নৱযুগ (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৱযুগ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ষাঠিৰ দশকত প্ৰকাশ পোৱা এখন সাপ্তাহিক বাৰ্তালোচনী। এই আলোচনীখনক পৰৱৰ্তী কালত এখন বিশেষ‌ উল্লেখ্যযোগ্য আলোচনী বুলি মান্যতা দিয়া হৈছে। আলোচনীখনে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ আলোচনাত বিশেষ গুৰুত্ব দিছিল। সৃজনশীল সাহিত্যিৰ প্ৰতিও আলোচনীখনে বিশেষ গুৰুত্ব দিছিল। সেইসময়ত প্ৰবীণ সকলৰ বাহিৰেও কেইবাগৰাকী নবীন লেখক -লেখিকাই নৱযুগৰ পাততে প্ৰথম আত্মপ্ৰকাশ কৰে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বৰগোহাঞি ,হোমেন (সম্পাদক) (খৃ:১৯৩৯ৰ পৰা বৰ্তমানলৈ). অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ড (পৰিৱৰ্ধিত সংস্কৰণ). প্ৰকাশক গুৱাহাটী: সঞ্চালক ,আনন্দৰাম বৰুৱ ভাষা -কলা -সংস্কৃতি সংস্হ ,অসম ৰজাদুৱাৰ ,উত্তৰ গুৱাহাটী. পৃষ্ঠা. ৮৯৬.