলঃ উৎপাদন বিষয়ক এটা খণ্ড, প্রবহন (circulation) বিষয়ক এটা খণ্ড, সামগ্রিক ব্যৱস্থা বিষয়ক এটা খণ্ড আৰু উদৃত্ত মূল্য তত্ত্ব বিষয়ক এটা খণ্ড।

১৮৬৩-৬৪ চনৰ আশে পাশে মার্ক্সে মাকৰ ফালৰ পৰা কিছু ধন সম্পত্তি লাভ কৰিলে। পুৰণা বন্ধু ৱিলহেম ওলফৰ পৰাও কিছু ধন-বিত আহিল (ডাছ কেপিটেলৰ প্রথমটো খণ্ড এই ৱিলহেম ওলফৰ নামতেই উৎসর্গা কৰা হল)। অভাৱগ্রস্ত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিলে। গ্রেফটন টেৰেছৰ পুৰণা সৰু ঘৰটো এৰি পৰিয়ালটোৱে মেইটলেণ্ড পার্কৰ ওচৰত এটা মোটামুটি ভাল ঘৰ ললে। পিছে অতি সোনকালেই এইখিনি ধনো শেষ হৈ আহিল আৰু পৰিয়ালটোৱে পুনৰ এংগেলছৰ ওচৰত হাত পাতিব লগা হল। ১৮৬৩ চনৰ পৰাই মার্ক্সৰ স্বাস্থ্যৰো বৰকৈ অৱনতি ঘটিল। শৰীৰৰ যতে ততে এসোপা ভীমকায় বিহফোঁহা, লগতে বিষ আৰু জ্বৰে দার্শনিক গৰাকীক কাঢ়িল কৰি পেলালে। বিষৰ কোপৰ পৰা ৰক্ষা পাবলৈ মাজে-সময়ে আফিম আদিও সেৱন কৰিব লগা হল। ফোঁহাবোৰ পকিলে মার্ক্সে নিজেই সেইবোৰ ফুটাই বিষাক্ত তেজ আৰু পুঁজবোৰ উলিয়াই দিয়ে। এনে নৰক সদৃশ যান্ত্রনাৰ মাজতে ১৮৬৪ চনৰ পৰা ১৮৬৫ চনলৈকে অমানুষিক পৰিশ্রম কৰি মার্ক্সে ডাছ কেপিটেলৰ তিনিটাকৈ খণ্ডৰ পাণ্ডুলিপি প্রস্তুত কৰিলে। (চতুর্থ তথা অন্তিম খণ্ডৰ পাণ্ডুলিপিটো অৱশ্যে মার্ক্সৰ মৃত্যু পর্যন্ত অসম্পূর্ণ হৈয়েই ৰ’ল; মৃত্যুৰ পাছত 1861/63 Manuscriptsৰ প্রাসংগিক অংশখিনি Theories of Surplus Value নামেৰে প্রকাশিত কৰা হল।)

১৮৬৫ চনত হেমবার্গ চহৰৰ এটি প্রকাশন গোষ্ঠী Meissner & Behreৰ সৈতে মার্ক্স এখন চুক্তিপত্রত আৱদ্ধ হল। ১৮৬৬ চনৰ বেছিভাগ সময়েই মার্ক্সে ডাছ কেপিটেলৰ প্রথমটো খণ্ড প্রকাশনৰ বাবে ঘঁহি-পিঁহি তৈয়াৰ কৰাত অতিবাহিত কৰিলে। অৱশেষত এংগেলছৰ পৰা খবৰ আহিল – পাণ্ডুলিপিৰ প্রথম কেইটা নমুনা ছপাখানাৰ বাবে পঠোৱা হৈছে। ১৮৬৭ চনৰ আগষ্টৰ মাজভাগত মার্ক্সে এংগেলছলৈ লিখি পঠালে –পাণ্ডুলিপিৰ প্রুফ চোৱা কাম সমাপ্ত হৈছেঃ

কেৱল তোমাৰ বাবেই এই সমস্ত কামখিনি আজি সম্ভৱ হৈছে। তোমাৰ অসীম ত্যাগ-স্বীকাৰ অবিহনে এই বিৰাট কামফেৰা মই কেতিয়াও সম্পূর্ণ কৰিব নোৱাৰিলোহেতেন। মোৰ আলিংগন স্বীকাৰ কৰিবা, চেনেহৰ বন্ধু; তোমালৈ অশেষ অশেষ ধন্যবাদ। ১৫ পাউণ্ড অতি সানন্দেৰে গ্রহণ কৰা হল। অভিনন্দন; মোৰ বুকুৰ কুটুম আপোন বান্ধৈ!

কেইসপ্তাহমানৰ পাছত অৱশেষত ছপা ৰূপত কিতাপখন ওলাল। প্রথম সংস্কৰণত এহেজাৰ কপি ছপা কৰা হল। পিছে এইখিনি সময়তে পুণৰ ৰাজনৈতিক ব্যস্ততাই মার্ক্সক অর্থনৈতিক-অধ্যয়নৰ ক্ষেত্রখনৰ পৰা আঁতৰাই আনিলে। এই ৰাজনৈতিক ব্যস্ততাৰ কাৰণ আছিল – প্রথম আন্তর্জাতিক বা ইণ্টাৰনেছনেলৰ গঠন।

