দুগুণ বোজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
En kvinna arbetar i köket, en annan kvinna antecknar och klockar tiden (Rålambsvägen 8 och 10 i Stockholm)
ছুইডেনৰ ষ্টকহ’মৰ এখন ঘৰুৱা অৰ্থনীতি প্ৰতিষ্ঠানত এগৰাকী মহিলাই শিক্ষকৰ তত্ত্বাৱধানত ৰন্ধা-বঢ়া কৰি আছে। (১৯৫০)

দুগুণ বোজা (ইংৰাজী: Double burden,যাক দুগুন দিন, দ্বিতীয় শ্বিফ্ট আৰু ডাবল ডিউটি বুলিও কোৱা হয়[1]) হৈছে ধন উপাৰ্জনৰ বাবে কাম কৰা লোকৰ কামৰ বোজা, যিসকল অবৈতনিকভাৱে কৰা যথেষ্ট পৰিমাণৰ ঘৰুৱা শ্ৰমৰ বাবেও দায়বদ্ধ।[2]এই পৰিঘটনাটোক আৰ্লি হচচাইল্ডৰ একে নামৰ কিতাপখনৰ দৰে 'দ্বিতীয় শ্বিফট্' বুলিও কোৱা হয়। দুয়োজন সংগীয়ে দৰমহা পোৱা চাকৰিত কৰ্মৰত দম্পতীসমূহৰ ক্ষেত্ৰত দেখা গৈছে যে, প্ৰায়ে পুৰুষতকৈ মহিলাসকলে ঘৰৰ কাম আৰু যত্ন লোৱা কামত তুলনামূলকভাৱে অধিক সময় খৰচ কৰে৷ যেনে: সন্তান লালন-পালন বা পৰিয়ালৰ অসুস্থ সদস্যৰ যত্ন লোৱা। এই ফলাফল বহুলাংশে নিৰ্ধাৰিত হয় পৰম্পৰাগত লিংগ ভূমিকাৰ দ্বাৰা; যিবোৰ বিগত সময়ত সমাজে গ্ৰহণ কৰি আহিছে।

সমগ্ৰ বিশ্বতে অসমান কামৰ বোজা[সম্পাদনা কৰক]

ঔদ্যোগিক বিশ্বত[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বৰ[সম্পাদনা কৰক]

পৰম্পৰাগত মহিলা গৃহিণী–পুৰুষ উপাৰ্জনকাৰী আৰ্হিটোৱেই দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে মহিলাৰ নিয়োগৰ ক্ষেত্ৰত বৈশিষ্ট্য আছিল। ২০ শতিকাৰ প্ৰান্তত মহাদেশীয় আমেৰিকাত ১৫ বছৰৰ ঊৰ্দ্ধৰ মহিলাসকলৰ মাত্ৰ ১৮ শতাংশইহে অ-কৃষিভিত্তিক কৰ্মৰ পৰা আয় লাভ কৰা বুলি কয়।[3] এই মহিলাসকল সাধাৰণতে ডেকা, অবিবাহিত, শ্বেতাংগ আৰু থলুৱা আছিল। ইয়াৰ বিপৰীতে অ-কৃষিভিত্তিক শ্ৰমিক শক্তিৰ বিবাহিত মহিলাসকল "প্ৰধানকৈ কৃষ্ণাংগ বা অনুপ্ৰৱেশকাৰী আৰু অতি দৰিদ্ৰ" আছিল।[4] সন্তানসকল টকা উপাৰ্জন কৰিব পৰা বয়সৰ হ’লেই মহিলাসকল শ্ৰমিক গোটৰ পৰা ওলাই আহিছিল।

১৯২০ চনৰ আৰম্ভণিতে বৃত্তিগত সুযোগৰ ঢৌৱে, যেনে: কেফেটেৰিয়া, নাৰ্চাৰী, কাপোৰ ধোৱা আৰু অন্যান্য সুবিধাসমূহত মহিলাক ঘৰুৱা কামৰ পৰা মুক্ত কৰা যেন লাগিছিল আৰু উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিবলৈ একপ্ৰকাৰ অনুমতি প্ৰদান কৰিছিল।" [5]

