জতুৱা ঠাঁচ
জতুৱা ঠাঁচ (ইংৰাজী: Idiom) হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামুহিকভাবে ললেহে ওলাই, গাইগুটীয়াকৈ নহয়।[1] জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্য্যশালী কৰি তোলে।
বিৱৰণ
[সম্পাদনা কৰক]কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ বুলি কোৱা।[2] জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়।[3] উদাহৰণস্বৰূপে, অসমীয়া ভাষাত ব্যৱহৃত এটা জতুৱা ঠাঁচ হৈছে ‘কাণ কটা’। ইয়াৰ দুয়োটা শব্দৰ অৰ্থ গাইগুটিয়াকৈ চালে দেখা যায়[4] ‘কাণ’ হৈছে শ্ৰৱণ অংগ আৰু ‘কটা’ মানে যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে গতিকে গাইগুটিয়াকৈ ললে ইয়াৰ অৰ্থ হ’ব যাৰ কাণ কটা বা ছেদন কৰা হৈছে। শব্দকেইটা সামুহিকভাৱে ললে বা বাক্যত ব্যৱহাৰ কৰিলে ‘কাণ কটা’ জতুৱা ঠাঁচটোৱে ‘নিলাজ মানুহ’ক বুজায়। যেনে - ‘‘তোৰ দৰে কাণ কটা ল’ৰা মই দেখা নাই দেই, মাৰ খায়ো স্বভাৱ সলনি নহ’ল। ’’[5] [6]
উদাহৰণ
[সম্পাদনা কৰক]অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান জতুৱা ঠাঁচ হৈছে - মাটিৰ মানুহ (সহজ-সৰল লোক), চকুত লগা (ধুনীয়া), খাই পাত ফলা (অশলাগীলোক), তলা-নলা (আঁত-গুৰি নোহোৱা), চকুৰ মণি (আদৰৰ বস্তু), মন পা (মনৰ কথা বুজা), মাটি কৰ (কষ্ট কৰ), হাত পাত (সহায় বিচৰা), চিলিম চিগা (আশা ভংগ হোৱা), জাকত জিলিকা (অতি ধুনীয়া) আদি [7][6] অসমীয়া ভাষাত অলেখ জতুৱা ঠাঁচ আছে। জতুৱা ঠাঁচৰ প্ৰয়োগে অসমীয়া ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ঠাঁচ XOBDO.OR DICTIONARY.
- ↑ [1]
- ↑ [2]
- ↑ "জতুৱা ঠাঁচ". xobdo.org. https://xobdo.org/dic/%E0%A6%9C%E0%A6%A4%E0%A7%81%E0%A7%B1%E0%A6%BE%20%E0%A6%A0%E0%A6%BE%E0%A6%81%E0%A6%9A। আহৰণ কৰা হৈছে: 31 October 2024.
- ↑ [3]
- ↑ 6.0 6.1 ৰচনা সঞ্চয়ন, ২০০৪. অসম পাবলিচিং কোম্পানি. ফেব্ৰুৱাৰী, ২০০৪. পৃষ্ঠা. ১৫৮-১৬০. ISBN 81-86384-28-6.
- ↑ [4]