১৮৫৭-৫৮ৰ সময়ছোৱাত মার্ক্সে আশা কৰাৰ দৰে বিপ্লৱী জোৱাৰৰ পুনৰুত্থান নঘটিল যদিও ১৮৬০ৰ দশকৰ আৰম্ভণিৰ ফাললৈ সমগ্র ইউৰোপতে শ্রমিক আন্দোলনে পুণৰ বলিষ্ঠভাৱে আত্মপ্রকাশ কৰিলে। তীব্র বেগেৰে ব্রিটেইন আৰু ফ্রাঞ্চত ট্রেড ইউনিয়ন আন্দোলন গঢ় লৈ উঠিল। লাছালৰ নেতৃত্বত পোন প্রথমবাৰৰ বাবে জার্মানীত শ্রমিক জনগণৰ বৃহৎ গণ সংগঠন Allgemeiner Deutscher Arbeiterverein(ADAV) বা ‘জার্মান শ্রমিকৰ সাধাৰণ ইউনিয়ন’ৰ গঠন কৰা হল। প্রসাৰ বৃদ্ধিৰ লগে লগেই শ্রমিক আন্দোলনে আন্তর্জাতিক একতা সম্পর্কেও ভবা-চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আমেৰিকান গৃহযুদ্ধৰ প্রসংগত এই ক্রমবর্ধিত আন্তর্জাতিক চেতনাৰ এটি সুন্দৰ নিদর্শন দেখিবলৈ পোৱা গল। যদিও যুদ্ধৰ ফলত ইংলেণ্ডৰ কপাহী বস্ত্র উদ্যোগে অতিশয় লোকচান ভৰিব লগা হৈছিল, তথাপিও লেনকেছাইৰ সমগ্র বস্ত্র শ্রমিকে উত্তৰ আমেৰিকাক নিঃসংকোচে সমর্থন প্রদান কৰিলে। ৰুছ শাসনৰ বিৰুদ্ধে ১৮৬৩ চনৰ প’লিছ (Polish) বিদ্রোহৰ প্রতিও সমগ্র ইউৰোপৰ গণতন্ত্রবাদী তথা সমাজবাদী সকলে উষ্ণ সমর্থন আগবঢ়ালে।

এনে এক পৰিবেশতে The International Working Men’s Association বা চমুকৈ ‘প্রথম ইন্টাৰনেছনেল’ (The First International) গঠন কৰা হল। ১৮৬৩ চনৰ জুলাই মাহত ইংলিছ ট্রেড ইউনিয়নসমূহে প’লিছ বিদ্রোহৰ সমর্থনত কেতবোৰ ঐক্যবদ্ধ প্রতিবাদী সভা আয়োজন কৰিছিল। আন আন শ্রমিক সংগঠনসমূহকো এই সভাসমূহলৈ নিমন্ত্রণ কৰা হৈছিল। এই গইনাতে ১৮৬৪ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে লণ্ডনৰ চেণ্ট মার্টিন প্রেক্ষাগৃহত এখন বিশাল সভা অনুষ্ঠিত কৰা হয়। এই সভাখনিতে ‘প্রথম ইন্টাৰনেছনেল’ গঠনৰ ঘোষণা কৰা হল। ইংলিছ ট্রেড ইউনিয়নসমূহৰ উপৰিও ব্লাংক তথা প্রুধ’ৰ অনুগামী দুটা ফৰাচী শ্রমিকৰ গোট, আইৰিছ তথা প’লিছ জাতীয়তাবাদীসকলৰ একোটাহঁত গোট তথা ইটালিয়ান ৰিপাব্লিকানসকলৰ এটা গোটো সভাখনত উপস্থিত আছিল। সভাৰ অন্তত ৩৪ জন সদস্যৰে সৈতে এখন সাধাৰণ পৰিষদ গঠন কৰা হল। এই পৰিষদৰ একেবাৰে শেহৰজন সদস্যৰ নাম আছিলঃ কার্ল মার্ক্স। পিছে অতি সোনকালেই বিচক্ষণ কলম তথা মগজু শক্তিৰ বলত মার্ক্সেই ইন্টাৰনেছনেলৰ কার্যকৰী নেতা হিচাপে চিহ্নিত হৈ উঠিল। ইন্টাৰনেছনেলৰ অধিকাংশ ঘোষণাপত্র তথা আহ্বান আদি লিখা-মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনৰ সৈতে চিঠি-পত্রৰে যোগাযোগ ৰখা – এই সমস্ত কামসমূহ মার্ক্সে অতিশয় বিচক্ষণতাৰে সমাপন কৰিবলৈ ললে।

পিছে কমিউনিষ্ট লীগৰ বিপৰীতে ইন্টাৰনেছনেলত প্রভুত্ব বিস্তাৰ কৰাটো বৰ সহজ কথা নাছিল। এই সম্পর্কে ৱার্ণাৰ ব্লুমেন বার্গে এনেদৰে লিখিছে,

কমিউনিষ্ট লীগ আছিল এমুঠিমান বিপ্লৱীৰে গঠিত এটা গুপ্ত সংগঠন; মার্ক্সেই তাৰ সর্বেসর্বা আছিল। পিছে লীগৰ বিপৰীতে ‘প্রথম ইন্টাৰনেছনেল’ আছিল বিভিন্ন দেশৰ স্বাধীন চেতীয়া শ্রমিক সংগঠনৰ এখন সংযুক্ত মঞ্চ। সিবিলাকৰ ওপৰত পোনেই কর্তৃত্ব খটুৱাটো প্রায় অসম্ভৱ আছিল। সদস্য সকলে ইজনে সিজনক বুজাই বঢ়াইহে সৈমান কৰোৱাটো নিয়ম আছিল। ইন্টাৰনেছনেলৰ মজিয়াত ফুৰিয়াৰ, কেবেট, প্রুধ’, ব্লাংক, বাকুনিন, মেজিনি, মার্ক্স আদি বিভিন্নজনৰ মতাদর্শ তথা পন্থাৰ পয়োভৰ ঘটিছিল। কার্যপন্থা সম্পর্কেও বিভিন্ন জনৰ মতামত আছিল ভিন ভিন; এফালে ইউটপিয়ান সমাজবাদী সকলে সম্পূর্ণ শান্তিপূর্ণ পন্থাৰে সমাজবাদলৈ সংক্রমণৰ আশা কৰিছিল; আনফালে আকৌ অৰাজকতাবাদী সকলে ৰাজপথত খণ্ডযুদ্ধ লাগিয়েই বিপ্লৱৰ আগমণ সম্ভৱপৰ কৰিব যাব বুলি ভাবিছিল। ইংলিছ ট্রেড ইউনিয়নসমূহত পুৰণা গিল্ড ব্যৱস্থাৰ সময়ৰে পৰা চলি অহা প্রফেচনেল অহংকাৰ তথা গৌৰবৰ স্পষ্ট চাব দেখা পোৱা গৈছিল। তাৰ বিপৰীতে জার্মান ইউনিয়নসমূহ কিন্তু সম্পূর্ণভাৱে অনুশাসিত তথা সংগঠিত আছিল। সিবিলাকৰ উপৰিও লেটিন দেশসমূহৰ অজস্র বিপ্লৱীয়ে ইন্টাৰনেছনেলৰ মজিয়াত গিজগিজাই আছিল।

