ছেইণ্ট পিটাৰ্ছ বেছিলিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেণ্ট পিটাৰছ বেছিলিকাৰ পৰা পুনঃনিৰ্দেশিত)
  • Papal Basilica of St. Peter
  • Basilica di San Pietro in Vaticano (ইটালিয়ান)
  • Basilica Sancti Petri (লেটিন)
A very detailed painting of a vast church interior. The high roof is arched. The walls and piers which support the roof are richly decorated with moulded cherubim and other sculpture interspersed with floral motifs. Many people are walking in the church. They look tiny compared to the building.

St. Peter's Basilica as painted by Giovanni Paolo Panini

Basic information
Location ভেটিকান চিটি Vatican City
Geographic coordinates 41°54′8″N 12°27′12″E / 41.90222°N 12.45333°E / 41.90222; 12.45333স্থানাংক: 41°54′8″N 12°27′12″E / 41.90222°N 12.45333°E / 41.90222; 12.45333
Affiliation Roman Catholic
Rite Roman
Year consecrated 1626
Ecclesiastical or organizational status Major basilica
Architectural description
Architect(s)
Architectural style Renaissance and Baroque
Groundbreaking 18 এপ্ৰিল 1506 (1506-04-18)
Completed 18 নৱেম্বৰ 1626 (1626-11-18)
Specifications
Length ৭৩০ feet (২২০ m)
Width ৫০০ feet (১৫০ m)
Height (max) ৪৫২ feet (১৩৮ m)
Dome dia. (outer) ১৩৭.৭ feet (৪২.০ m)
Dome dia. (inner) ১৩৬.১ feet (৪১.৫ m)

ছেণ্ট পিটাৰছ বেছিলিকা ইংৰাজী: St. Peter's Basilica হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।[1]


এই গিৰ্জাৰ স্থানত আগতে আন এটা গিৰ্জা আছিল আৰু জনশ্ৰুতিমতে প্ৰথম পোপ ছেণ্ট পিটাৰছৰ (মৃত্যু ৬৭ খ্ৰিষ্টাব্দ) সমাধিৰ স্থান তাতেই আছিল। ১৫০৬ চনত পোপ দ্বিতীয় জুলিয়াছে ছেণ্ট পিটাৰছ বেছিলিকাৰ কাম আৰম্ভ কৰে আৰু ১৬১৫ চনত ইয়াৰ নিৰ্মান সম্পূৰ্ণ হয়।[1]

নিৰ্মাণ শৈলী[সম্পাদনা কৰক]

পবিত্ৰ 'ক্ৰুছ'ৰ আকৃতিত ইয়াৰ ডিজাইন কৰা হৈছে। তাৰ ওপৰত এটা ডাঙৰ গম্বুজ আছে। প্ৰথম নিৰ্মাণৰ পাছৰ পৰ্যায়তো নানা সময়ত স্থপতিবিদ,ভাস্কৰ,চিত্ৰ শিল্পীসকলৰ নতুন নতুন কামৰ জৰিয়তে ই বৰ্তমানৰ ৰূপ পাইছেহি। ইটালিৰ প্ৰসিদ্ধ চিত্ৰকৰ ৰাফেলে এই গিৰ্জাৰ অন্তৰ্ভাগৰ অলংকৰণৰ ভালেখিনি কাম কৰিছিল। গিৰ্জাটোৰ ভিতৰৰ অংশও সুন্দৰ সুন্দৰ চিত্ৰ আৰু ভাস্কৰ্যকৃতিৰে সুশোভিত কৰা হৈছে। [1]

ইয়াতে আছে ইটালিৰ চিত্ৰশিল্পী মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৰ্ম 'পিয়েটা'। বিশ্বৰ বৃহত্তম গিৰ্জা ছেণ্ট পিটাৰছ বেছিলিকাৰ দৈঘ্য ২১৮.৭ মিটাৰ (৭১৭ ফুট ৬ইঞ্চি)। উচ্চতা ১৩৬.৫৭ মিটাৰ (৪৪৮.১ ফুট )। গিৰ্জাটোৰ মাটিকালি ২৩,০০০ বৰ্গমিটাৰ (২,৪৭,৫৭২ বৰ্গ ফুট)।

বৈশিষ্ট্য[সম্পাদনা কৰক]

উল্লেখযোগ্য যে মাজত খুটা নোহোৱাকৈ নিৰ্মাণ কৰা ছেণ্ট পিটাৰছ বেচিলিকা বিশ্বৰ এনেধৰনৰ প্ৰথম সৌধ। দ্বিতীয় হৈছে কৰ্ণাটকৰ গোল গম্বুজ।

গিৰ্জাটোৰ চৌহদত একেলগে দুই লাখ লোক সমবেত হ'ব পাৰে। [1]


At the front of the view are the backs of thirteen large statues that stand in along the edge of the façade. Beyond them can be seen the piazza which is in three parts. The nearest appears square, while the second widens into an oval surrounded on each side by the huge grey columns on the colonnade, and with the obelisk at its centre. Beyond that is a further square surrounded by pale pink buildings. A wide street leads from the square, at the end of which can be seen the river, a bridge and castle.
View of Rome from the Dome of St. Peter's Basilica

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "জ্ঞানাজ্ঞন". প্ৰান্তিক খণ্ড ৩২শ বছৰ (৫ম সংখ্যা): ৩৭. ১ - ১৫ ফেব্ৰুৱাৰি ২০১৩. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]