কৰ্কট ৰোগ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

কৰ্কট ৰোগ বা কেঞ্চাৰ(ইংৰাজী: Cancer) ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম malignant neoplasm । এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত ৰোগীক চিকিৎসা কৰিলে ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বাস্তবিক অৰ্থত এতিয়াও কৰ্কট ৰোগৰ সম্পূৰ্ণ কাৰ্যকৰী চিকিৎসা সম্ভৱ হৈ উঠা নাই। কৰ্কট ৰোগৰ দুশতকৈয়ো অধিক প্ৰকাৰ আছে। প্ৰতিবিধৰে চিকিৎসা পদ্ধতি সুকীয়া সুকীয়া।

সূচী

[সম্পাদনা কৰক] কৰ্কট ৰোগ মানে কি

মানুহ তথা সকলো প্ৰাণীৰ দেহ কোষেৰে তৈয়াৰী। এক নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কোষবোৰ মৰি যায় আৰু তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম হয়। কিন্তু কেতিয়াবা কোনো কাৰণত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰে আৰু টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (malignant। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়। বিস্তাৰিত ভাবে কবলৈ হ'লে, অনিয়ন্ত্ৰিতভাবে বৃদ্ধি পোৱা কোষবোৰক নিয়োপ্লাষ্টিক কোষ বোলা হয়। নিয়োপ্লাষ্টক কোষে আশে-পাশে থকা কলাক (tissue) ভেদ কৰিব নোৱাৰিলে তাক নিৰিহ বা বেনাইন টিউমাৰ বোলে আৰু ভেদ কৰিব পৰা ক্ষমতা থকা কোষবোৰক মেলিগনেণ্ট টিউমাৰ বা বোলে। বহু কৰ্কট ৰোগ প্ৰথমে বেনাইন হিচাপে আৰম্ভ হৈ পাছলৈ মেলিগনেণ্টলৈ পৰিৱৰ্তন হয়।


[সম্পাদনা কৰক] কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ

কৰ্কট ৰোগৰ লক্ষণসমূহ টিউমাৰ হোৱা স্থানৰ ওপৰত নিৰ্ভৰ কৰে

দুশতকৈয়ো অধিক প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমুহো ভিন-ভিন। কেইটামান সাধাৰণ লক্ষণ[1] এনেধৰণৰ-

  1. স্তনকে ধৰি শৰীৰৰ কোনো ঠাইত টেমুনা উঠা
  2. দেহত থকা তিলৰ (mole) অস্বাভাৱিক পৰিৱৰ্তন
  3. নিৰাময় নোহোৱা কাহ বা মাত ভগা
  4. শৌচাচাৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন- অত্যাধিক পনীয়া শৌচ হোৱা বা কোষ্ঠকাঠিন্যত ভোগা
  5. চোবাবলৈ কষ্ট পোৱা আৰু খোৱা বস্তু হজম নোহোৱা
  6. অস্বাভাৱিক ৰক্তক্ষৰণ, যেনে প্ৰস্ৰাৱত তেজ যোৱা, বমিত তেজ যোৱা, নাকেৰে তেজ ওলোৱা, যোনীৰ ৰক্তক্ষৰণ ইত্যাদি
  7. নিৰাময় নোহোৱা ঘাঁ (sore or ulcer)
  8. প্ৰস্ৰাৱত কষ্ট পোৱা
  9. অস্বাভাৱিক ওজন হ্ৰাস
  10. অসহ্য বিষ
  11. সকলো সময়তে ভাগৰ অনুভৱ কৰা
  12. ছালৰ অস্বাভাবিক পৰিৱৰ্তন

[সম্পাদনা কৰক] কৰ্কট ৰোগ সৃষ্টি হোৱাৰ কাৰণ

[সম্পাদনা কৰক] ৰাসায়নিক পদাৰ্থ

[সম্পাদনা কৰক] খাদ্যাভাস আৰু ব্যায়াম

[সম্পাদনা কৰক] সংক্ৰমণ

[সম্পাদনা কৰক] তেজস্কিয়তা

[সম্পাদনা কৰক] বংশগত

[সম্পাদনা কৰক] হৰম'ন

[সম্পাদনা কৰক] অন্য

[সম্পাদনা কৰক] চিকিৎসা প্ৰণালী

[সম্পাদনা কৰক] ভাৰতবৰ্ষত কৰ্কট ৰোগৰ চিকিৎসা

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত