দাৰিকী দাসী বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্বাৰিকী দাস বৰুৱা(ইংৰাজী: Dwariki Das Baruah) গোলাঘাট জিলাৰ মৰঙ্গী মৌজাৰ পঙ্কা গাঁৱৰ আনন্দীৰাম দাসৰ পত্নী৷[1] তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰতৰ আইন অমান্য আন্দোলনৰ বিশেষ কাৰ্যসূচী আছিল, মাদক দ্ৰব্য নিৰ্মূলকৰণ৷ এই আন্দোলনত দেশৰ যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল৷ মানুহক নিচামুক্ত কৰিবলৈ আফিঙৰ দোকানৰ আগত পিকেটিং কৰা হৈছিল৷ দ্বাৰিকী দাস বৰুৱা এই কাৰ্যসূচীত অগ্ৰণী ভূমিকা লৈছিল৷ সেই সময়ত তেওঁ গৰ্ভৱতী আছিল যদিও দেশৰ মংগলৰ বাবে ওলাই আহিছিল আৰু তাকে দেখি আন বহুতো মহিলাই ঘৰৰ পৰা ওলাই আহি আন্দোলনত জঁপিয়াই পৰিছিল৷ ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত পিকেটিং কৰা অৱস্থাতে দ্বাৰিকী দাস বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়৷[2] গৰ্ভৱতী অৱস্থাত আছিল বাবে শিৱসাগৰ জেল কৰ্তৃপক্ষই তেওঁক তেওঁৰ শাৰিৰীক অৱস্থালৈ চাই চৰ্তসাপােক্ষে মুক্তিৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনাবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ সেয়া কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কাৰাগাৰৰ ভিতৰতে পেটৰ অসুখত ভূগি ১৯৩২ চনৰ ২৬ এপ্ৰিলৰ দিনা[3] তেওঁৰ মৃত্যু হয়৷৷[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৬৬৬. 
  2. "স্বাধীনতা আন্দোলনত অসমীয়া মহিলাৰ ভূমিকা". https://ipurbanchal.in/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF/। আহৰণ কৰা হৈছে: 23 August 2023. 
  3. "দাৰিকী দাস আৰু ভোগেশ্বৰী ফুকননী". https://assamintro.com/dariki-das-and-bhogeswari-phukanani-biography-in-assamese/। আহৰণ কৰা হৈছে: 21 August 2023. 
  4. "Dwariki Das Baruah". https://amritmahotsav.nic.in/district-reopsitory-detail.htm?17945। আহৰণ কৰা হৈছে: 21 August 2023.