দীপিকা কুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপিকা কুমাৰী
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১৩ জুন, ১৯৯৪ (২৯ বছৰ)
ৰাঁচি, বিহাৰ, ভাৰত
বাসগৃহ ৰাঁচি, ঝাড়খণ্ড, ভাৰত
উচ্চতা 1.61 মিটাৰ (U=ft}}) (২০১০)
ওজন ৫৬ কেজি (১২০ পাউণ্ড) (২০১০)
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া আৰ্চাৰী
ক্লাব টাটা আৰ্চাৰী একাডেমী
দল ভাৰতীয় আৰ্চাৰী মহিলা দল
পেছাদাৰী হয় ২০০৬
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
সৰ্বোচ্চ বিশ্ব ৰেংকিং ১ম,[1] World record women recurve archery[2]

দীপিকা কুমাৰী (ইংৰাজী: Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল। লগতে তেওঁ দোলা বেনাৰ্জী আৰু বোম্বায়লা দেৱীৰ লগত মহিলাৰ দলগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল।

দীপিকা ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছিল আৰু তাত মহিলাৰ ব্যক্তিগত আৰু দলগত ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ তাত ৮ম স্থান অৰ্জন কৰিছিল।

তেওঁ ২০১২ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া পুৰস্কাৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হয়। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত দীপিকা এফ.আই.চি.পি.আই. কৰ্তৃ বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াব্যক্তিত্বৰ সন্মানেৰে ভুষিত হয়। ২০১৬ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী পুৰস্কাৰ অৰ্জন কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

দীপিকা কুমাৰী ৰাঁচিৰ পৰা ১৫ কিলোমিটাৰ দূৰৰ গাঁও ৰাতু চাটিত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ শিৱনাৰায়ণ মাহাতো এজন অট'ৰিক্সা ড্ৰাইভাৰ আৰু মাতৃ গীতা মাহাতো ৰাঁচি মেডিকেল কলেজেৰ নাৰ্চ। গাঁৱৰ আম গছৰ পৰা আম পাৰাক কেন্দ্ৰ কৰি দীপিকাৰ আৰ্চাৰী শিকা আৰম্ভ হয়।[3]

সাফল্য[সম্পাদনা কৰক]

দীপিকা দ্বিতীয় ভাৰতীয় হিচাপে মেক্সিক'ৰ মেৰিডাত অনুষ্ঠিত ২০০৬ আৰ্চাৰী বিশ্বকাপৰ জুনিয়ৰ কম্পাউণ্ড প্ৰতিযোগিতাত জয়ী হয়।

তেওঁ ২০০৯ চনত যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ১১তম যুৱ বিশ্ব আৰ্চাৰী চেম্পিয়নশিপত স্বৰ্ণ পদক জিকে। তেতিয়া তেওঁৰ বয়স ১৫বছৰ আছিল।

ব্যক্তিগত প্ৰদৰ্শনৰ টাইমলাইন[সম্পাদনা কৰক]

Tournament 2010 2011 2012 2013 2014 2015 SR
World Archery tournaments
Olympic Games 1R 0/1
World Championships 3R 3R 3R 1/3
World Cup
Stage 1 3R QF 2nd 0/4
Stage 2 QF 3R W 2R 3R 3rd 2/6
Stage 3 3R 2nd QF 1/3
Stage 4 2nd 3rd QF 3rd 34
World Cup Final QF 2nd 2nd 2nd DNQ 2nd 4/5
End of year world ranking 4 5 2 3

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "India's Deepika Kumari becomes World No. 1 archer". NDTV. 21 June 2012. Archived from the original on 20 July 2013. https://archive.ph/20130720182222/http://sports.ndtv.com/othersports/othersports/192199-indias-deepika-kumari-becomes-world-no-1-archer। আহৰণ কৰা হৈছে: 20 July 2013. 
  2. [1]
  3. "Deepika Kumari: From mangoes to CWG gold", The Siasat times, 10 October 2010, Retrieved 10 October 2010.

বহিঃসংযোগ[সম্পাদনা কৰক]