এই ৰাজনৈতিক পার্থক্যসমূহৰ বাবেই কম সময়ৰ ভিতৰতে ইন্টাৰনেছনেলৰ পতন ঘটিল। তথাপিও অস্তিত্বৰ প্রথম পাঁচটা বছৰ ইন্টাৰনেছনেলৰ বাবে অতিশয় গৌৰবৰ সময় আছিল। ১৮৬৬ চনত লণ্ডনৰ বস্ত্র শ্রমিক সকলে ধর্মঘট ঘোষণা কৰে। মালিক পক্ষই সচৰাচৰ কৰাৰ দৰে বিদেশী গুণ্ডা লগোৱাই শ্রমিকসকলৰ একতা নষ্ট কৰিবলৈ চেষ্টা কৰিলে। পিছে প্রথম ইন্টাৰনেছনেলৰ হস্তক্ষেপত মালিকপক্ষৰ সকলো ষড়যন্ত্র বিফল হবলৈ বাধ্য হল। ইয়েই শ্রমিক ইউনিয়নসমূহৰ মাজত ইন্টাৰনেছনেলৰ জনপ্রিয়তা বহুগুণে বঢ়াই তুলিলে। সার্বজনীন ভোটাধিকাৰৰ দাবীত ইউনিয়নসমূহৰ সহযোগিতাৰে গঠিত ‘সংস্কাৰ লীগ’তো ইন্টাৰনেছনেলে এক নেতৃত্বকাৰী ভূমিকা গ্রহণ কৰিলে। ইন্টাৰনেছনেলৰ প্রতিখন বার্ষিক অধিবেশনতে (লণ্ডন ১৮৬৫, জেনেভা ১৮৬৬, ল’জান, ১৮৬৭, ব্রুছেলছ ১৮৬৮, বাচল ১৮৬৯) শ্রম সম্পর্কীয় বিভিন্ন বিষয় – যেনে দৈনিক ৮ ঘণ্টাৰ কর্মসীমা নির্ধাৰণ, শিশু শ্রম আদি সম্পর্কে নানান গুৰুত্বপূর্ণ প্রস্তাব গ্রহণ কৰা হল। তদুপৰি সমগ্র ইউৰোপ জুৰি কেইবাটিও ব্লেকলেগ (গুণ্ডা) বিৰোধী কার্যসূচী সফলতাৰে পালন কৰা হল।

ইফালে অতি সোনকালেই মার্ক্স আৰু প্রুধ’ৰ অনুগামীসকলৰ মাজত মতাদর্শগত মতানৈক্যই দেখা দিলে। ইন্টাৰনেছৰ মজিয়াত মতাদর্শগত প্রভুত্ব বিস্তাৰ কৰিবলৈ সকলো গোট আৰু দলৰে মাজত উথপথপ লাগিল। ১৮৬৫ চনৰ জুন মাহত ইন্টাৰনেছনেলৰ সাধাৰণ পৰিষদৰ সভাত মার্ক্সে এলানি বক্তৃতা প্রদান কৰিলে। সেই সময়ত ইউটপিয়ান সমাজবাদী নেতা ৰবার্ট অৱেনৰ অনুগামী জন ৱেষ্টন নামৰ এজন অর্থনীতিবিদে তাত্ত্বিকভাৱে যুক্তি দর্শাইছিল যে শ্রমিকৰ মজুৰী বৃদ্ধি কৰিবলৈ লোৱা প্রতিটো প্রচেষ্টাই শেহত গৈ বিফল হবলৈ বাধ্য। এই বক্তৃতাসমূহত মার্ক্সে ৱেষ্টনৰ এই ধাৰণাসমূহকে খণ্ডন কৰিবলৈ চেষ্টা কৰিলে। পাছলৈ এই বক্তৃতাখিনি এখনি পুস্তিকাৰ ৰূপত Wages, Price and Profit নামেৰে প্রকাশিত কৰা হল। ইফালে জার্মানীৰ আইচেনবাখত ১৮৬৯ চনত মার্ক্সৰ অনুগামী শ্রমিক নেতা আগষ্ট বেবেল তথা ৱিলহেম লেবনেষ্টৰ নেতৃত্বত ‘সামাজিক গণতন্ত্রবাদী শ্রমিক দল’ (Social Democratic Workers Party) গঠন কৰা হল। ইয়াৰ লগে লগেই মার্ক্সৰ তত্ত্বসমূহে পুণৰ জার্মানীত প্রবেশ কৰিবলৈ সুযোগ পালে।

দুটা ঘটনাই ইন্টাৰনেছনেলৰ ভাগ্য সম্পূর্ণভাৱে সলনি কৰি পেলালে। ১) ১৮৭০ চনৰ জুলাই মাহত ফ্রাঞ্চ আৰু প্রুচিয়াৰ মাজত যুদ্ধৰ সুত্রপাত ঘটিল। যুদ্ধত প্রুচিয়াৰ ক্ষীপ্র বিজয়ে নেপোলিয়ন তৃতীয়ৰ পতন ঘটালে আৰু ফ্রাঞ্চ পুণৰ গণৰাজ্যৰূপে ঘোষিত হল। পিছে থিয়েৰ নেতৃত্বাধীন অস্থায়ী চৰকাৰখনৰ প্রতিক্রিয়াশীল নীতিসমূহৰ ফলত ১৮৭১ চনৰ মার্চত পেৰিছৰ শ্রমিক সকলে হাতত অস্ত্র তুলি ললে আৰু বুর্জোৱা চৰকাৰৰ ঠাইত শ্রমিকৰ নিজস্ব চৰকাৰ – কমিউন- গঠনৰ ঘোষণা কৰিলে। থিয়েৰ চাহাবে হুহকি গৈ ৱার্চাই চহৰত আশ্রয় লব লগা হল। অতি শীঘ্রেই অৱশ্যে শ্রমিক চৰকাৰখনক দমন কৰিবলৈ সেনা-বাহিনী মোতায়েন কৰা হল। পেৰিছৰ কম্যুনার্ড সকলে সাহসেৰে প্রতিৰোধ কৰিলে যদিও শেহান্তৰত বিদ্রোহ কঠোৰ হাতেৰে নির্মূল কৰা হল। পেৰিচৰ বাট পথ পুণৰ শ্রমিকৰ তেজেৰে ৰাঙলী হৈ পৰিল।

