নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন (ইংৰাজী: Feminist science and technology studies) হৈছে বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়নৰ এটা তাত্ত্বিক উপক্ষেত্ৰ৷ এইখন ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত লিংগৰ ক্ৰিয়া বা সঁহাৰি সম্পৰ্কে অন্বেষণ কৰা হয়। প্ৰযুক্তিগত নিৰ্ধাৰণবাদৰ আধিপত্যক নাকচ কৰা STS (বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন,Science and Technology Studies) আৰু অন্যান্য আপেক্ষিকতাবাদী তত্ত্বৰ সমান্তৰালভাৱে ১৯৮০ চনৰ আৰম্ভণিতে এই ক্ষেত্ৰখনৰ উত্থান ঘটিছিল। ইয়াত প্ৰস্তাৱ কৰা হৈছিল যে বাস্তৱতা নিৰ্দিষ্ট নহয়, বহুবিধ আৰু বৈজ্ঞানিক বস্তুনিষ্ঠতাৰ ওপৰতহে পৰিস্থিতিগত জ্ঞানক (Situated knowledge) অগ্ৰাধিকাৰ দিয়া হয়।[1][2]লিংগ আৰু প্ৰযুক্তিৰ মাজৰ সহ-গঠনমূলক সম্পৰ্কই একবিংশ শতিকাৰ ভিতৰত নাৰীবাদী STS বাইনাৰী লিংগ ভূমিকাক প্ৰত্যাখ্যান কৰাত অৰিহণা যোগাইছিল৷ ক্ষেত্ৰখনে ইণ্টাৰনেটত ব্যাপক গ্ৰহণযোগ্যতাৰ মাজতে নাৰীবাদী প্ৰযুক্তিবিজ্ঞান আৰু কুইয়াৰ তত্ত্বৰ নীতিসমূহ অন্তৰ্ভুক্ত কৰিবলৈ কাঠামো সম্প্ৰসাৰণ কৰিছে।[3]

গৱেষণাৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ ভিতৰত নীতি বিকাশ, প্ৰজনন, ঔষধ, গ্ৰাহক সামগ্ৰীৰ ডিজাইন আৰু ব্যৱহাৰ, আৰু অভিযান্ত্ৰিক সংস্কৃতি আদি অন্তৰ্ভুক্ত৷ গৱেষকসকলে অমানৱীয় ভূমিকা-পালকৰ সৈতে মত বিনিময় কৰা ব্যক্তি বা গোটৰ দ্বাৰা লিংগ সৃষ্টি আৰু সৃষ্টিৰ উপায়সমূহ অন্বেষণ কৰে।[2][4] নাৰীবাদী STSৰ পণ্ডিতসকলে সহ-নিৰ্মাণৰ এই সম্পৰ্কক অগ্ৰাধিকাৰ দি এই কথাত গুৰুত্ব আৰোপ কৰে যে লিংগ বা প্ৰযুক্তি আৰু বিজ্ঞানৰ কোনোটোৱেই ইয়াৰ পাৰস্পৰিক ক্ৰিয়াৰ ঊৰ্ধত নাথাকে; বৰঞ্চ সামাজিক আৰু বস্তুগত পাৰস্পৰিক ক্ৰিয়াত বাস্তৱতাহে থাকে, যাৰ ফলত এই ধাৰণাসমূহৰ সৃষ্টি হয়।[5] এই বস্তুগত-লক্ষণবাদ (Semiotic) কাঠামো স্থাপনৰ বাবে নাৰীবাদী STSৰ গৱেষকৰ মাজত আভ্যন্তৰীণ আলোচনা দশক দশক ধৰি চলিছিল৷ [3][5]

