সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহু বিশিষ্ট সীমাবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলা হয়। দ্বি-মাত্ৰিক অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু নিকোলাই লোবাচেভ্স্কি সহ অন্যান্য জ্যামিতি বিশেষজ্ঞসকলৰ অৱদানৰ ফলস্বৰূপে অসমতলীয় জ্যামিতিটো বৰ্তমানে ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হয়। এই ধৰনৰ অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ নহয়। অথচ ইউক্লিডীয় জ্যামিতিৰ মূল ভিত্তিতেই এই ধাৰণাটি গঢ় লৈছে ।
[সম্পাদনা কৰক] বাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত
বাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনে -
- সমবাহু ত্ৰিভুজ - যাৰ তিনিটি বাহুৰ দৈৰ্ঘ্য সমান। (সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰতিটো কোণৰ মান ৬০° হয়।
- সমদ্বিবাহু ত্ৰিভুজ - যাৰ যিকোনো দুই বাহুৰ দৈৰ্ঘ্য সমান।(সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ ৯০° হ’লে আন সমান দুইটি বিপৰীত কোণ ৪৫°কৈ হ’ব।)
- বিষমবাহু ত্ৰিভুজ - যাৰ তিনিটা বাহুৰ দৈৰ্ঘ্য তিনি ধৰনৰ।(বিষমবাহু ত্ৰিভুজৰ তিনিওটা কোণেই এটা আনটোৰ পৰা পৃথক হয়।
 |
 |
 |
| সমবাহু |
সমদ্বিবাহু |
বিষমবাহু |
[সম্পাদনা কৰক] কোণৰ ভিত্তিত কৰা বিভাজন
কোণৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে -
- সমকোণী ত্ৰিভুজ - যাৰ যিকোনো এটি কোণ ১ সমকোণ বা ৯০°ৰ সমান।
- সূক্ষ্ণকোণী ত্ৰিভুজ - যাৰ তিনিটি কোণেই সূক্ষ্ণকোণ
- স্থূলকোণী ত্ৰিভুজ - যাৰ যিকোনো এটি কোণ স্থূলকোণ।
 |
 |
 |
| সমকোণী |
স্থূলকোণী |
সূক্ষ্ণকোণী |
|
|
|
|
বাহু অনুযায়ী বহুভুজৰ নামাকৰণ
|
|
১ দালৰ পৰা ১০ দাল
বাহু অনুযায়ী নামাকৰণ |
|
|
১১ দালৰ পৰা ২০ দাল
বাহু অনুযায়ী নামাকৰণ |
|
|
| অনান্য |
|
|
| তৰা বহুভুজ |
|
|