কমিউন চৰকাৰৰ ওপৰত ইন্টাৰনেছনেলৰ বিশেষ কোনো প্রভাৱ বা কর্তৃত্ব নাছিল। কিমান দিনলৈ কমিউন চৰকাৰ তিষ্টি থাকিব পাৰিব- এই লৈ মার্ক্স নিজেই সন্দিহান আছিল। তথাপিও তেওঁ দৃঢ়ভাৱে কমিউনৰ সপক্ষে থিয় দিলে। ১৮৭১ চনৰ ৩০ এপ্রিলঃ কমিউনৰ পতনৰ তিনি দিন পাছত সাধাৰণ পৰিষদে এখনি পাঠ প্রস্তুত কৰি উলিয়ালে। The Civil War in France শীর্ষক এই পাঠটিৰ প্রকৃত লেখক আছিল স্বয়ং মার্ক্স। মার্ক্সৰ সর্বোত্তম লেখনীসমূহৰ ভিতৰত এই ৰছনাখনি অন্যতম বুলি কব পৰা যায়ঃ কম্যুনার্ডসকলৰ অসীম সাহস আৰু বীৰত্বৰ গাথাৰে সিক্ত ৰছনাখনিত হত্যাকাৰী বুর্জোৱাহঁতৰ তথাকথিত সভ্যতাৰ মুখা খুলি দিয়া হল। কম্যুনার্ডসকলৰ বৈপ্লৱীক পদক্ষেপ – আৰু তেওঁসকলৰ বিৰুদ্ধে সমগ্র বুর্জোৱাৰ ঐক্যবদ্ধ দমন যজ্ঞ – ইয়াৰ মাজতেই মার্ক্সে ৰাষ্ট্র চৰিত্র সম্পর্কীয় মার্ক্সীয় তত্ত্বৰো সন্ধান কৰিলে। পাছলৈ এই ৰছনাখনিৰ আলোচিত বিষয় বস্তুৰ পৰাই লেনিনে তেওঁৰ State and Revolution শীর্ষক গ্রন্থখনিৰ বাবে সমল লাভ কৰিছিল।

কমিউনৰ পতনৰ পাছতেই সমগ্র ইউৰোপজুৰি সমাজবাদীসকলৰ বিৰুদ্ধে কুৎসা ৰটনা আৰম্ভ কৰা হল। প্রথম ইন্টাৰনেছনেলো এই অপপ্রচাৰৰ পৰা সাৰি যাব নোৱাৰিলে। বুর্জোৱা বাতৰি কাকতসমূহৰ দ্বাৰা মার্ক্সক ‘ৰেড ডক্টৰ’, কমিউনৰ পুতলা নচুওৱা প্রকৃত মাষ্টৰ (puppet master) আদি বিভিন্ন নামেৰে বিভূষিত কৰা হল। এনে ‘কুখ্যাতি’ৰ মাজতেই Civil War in France খনৰো জনপ্রিয়তা বাঢ়ি যাবলৈ ধৰিলে। পিছে এনে উত্তপ্ত পৰিবেশত নির্জু প্রকৃতিৰ ইংলিছ ট্রেড ইউনিয়নসমূহে প্রমাদ গণিলে। তেওঁলোকে নিজকে ইণ্টাৰনেছনেলৰ পৰা আঁতৰাই নিয়াটোৱেই শ্রেয় হব বুলি গণ্য কৰিলে। Civil War in Franceৰ প্রকাশনৰ পাছতেই সাধাৰণ পৰিষদৰ দুয়োজন ব্রিটিছ প্রতিনিধি - অডগাৰ আৰু লুক্রাফটে পদত্যাগ কৰিলে।

দ্বিতীয়তে, মিখাইল বাকুনিনৰ কার্যকলাপবোৰেও ইন্টাৰনেছনেলৰ অস্তিত্বলৈ সংকট নমাই আনিলে। বাকুনিন আছিল এটি সম্ভ্রান্ত ৰাছিয়ান পৰিয়ালৰ সন্তান। মার্ক্সৰ দৰেই তেওঁ ১৮৩০ তথা ১৮৪০ৰ দশককেইটাত হেগেলৰ দ্বাৰা গভীৰভাৱে প্রভাৱিত হৈছিল। পিছে ১৮৪২ চনত তেওঁ এক অদ্ভুত সিদ্ধান্তলৈ আহিলঃ তেওঁ ঘোষণা কৰিলে - ‘ধ্বংসমূলক হাবিয়াস হৈছে সৃষ্টিশীল হাবিয়াসৰে অন্য এটা নাম!’ বাকী সমগ্র জীৱনচোৱা তেওঁ এই আপ্তবাক্যশাৰী সভক্তিৰে পালন কৰি গল! ১৮৪৮ৰ বিপ্লৱৰ পাছত বাকুনিন জাৰৰ পুলিচৰ হাতত ধৰা পৰিল। কুখ্যাত পিটাৰ-পল কাৰাগাৰত তেওঁক ৰখা হল। পিছে ১৮৬১ চনত তেওঁ পলাই সাৰিল আৰু এইবাৰ মহাশয়ে ইংলেণ্ডত বিপ্লৱ কৰিবলৈ ঠিৰাং কৰিলে।

প্রথমচোৱা সময়ত মার্ক্সৰ সৈতে বাকুনিনৰ বন্ধুত্বসূলভ সম্পর্কই আছিল। এজনা ‘প্রবীণ হেগেলবাদী’ বন্ধু হিচাপে মার্ক্সে তেওঁলৈ ডাছ কেপিটেলৰ প্রথমটো খণ্ড উপহাৰ স্বৰূপে পঠাইছিল। পিছে দুয়ো জনৰ স্বভাৱ চৰিত্র আছিল সম্পূর্ণ বিপৰীত। বাকুনিনৰ সমসাময়িক আন এজন দেশান্তৰিত ৰাছিয়ান বিপ্লৱী এলেক্সজেণ্ডাৰ হার্জেনৰ মতে, ‘আন্দোলন, প্রপাগাণ্ডা আৰু বক্তৃতাবাজী বাকুনিনৰ প্রিয় কার্য আছিল। কথাই কথাই ষড়যন্ত্রৰ গোন্ধ লৈ ফুৰা, যতে ততে প্লট-ষড়যন্ত্র ইত্যাদিৰ আয়োজন কৰা, সিবিলাকৰ মাজত বিশ্ব ঐতিহাসিক তাৎপর্য আৱিষ্কাৰ কৰা – এইবোৰ আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম অংশ। এই ষঢ়যন্ত্রসমূহক মূর্ত ৰূপ দিবলৈ, সিবিলাকৰ সম্ভাব্য পৰিণামৰ দায়িত্ব স্বীকাৰ কৰিবলৈ, আনকি সিবিলাকৰ বাবে নভবা-নিচিন্তাকৈয়ে প্রাণ পর্যন্ত বিসর্জন দিবলৈ তেওঁ সদায়েই প্রস্তুত আছিল’। নেপোলিয়ন তৃতীয়ৰ পতনৰ খবৰ পোৱাৰ পাছত বাকুনিনৰ প্রতিক্রিয়া আছিল এনেধৰণর: ততালিকে তেওঁ লিয়ন চহৰত গৈ উপস্থিত হল আৰু আৰু টাউন হলৰ সমুখত ‘ৰাষ্ট্রৰ নিপাত ঘটিল’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে! উৎপাত অতিশয় বাঢ়ি যোৱাত কেইজনমান পুলিচে মহাশয়ক দাংকোলাকৈ উঠাই লৈ যোৱাৰ পাছতহে সকলোৱে ৰক্ষা পালে!

