প্ৰমিতি
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
প্ৰমিতি, (বা জোখ, মাপ, জোখমাপ, পৰিমাপ, মিতি আদি) হৈছে বস্তুৰ কোনো ধৰ্ম যেনে দৈৰ্ঘ্য, ওজন, উষ্ণতা আদিৰ তুলনামূলক পৰিমান কোনো এককৰ মানত - যেনে মিটাৰ, কিলোগ্ৰাম, চেলচিয়াচ আদি প্ৰকাশ কৰা পদ্ধতি বা কাৰ্য্য। এই বিষয়ৰ অধ্যয়নক ইংৰাজীত মেট্ৰ'লজী বোলে। প্ৰমিতি বুজোৱা ইংৰাজী ভাষাৰ measurement শব্দটো লেটিন ভাষাৰ mēnsūra -ৰ ক্ৰিয়াবাচক metri -ৰ পৰা মধ্যযুগীয় ফৰাচী ভাষাৰ measure শব্দ হৈ ইংৰাজী ভাষালৈ আহিছে.[1]।
সূচী |
[সম্পাদনা কৰক] জোখমাপৰ একক (Unit of measurement)
যিকোনো জোখমাখ কৰিবলৈ কোনো নিৰ্দিষ্ট আধাৰ লাগে। সেই আধাৰৰ বিশিষ্ট ধৰ্মৰ লগত তুলনা কৰি সেই ধৰ্ম থকা অন্য বস্তুৰ সংশ্লীষ্ট ধৰ্মৰ জোখ প্ৰকাশ কৰা হয়। যেনে "দুই আঙুল" বুলিলে দুটা আঙুলিৰ সমান বহল, এক দিন বুলিলে পৃথিৱীয়ে নিজৰ অক্ষত আৱৰ্তন কৰাৰ সমান সময় আদি। প্ৰসংগ, স্থান বা কাল অনুসৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন একক ব্যবহাৰ কৰা হ'ব পাৰে। ব্যাবহাৰিক ক্ষেত্ৰত জোখমাপৰ এককৰ গুৰুত্ব অসীম। সুক্ষ্ম বৈজ্ঞানীক গৱেষণাৰ পৰা আৰম্ভ কৰি দৈনিক বজাৰলৈকে অনেক ক্ষেত্ৰত জোখমাপৰ বিভিন্ন এককৰ ব্যবহাৰ হয়। এই ক্ষেত্ৰত হীন-দেৰি হ'লে অনেক ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব পাৰে। উদাহৰণ স্বৰূপে, বিভিন্ন দেশত দোকানীয়ে গ্ৰাহকক ওজনত ঠগালে দোকানীৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱাৰ ব্যবস্থা থাকে।
[সম্পাদনা কৰক] মৌলিক একক
জোখমাপৰ এককৰ সীমা সংখ্যা নাথাকিলেও সকলো একককে তিনিটা মৌলিক ধৰ্ম দৈৰ্ঘ্য, ভৰ আৰু সময় -অৰ এককৰ সহায়ত প্ৰকাশ কৰিব পাৰি। যেনে বেগ: কোনো বস্তুৱে এক চেকেণ্ডত অতিক্ৰম কৰা দুৰত্ব (সূত্ৰ: বেগ = দৈৰ্ঘ্য/সময়, একক: মিটাৰ/চেকেণ্ড।) সেয়ে বিভিন্ন চৰকাৰ বা কোনো সৰ্বমান্য প্ৰতিস্থানে কোনো নিৰ্দিষ্ট নমুনাৰ আধাৰত এই তিনি মৌলিক ধৰ্মৰ একক নিৰ্ধাৰিত কৰি দিয়ে আৰু উক্ত চৰকাৰ বা সংগঠনৰ প্ৰভাব থকা ক্ষেত্ৰসমূহত সেই একক ব্যবহাৰ কৰা হয়[2]। যেনে ভাৰতত (বা যিকোনো দেশতে) তৰ্জুৰ সহায়ত বস্তুৰ ওজন জুখিবলৈ চৰকাৰী মান্যতাপ্ৰাপ্ত ওজন (ডগা) ব্যবহাৰ কৰা হয়। আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত Bureau international des poids et mesures (BIPM)[3] নামৰ সন্থাটোৱে International System of Units (SI) অৰ লগত সংগতি ৰাখি একক নিৰ্ধাৰণ কৰে। ডেনমাৰ্কৰ কিলোগ্ৰামৰ মানক হিচাবে সংৰক্ষিত নমুনাটো চিত্ৰত দেখুওৱা হৈছে।
[সম্পাদনা কৰক] জোখমাখৰ পদ্ধতি (System of measurement)
