ক্যিন ছি হোৱং
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
ক্যিন ছি হোৱাং (Qin Shi Huang) (খ্ৰীঃ পূৰ্ব ২৫৯ – ২১০), যাৰ ব্যক্তিগত নাম আছিল ইয়িং ঝিং (Ying Zhing), চীন দেশ যুদ্ধ-বিগ্ৰহত লিপ্ত থকা সময়ত খ্ৰীঃপূৰ্ব ২৪৬-২২১ লৈকে ক্যিন ৰাজ্যৰ ৰজা আছিল । পিছত ২২১ খ্ৰীঃপূৰ্বত তেওঁ প্ৰথম বৃহত চীন সম্ৰাজ্যৰ সম্ৰাট হয় । এই সম্ৰাজ্য তেওঁ ২১০খ্ৰীঃপূৰ্ব পৰ্যন্ত তেওঁ ৫০ বছৰ বয়সত মৃত্যুলৈকে শাসন কৰে ।
ক্যিন ছি হোৱাং চীনা বুৰঞ্জীৰ এজন বিবাদিত ব্যক্তি হিচাপে পৰিচিত । একক চীনা সম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পাছত তেওঁ আৰু তেওঁৰ মূখ্য পৰামৰ্শদাতা লি চি এ এলানি অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰৰ এক কাৰ্যক্ৰমণিকা আৰম্ভ কৰে । তেওঁ বহু কেইটা পৰিকল্পনা হাতত লয় - যাৰ ভিতৰত চীনৰ বৃহত প্ৰাচীৰৰ প্ৰথম সংস্কৰণ, বৰ্তমান বিখ্যাত মানৱাকাৰৰ টেৰ্ৰাকট্টা সৈনিক (Terracotta Army) ৰ দ্বাৰা পহৰা দিয়া নগৰাকাৰৰ মাউচলিয়া(Mausoleum) আৰু বিস্তৃত ৰাষ্ট্ৰীয় পথ যোগাযোগ আচনি উল্লেখ যোগ্য । ইয়াৰ বাবে বহু জীৱনৰ প্ৰাণ হানিও হৈছিল । ৰাষ্ট্ৰৰ সুস্থিৰতাৰ বাবে তেওঁ চীনা দৰ্শনক বে-আইনি বুলি ঘোষণা কৰিছিল আৰু বহু চীনা পণ্ডিতক জীৱন্তে সমাধিষ্ঠ কৰিছিল । চৰকাৰী পুথিৰ বাদে সকলো পুথিৰ প্ৰচলন বন্ধ কৰি দিছিল আৰু সেইবোৰক পুৰি পেলোৱা হৈছিল যি ঘটনাক আজি বৃহত চীনা দৰ্শন নিষ্কাশন বুলি জনা যায় । ক্ষমতাৰ দুৰ্ব্যৱহাৰ আৰু সেচ্ছাচাৰী শাসন, তথাপিও ক্যিন ছি হোৱং বুৰঞ্জীৰ এজন লেখত লব লগীয়া ব্যক্তি ।