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত বিশেষকৈ ঔদ্যোগিক দেশসমূহৰ কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ তুলনামূলকভাৱে উচ্চ মাত্ৰাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ লগে লগে মহিলাৰ বৃহৎ অংশ কৰ্মশক্তিৰ পৰা ওলাই আহিছিল যদিও শ্ৰমিক শ্ৰেণীৰ মহিলাৰ ধাৰণাটোৱেই স্বাভাৱিক হ’বলৈ সক্ষম হৈছিল। "২০০১ চনত আমেৰিকাৰ ৪৭ শতাংশ শ্ৰমিক মহিলা আছিল, আৰু ১৫ বছৰৰ ঊৰ্দ্ধৰ ৬১ শতাংশ মহিলা শ্ৰমিকৰ অংশ আছিল।"

দুগুণ বোজাৰ ধাৰণাটো সময়ৰ লগে লগে অধিক বিকশিত হৈছে।[6]প্ৰদানকাৰী আৰু যত্ন লোৱা ব্যক্তিৰ ভূমিকা কেতিয়াবা মহিলাৰ পৰা আশা কৰা হয়। কিন্তু যিমানেই অধিক মহিলাই কৰ্মশক্তিত প্ৰৱেশ কৰে, সিমানেই যেন এক ‘স্বাধীন’ মতাদৰ্শ কাৰ্যকৰী হোৱা যেন লাগে। কিছুমান মহিলাক কৰ্মজীৱন আৰু পৰিয়ালৰ মাজত সিদ্ধান্ত ল’বলৈ বাধ্য কৰোৱা হয়। কোনোৱে কঠোৰভাৱে এটা বা আনটো বিকল্প বাছি ল’ব পাৰে। কোনোৱে দুয়োটা জীৱনশৈলীৰ বোজা বহন কৰিবলৈ বাছি ল’ব পাৰে। কিছুমান আধুনিক পুৰুষে ঘৰুৱা শ্ৰমৰ সমান অংশীদাৰিত্বৰ নীতিত বিশ্বাস কৰে, কিন্তু প্ৰকৃততে সেই বিশ্বাসৰ সৈতে খাপ খুৱাব নোৱাৰে।" [7] আধুনিক যুগে বহুতো দুগুণ আয়ৰ দম্পতীয়ে বিনা বেতনে ঘৰুৱা কাম আৰু দৰমহাযুক্ত নিয়োগৰ মাজত মিল ৰাখিবলৈ চেষ্টা কৰাৰ সময়ত সন্মুখীন হোৱা দ্বিধাদ্বন্দ্বৰ ওপৰত আলোকপাত কৰে।[7] দুয়োটা মতাদৰ্শকে সামৰি লোৱাৰ বোজাই আজিৰ সমাজত উভয় লিংগৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়।[7]

পশ্চিম ইউৰোপ[সম্পাদনা কৰক]

১৯৬০ চনৰ পৰাই পশ্চিম ইউৰোপে কৰ্মশক্তিত মহিলাৰ অধিকাৰ বৃদ্ধিৰ বাবে ধাৰাবাহিক ৰাজনৈতিক বিতৰ্কত অংশগ্ৰহণ কৰি আহিছে। ২০০০ চনত নাৰীৰ অধিকাৰ বিবেচনা কৰাৰ পৰা মাতৃৰ অধিকাৰলৈ পৰিৱৰ্তন ঘটিছে। গৰ্ভৱতী মহিলাৰ লগতে মাতৃৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু বিশেষভাৱে মাতৃৰ বাবে আইন সৃষ্টিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। এতিয়াও মহিলাসকলেই শিশুৰ যত্ন ল’ব লাগে জাতীয় কেতবোৰ লিংগ পক্ষপাতিত্ব অন্তৰ্নিহিত হৈ আছে।[8]