যদিও অতীজৰে পৰা মানব সমাজত বিভিন্ন প্ৰকাৰৰ পদ্ধতি ব্যবহাৰ কৰা হৈ আহিছে, যেনে সোণৰ কাৰণে ৰতি, কেৰেট আদি, ওজনৰ বাবে পোৱা, সেৰ আদি। কিন্তু আন্তৰাষ্ট্ৰীয় আদান প্ৰদান বাঢ়ি যোৱাৰ লগে লগে জোখমাখৰ কাৰণে বিভিন্ন মানক পদ্ধতি নিৰ্দ্ধৰণ কৰাৰ প্ৰয়োজন হ'ল।
[সম্পাদনা কৰক] ইম্পিৰিয়েল একক
আগৰ ইংৰাজী একক(ইং) -ৰ আধাৰত ইম্পিৰিয়েল একক আৰু যুক্তৰাষ্ট্রৰ কাষ্টমাৰী একক নিৰ্ধাৰণ কৰা হৈছিল। বৃটিচ সাম্ৰাজ্য আৰু কমনৱেল্থৰ দেশসমূহত এই পদ্ধটি দেশ বা ক্ষেত্ৰবিশেষে এতিয়াও ব্যবহাৰ কৰা হয়। এই পদ্ধতি মতে দৈৰ্ঘ্য, ওজন আৰু সময়ৰ বাবে যথাক্ৰমে ফুট, পাউণ্ড আৰু চেকেণ্ডত গণনা কৰা হয়। ইয়াৰ অন্য কিছুমান সংশ্লেষিত একক হ'ল গজ, মাইল, আদি। ক্ষেত্ৰবিশেষে এই পদ্ধতিক FPS বা ফুট-পাউণ্ড-চেকেণ্ড -ও বোলা হয়।
[সম্পাদনা কৰক] SI মানক আৰু মেট্ৰিক পদ্ধতি
১৭৯১ চনত ফ্ৰাণ্সত সৃষ্টি কৰা এই পদ্ধতিত একক সমূহ SI মানক মতে দৈৰ্ঘ্য, ওজন আৰু সময়ৰ কাৰণে মিটাৰ, কিলোগ্ৰাম, চেকেণ্ডৰ উপৰিও বিদ্যুৎ প্ৰবাহৰ বাবে এম্পিয়েৰ, উষ্ণতাৰ বাবে কেলভিন, প্ৰকাশ প্ৰাবল্যৰ বাবে কেণ্ডেলা আৰু আণবিক ভাৰৰ বাবে ম'ল - মুঠ ৭ টা একক ব্যবহাৰ কৰা হয়। গণনাৰ সুবিধাৰ কাৰণে এই পদ্ধতিত সাংশ্লেষিত এককবোৰ ১০ -অৰ আধাৰত প্ৰকাশ কৰা হয়। বূহৎ সংখ্যাবোৰ ১০ ৰ ঘাতত প্ৰকাশ কৰে।
| Unit name | Unit symbol | Quantity name | Quantity symbol | Dimension symbol |
|---|---|---|---|---|
| metre | m | length | l (a lowercase L), x, r | L |
| kilogram [note 1] | kg | mass | m | M |
| second | s | time | t | T |
| ampere | A | electric current | I (an uppercase i) | I |
| kelvin | K | thermodynamic temperature | T | Θ |
| candela | cd | luminous intensity | Iv (an uppercase i with lowercase non-italicized v subscript) | J |
| mole | mol | amount of substance | n | N |
| Prefix | Symbol | 1000m | 10n | Decimal | Short scale | Long scale | Scientific notation | Since[n 1] |
|---|---|---|---|---|---|---|---|---|
| yotta | Y | 10008 | 1024 |
1000000000000000000000000 |
Septillion | Quadrillion | 1E24 | 1991 |
| zetta | Z | 10007 | 1021 |
1000000000000000000000 |
Sextillion | Trilliard | 1E21 | 1991 |
| exa | E | 10006 | 1018 |
1000000000000000000 |
Quintillion | Trillion | 1E18 | 1975 |
| peta | P | 10005 | 1015 |
1000000000000000 |
Quadrillion | Billiard | 1E15 | 1975 |
