ত্ৰৈলোক্য দত্ত
ত্ৰৈলোক্য দত্ত | |
---|---|
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৯৩০ ৰতনপুৰ গাঁও, বৰপেটা জিলা |
মৃত্যু | ১১ নবেম্বৰ ২০২০ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কাৰ্টুনিষ্ট, চিত্ৰশিল্পী |
ত্ৰৈলোক্য দত্ত (ইংৰাজী: Trailokya Dutta, ১৮ ফেব্ৰুৱাৰী ১৯৩০ – ১১ নৱেম্বৰ ২০২০) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামৰে তেখেতে অসমৰ প্ৰথমটো 'বক্স কাৰ্টুন' বা 'পকেট কাৰ্টুন' অংকন কৰিছিল। একেখন কাকতৰ বাবে তেখেতে 'সময়ৰ শৰ' নামৰ শিতানটোও যুগুতাই আছিল। ত্ৰৈলোক্য দত্তই অসমত ৰাজনৈতিক কাৰ্টুনৰ ধাৰাটোৰ গুৰি ধৰিছিল।[1][2]
শব্দৰ মিতব্যয়িতা, কৌশলপূৰ্ণ আৰু বুদ্ধিদীপ্ত উপস্থাপন তেখেতৰ কাৰ্টুনৰ প্ৰধান বৈশিষ্ট্য বুলি কোৱা হয়।[2] ৰাজনৈতিক কাৰ্টুন আঁকিবলৈ তেখেতে 'যুগান্তৰ' কাকতৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী আৰ কে লক্ষ্মণৰ চিত্ৰকৰ্মই ত্ৰৈলোক্য দত্তক প্ৰভাৱিত কৰিছিল।[3] চিত্ৰকৰ্মৰ লগতে ত্ৰৈলোক্য দত্ত বৰ্ণাশুদ্ধি, বিজ্ঞাপন, অনুবাদ, থিয়েটাৰৰ ছেটিংছ, বেটুপাত অংকন-অলংকৰণ, নাট ৰচনা, আলোচনী সম্পাদনা, জ্যোতিষ চৰ্চা, সমাজ সেৱাৰ আদিৰ লগত জড়িত আছিল।[3]
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৩০ চনৰ ১৮ ফেব্ৰুৱাৰীত ত্ৰৈলোক্য দত্তৰ জন্ম হয়। তেখেতৰ জন্মস্থান হৈছে বৰপেটা জিলাৰ বজালীৰ ৰতনপুৰ গাঁৱত। তেখেতৰ পিতৃ হৈছে ৰতিৰাম দত্ত আৰু মাতৃৰ নাম ৰথেশ্বৰী দত্ত। বজালী হাইস্কুল আৰু দৰং মহাবিদ্যালয়ৰ পৰা তেখেতে ক্ৰমে প্ৰৱেশিকা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক (পি ইউ) পৰীক্ষাত উত্তীৰ্ণ হয়।[2]
তাৰপাছত তেওঁ গুৱাহাটীলৈ আহে আৰু টাইপ ৰাইটিং, ষ্টেনোগ্ৰাফী, সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫২ চনত তেওঁ নতুন অসমীয়া কাকতত বিজ্ঞাপন বিভাগৰ কাৰ্যালয় সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কাকতখনৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই ত্ৰৈলোক্য দত্তৰ চিত্ৰাংকণৰ দক্ষতাৰ বিষয়ে জানিবলৈ পাই তেখেতৰ হতুৱাই অসমৰ বান সমস্যাৰ ওপৰত এখন ব্যংগচিত্ৰ অংকন কৰায়।[1] ইয়াৰ পাছত তেখেতে সূৰ্য্য কুমাৰ ভূঞাৰ আমন্ত্ৰণত অসম চৰকাৰৰ 'চৰকাৰী বুৰঞ্জী আৰু পূৰাতত্ত্ব বিভাগ'ত যোগদান কৰে আৰু নষ্ট হ'বলৈ ধৰা পুৰণি পুথিৰ নৱ-লিখন কামত লাগে। চৰকাৰী জলপানি লৈ ত্ৰৈলোক্য দত্তই কলিকতাৰ চাৰুকলা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। কিন্তু সময়মতে জলপানিৰ ধন গৈ নোপোৱাত তেওঁ ইটো-সিটো কাম কৰি অধ্যয়ন চলাই যায়।
