পদযাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাত্মা গান্ধীলোণ সত্যাগ্ৰহ, ১৯৩০ চনত

পদযাত্ৰা (সংস্কৃত: पादयात्रा) হৈছে ৰাজনীতিবিদ আৰু প্ৰখ্যাত নাগৰিকৰ উদ্যোগত পৰিচালিত হোৱা এটা যাত্ৰা, যাৰ জৰিয়তে সমাজৰ বিভিন্ন অংশত বাস কৰা লোকসকলৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব পাৰি৷ পদযাত্ৰাৰ জৰিয়তে নাগৰিকক সমস্যা একোটাৰ সম্বন্ধে বিস্তৃত ৰূপত জ্ঞান দিব পাৰি আৰু সেই সমস্যাটোৰ সমাধানসূত্ৰ বিচাৰি উলিওৱাত তেওঁলোকৰ সমৰ্থন পাব পাৰি৷ পদযাত্ৰা আৰু পদব্ৰজে কৰা তীৰ্থযাত্ৰাৰ জৰিয়তে হিন্দু ধৰ্মৰ অনুগামীসকলে কোনো পবিত্ৰ স্থান আৰু তীৰ্থভূমিলৈও গমন কৰে৷[1] ১৯৩০ চনত মহাত্মা গান্ধীয়ে গুজৰাটৰ দাণ্ডীৰ পৰা তেখেতৰ বিখ্যাত লোণ যাত্ৰা বা লোণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল৷ অস্পৃশ্যতাৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিৰ প্ৰয়াসেৰে ১৯৩৩-৩৪ চনত মহাত্মা গান্ধীয়ে দেশজুৰি পদযাত্ৰা আৰম্ভ কৰিছিল৷[2]পৰৱৰ্তী সময়ত গান্ধীবাদী বিনোৱা ভাৱে-য়েও এটা পদযাত্ৰা আৰম্ভ কৰিছিল৷ এই পদযাত্ৰাটো ১৯৫১ চনত হোৱা ভূদান আন্দোলনৰ অংশ আছিল৷ টেলাংগানা ৰাজ্যৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাটোৰ সমাপ্তি ঘটিছিল বোধ গয়াত৷[3] ১৯৮৩ চনৰ ৬ জানুৱাৰীত চন্দ্ৰ শেখৰে কন্যাকুমাৰীৰ পৰা তেওঁৰ পদযাত্ৰা আৰম্ভ কৰিছিল৷ প্ৰায় ৪২৬০ কিলোমিটাৰৰ যাত্ৰাটো সম্পূৰ্ণ হৈছিল ১৯৮৩ চনত ২৫ জুনত, ৰাজঘাটত৷ এই যাত্ৰাৰ উদ্দেশ্য আছিল জনগণৰ সমস্যাবোৰ উপলব্ধি কৰা৷[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "History of Padyatra". Archived from the original on 2012-07-18. https://web.archive.org/web/20120718154933/http://www.padayatra.com/history.php। আহৰণ কৰা হৈছে: 2021-10-03. 
  2. Ramachandra Guha (Nov 8, 2005). "Where Gandhi Meets Ambedkar". The Times of India. Archived from the original on 2012-07-11. https://archive.today/20120711203119/http://articles.timesofindia.indiatimes.com/2005-11-08/edit-page/27860607_1_untouchability-padayatra-hindu. 
  3. David R. Syiemlieh (2005). Reflections From Shillong: Speeches Of M.M. Jacob. Daya Books. পৃষ্ঠা. 135. ISBN 8189233297. https://books.google.com/books?id=15mSMA8LXhoC&pg=PA135। আহৰণ কৰা হৈছে: 9 May 2014. 
  4. Manisha (2010). Profiles of Indian Prime Ministers. Mittal Publications. পৃষ্ঠা. xxi. ISBN 978-8170999768. https://books.google.com/books?id=lSCyVxEg2t4C&pg=PA287। আহৰণ কৰা হৈছে: 9 May 2014.