ট্ৰানজিষ্টৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেইটামান ট্ৰানজিষ্টৰ । ওপৰৰ পৰা তললৈ TO-3, TO-126, TO-92, SOT-23

ট্ৰানজিষ্টৰ হ'ল এবিধ অৰ্ধপৰিবাহী আহিলা । ইয়াক বৈদ্যুতিক সংকেত আৰু ক্ষমতা , এম্প্লিফাই কৰা আৰু সালসলনি কৰাত ব্যৱহাৰ কৰা হয় । অতিকমেও তিনিটা প্ৰান্তিক্(terminal) থকা এই আহিলাৰ মুখ্য উপাদান হ'ল অৰ্ধপৰিবাহী পদাৰ্থ । কোনো এয়োৰ টাৰ্মিনেলত প্ৰয়োগ কৰা বৈদ্যুতিক বিভৱ বা সোঁতৰ সালসলনি অনুসৰি আন এযোৰ টাৰ্মিনেলৰ বৈদ্যুতিক বিভৱ বা সোঁত সলনি হয় । বৰ্তমান ট্ৰানজিষ্টৰ এককভাবে অথবা সংযুক্ত বৰ্তনীত পোৱা যায় ।

ট্ৰানজিষ্টৰ ইলেক্ট্ৰনিক আহিলাপাতিৰ মৌলিক কাৰ্য্যকৰি অংশ । আজি ট্ৰানজিষ্টৰ অবিহনে আধুনিক ইলেক্ট্ৰ্নিক্স কল্পনাই কৰিব নোৱাৰি । ৫০ৰ দশকত উদ্ভাবিত ট্ৰানজিষ্টৰ ৰেডিঅ' ,কম্পিউটাৰ ,কেলকুলেটৰ আদি নানান আহিলাত ব্যৱহাৰ হয় ।

ট্ৰানজিষ্টৰৰ ইতিসাহ[সম্পাদনা কৰক]

ট্ৰানজিষ্টৰ আৱিষ্কাৰৰ পূৰ্বে তাপিয় ট্ৰায়ড্,(এক প্ৰকাৰৰ বায়ুশূন্য নলী) ৰেডিঅ', দুৰভাষ আদিত ব্যৱহাৰ কৰা হৈছিল । পিছে ই যঠেষ্ট শক্তি খৰচ কৰাৰ লগতে সহজে গৰমও হৈছিল । ১৯২৫ চনত পদাৰ্থবিজ্ঞানী জুলিয়াছ এডগাৰ লিলিয়েনফেল্ডে ফিল্ড ইফেক্ট ট্ৰানজিষ্টৰ আৱিষ্কাৰ কৰে ।[1] কিন্তু তেওঁ ইয়াৰ বিষয়ে কোনো গবেষণামুলক বা কাৰ্য্যপ্ৰণালী সম্পৰ্কীয় কোনো লেখা প্ৰকাশ কৰা নাছিল । আৰু সেইসময়ত উচ্চমানদণ্ডৰ অৰ্ধপৰিবাহীৰ উত্পাদন সহজ নাছিল । সেয়ে ই ট্ৰায়ডক অপসাৰিত কাৰিব নোৱৰিলে ।


তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. Vardalas, John. "ফিল্ড ইফেক্ট ট্ৰানজিষ্টৰ". todaysengineer.org. http://www.todaysengineer.org/2003/May/history.asp। আহৰণ কৰা হৈছে: December 24, 2011.