১৮৬৮ চনত বাকুনিনে ইন্টাৰনেছনেলত যোগদান কৰিলে। একে সময়তে তেওঁ ইন্টাৰনেছনেলৰ ভিতৰতে The Alliance for Social Democracy নামেৰে অৰাজকতাবাদীসকলৰ এটা পৃথক সংগঠনো গঠন কৰিলে। ইন্টাৰনেছনেলৰ ইটালিয়ান, স্পেনিছ আৰু চুইছ প্রতিনিধিসকলৰ মাজত অৰাজকতাবাদীসকল বিশেষভাৱে প্রভাৱশালী আছিল। কমিউনৰ পতনৰ পাছৰ পৰাই মার্ক্স আৰু বাকুনিনৰ অনুগামীসকলৰ মাজত মতবিৰোধ ক্রমে তীব্রতৰ হৈ পৰিল। এফালৰ পৰা চাবলৈ গলে ই ১৮৪৮ৰ কমিউনিষ্ট লীগৰ পুনৰাবৃত্তি আছিলঃ মার্ক্সে যুক্তি দর্শাইছিল যে বর্তমানৰ সময়ত তাৎক্ষণিক বিপ্লৱৰ সম্ভাৱনীয়তা ক্রমে ক্ষীণ হৈ পৰিছে; সেয়েহে সেই অনুসৰি ৰাজনৈতিক কার্যনীতি গ্রহণ কৰা হওঁক। ইফালে বাকুনিনবাদী সকলে আকৌ সকলোতে বিপ্লৱৰে পূর্বাভাস পাইছিল; সেয়েহে তেওঁলোকৰ কথা আছিলঃ অবিলম্বে বিদ্রোহৰ বাবে প্রস্তুতি চলোৱা হওঁক! কিছুদিনৰ পাছত মার্ক্সৰ অনুভৱ হলঃ এই পৰিস্থিতিত ইন্টাৰনেছনেলৰ মজিয়াত তেওঁৰ কথা হয়তো বেছিদিন নিটিকিব। সেয়েহে তেওঁ কার্যকৰীভাৱে সংগঠনটো ভংগ কৰি দিয়াটোৱেই সঠিক হব বুলি ঠিক কৰিলে। ১৮৭২ চনৰ চেপ্তেম্বৰ মাহত হেগ চহৰত ইন্টাৰনেছনেলৰ অন্তিমখন বার্ষিক অধিবেশন অনুষ্ঠিত কৰা হল। আমোদজনকভাৱে কেৱল এইখন অধিবেশনতেই মার্ক্স সোঁ-শৰীৰেৰে উপস্থিত আছিল! অৱশেষত বহু যুক্তি তর্কৰ পাছত বাকুনিন আৰু তেওঁৰ অনুগামীসকলক ইণ্টাৰনেছনেলৰ পৰা বহিষ্কৃত কৰা হল আৰু ইন্টাৰনেছনেলৰ মূখ্য কার্যালয় নিউয়র্কলৈ স্থানান্তৰিত কৰা হল। আমেৰিকালৈ মূখ্য কার্যালয় লৈ যোৱাৰ অর্থ আছিল- সংগঠনটো কার্যকাৰীভাৱে নিস্তেজ কৰি পেলোৱা। অৱশেষত ১৮৭৬ চনত আনুষ্ঠানিকভাৱে ইন্টাৰনেছনেল ভংগ কৰি দিয়া হল।

অন্তিম বছৰকেইটা[সম্পাদনা কৰক]

ইন্টাৰনেছনেলৰ পতনৰ পাছত প্রত্যক্ষ্য ৰাজনীতি ক্ষেত্রখনৰ পৰা মার্ক্স পুণৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ ফালৰ পৰা এইছোৱা সময়েই মার্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি কব পৰা যায়। ১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আর্মেনছক তেওঁৰ ফালৰ স্বত্তখিনি বিক্রী কৰি দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মার্ক্স দম্পত্তীৰ খৰছৰ বাবে যথেষ্ঠ আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পার্ক ৰোডত এটা বৃহৎ ঘৰ ক্রয় কৰিলে। এই ঘৰটোৰ পৰা মার্ক্সৰ ঘৰলৈ মাত্র ১০ মিনিটৰ পথ আছিল। মার্ক্সৰ মৃত্যৰ পাছত প্রায় তিনিটা দশক ধৰি এইটো ঘৰেই আন্তঃৰাষ্ট্রীয় শ্রমিক আন্দোলনৰ কেন্দ্রস্থলী হৈ পৰিছিল।

