কাৰ্ল মাৰ্ক্স
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| সম্পূৰ্ণ নাম | কাৰ্ল হাইনৰিচ মাৰ্ক্স |
|---|---|
| যুগ | উনবিংশ শতিকাৰ দৰ্শন |
| অঞ্চল | পাশ্চাত্য দৰ্শন |
| ধাৰা | মাৰ্ক্সবাদ |
| আগ্ৰহ | ৰাজনীতি, অৰ্থনীতি, শ্ৰেণী সংগ্ৰাম |
| উল্লেখযোগ্য কৰ্ম | মাৰ্ক্সবাদ-ৰ যৌথ প্ৰবক্তা, বিচ্ছিন্নতা আৰু শ্ৰমিকৰ ব্যাখ্যা, সাম্যবাদী ইস্তাহাৰ, ডাছ কেপিটেল, ঐতিহাসিক বস্তুবাদ |
|
প্ৰভাৱিত কৰে
বাকুনিন, লুক্সেমবুৰ্গ, লেনিন, ষ্টেলিন, ট্ৰট্স্কি, মাও, ক্যাস্ট্ৰো, গুয়েভাৰা, লুকাছ, গ্ৰামছী, আৰ্ণ্ডেট, ছাত্ৰে, দেৱৰ্ড, ফ্ৰেংকফাৰ্ট স্কুল, নেগ্ৰী, টৌছিং, কিম, মানবেন্দ্ৰ নাথ ৰয়, বুকছিন আৰু বহুতো ...
|
|
বিপ্লৱী নেতা আৰু সমাজতন্ত্ৰৰ প্ৰবক্তা কাৰ্ল মাৰ্ক্সৰ জন্ম ১৮১৮ চনৰ মে মাহৰ ৫ তাৰিখে৷ এইজনা প্ৰুছিয়ান বিপ্লৱী নেতা একেধাৰে দাৰ্শনিক, ৰাজনৈতিক অৰ্থনীতিবিদ আৰু সমাজ- বিপ্লৱী আছিল৷ তেওঁক আধুনিক সমাজতন্ত্ৰৰ প্ৰচাৰক বুলি জনা যায়, যাক "মাৰ্ক্সবাদ" বুলি গোটেই পৃথিৱীয়ে জানে৷ "ডাছ কেপিটেল"ৰ ৰচয়িতা৷ ১৮৮৩ চনত মাৰ্চৰ ১৪ তাৰিখে মৃত্যু৷