সমললৈ যাওক

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫
দীঘল শিৰোনাম
  • প্ৰতিটো ৰাজহুৱা কৰ্তৃপক্ষৰ কাম-কাজত স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় তথ্য আয়োগ আৰু ৰাজ্যিক তথ্য আয়োগ গঠন আৰু ইয়াৰ সৈতে সম্পৰ্কিত বা আনুষঙ্গিক বিষয়বোৰৰ বাবে নাগৰিকসকলৰ তথ্যৰ অধিকাৰৰ ব্যৱহাৰিক পদ্ধতি প্ৰবৰ্তন কৰাৰ বাবে এক আইন।
ভাষ্য Act No. 22 of 2005
প্ৰণয়নকাৰী ভাৰতৰ সংসদ
প্ৰণয়ন হয় ১৫-৬-২০০৫
সম্মতিৰ তাৰিখ ২২-৬-২০০৫
কাৰ্যকৰী হয় ১২-অক্টোবৰ-২০০৫[1]
স্থিতি: প্ৰচলিত

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ (ইংৰাজী: Right to Information Act, 2005; হিন্দী: सूचना का अधिकार अधिनियम, २००५) ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য'ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে। এই আইনখন ভাৰতৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য। তথ্য জনাৰ অধিকাৰ সংক্ৰান্তত জম্মু আৰু কাশ্মীৰৰ 'জম্মু আৰু কাশ্মীৰ তথ্য জনাৰ অধিকাৰ, ২০০৯' শীৰ্ষক এখন নিজা আইন আছে। এই আইনৰ অধীনত নাগৰিকে লোক কৰ্তৃপক্ষৰ (সহজ অৰ্থত, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিভাগসমূহ, ৰাজহুৱা খণ্ডৰ বেঙ্ক, বীমা প্ৰতিষ্ঠান, চৰকাৰী পূজি লাভ কৰা বেচৰকাৰী সংস্থা আদিৰ) নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য নিৰ্দিষ্ট মাচুলৰ বিনিময়ত বিচাৰিব পাৰে। এই আইনখন ২০০৫ চনৰ ১৫ জুনত সংসদত গৃহীত হৈছিল আৰু সেই বছৰৰে ১২ অক্টোবৰৰ পৰা পূৰ্ণ কাৰ্যকৰী হৈছিল।[1] 'চৰকাৰী গোপনীয়তা আইন, ১৯২৩' (Official Secrets Act 1923) আৰু এনেকুৱা কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল, সেইয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকিয়া কৰিলে।[2]

তথ্যৰ অধিকাৰ আন্দোলন

[সম্পাদনা কৰক]

আইনখনৰ বৈশিষ্ট্য

[সম্পাদনা কৰক]

নাগৰিকৰ তথ্যৰ অধিকাৰ

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত নাগৰিকে নিৰ্দিষ্ট মাচুলৰ বিনিময়ত (১) চৰকাৰী কাম-কাজ, নথি-পত্ৰ, দলিল আদি পৰীক্ষা কৰিব পাৰে; (২) দলিল বা নথি-পত্ৰৰ টোকা বা প্ৰমাণিত নকল বিচাৰিব পাৰে; (৩) সামগ্ৰীৰ প্ৰমাণিত নমুনা বিচাৰিব পাৰে; (৪) কম্পিউটাৰ বা তেনে কোনো আহিলাত সংৰক্ষিত হৈ থকা তথ্যৰ নকল ইলেক্ট্ৰনিক উপায়ে (ফ্লপি, ডিস্ক্, ভিডিঅ' কেচেট আদিত) বা প্ৰিণ্ট-আউট যোগে বিচাৰিব পাৰে।

অৱশ্যে কিছুমান তথ্য লোক কৰ্তৃপক্ষই প্ৰদান কৰিবলৈ বাধ্য নহয়। ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰিব পৰা তথ্য; আদালতৰ বাধা থকা বা ফাদিল কৰিলে আদালতৰ গৰিহণাৰ সন্মুখীন হ’বলগীয়া তথ্য; সংসদ বা বিধান মণ্ডলৰ বিশেষাধিকাৰ ভঙ্গ কৰিব পৰা তথ্য; বিদেশী চৰকাৰৰ পৰা গোপনভাৱে পোৱা তথ্য; অনুসন্ধানত বাধাৰ সৃষ্টি কৰিব পৰা তথ্য; নিৰাপত্তাৰ সৈতে জড়িত তথ্য আদি এই আইনৰ অধীনত পাব নোৱাৰি।

তথ্য কেনেকৈ বিচাৰিব পাৰে

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ত, ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা প্ৰতিষ্ঠানত একোজন লোক তথ্য বিষয়া নিযুক্তি দিয়া হৈছে। তথ্য প্ৰদানৰ কাম-কাজ এই বিষয়াজনে চোৱা-চিতা কৰে। নাগৰিকে যিকোনো তথ্য বিচাৰি লোক তথ্য বিষয়াৰ ওচৰত আবেদন কৰিব লাগে। আবেদন নিষ্পতিকৰণৰ সময়সীমা ৩০দিন। অৱশ্যে আবেদনৰ বিষয় যদি কোনো ব্যক্তিৰ জীৱন বা স্বত্ব সম্পৰ্কীয় হয়, তেন্তে তথ্য ৪৮ঘণ্টাৰ ভিতৰত যোগান ধৰিব লাগিব।

যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লোক তথ্য বিষয়াই আবেদনকাৰীৰ অনুৰোধ ৰক্ষা নকৰে বা লোক তথ্য বিষয়াই ভুল তথ্য দিয়ে বা তথ্য যোগানৰ বাবদ হ’বলগীয়া খৰচৰ হিচাপত ক্ষেত্ৰত আবেদনকাৰী সন্তুষ্ট নহয়, তেন্তে ইয়াৰ বিৰুদ্ধে আপিল কৰিব পাৰি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]