প্ৰকৃত যীশু গীৰ্জা
Wikipedia -ৰ পৰা
প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীনদেশত প্ৰতিস্থা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫ খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিস্থা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমুহ প্ৰচাৰ কৰা।
এই গীৰ্জাৰ প্ৰধান দহটি বিশ্বাস হ'ল -
- পবিত্ৰ আত্মা - পৱিত্র আত্মাত বা পৰমাত্মাত বিলয়, যি সুভাষনত প্রকাশ পায়, হৈছে মোক্ষলাভৰ প্রতিশ্রুত পন্থা।
- শৰণ - জল-দীক্ষা হৈছে পাপ মৰীষণ আৰু জীৱৰ পৰিত্রাণাৰ্থে পালন কৰা ধৰ্মানুস্থান। এই দীক্ষানুস্থান কোনো প্রাকৃতিক জলপ্রৱাহ যেনে নৈ, জান-জুৰি অথবা সাগৰ আদিত আয়োজিত কৰা হয়। পৰমাত্মা আৰু পানীৰ পৱিত্র জলদীক্ষা গ্রহণ কৰা কোনো ব্যক্তিয়ে প্রভু যীশুখৃষ্টক স্মৰণ কৰি এই অনুস্থানৰ পৌৰো্হিত্য কৰে। দীক্ষাপ্রাৰ্থী ব্যক্তিয়ে সম্পুৰ্ণভাৱে জলত নিমজ্জিত হৈ নতশীৰে শৰণ লয়।
- পদ প্রক্ষালন - পদপ্রক্ষালন কাৰ্য্যৰ জৰীয়তে ব্যক্তি প্রভু যীশুৰ লগত একাত্ম হয়। লগতে ই মানুহৰ থাকিবলগীয়া প্রেম, পৱিত্ৰতা, নম্রতা, দয়া আৰু সেৱাৰ ভাৱৰো নিৰন্তৰ স্মাৰক। জলদীক্ষাত দীক্ষিত ব্যক্তিয়ে প্রভু যীশুখৃষ্টক স্মৰণ কৰি পদপ্রক্ষালন কৰা বাঞ্ছনীয়। উপযুক্ত ক্ষেত্রত পাৰস্পৰীক পাদ্যাৰ্ঘদান কাৰ্যও যথাসম্ভৱ পালনীয়।
- সাত্বিক/পৱিত্র ভোজন - সাত্বিক ভোজন আচাৰ প্রভূ যীশুখ্রীষ্টৰ মহাপৰিনিৰ্বানৰ প্রতি সন্মানৰ পৰিচায়ক। ই আমাক প্রভূৰ লগত একেলগে কৰা ভোজনৰ প্রতীকৰ জৰীয়তে তেওঁৰ প্রতি আগ্র্হ প্রকাশ কৰিবলৈ উদ্বুদ্ধ কৰে।
- চাবাথ বা প্ৰাৰ্থণা দিৱস - সপ্তাহৰ সপ্তম দিনটো অৰ্থাৎ শণিবাৰক, পবিত্র দিন বুলি গণ্য কৰা হয়। এই দিনা ভগবানৰ পৰা আশীৰ্বাদ গ্রহণ কৰা হয়। ভগবানৰ বিপুল সৃষ্টিৰ কাৰণে সন্মান আৰু ধন্যবাদ জনাই আৰু মোক্ষলাভ আৰু মহাপৰিনিৰ্বানৰ আগ্ৰহ কৰি এই উপাসনা কৰা হয়।
- যীশু খ্ৰীষ্ট - যীশু খৃস্ট্, যি শব্দ ৰক্ত-মাংসৰ অৱতাৰস্বৰূপ, যি পাপীৰ পৰিত্রাণৰ কাৰণে কাৰণে ক্রচবিদ্ধ হৈ জীৱন উচৰ্গিলে, তৃতীয় দিনা যাৰ পুনৰোথ্থান হ'ল আৰু মহাপৰিনিৰ্বান লভিলে। তেওঁৱেই মানবৰ একমাত্র ত্রাতা, প্থথিবী আরু স্বর্গৰ সৃষ্টিকর্তা আৰু পৰম বিদ্যমান ভগবান।
- পবিত্ৰ বাইবেল - নতুন আরু পুৰনা দুই স্কন্ধ সমন্বিতে পবিত্র বাইবেল গ্রন্থ ভগবানর আশীষধন্য অদ্বৈত লিখিত সত্য, আৰু খৃস্টীয় পন্থাৰ জীৱন যাপনৰ নিদৰ্শ।
- পৰিত্রাণ - ভগৱৎ বিশ্বাসে পাপৰ পৰা পৰিত্রাণ কৰে। আস্থাবানজনে ভগৱৎপ্রাপ্তিৰ উদ্দেশ্যে পৰমাত্মাত আশয় লয়, ভগবানক সন্নমান কৰে আৰু মানুহক প্রেম কৰে।
- গীৰ্জা
- চুড়ান্ত বিচাৰ - পৃথীবিক ণিরণয় করিবর কারণে ভগবান স্বরগ্র্রর পরা আকৌ দ্বীতিয় বারর কারণে আহিব :তেতিয়া দুস্তয়ে শাস্তি পাব আরু সন্তয়ে মুল্তি পাব


