দীপ্তি ওমচেৰী ভল্লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দীপ্তি ওমচেৰী ভল্লা, জন্ম ১৯৫৭ চন, দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত আৰু চাৰু-কলা অনুষদৰ কৰ্ণাটকী সংগীতৰ অধ্যাপিকা আৰু এগৰাকী মোহিনিয়াট্টম নৃত্যশিল্পী।[1]

শিক্ষা[সম্পাদনা কৰক]

ভল্লাই ১৯৫৭ চনত দিল্লীত জন্মগ্ৰহণ কৰিছিল।[2]

তেওঁক নৃত্য আৰু গায়কীৰ প্ৰশিক্ষণ দিছিল তেওঁৰ মাতৃ লীলা ওমচেৰীয়ে, যি নিজেই এগৰাকী কৰ্ণাটকী সংগীত শিল্পী আছিল।[3] ভল্লাই কালমণ্ডলম কল্যাণিকুট্টী আম্মাৰ পৰা কেৰালাৰ মহিলা শাস্ত্ৰীয় একক নৃত্য মোহিনিয়াট্টম শিকিছিল।

ভল্লাই দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি কৰ্ণাটকী সংগীতত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি লাভ কৰে।[1][2]

কেৰিয়াৰ[সম্পাদনা কৰক]

ভল্লাই দিল্লীৰ সাহিত্য কলা পৰিষদত সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] ১৯৮৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হয়। ১৯৯৫ চনত সহযোগী অধ্যাপিকা আৰু ১৯৯৬ চনত অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1]

তেওঁৰ গৱেষণা কেৰালাৰ সংগীত আৰু নৃত্যৰ ওপৰত কেন্দ্ৰ কৰি কৰা হৈছিল।[4]

বঁটা[সম্পাদনা কৰক]

২০০৬ চনত তেওঁ কেৰালা সংগীত নাটক অকাডেমী বঁটা[5] আৰু ২০০৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।[6]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Deepti Bhalla". music.du.ac.in. https://music.du.ac.in/professor/deepti-bhalla.php। আহৰণ কৰা হৈছে: 2023-04-02. 
  2. 2.0 2.1 2.2 "DEEPTI OMCHERY BHALLA Akademi Award: Mohiniattam". Sangeet Natak Akademi. https://sangeetnatak.gov.in/public/uploads/awardees/docs/Deepti_Omchery_Bhalla.pdf। আহৰণ কৰা হৈছে: 1 April 2023. 
  3. "Dr. Deepti Omchery Bhalla". heritageindia.org. Archived from the original on 18 February 2020. https://web.archive.org/web/20200218150141/http://www.heritageindia.org/deepthi/artist.htm। আহৰণ কৰা হৈছে: 1 February 2019. 
  4. Nagarajan, Saraswathy (2016-11-24). "One step ahead" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/One-step-ahead/article16687070.ece. 
  5. "Kerala Sangeetha Nataka Akademi Award: Dance". Department of Cultural Affairs, Government of Keralakeralaculture.org. http://www.keralaculture.org/dance-a-ksna/466। আহৰণ কৰা হৈছে: 26 February 2023. 
  6. "SNA Awardees' List". Sangeet Natak Akademi. 2016. Archived from the original on 31 March 2016. https://web.archive.org/web/20160331060603/http://www.sangeetnatak.gov.in/sna/awardeeslist.htm। আহৰণ কৰা হৈছে: 5 February 2016.