প্রত্যক্ষ্য ৰাজনীতিৰ পৰা আঁতৰি অহাৰ পাছত ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডৰ কামত মার্ক্স ব্যস্ত হৈ পৰিব লাগিছিল। পিছে এয়া সম্ভৱ নহল। অৱশ্যে সেইবুলি এইখিনি সময় তেওঁ নিষ্কর্মা হৈ বহি থকাও নাছিল। মার্ক্সৰ দৰে ব্যক্তি এজনৰ বাবে সেয়া আছিল অসম্ভৱ। অতি সোনকালেই ডাছ কেপিটেলখন অন্যান্য ভাষাত প্রকাশিত হল। মার্ক্সে নিজেই ফৰাচী অনুবাদটো ছপাখানালৈ যোৱাৰ আগতে সূক্ষ্মভাৱে পৰীক্ষা কৰিলে (বহুতো পণ্ডিতৰ মতে ডাছ কেপিটেলৰ ফৰাচী সংস্কৰণটোৱেই হৈছে সবাটোকৈ শ্রেষ্ঠ সংস্কৰণ)। ১৮৭৩ চনত জার্মান ভাষাৰ দ্বিতীয়টো সংস্কৰণ প্রকাশিত হ’ল। ইয়াৰ বাবেও মার্ক্সে প্রথম সংস্কৰণটোৰ কিছু সালসলনি ঘটালে। সিবিলাকৰ উপৰি - ডাছ কেপিটেলৰ তৃতীয় খণ্ডটোৰ ‘কৰ’(rent) শীর্ষক অধ্যায়টো লিখিবৰ বাবে মার্ক্সে ৰাছিয়াৰ কৃষি প্রশ্ন সম্পর্কে বিভিন্ন গ্রন্থাদি পঢ়িবলৈ ললে। (ডাছ কেপিটেলৰ প্রথমটো ৰুছ সংস্কৰণ ১৮৭২ প্রকাশিত হল। আমোদজনক ভাৱে ৰাছিয়ান চেঞ্চৰ বর্ডে কিতাপখনৰ প্রকাশনত বিশেষ হকা বাধা নকৰিলে কিয়নো তেওঁলোকে ভাবিলে ‘অতি কম সংখ্যক লোকেহে কিতাপখন পঢ়িব আৰু তাতোকৈও কম সংখ্যক লোকে সেইখন বুজি পাব!’ পিছে আমূল পৰিবর্তন বাদী বুদ্ধিজীৱিসকলৰ মাজত কিতাপখন অতি সোনকালেই ভীষণ ভাৱে জনপ্রিয় হৈ পৰিল।)

এংগেলছৰ মতে ১৮৭০ চনৰ পাছত মার্ক্সে অধ্যয়ন কৰা বিষয়সমূহ আছিল এনেধৰণৰ: ‘এগ্র-ইকনমিক্স, কৃষি খণ্ডৰ উৎপাদন সম্বন্ধ (বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ), মুদ্রা বজাৰ, বেংকিং, বিভিন্ন প্রাকৃতিক বিজ্ঞান – বিশেষকৈ ভূতত্ত্ব আৰু প্রাণীতত্ত্ব। গণিত সম্পর্কীয় কেতবোৰ স্বাধীনচেতীয়া অধ্যয়নো এই সময়ছোৱাৰ টোকাবহীসমূহত দেখিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ বিপৰীতে ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডকেইটা প্রণয়ন কৰাৰ ক্ষেত্রত কোনো প্রগতি সম্ভৱপৰ নহল। দশকযোৰা কঠোৰ পৰিশ্রম আৰু নৰক সদৃশ জীৱন পৰিক্রমাই ইতিমধ্যেই শাৰীৰিকভাৱে মার্ক্সক ভাঙি পেলাইছিল। বাৰম্বাৰ মূৰৰ বিষ, টোপনি নহা ইত্যাদি বিভিন্ন সৰু বৰ ৰোগে মার্ক্সক একেবাৰেই নিশকতীয়া কৰি পেলালে। মার্ক্সৰ জীৱনীকাৰ ডেভিদ মেকলেনানৰ ভাষাত ‘তেওঁ এতিয়া মানসিক আৰু শাৰীৰিকভাৱে ভগ্নপ্রায়। তেওঁৰ ৰাজহুৱা জীৱনৰ ইতিমধ্যেই যৱনিকা পৰিছে।’

শাৰীৰিকভাৱে নিশকতীয়া হৈ পৰিলেও মার্ক্সৰ মানসিক দৃঢ়তাৰ পিছে কোনো হীন-দেঢ়ি ঘটা নাছিল। আচলতে ১৮৪০ৰ দশকৰ পৰাই তেওঁৰ এই মানসিক দৃঢ়তা তথা নীতিৰ প্রশ্নত বজ্র-কাঠিন্যতাৰ বাবে সমগ্র ইউৰোপৰে বিপ্লৱী সকলে তেওঁক সমীহ কৰি চলিছিল। ১৮৭৫ চনত জার্মানীৰ কমিউনিষ্ট নেতাসকলে মার্ক্সৰ এই কঠোৰতাৰ সোৱাদ পুণৰ লাভ কৰিলে যেতিয়া লাছাল আৰু লেবনেষ্ট নেতৃত্বাধীন দুয়োটা বাওঁপন্থী দলে নীতি সম্পর্কীয় কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে একত্রিত হোৱাৰ সিদ্ধান্ত ললে আৰু নিজকে ‘জার্মান সামাজিক গণতন্ত্রবাদী দল’ (German Social Democratic Party- SPD) নামেৰে নামাকৰণ কৰিলে। নতুন দলটিৰ বাবে খৰখেদাকৈ এখনি কার্যসূচীও তৈয়াৰ কৰা হল। গ’থা চহৰত গৃহীত হোৱাৰ বাবে কার্যসূচী খনৰ নাম দিয়া হল- গ’থা কার্যসূচী। মার্ক্স এংগেলছে একেমুখে কার্যসূচী খনৰ নির্মম সমালোচনা কৰিলে। তেওঁলোকৰ মতে বাস্তৱ প্রয়োজনত বিভিন্ন দলে একেলগে কাম কৰাটো বাঞ্ছনীয় হলেও একত্রীকৰণৰ প্রশ্নত কার্যসূচী সম্পর্কীয় বিষয়বোৰ লৈ স্পষ্টতা ৰখাটো প্রয়োজনীয় আছিল। তদুপৰি লাছালেৰ সমাজবাদ সম্পর্কীয় অস্পষ্ট তত্ত্বসমূহে বিপ্লৱীসকলৰ মনত খেলিমেলি লগাব বুলিও মার্ক্সে আশংকা কৰিছিল।