| tera | T | 10004 | 1012 |
1000000000000 |
Trillion | Billion | 1E12 | 1960 |
| giga | G | 10003 | 109 |
1000000000 |
Billion | Milliard | 1E9 | 1960 |
| mega | M | 10002 | 106 |
1000000 |
Million | 1E6 | 1960 | |
| kilo | k | 10001 | 103 |
1000 |
Thousand | 1E3 | 1795 | |
| hecto | h | 10002/3 | 102 | 100 | Hundred | 1E2 | 1795 | |
| deca | da | 10001/3 | 101 | 10 | Ten | 1E1 | 1795 | |
| 10000 | 100 | 1 | One | – | – | |||
| deci | d | 1000−1/3 | 10−1 | 0.1 | Tenth | 1E-1 | 1795 | |
| centi | c | 1000−2/3 | 10−2 | 0.01 | Hundredth | 1E-2 | 1795 | |
| milli | m | 1000−1 | 10−3 | 0.001 | Thousandth | 1E-3 | 1795 | |
| micro | μ | 1000−2 | 10−6 |
0.000001 |
Millionth | 1E-6 | 1960 | |
| nano | n | 1000−3 | 10−9 |
0.000000001 |
Billionth | Milliardth | 1E-9 | 1960 |
| pico | p | 1000−4 | 10−12 |
0.000000000001 |
Trillionth | Billionth | 1E-12 | 1960 |
| femto | f | 1000−5 | 10−15 |
0.000000000000001 |
Quadrillionth | Billiardth | 1E-15 | 1964 |
| atto | a | 1000−6 | 10−18 |
0.000000000000000001 |
Quintillionth | Trillionth | 1E-18 | 1964 |
| zepto | z | 1000−7 | 10−21 |
0.000000000000000000001 |
Sextillionth | Trilliardth | 1E-21 | 1991 |
| yocto | y | 1000−8 | 10−24 |
0.000000000000000000000001 |
Septillionth | Quadrillionth | 1E-24 | 1991 |
[সম্পাদনা কৰক] টোকা
- Note
- ↑ Despite the prefix, the kilogram is the base unit of mass. The kilogram, not the gram, is used in the definitions of derived units.
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ Oxford Dictionary of English, 2nd. Ed., Oxford University Press
- ↑ http://www.bipm.org/utils/common/documents/jcgm/JCGM_200_2008.pdf
- ↑ http://www.bipm.org/utils/common/documents/jcgm/JCGM_200_2008.pdf
- ↑ "NIST Unveils Chip-Scale Atomic Clock". 2004-08-27. http://www.nist.gov/public_affairs/releases/miniclock.cfm. Retrieved 2011-06-09.
- ↑ Barry N. Taylor & Ambler Thompson Ed. (2008). The International System of Units (SI). Gaithersburg, MD: National Institute of Standards and Technology. পৃষ্ঠা. 23. http://physics.nist.gov/Pubs/SP330/sp330.pdf. Retrieved 18 June 2008.
- ↑ Units and Symbols in Physical Chemistry, IUPAC