নিউট্ৰন তৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নিউট্ৰণ তৰাৰ পৰা পুনঃনিৰ্দেশিত)
পৃথিৱীতকৈ ৫ লাখ গুণ বেছি ভৰৰ নিউট্ৰণ তৰাবোৰৰ সংকোচন ঘটি মানহাট্টান চহৰৰ সমান গোলকৰ আকাৰ ধাৰণ কৰে

নিউট্ৰণ তৰাবোৰ একপ্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা ( প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয় । এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰণ নামৰ এক উপ-আনৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত । নিউট্ৰণ তৰাবোৰৰ তাপমাত্ৰা অতি উষ্ণ হয়; ফলস্বৰূপে নিউট্ৰণ তৰাবোৰে পাউলিৰ নিষেধ নীতিমতে উদ্ভৱ হোৱা কোৱাণ্টাম ডিজেনেৰেছি চাপৰ বিপৰীতে সুস্থিৰতা লাভ কৰে । এই নিষেধ নীতিমতে কোনো দুটা নিউট্ৰণে (নাইবা আন ফাৰ্মিয়ন কণাবোৰে) একেসময়তে একেটা স্থান আৰু একেটা কোৱাণ্টাম অৱস্থা অধিগ্ৰহণ কৰিব নোৱাৰে ।