পাছলৈ The Critique of the Gotha Programme নামেৰে প্রকাশিত হোৱা এইখনি ৰছনাতেই মার্ক্সে পুঁজিবাদৰ পৰা কমিউনিজিমলৈ কেনেদৰে সংক্রমণ সম্ভৱ হব –এই সম্পর্কে কেতবোৰ চিন্তাকর্ষক আলোচনাৰো সূচনা কৰিলে। (উল্লেখনীয় যে ১৮৯১ চন পর্যন্ত SPDৰ দুয়োজন কমিউনিষ্ট নেতা – বেবেল আৰু লেবনেষ্টে – এই ৰছনাখনিৰ প্রকাশন গাপ দি ৰাখিছিল। )

বিভিন্ন প্রশ্ন সম্পর্কে জার্মান সমাজবাদীসকলৰ সৈতে প্রায়েই মার্ক্স–এংগেলছৰ মনোমালিন্য ঘটিছিল। ১৮৭৭ চনৰ আশে পাশে জার্মান সমাজবাদীসকলৰ মাজত হঠাতে ইউজিন ড্যুরিং নামৰ প্রফেচৰ এজনৰ কেতবোৰ তত্ত্ব জনপ্রিয় হৈ পৰিল। ড্যুৰিঙে ঘোষণা কৰিলে – তেওঁ সমাজবাদৰ এক শ্রেষ্ঠ সংস্কৰণ আৱিষ্কাৰ কৰি পেলাইছে! মহাশয়ৰ এই জাতীয় দৌৰাত্মত মার্ক্স এংগেলছ অতীষ্ঠ হৈ পৰিল। ড্যুৰিঙক যোগ্য প্রত্যুত্তৰ দিবৰ মানসেৰে এংগেলছে লিখি উলিয়ালে Anti-Duhring শীর্ষক এখনি বৃহৎ গ্রন্থ। ১৮৭৯ চনত পুণৰ ড্যুৰিঙৰ তত্ত্বসমূহ নভবা নিচিন্তাকৈ গ্রহণ কৰি লোৱাৰ বাবে মার্ক্স এংগেলছে বার্নষ্টিনকে আদি ধৰি কেইবাজনো জার্মান কমিউনিষ্ট নেতাক কঠোৰভাৱে সমালোচনা কৰিলে। এইছোৱা সময়তে অনুগামীসকলৰ এই জাতীয় নির্বুদ্ধিতাত বিৰক্ত হৈ মার্ক্সে ঘোষণা কৰিছিল ‘All I know is that I am no Marxist.’

পিছে এই জাতীয় দুই এটা ব্যতিক্রম বাদ দিলে জীৱনৰ শেহৰছোৱা সময় মার্ক্সে বেছ শান্তিৰেই কটাইছিল বুলি কব পাৰি। এই সময়খিনিত মার্ক্সৰ চিনাকী ব্যক্তি এজনে তেওঁৰ বিবৰণ দিছে এনেদৰে:

…[মার্ক্স] এংলো-জার্মান সুঁতিৰ এজন উচ্চ সংস্কৃতিমনা ব্যক্তি। [কবি] হেইনেৰ [ৰছনাৰ] সৈতে পৰিচয়ে তেওঁক প্রদান কৰিছে এক প্রফুল্ল চিত্ত আৰু ৰসাল ব্যংগ ৰছনাৰ অসীম ক্ষমতা। অৱশেষত তেওঁৰ ব্যক্তিগত জীৱন এতিয়া কিছু ভাললৈ আহিছে। আজি তেওঁ এজন সুখী মানুহ।

১৮৬৫ চনত জীয়েকহঁতে ধেমালিতে প্রস্তুত কৰা প্রশ্নাৱলী এখনৰ ‘প্রিয় কাম’ শীর্ষক প্রশ্ন এটাৰ উত্তৰত মার্ক্সে লিখিছিল – তেওঁ সদায়েই গ্রন্থকীট হবলৈ ভাল পাব। কথাষাৰ আছিল সম্পূর্ণ সঁচা। মার্ক্সৰ অধ্যয়নৰ ব্যাপ্তি আছিল আশ্বর্যকৰ। অক্সফর্ড ইউনিভার্চিটিৰ জার্মান সাহিত্যৰ অধ্যাপক এছ এছ প্রয়েৰে ‘ইউৰোপীয় সাহিত্যৰ সৈতে মার্ক্সৰ পৰিচয়’ সম্পর্কীয় এটি অধ্যয়নত অলপতে এনেদৰে লিখিছে:

ধ্রুপদী সাহিত্য, মধ্যকালীন জার্মান সাহিত্য, গ্যেটে, ডান্টে, বয়ার্ড, টাছ’, চার্ভেণ্টিছ, শ্যেক্সপীয়েৰ..., ১৮ তথা ১৯ শতিকাৰ ফৰাচী আৰু ইংৰাজী গদ্য সাহিত্য – এই আটাইবোৰেই মার্ক্সৰ অবাধ বিচৰণৰ স্থলী আছিল। যিকোনো সমকালীন কবিতা – যেনে ধৰক হেইনীৰ ৰছনাসমূহ- যি পৰম্পৰাগত কর্তৃত্বৰ প্রতি বুঢ়া আঙুলি প্রদর্শন কৰি এক ন্যায়সংগত ভবিষ্যতৰ সপোন দেখুৱাবলৈ সাহস কৰিব পাৰিছিল, সিবিলাকে মার্ক্সৰ দৃষ্টি আকর্ষণ কৰিছিল। সামগ্রিকভাৱে চাবলৈ গলে অৱশ্যে বর্তমানতকৈ অতীতৰ কৃতিসমূহৰ প্রতিহে তেওঁৰ চকু আছিল যেন লাগেঃ সমকালীন লেখকসকলতকৈ এছিলিছ, ডাণ্টে আৰু শেক্সপীয়েৰৰ ৰছনাসমূহেই তেওঁৰ দৃষ্টি বেছিকৈ আকর্ষণ কৰিছিল।

গ্রীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্রিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণসমূহ মূল গ্রীক ভাষাত পঢ়িছিল। মার্ক্সৰ ভাষাত ‘স্পার্টাকাছেই হয়তো সমগ্র প্রাচীন ইতিহাসৰ সবাটোকৈ শ্রেষ্ঠ চৰিত্র ...তেওঁ এজন মহান সেনাপতি, এক বিশাল ব্যক্তিত্ব, আদিম সর্বহাৰাৰ প্রকৃত প্রতিনিধি...তেওঁৰ তুলনাত পম্পী আবর্জনাসদৃশ মাথো। Grundrisseত মার্ক্সে লিখিছে ‘যদিও গ্রীক কলা আৰু মহাকাব্যসমূহ সামাজিক বিকাশৰ এক বিশেষ পর্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্রদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্রত] সিবিলাক আজিও আমাৰ আদর্শ।’(Grundrisse, পৃষ্ঠা ১১১)। বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্রেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাসসমূহেও মার্ক্সক বিশেষভাৱে প্রভাৱিত কৰিছিল। মার্ক্সৰ অন্যান্য অসম্পূর্ণ প্রকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পর্কীয় এটি অধ্যয়ন।