পশ্চিম ইউৰোপৰ কিছুমান অঞ্চল; বিশেষকৈ স্ক্যাণ্ডিনেভিয়ান দেশসমূহে পৰিয়াল-সম্পৰ্কীয় এক অনুকূল নীতি সৃষ্টি কৰি আহিছে- যিয়ে তেওঁলোকক কৰ্মশক্তিত অংশগ্ৰহণৰ ক্ষেত্ৰত থকা লিংগ পাৰ্থক্যক প্ৰতিহত কৰাত সহায় কৰিছে।[9] নৰ্ডিক দেশসমূহত কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক আৰু দৰমহাৰ পাৰ্থক্য আটাইতকৈ কম।[10] বৃদ্ধ আৰু যুৱক-যুৱতীসকলক যত্ন লোৱাৰ ক্ষেত্ৰত চৰকাৰী সাহায্যই স্ক্যাণ্ডিনেভিয়াৰ মহিলাসকলক পুৰুষৰ সমান হাৰত শ্ৰমিক জনসংখ্যাৰ অংশ হ'বলৈ সক্ষম কৰি তুলিছে।[9]

পূব ইউৰোপ[সম্পাদনা কৰক]

সাম্যবাদৰ অধীনত সকলোকে কৰ্মসংস্থাপনৰ নিশ্চয়তা দিয়া হৈছিল। কিন্তু মহিলাসকলে দৰমহা আৰু অবৈতনিক কামৰ দুগুণ বোজা ভোগ কৰিছিল, যাৰ ফলত জন্মৰ হাৰ কম হৈছিল। সামাজিক সমতাৰ প্ৰতি দায়বদ্ধতা আৰু জন্মৰ হাৰ হ্ৰাস পোৱাৰ বিষয়টোৱে মহিলাসকলক কিছু অধিকাৰ লাভ কৰিবলৈ অনুমতি দিছিল। তাৰ ভিতৰত আছিল:শিশুৰ যত্ন আৰু শিশু ভাট্টা।[11] উদাহৰণস্বৰূপে, ছোভিয়েট ইউনিয়নত প্ৰসূতিকালীন ছুটী তিনি বছৰলৈ বৃদ্ধি কৰা হয় আৰু অংশকালীন কাম আৰম্ভ কৰা হয়।[12]

এছিয়া[সম্পাদনা কৰক]

পশ্চিম আৰু দক্ষিণ এছিয়াত মহিলাসকলে শ্ৰমিক শক্তিৰ এক তৃতীয়াংশহে প্ৰতিনিধিত্ব কৰে।[13] ইয়াৰে বহুতেই, আনকি অধিক আধুনিক এছিয়ান দেশৰ মহিলাসকলো অনানুষ্ঠানিক খণ্ডৰ সৈতে জড়িত। [14]

যিবোৰ দেশত মহিলাসকলে পৰিয়াল প্ৰতিপালনৰ বাবে দৰমহা পোৱা কাম কৰিবলগীয়া হয়; সেইবোৰ দেশত মহিলা শ্ৰমিক সম্পৰ্কে নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ মানদণ্ডৰ অভাৱ দেখা যায়। ইয়াৰ আঁৰত আছে বৃহৎ পৰিমাণৰ অনানুষ্ঠানিক কাম।[14] উদাহৰণস্বৰূপে; থাইলেণ্ডত ১৯৯৭ চনত হোৱা ভয়াৱহ অৰ্থনৈতিক সংকটৰ বাবে বহু মহিলাই অনানুষ্ঠানিক উদ্যোগত চাকৰি লাভ কৰে আৰু প্ৰায়ে ঘৰুৱা কাম কৰে; যাতে তেওঁলোকে ঘৰুৱা কামবোৰ নিজৰ দৰমহা পোৱা চাকৰিৰ সৈতে সমান্তৰালভাৱে কৰিব পাৰে। ইয়াৰ ফলত মহিলাসকলৰ ক্ষেত্ৰত এটা সময়ত এটাতকৈ অধিক কামত নিয়োজিত হোৱাৰ তীব্ৰতা বৃদ্ধি পায় আৰু ইয়াৰ ফলত মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটাও দেখা যায়।[15]

