কেতকুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেতকুৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Meyna
প্ৰজাতি: M. spinosa
বৈজ্ঞানিক নাম
Meyna spinosa
Roxb. ex Link
সমাৰ্থক[1]
  • Pyrostria spinosa (Roxb. ex Link) Miq.
  • Vangueria miqueliana Kurz
  • Vangueria mollis Wall.
  • Vangueria pyrostria Boerl.
  • Vangueria spinosa (Roxb. ex Link) Roxb.
  • Vangueria spinosa var. tomentosa Pierre
  • Vangueria spinosa var. tomentosa Pierre ex Pit.
  • Vangueria stellata Blanco

কেতকুৰা (বৈজ্ঞানিক নাম: Vangueria spinosa বা Meyna spinosa) ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ জোপোহা গছ।[2][3] ইয়াক সমগ্ৰ বিশ্বজুৰি প্ৰধানকৈ পূৱ এছিয়া - ভাৰত, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বডিয়া, লাওছ, ভিয়েটনামত পোৱা যায়।[4]

বিৱৰণ[সম্পাদনা কৰক]

কেতকুৰাৰ গা-গছ আৰু ডালৰ উপৰিভাগ ক’লা চানেকীয়া বা মদৰুৱা বৰণৰ। বাকলিত ঠায়ে ঠায়ে কটাৰ নিচিনা দাগ থাকে। বাকলিত ভিতৰখন অলপ হালধীয়া। গোটেই গছজোপাতে দীঘল চানকীয়া কাঁইটৰ উৎপত্তি হয়।[2][5]

কেতকুৰাৰ পাতবোৰ ডাঠ আৰু মিহি। পাতৰ আগফালে জোঙা আৰু গুৰিৰ অংশ দুয়োফালৰ পৰা ঘূৰণীয়াকৈ ভাঁজ খাই ঠাৰিত লগা ধৰণৰ হয়। পাতবোৰে ঠাৰিত যোৰা পাতি পাতি বিপৰীতমুখী ৰূপ প্ৰদৰ্শন কৰে। ইয়াৰ ফুলৰ পাহিবোৰৰ ৰং পাতল সেউজীয়া।[2][5]

কেতকুৰাৰ ফলৰ আকৃতি ডিম্বাকাৰ। ইয়াৰ ভিতৰত ফুটা থাকে আৰু সেই ফুটাবোৰৰ ভিতৰত অলপ ডাঙৰ আকাৰৰ ক’লা ক’লা একোটা গুটি ধৰে। সেউজীয়া ফলবোৰ পকিলে ৰঙচুৱা বৰণৰ হয়।[2][5]

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

কোটকোৰা গছ
কোটকোৰা গছ  
কোটকোৰা গছৰ পাত
কোটকোৰা গছৰ পাত  
কোটকোৰা গছৰ কাঁইট
কোটকোৰা গছৰ কাঁইট  

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Species Details : Meyna spinosa Roxb. ex Link". Catalogue of Life. http://www.catalogueoflife.org/col/details/species/id/5aea5da0b1dca5239e647f4d4aa537c7। আহৰণ কৰা হৈছে: 9 June 2019. 
  2. 2.0 2.1 2.2 2.3 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ. https://archive.org/details/in.ernet.dli.2015.451993. 
  3. "Meyna spinosa Roxb. ex Link". Global Biodiversity Information Facility. https://www.gbif.org/species/105573405। আহৰণ কৰা হৈছে: 9 June 2019. 
  4. "Plant Name Details: Meyna spinosa Roxb. ex Link". The International Plant Names Index. http://www.ipni.org/ipni/idPlantNameSearch.do?&show_history=true&id=756205-1। আহৰণ কৰা হৈছে: 9 June 2019. 
  5. 5.0 5.1 5.2 "Meyna spinosa". Useful Tropical Plants Database. http://tropical.theferns.info/viewtropical.php?id=Meyna+spinosa। আহৰণ কৰা হৈছে: 9 June 2019.