নাৰীবাদী STSৰ মূল ধাৰণাসমূহৰ ভিতৰত বস্তু-লক্ষণবাদ, অৱস্থিত জ্ঞান আৰু সামাজিক গঠনবাদ আদি অন্তৰ্ভুক্ত। এই শাখাটোৱে সমসাময়িক STS গৱেষণাত বস্তু-লক্ষণবাদ তত্ত্বত অৰিহণা যোগাইছে যদিও ইয়াৰ গৱেষণাত ধাৰণাসমূহক সাৰ্বজনীন কৰি তুলিব নোৱাৰাৰ বাবে সমালোচনাও লাভ কৰিছে, যাৰ ফলত এই ক্ষেত্ৰখনৰ প্ৰভাৱ সীমিত হৈ পৰিছে।[2][5]

পটভূমি আৰু প্ৰসংগ[সম্পাদনা কৰক]

১৯৮০ চনৰ আৰম্ভণিৰ পৰা ১৯৯০ চনৰ শেষলৈ[সম্পাদনা কৰক]

১৯৮০ চনৰ আৰম্ভণিতে নাৰীবাদী STS বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়নত নাৰীবাদী তত্ত্বৰ প্ৰৱৰ্তনৰ দ্বাৰা প্ৰেৰিত হৈ সামাজিক তত্ত্ব হিচাপে আত্মপ্ৰকাশ কৰে, যাৰ আংশিক কৃতিত্ব ১৯৮৫ চনৰ ডনা হাৰাৱেৰ প্ৰবন্ধ "এ চাইবৰ্গ মেনিফেষ্টো"ৰ বাবে দিয়া হয়।[2] বস্তুনিষ্ঠতা আৰু প্ৰযুক্তিগত নিৰ্ধাৰণবাদৰ সমালোচনাৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰযুক্তিৰ সামাজিক নিৰ্মাণ (SCOT) আৰু অভিনেতা-নেটৱৰ্ক তত্ত্ব (ANT)ৰ সমান্তৰালভাৱে এই শাখাটোৱে STSত প্ৰাধান্য লাভ কৰে।[2] প্ৰাথমিক নাৰীবাদী STS সাহিত্যত প্ৰযুক্তি ব্যৱহাৰৰ লিংগ পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, যেনে: ক্ল'ড এছ ফিচাৰৰ আৱাসিক টেলিফোনৰ অধ্যয়ন[6] আৰু চিন্থিয়া ককবাৰ্ন আৰু চুজান অৰ্মৰডৰ মাইক্ৰৱেভ অভেনৰ অধ্যয়ন।[7]

জুডি ৱেজকমেনে ১৯৮০ চনৰ আৰম্ভণিৰ পৰা শতিকাৰ পৰিৱৰ্তনলৈকে এই শাখাৰ গৱেষণাৰ ভিতৰত সংঘটিত হোৱা সংঘাত আৰু আলোচনাৰ বিষয়ে মন্তব্য কৰিছিল আৰু এই বিতৰ্কসমূহক নাৰীবাদী STS-এ বিকশিত কৰা লিংগ-প্ৰযুক্তিৰ সম্পৰ্কৰ জটিল বুজাবুজিৰ বাবে কৃতিত্ব দিছিল।[8] চাইবাৰস্পেচে লিংগ আৰু প্ৰযুক্তিৰ সহ-নিৰ্মাণৰ গৱেষণাৰ বাবে নতুন সম্ভাৱনাৰ প্ৰৱৰ্তন কৰে, যি দুয়োটাকে নাৰীবাদী STS-এ আৰু পৃথক আৰু স্থিৰ বুলি ধাৰণা কৰা নাছিল, বৰঞ্চ আন্তঃসংযোগী আৰু একাধিক বুলিহে বিবেচনা কৰিছিল।[8]

২০০০ চনৰ পৰা বৰ্তমানলৈ[সম্পাদনা কৰক]