সমাধান[সম্পাদনা কৰক]

সাংস্কৃতিক বিৱৰ্তন[সম্পাদনা কৰক]

দুগুণ বোজাটো পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি আৰু শ্ৰম তথা মূল্যৰ পুঁজিবাদী আৰ্হিৰ সৃষ্টি (byproduct), যিবোৰ এতিয়াও বিদ্যমান। পিতৃতান্ত্ৰিক তথা পুঁজিবাদী ক্ষমতাৰ গাঁথনিৰ বিগঠন কৰিলে এই দুগুণ বোজা দূৰ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।[16]

পৰিয়ালৰ অনুকূল পদক্ষেপ[সম্পাদনা কৰক]

পৰিয়ালৰ অনুকূল পদক্ষেপসমূহ অবৈতনিক কামৰ বোজা পুনৰ্বিতৰণ আৰু দুগুণ বোজা লাঘৱ কৰাৰ এক সম্ভাৱ্য সমাধান। সম্ভাব্য পদক্ষেপসমূহৰ ভিতৰত আছে: নমনীয় কৰ্মৰ সময়; অংশকালীন আৰু চাকৰি-ভাগ-বতৰা কৰাৰ বিকল্প; অভিভাৱকৰ ছুটী; শিশুৰ যত্নৰ ৰাজসাহায্য আদি। কৰ্মক্ষেত্ৰৰ নীতি-নিয়ম আৰু পদ্ধতি সলনি কৰিবলৈ প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ ভিতৰত ব্যক্তিগত, অভ্যন্তৰীণ, স্থানীয় পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আনটো পদ্ধতিয়ে চৰকাৰী হস্তক্ষেপৰ আহ্বান জনাইছে। পিতৃ-মাতৃৰ চাকৰিৰ সুযোগ, উন্নতি আৰু ক্ষতিপূৰণৰ প্ৰতি কমকৈ ত্যাগ কৰি শিশুৰ সঠিক যত্নৰ সুবিধাৰ বাবে কিছুমান আৰ্হি প্ৰস্তুত কৰা হৈছে। [9]

চৰকাৰী পদক্ষেপ[সম্পাদনা কৰক]

শিশু প্ৰতিপালন ব্যৱস্থা

নৰ্ডিক দেশসমূহে পৰিয়ালৰ অনুকূল পদক্ষেপৰ ব্যৱহাৰৰ উদাহৰণ দাঙি ধৰে। উদাহৰণস্বৰূপে আইচলেণ্ডত ন মাহৰ অভিভাৱকৰ ছুটী তৃতীয়াংশত ভাগ কৰা হয়। তিনিমাহ মাকৰ বাবে, তিনিটা অ-হস্তান্তৰযোগ্য মাহ পিতৃৰ বাবে আৰু তিনিটা মাহ আছে যিবোৰ পিতৃ-মাতৃ দুয়োজনে ভাগ কৰি ল'ব পাৰে। এই ধন পৰিশোধ কৰা হয় দৰমহাৰ ৮০ শতাংশৰে। ২০০১ চনৰ পৰা ২০০৩ চনৰ অক্টোবৰলৈকে পুৰুষে লোৱা দিনৰ সংখ্যা গড় হিচাপত ৩৯ৰ পৰা ৮৩লৈ বৃদ্ধি পাইছে৷ লগতে আইচলেণ্ডৰ ১৩ শতাংশ পিতৃয়ে নিজৰ অ-হস্তান্তৰযোগ্য অংশতকৈ অধিক ব্যৱহাৰ কৰিছে।" [17]