১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত তেওঁ অসমলৈ উভতি আহে। সেই সময়তে জলপানিৰ ধনো বন্ধ হৈ যায়। কিন্তু নিজৰ খৰচতে ত্ৰৈলোক্য দত্তই অধ্যয়ন অব্যাহত ৰাখে আৰু ১৯৬৩ চনত অধ্যয়ন সম্পূৰ্ণ কৰি অসমলৈ উভতি আহে।[1] ইয়াৰ পাছত তেখেতৰ নটৰাজ থিয়েটাৰৰ কলা বিভাগৰ বিভিন্ন কাম-কাজ চলাই যায়। কিছুবছৰৰ বাবে তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগতো চাকৰি কৰিছিল।[1]
জনসংযোগৰ চাকৰি বাদ দি দত্তই 'নতুন অসমীয়া'ৰ দ্বাৰা প্ৰকাশিত আৰু ৰাধিকামোহন ভাগৱতী সম্পাদিত আলোচনী ৰামধেনুত যোগ দিয়ে। ইয়াৰ পাছত 'আছাম ট্ৰিবিউন' গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন দৈনিক অসমীয়া বাতৰি কাকত দৈনিক অসমৰ লগত জড়িত হয়, আৰু কাকতখনৰ লগত তেখেতৰ দৈনিক কাৰ্টুন কাঁহুদী প্ৰকাশ পায়।[1]
ব্যংগচিত্ৰ (কাৰ্টুন) শিল্পী ৰূপে
[সম্পাদনা কৰক]ত্ৰৈলোক্য দত্তই অসমত ৰাজনৈতিক ব্যংগ চিত্ৰৰ ধাৰাটোৰ গুৰি ধৰিছিল। দৈনিক অসমৰ কাকতত তেখেতৰ নিয়মীয়া বক্স কাৰ্টুন আছিল 'কাঁহুদী'। কাঁহুদীত এহাল বুঢ়া-বুঢ়ীয়ে সদায়ে ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাটোক তীক্ষ্ণ ব্যংগোক্তিৰে সমালোচনা কৰি গৈছিল। কাঁহুদীৰ বৃদ্ধ মানুহজন 'কাঁহুদী ককা' হিচাপে জনাজাত হৈ পৰিছিল। দৈনিক অসমৰ বাহিৰেও পুলক গগৈৰ দ্বাৰা সম্পাদিত 'কাৰ্টুন' আৰু ৰবীন বৰুৱাৰ দ্বাৰা প্ৰকাশিত 'অবিকল' আলোচনীত ত্ৰৈলোক্য দত্তৰ কাৰ্টুন প্ৰকাশ পাইছিল।[1] বেছিভাগ কাৰ্টুনৰে তলত তেওঁৰ নামৰ আদ্যাক্ষৰ 'ত্ৰৈ'টো জিলিকি আছিল।[2]
কাৰ্টুনৰ বাহিৰেও ত্ৰৈলোক্য দত্তই বিভিন্ন আলোচনী আৰু কিতাপৰ চিত্ৰাংকন, অলংকৰণ আৰু বেটুপাতৰ কাম কৰিছিল।[1]
ৰামধেনুত কৰ্মৰত কালতে দত্তই বিষ্ণু ৰাভাৰ সন্মুখত তেখেতৰ এখন ৰেখাচিত্ৰ অংকন কৰি দিছিল, যিখনত বিষ্ণু ৰাভাই চহীও কৰিছিল। সম্ভৱতঃ সেই ছবিখনৰ যোগেদিয়েই ৰাধিকামোহন ভাগৱতীৰ সহযোগত বিষ্ণু ৰাভাক কলাগুৰু হিচাপে প্ৰথম সন্মান জনোৱা হয়।[1]
এটা সাক্ষাৎকাৰত ত্ৰৈলোক্য দত্তই সাম্প্ৰতিক সময়ৰ কাৰ্টুনৰ বিষয়ে মন্তব্য কৰিছিল-