নাৰীবাদী STS সাহিত্যৰ দুটা দশকৰ পূৰ্বৰ গৱেষণাৰ ওপৰত ভিত্তি কৰি অধ্যয়নসমূহে সহস্ৰাব্দৰ প্ৰান্তত যুগুতোৱা কাঠামোৰ ওপৰত ভিত্তি কৰি নীতি গ্ৰহণ কৰিছিল৷ যেনে: লিংগ কেনেকৈ বৈদ্যুতিক শ্বেভাৰলৈ বিন্যাসিত হয় সেই সম্পৰ্কে এলেন ভান অষ্টৰ গৱেষণা,[9] ৰুথ শ্ব'ৱাৰ্টজ কোৱানৰ প্ৰযুক্তিগত অধ্যয়ন মহিলাৰ শ্ৰম বৃদ্ধি কৰা উদ্ভাৱন,[10] আৰু জেনিফাৰ আৰ ফিচমেনে ঔষধ প্ৰযুক্তিৰ সম্ভাৱনাৰ অন্বেষণ কৰি সম্ভাৱ্য গ্ৰাহকক অকাৰ্যকৰী বুলি চিহ্নিত কৰা।[11] কুইয়াৰ সম্প্ৰদায়ত দশক দশক ধৰি শৰীৰ পৰিৱৰ্তনৰ পদ্ধতি সম্পৰ্কীয় গৱেষণাই এনে ব্যক্তিৰ জৰিয়তে লিংগ আৰু প্ৰযুক্তিৰ মাজত বস্তুগত সংযোগৰ প্ৰৱৰ্তন কৰিছিল যিয়ে নিজৰ শৰীৰৰ শাৰীৰিক পৰিৱৰ্তনৰ জৰিয়তে নিজৰ বাবে বিভিন্ন লিংগক প্ৰতিনিধিত্ব কৰিছিল আৰু সৃষ্টি কৰিছিল,[12]বাইনাৰী পৰিভাষাৰ বাহিৰেও লিংগৰ ওপৰত শৈক্ষিক সাহিত্য আৰু অধিক প্ৰতিষ্ঠা কৰিছিল আৰু কুইয়াৰ তত্ত্বক নাৰীবাদী STSলৈ সংযোগ কৰিছিল।

মূল ধাৰণাসমূহ[সম্পাদনা কৰক]

বস্তু-চিহ্নবাদ(Material-semiotics)[সম্পাদনা কৰক]

বস্তু-চিহ্নবাদ তত্ত্ব হৈছে এক আপেক্ষিকতাবাদী তত্ত্ব য'ত সমাজৰ বস্তুৰ পৰা পৃথককৈ কোনো অস্তিত্ব নাথাকে৷ ইয়াক নাৰীবাদী STSত মানুহ আৰু প্ৰযুক্তিৰ মাজৰ সহ-গঠনমূলক সম্পৰ্ক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[2]

পৰিস্থিতিগত জ্ঞান (Situated knowledges)[সম্পাদনা কৰক]

কোনো বিষয়ৰ সম্পৰ্কে লিখা জ্ঞানৰ বিপৰীতে বিষয়ৰ দৃষ্টিকোণৰ পৰা সৃষ্টি কৰা জ্ঞানক পৰিস্থিতিগত জ্ঞান বোলে।[1] নাৰীবাদী STS-এ বৈজ্ঞানিক ব্যাখ্যাৰ বুজাবুজিৰ বাহিৰৰ বাস্তৱতাসমূহ অন্বেষণ কৰিবলৈ প্ৰান্তীয় বাস্তৱতাৰ পৰা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে, যাক "অধীন জ্ঞান" বুলি কোৱা হয়।[1]

সামাজিক গঠনবাদ (Social constructivism)[সম্পাদনা কৰক]

সামাজিক গঠনবাদ হৈছে এনে এক তাত্ত্বিক দৃষ্টিভংগী য'ত মানৱ বা অমানৱীয় সত্তাৰ মাজত সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে জ্ঞান সৃষ্টি কৰা হয়।[13]

লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Haraway, Donna (September 1988). "Situated Knowledges: The Science Question in Feminism and the Privilege of Partial Perspective". Feminist Studies খণ্ড 14 (3): 575–599. doi:10.2307/3178066. https://philpapers.org/archive/HARSKT.pdf. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Law, John (November 2008). "On Sociology and STS". The Sociological Review খণ্ড 56 (4): 623–649. doi:10.1111/j.1467-954x.2008.00808.x. ISSN 0038-0261. http://dx.doi.org/10.1111/j.1467-954x.2008.00808.x. 
  3. 3.0 3.1 Landström, Catharina "Queering Feminist Technology Studies", Women, Science, and Technology (Routledge): pp. 419–433, 11 September 2013, doi:10.4324/9780203427415-35, ISBN 978-0-203-42741-5, http://dx.doi.org/10.4324/9780203427415-35, আহৰণ কৰা হৈছে: 2022-04-14 
  4. Oudshoorn, Nelly; Pinch, Trevor, eds (2005). "Introduction: How users and non-users matter". How users matter: The co-construction of users and technologies. 1-25. প্ৰকাশক Cambridge, Mass., U.S.: MIT Press. পৃষ্ঠা. 1–8. doi:10.7551/mitpress/3592.001.0001. ISBN 9780262281119. https://eusp.org/sites/default/files/archive/stories/library/Exhibitions/0061087.pdf. 
  5. 5.0 5.1 5.2 Wajcman, Judy (1995), "Feminist theories of technology", Handbook of Science and Technology Studies (SAGE Publications Inc.): pp. 189–204, doi:10.4135/9781412990127.n9, ISBN 9780761924982, http://dx.doi.org/10.4135/9781412990127.n9, আহৰণ কৰা হৈছে: 14 April 2022 
  6. Fischer, Claude S. (1988). "Gender and the residential telephone, 1890?1940: Technologies of sociability". Sociological Forum খণ্ড 3 (2): 211–233. doi:10.1007/bf01115291. ISSN 0884-8971. http://dx.doi.org/10.1007/bf01115291. 
  7. Wajcman, Judy (June 2000). "Reflections on Gender and Technology Studies". Social Studies of Science খণ্ড 30 (3): 447–464. doi:10.1177/030631200030003005. ISSN 0306-3127. http://dx.doi.org/10.1177/030631200030003005. 
  8. 8.0 8.1 Clarke, Adele; Montini, Theresa (January 1993). "The Many Faces of RU486: Tales of Situated Knowledges and Technological Contestations". Science, Technology, & Human Values খণ্ড 18 (1): 42–78. doi:10.1177/016224399301800104. ISSN 0162-2439. PMID 11652075. http://dx.doi.org/10.1177/016224399301800104. 
  9. Oost, Ellen van (1998), "Chapter 6. Aligning Gender and New Technology: The Case of Early Administrative Automation", Getting New Technologies Together (Berlin, Boston: DE GRUYTER), doi:10.1515/9783110810721.179, ISBN 9783110810721, http://dx.doi.org/10.1515/9783110810721.179, আহৰণ কৰা হৈছে: 2022-04-14 
  10. Cowan, Ruth Schwartz (9 March 2018), "The "Industrial Revolution" in the Home", The Routledge Companion to Modernity Space and Gender (New York: Routledge): pp. 69–85, doi:10.1201/9781315180472-7, ISBN 978-1-315-18047-2, http://dx.doi.org/10.1201/9781315180472-7, আহৰণ কৰা হৈছে: 14 April 2022 
  11. Fishman, Jennifer R. (April 2004). "Manufacturing Desire". Social Studies of Science খণ্ড 34 (2): 187–218. doi:10.1177/0306312704043028. ISSN 0306-3127. PMID 15295831. 
  12. Pitts, Victoria L. (2003), "Visibly Queer", In the Flesh (New York: Palgrave Macmillan US): pp. 87–118, doi:10.1057/9781403979438_4, ISBN 978-1-349-38736-6, http://dx.doi.org/10.1057/9781403979438_4, আহৰণ কৰা হৈছে: 2022-04-14 
  13. Woolgar, Steve (May 1990). "Configuring the User: The Case of Usability Trials". The Sociological Review খণ্ড 38 (1_suppl): 58–99. doi:10.1111/j.1467-954x.1990.tb03349.x. ISSN 0038-0261. http://dx.doi.org/10.1111/j.1467-954x.1990.tb03349.x.