চৰকাৰী পৰিয়ালৰ অনুকূল পদক্ষেপ যেনে: শিশু ৰাজসাহায্য আৰু কম মূল্যৰ শিশু যত্নৰ সুবিধাইও কৰ্মক্ষেত্ৰত লিংগ পাৰ্থক্য বহু পৰিমাণে হ্ৰাস কৰিব পাৰে; কাৰণ মহিলাগৰাকীয়ে ঘৰৰ বাহিৰত অধিক সময় কাম কৰিব পাৰে।[18] ইয়াৰ উপৰি, দৰমহা পোৱা কামৰ সৈতে জড়িত নীতি প্ৰস্তুত কৰাৰ সময়ত দৰমহা পোৱা আৰু বেতনহীনতা-দুয়োটা খণ্ডতে নীতিৰ প্ৰভাৱ মূল্যায়ন কৰিবলৈ লিংগ প্ৰভাৱ মূল্যায়ন কৰাটো গুৰুত্বপূৰ্ণ।[9]

কৰ্মক্ষেত্ৰৰ পদক্ষেপ[সম্পাদনা কৰক]

যেতিয়াই নতুন কৰ্ম সময়ৰ নীতিৰ সন্দৰ্ভত নতুন নীতিৰ কথা কোৱা হয়, তেতিয়াই প্ৰায়ে কৰ্ম-সপ্তাহ কম হোৱাৰ বিনিময়ত দীঘলীয়া কৰ্ম-ঘণ্টাৰ যুক্তি দিয়া হয়। [19] শিশুৰ যত্ন লোৱা লোকসকলৰ বাবে এইটো প্ৰায়েই সৰ্বোত্তম কামৰ সময় নহয়; কাৰণ ল’ৰা-ছোৱালীয়ে দিনটোত হয়তো ছয় ঘণ্টা স্কুললৈ যায়; আঠ বা দহঘণ্টা নহয়। শিশুৰ যত্ন লোৱা আৰু ঘৰুৱা কৰ্তব্যৰ লগতে বৈতনিক খণ্ডত কাম কৰাৰ বোজা কম কৰিবলৈ কৰ্মক্ষেত্ৰসমূহে এনে নীতি বিবেচনা কৰিব লাগে যিয়ে যত্ন লোৱাসকলৰ পছন্দৰ কৰ্ম-সময়ৰ প্ৰতি লক্ষ্য ৰাখিব পাৰে। ইয়াৰ উপৰি এতিয়া বহু শ্ৰমিকে ঘৰুৱা কাম আৰু দৰমহা পোৱা কামক একত্ৰিত কৰাটো প্ৰায়ে দেখা যায়। আটাইতকৈ ফলপ্ৰসূ শ্ৰমিক পাবলৈ কোম্পানীসমূহে এই ক্ষেত্ৰখনৰ শ্ৰেষ্ঠ লোকক আকৰ্ষণ কৰিবলৈ নিজৰ নীতি সলনি কৰাৰ কথা চিন্তা কৰিব লাগে।[19]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Suzana Smith and Diana Converse. Double Day Work: How Women Cope With Time Demands Archived 2020-12-05 at the Wayback Machine. University of Florida, IFAS Extension.
  2. Phyllis Moen (1989). Working Parents. University of Wisconsin Press. পৃষ্ঠা. 4. ISBN 9780299121044. 
  3. Acemoglu, Daron; Autor, David H.; Lyle, David (2004). "Women, War, and Wages: The Effect of Female Labor Supply on the Wage Structure at Midcentury". Journal of Political Economy খণ্ড 112 (3): 497–551. doi:10.1086/383100. "Samples include men and women aged 14–64 in the year for which earnings are reported, who are not residing in institutional group quarters (such as prisons or barracks), and are not employed in farming. (p. 511)". 
  4. Rosenfeld, Rachel A. (1996). "Women's Work Histories". Population and Development Review খণ্ড 22: 199–222. doi:10.2307/2808012. 
  5. Siegelbaum, Lewis. "1968: The Double Burden". http://www.soviethistory.org/index.php?page=subject&SubjectID=1968burden&Year=1968। আহৰণ কৰা হৈছে: Dec 7, 2011. 
  6. Vaananen, Ari; May V. Kevin; Leena Ala-Mursula; Jaana Pentti; Mika Kivimaki; Jussi Vahtera (2004). "The Double Burden of and Negative Spillover Between Paid and Domestic Work: Associations with Health Among Men and Women". Women & Health খণ্ড 40 (3): 1–18. doi:10.1300/J013v40n03_01. PMID 15829442. 
