গোপাল ভোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গোপাল ভোগ বা গৰখীয়া ভোগ (ইংৰাজী: Gopal or Gorokhiya Bhog) গৰুৰ ৰক্ষক কৃষ্ণক উদ্দেশ্যি গৰখীয়া ল’ৰালৈ আগবঢ়োৱা ভোগ বা প্ৰসাদ৷ “গোপাল’’ শব্দৰ অৰ্থ, ’গো’ মানে গৰু আৰু ’পাল’ মানে পালন কৰোঁতা৷ সাধাৰণতে গোপাল বুলিলে কৃষ্ণক বুজা হয়৷ এঁৱা গাখীৰ, আৰৈ চাউল, কল গোটাই গোপাল ভোগ কৰা হয়[1] আৰু অসমীয়া সমাজত সমাজত গৰখীয়া সবাহত গৰখীয়ালৈ সভক্তিৰে আগবঢ়োৱা হয়৷ অসমৰ বিভিন্ন ঠাইত গোপাল ভোগ বিভিন্ন সময়ত দিয়া হয়৷ গোৱালপাৰা অঞ্চলত ৰাখাল পূজা বা গৰখীয়া পূজা চ’ত মাহৰ সংক্ৰান্তিত কৰা হয়৷[2] এই অঞ্চলত চৰণীয়া পথাৰত বা গোহালিআৰৈ চাউল, কল, গাখীৰ আৰু চেনিৰ গোপাল ভোগ আগবঢ়ায়৷ আকৌ উজনি অসমত গৰু, ম’হ, ছাগলী হেৰালে বা অসুখ হ’লে গৰখীয়া ল’ৰাক উদ্দেশ্যি ঘৰৰ চোতালত মাহ-প্ৰসাদৰ নৈবেদ্য আৰু জা-জলপান খুৱায় আৰু গৰখীয়াই নাম গাই আশীৰ্বাদ দিয়ে৷[3]

গোপাল ভোগ দিয়াৰ প্ৰথা অসমীয়া আৰু বাঙালী হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰচলিত৷ বাঙালী সমাজত গোপাল ভোগ কৃষ্ণ জন্মাষ্টমীৰ দিনা দিয়া হয়৷ গোপাল ভোগত ৫৬ বিধ খাদ্য দ্ৰব্য নৈবেদ্য হিচাপে আগবঢ়োৱা হয়৷ এই সম্পৰ্কে এটা কাহিনী আছে৷ শিশুকৃষ্ণই যেতিয়া গোকুলত নন্দৰজা আৰু যশোদাৰ ঘৰত বাস কৰিছিল তেতিয়া মাতৃ যশোদাই তেওঁক দিনে আঠবাৰ খুৱাইছিল। এবাৰ ব্ৰজবাসীয়ে ইন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ এক বৃহৎ ইন্দ্ৰ পূজাৰ আয়োজন কৰিছিল। ইন্দ্ৰ সন্তুষ্ট হ’লে ভাল বৰষুণ হ’ব আৰু বৰষুণ ভাল হ’লে শস্য ভাল হ’ব। তেতিয়া কৃষ্ণই তেওঁলোকক ক’লে, ‘বৰষুণ দিয়াটো ইন্দ্ৰৰ কাম, তাৰ বাবে তেওঁক কিয় পূজা কৰিব লাগে? বৰঞ্চ যদি আপোনালোকে পূজা কৰিবই বিচাৰে তেন্তে গোবৰ্ধন পৰ্বতক পূজা কৰা উচিত, কাৰণ এই পৰ্বতটোৱে আমাক ফল-মূল আৰু শাক-পাচলিৰে জীয়াই ৰাখে।’ সকলোৱে কৃষ্ণৰ কথাত সন্মতি দি ইন্দ্ৰৰ সলনি গোবৰ্ধনক পূজা কৰিবলৈ ধৰিলে। এই কথাত ভগৱান ইন্দ্ৰৰ বৰ খং উঠিল আৰু কেইবাদিনো ধৰি প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। সেই প্ৰচণ্ড বৰষুণে প্ৰায় সকলো উটুৱাই লৈ গ’ল। সকলোৱে ঘৰ-বাৰী হেৰুৱাই সকলোৱে কণমানি কৃষ্ণৰ ওচৰত আশ্ৰয় লৈছিল। তাৰ পিছত কৃষ্ণই আঙুলিৰ মূৰেৰে গোবৰ্ধন পৰ্বত তুলি ল’লে। সেই পৰ্বতৰ তলত থাকি গকুলবাসীয়ে মহা দুৰ্যোগৰ পৰা ৰক্ষা পৰিছিল। কৃষ্ণই এই সাত দিন একো নাখাই আঙুলিৰ মূৰত গোবৰ্ধন পৰ্বত তুলি ধৰি আছিল। অষ্টম দিনা নিজৰ ভুলটো উপলব্ধি কৰি ইন্দ্ৰদেৱে বৰষুণ দিয়া বন্ধ কৰি দিলে। তাৰ পাছত কৃষ্ণই গোবৰ্ধন পৰ্বতক যথাযথ স্থানত ৰাখিলে। এই সাত দিন ধৰি তেওঁ এটোপাল খাদ্য বা পানীও লোৱা নাছিল। তেওঁৰ বাবেই সমগ্ৰ গকুল সুৰক্ষিত হৈ থাকিল৷ দিনটোত আঠবাৰ খাদ্য খোৱা বুলি বিবেচনা কৰি গোকুলৰ মানুহে কৃতজ্ঞতাৰ চিন হিচাপে তেওঁৰ বাবে ৫৬টা ভিন্ন পদ সাত দিনৰ খাদ্য হিচাপে প্ৰস্তুত কৰিছিল। তেতিয়াৰ পৰা জন্মাষ্টমীৰ দিনা ছাপ্পাৱন্ন বিধ ভোগৰ সামগ্ৰী তৈয়াৰ কৰা হয়। এই ভোগত কৃষ্ণৰ প্ৰিয় দৈ, মাখন, লৱণু আদিকে ধৰি নানা মিঠাই আৰু বিভিন্ন ব্যঞ্জন থাকে৷[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. চন্দ্ৰকান্ত অভিধান. গুৱাহাটী বিশ্ববিদ্যালয়. পৃষ্ঠা. ২৯৩. 
  2. নাথ, দ্বিজেন (২০০৮). গোৱালপৰীয়া লোকসংস্কৃতি. বনলতা. পৃষ্ঠা. ১৫৮. ISBN 978-81-7339-422-5. 
  3. বৰদলৈ, নিৰ্মলপ্ৰভা (১৯৯৬). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৮৪. 
  4. https://kolkatatvonline.in/westbengal/15114/Janmashtami-2022:-List-of-56-bhog-items-that-devotees-offer-Lord-Krishna