“তেতিয়াৰ গুৰুত্ব আৰু এতিয়াৰ গুৰুত্বৰ মাজত অলপ তফাৎ আছে। তেতিয়াৰ গুৰুত্বটো কিন্তু এতিয়াৰ গুৰুত্বতকৈ মই বেছি বুলি ভাবোঁ। আজি-কালি বহুত ভাল ভাল কাৰ্টুন ওলায়, কিন্তু সমাজত যিখিনি প্ৰভাৱ পেলাব লাগে, সেই প্ৰভাৱটো মই দেখা নাই। তেতিয়া আনন্দও কৰিছিল। আমি যেতিয়া এই কাৰ্টুন আঁকিছিলোঁ তেতিয়া এটা প্ৰতিক্ৰিয়া হৈছিল সমাজখনত। আজি-কালি তেনে প্ৰতিক্ৰিয়া কাচিৎহে দেখা যায়।...”[3]
সাহিত্যিক হিচাপে
[সম্পাদনা কৰক]ত্ৰৈলোক্য দত্তই চিত্ৰশিল্পৰ বাহিৰেও গল্প আৰু নাটক ৰচনাতো মন দিছিল।
জ্যোতিষ-চৰ্চা
[সম্পাদনা কৰক]জ্যোতিষ-চৰ্চাতো ত্ৰৈলোক্য দত্তই মনোনিবেশ কৰিছিল। আশীৰ দশকত দত্তই 'সৃষ্টি' নামৰ এখন জ্যোতিষ সম্পৰ্কীয় আলোচনী উলিয়াইছিল। বোধহয় জ্যোতিশ-শাস্ত্ৰ সম্পৰ্কীয় সেইখনেই অসমৰ প্ৰথম আলোচনী আছিল। 'সাপ্তাহিক নীলাচল' কাকতৰ বাবে সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ অনুৰোধ ৰাখি তেখেতে কিছুদিনৰ বাবে ৰাশিফল লিখিছিল।[2]
সন্মান
[সম্পাদনা কৰক]- অসম চৰকাৰৰ শিল্পী পেন্সন
- বিষ্ণু ৰাভা বঁটা (২০০৮)
- অমূল্য কাকতী বঁটা (২০১৩)[4]
- শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা
মৃত্যু
[সম্পাদনা কৰক]২০২০ৰ ১১ নৱেম্বৰৰ দিনা চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তৰ দেহাৱসান হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 নিতুপৰ্ণ ৰাজবংশী, 'যাৰ কাৰ্টুনে মানুহৰ কথা কয়', অসমীয়া প্ৰতিদিন, পৃ. ৪, ২১ জানুৱাৰী, ২০১৫
- ↑ 2.0 2.1 2.2 2.3 2.4 দত্ত, কৰবী (২১ নৱেম্বৰ ২০২০). "ত্ৰৈলোক্য দত্ত: অসাধাৰণ মানুহ, অসাধাৰণ কাৰ্টুনিষ্ট". দৈনিক অসম. পৃষ্ঠা ৪. http://www.assamtribune.com/scripts/dainiknew.asp?id=nov2120/Page4। আহৰণ কৰা হৈছে: 21 November 2020.[সংযোগবিহীন উৎস]
- ↑ 3.0 3.1 3.2 দাস, উজ্জ্বল জ্যোতি (২১ নৱেম্বৰ ২০২০). "বৰেণ্য চিত্ৰশিল্পী তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্ত". দৈনিক অসম. পৃষ্ঠা ৪. http://www.assamtribune.com/scripts/dainiknew.asp?id=nov2120/Page4। আহৰণ কৰা হৈছে: 21 November 2020.[সংযোগবিহীন উৎস]
- ↑ "Trailokya Dutta conferred Amulya Kakati memorial award". The Assam Tribune. 10 ফেব্ৰুৱাৰী 2013. http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1013/at08। আহৰণ কৰা হৈছে: 22 মাৰ্চ 2015.[সংযোগবিহীন উৎস]
- ↑ "Renowned Cartoonist Trailokya Dutta Dies At 90". Asomiya Pratidin. https://www.pratidintime.com/renowned-cartoonist-trailokya-dutta-dies-at-90/। আহৰণ কৰা হৈছে: 12 November 2020.