  7. 7.0 7.1 7.2 Conway, John Fredrick (2003). The Canadian Family in Crisis. James Lorimer & Company. পৃষ্ঠা. 213–232. ISBN 9781550287981. https://archive.org/details/canadianfamilyin0000conw_u3s7. 
  8. Roberta Guerrina (2002). Mothering in Europe: Feminist Critique of European Policies on Motherhood and Employment, European Journal of Women Studies 9(1). doi: 10.1177/1350506802009001381
  9. 9.0 9.1 9.2 9.3 Himmelweit, Susan (2002). "Making visible the hidden economy: the case for gender-impact analysis of economic policy". Feminist Economics খণ্ড 8 (1): 49–70. doi:10.1080/13545700110104864. 
  10. (2013). The Global Gender Gap Report, World Economic Forum.
  11. Molyneux, M. (1995). "Superwomen and the Double Burden: Women's Experience of Change in Central and Eastern Europe and the Former Soviet Union". Feminist Studies খণ্ড 21 (3): 637–645. doi:10.2307/3178205. 
  12. Roudakova, N.; Ballard-Reisch, D. (1999). "Femininity and the Double Burden: Dialogues on the Socialization of Russian Daughters into Womanhood". Anthropology of East Europe Review. 
  13. Martha Chen, Joann Vanek, Francie Lund, James Heintz with Renana Jhabvala, Christine Bonner (2005). Progress of the World's Women. UN Women.
  14. 14.0 14.1 Jeemol Unni, (2004). Globalization and Securing Rights for Women Informal Workers in Asia Archived 2016-03-04 at the Wayback Machine, Journal of Human Development, 5(3). doi: 10.1080/1464988042000277233
  15. Maria S. Floro & Anant Pichetpongsa (2010). Gender, Work Intensity, and Well-Being of Thai Home-Based Workers, Feminist Economics, 16(3), 5-44, doi: 10.1080/13545701.2010.499657
  16. Bruneau, Camille (27 April 2021). "How do patriarchy and capitalism jointly reinforce the oppression of women?" (en ভাষাত). CADTM. https://www.cadtm.org/How-do-patriarchy-and-capitalism-jointly-reinforce-the-oppression-of-women। আহৰণ কৰা হৈছে: 27 April 2021. 
  17. [consolidated.pdf "Access to Full Employment and Decent Work"]. World Survey. 2009. পৃষ্ঠাসমূহ: 27–40. https://www.un.org/womenwatch/daw/egm/impact_bdpfa/EP2%20-%20Schmidt_Final%20[consolidated].pdf. 
  18. Aslaksen, Lulie; Koren, Charlotte; Stokstad, Marianne (2000). "The Effect of Child Care Subsidies: A Critique of the Rosen Model". Feminist Economics খণ্ড 6 (1): 95–103. doi:10.1080/135457000337705. 
  19. 19.0 19.1 Sirianni, Carmen; Negrey, Cynthia (2000). "Working Time as Gendered Time". Feminist Economics খণ্ড 6 (1): 59–76. doi:10.1080/135457000337679. http://elartu.tntu.edu.ua/handle/lib/39819.