১৮৭২ চনত সপ্রতিভ ডেকা সাংবাদিক চার্লচ লংগেৰ সৈতে মার্ক্সৰ ডাঙৰজনী ছোৱালী জেনীৰ বিয়া হল। ইয়াৰ পূর্বে ১৮৬৮ চনত মাজুজনী ছোৱালী লৌৰাৰ বিয়া হল কমিউনিষ্ট নেতা পল লাফার্গৰ সৈতে। প্রবাদ আছে যে শহুৰেক হিচাপে মার্ক্স যথেষ্ঠ কাঢ়া আছিল। বিশেষকৈ লাফার্গে বিয়াৰ আগেয়ে মার্ক্সৰ বহু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হব লগা হৈছিল! পিছে আচল সংঘাতখন সৃষ্টি হল সৰুজনী ছোৱালী এলেনৰৰ বিয়াৰ সময়তহে। এলেনৰ আছিল মার্ক্সৰ সবাটোকৈ প্রিয় সন্তান, তাইৰ স্বভাৱটো দেউতাকৰ দৰেই আকোৰগোজ আৰু গোৱাৰ। (‘টুছি সাইলাখ মোৰ দৰে’ মার্ক্সে এসময়ত কৈছিল।) এলেনৰ লিছাগেৰে নামৰ ফৰাচী সাংবাদিক এজনৰ প্রেমত পৰিল। ইফালে সম্পর্কটো লৈ মার্ক্স কোনোপধ্যেই ৰাজী নহয়। এলেনৰেও লিছাগেৰেক বিয়া পাতিবলৈ বদ্ধপৰিকৰ। এই লৈ মাজতে বেছ কিছুদিন ধৰি বাপেক জীয়েকৰ মাত-কথা বন্ধ হোৱাৰো অৱস্থা হল।

এলেনৰে অভিনয় কৰি ভাল পাইছিল। জীয়েকৰ প্রভাৱত মার্ক্সেও লণ্ডনৰ প্রেক্ষাগৃহবোৰ ঘুর্মুটিয়াই ফুৰিছিল। মেইটলেণ্ড ৰডত সেইসময়ত শেক্সপীয়েৰ ৰিডিং ক্লাব নামেৰে এখনি নাট্য সভা নিয়মীয়াকৈ বহিছিল। তাৰে এজন সদস্যই মার্ক্সৰ বর্ণনা দিছে এনেদৰে,

"দর্শক হিচাপে মার্ক্স এজন অতিশয় ফুর্তিবাজ মানুহ। তেওঁ কেতিয়াও সমালোচনা নকৰে, যিকোনো ধৰণৰ ফুর্তিত যোগদান কৰিবলৈ তেওঁ সদায়েই সাজু, আনকি হাঁহি হাঁহি কেতিয়াবা তেওঁৰ চকুপানী বৈ যোৱাৰো অৱস্থা হয়। শাৰীৰিকভাৱে তেওঁ হয়তো সকলোৰে ভিতৰত বয়োজ্যেষ্ঠ, কিন্তু মানসিকভাৱে তেওঁ আজিও আমাৰ দৰেই তৰুণ।"

১৮৮১ চন: স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গল। জীয়েক কেইজনীৰ অবিহনে মার্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিলঃ পত্নী জেনী মার্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে। ইফালে মার্ক্সৰ নিজৰেই ব্রংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত,

সেইছোৱা বৰ দুর্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ [মূৰ – মার্ক্সৰ ঘৰত মতা নাম]। সমগ্র জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুণৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা ছোৱালী। কোনেও কব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্রসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনত ভৰিহে দিছে।..."

১৮৮১ চনৰ ২ ডিচেম্বৰত জেনী মার্ক্সৰ মৃত্যু হল। এংগেলছে এলেনৰলৈ লিখিলে –‘Moor is dead too’। পৰিবেশ সলনি কৰিবৰ বাবে মার্ক্সক ফুৰাবলৈ নিয়া হল – অলপ দিন এলজিয়াৰত থকাৰ পাছত জীয়েক জেনীৰ পেৰিছৰ ঘৰত মার্ক্স কিছু দিন থাকিল। নাতি-নাতিনীহঁতৰ সৈতে মার্ক্সে কিছুদিন অতি সন্তোষেৰে কটালে। জীয়েক লৌৰাৰ সৈতে তেওঁ কিছুদিন চুইজাৰলেণ্ডলৈকো ফুৰিবলৈ গল। ইংলেণ্ডলৈ ঘূৰি অহাৰ পথত মার্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিলে। ঘৰ পায়েই পুণৰ এটা দুঃসংবাদ - মার্ক্সৰ মৰমৰ জীয়েক জেনী ঢুকাল। ১৮৮৩ চনৰ ১৪ নবেম্বৰ: খবৰ লবলৈ এংগেলছ মার্ক্সৰ ঘৰলৈ আহিল। জেনেৰেল চাহাবে মন কৰিলে - ‘সমগ্র ঘৰখনতে কান্দোনৰ ৰোল। হয়তো বেছি পৰ নাই।’ ওপৰ মহলাৰ কোঠালৈ যাওঁতেই দেখা গল - আকৌ কেতিয়াও সাৰ নোপোৱাকৈ মার্ক্স শান্তিৰে টোপনি গৈছে। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনা লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mehring, Franz, Karl Marx: The Story of His Life (Routledge, 2003) pg. 75
  2. John Bellamy Foster. "Marx's Theory of Metabolic Rift: Classical Foundations for Environmental Sociology", American Journal of Sociology, Vol. 105, No. 2 (September 1999), pp. 366–405.
  3. Allen Oakley, Marx's Critique of Political Economy: 1844 to 1860, Routledge, 1984, p. 51.
  4. Alex Callinicos (1996). The Revolutionary Ideas of Karl Marx. Book Mark. পৃষ্ঠা. 13–14. ISBN 1-898876-134.