প্ৰদীপ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ড° প্ৰদীপ ভূঞা অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক৷[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৬১ চনত জামুগুৰিহাটৰ মাধৱ গাৱত ড° প্ৰদীপ ভূঞা জন্মগ্ৰহণ কৰে৷ ছাত্ৰ অৱস্থাৰ পৰা তেওঁ অসমীয়া সাহিত্য চৰ্চা আৰম্ভ কৰে৷[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

ড° প্ৰদীপ ভূঞা চতিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ৰূপে কৰ্মৰত আছিল৷ জীৱন কালত তেওঁ ডেৰকুৰিৰো অধিক গ্ৰন্থেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় ৷ সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংবাদিকতাও কৰে৷ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে৷

অৱদান[সম্পাদনা কৰক]

গ্ৰন্থ[1][সম্পাদনা কৰক]

  • তেজফুলৰ গামোচা
  • জীয়াভৰলীৰ ধল
  • স্নেহবন্ধন
  • প্ৰেমবন্দিনী
  • শংকৰদেৱ-মাধৱদেৱৰ তত্ত্বকথা
  • অসমীয়া সাহিত্যৰ জিলিঙনি
  • মাধৱদেৱৰ সাহিত্য চৰ্চা
  • কামসেন্দূৰ
  • মেঘৰ বাবে
  • আকাশী গংগা
  • নৰমেধ
  • মহাপতন
  • ৰঙামেঘ
  • মায়া কন্যা
  • মৰতৰ ফুল
  • জীৱন তৃষ্ণা
  • মহাপ্ৰস্থান
  • জীৱনৰ ৰং
  • উত্তৰাধিকাৰী

মৃত্যু[সম্পাদনা কৰক]

উচ্চ ৰক্তচাপজনিত ৰোগত অসুস্থ হৈ থকা প্ৰদীপ ভূঞাই ২০১৪ চনৰ ৬ আগষ্টৰ দিনা মৃত্যুবৰণ কৰে৷[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "'আমাৰ অসম' কাকতৰ ৬ আগষ্টত প্ৰকাশিত বাতৰি". (Web link). সংগ্ৰহ কৰা হৈছে: 7 আগষ্ট 2014. Archived 2016-03-04 at the Wayback Machine