ব'ৰ'লিন
গৰাকী | জি ডি ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড, কলকাতা |
---|---|
আত্মপ্ৰকাশ | ১৯২৯ |
Ambassador(s) | ৰাইমা সেন, সাক্ষী তনোৱাৰ, বিদ্যা বালান[1] |
ৱেবছাইট | www |
ব'ৰ'লিন ভাৰত ৰ এটা জনপ্ৰিয় এণ্টিচেপ্টিক সুগন্ধী ক্ৰীম আৰু একেনামৰ ব্ৰেণ্ড। ক'লকাতাৰ বাঙালী ব্যৱসায়িক গৌৰমোহন দত্তৰ দ্বাৰা[2] ১৯২৯ চনত ইয়াক বজাৰত মুকলি কৰা হৈছিল।[3] সময়ৰ সৈতে ব্ৰেণ্ডটোৰ জনপ্ৰিয়তা বৃদ্ধি পালে আৰু ই হৈ পৰিল জাতীয় অৰ্থনীতিৰ স্বাৱলম্বনৰ এক চিহ্ন। ই বৰ্তমানেও এক অতিকৈ জনপ্ৰিয় ব্ৰেণ্ড।
ব'ৰ'লিন ব'ৰিক এচিড, জিংক অক্সাইড আদিৰ সংমিশ্ৰণ। জি ডি ফাৰ্মাচিউটিকেলছে ব'ৰ'লিন প্ৰস্তুত কৰে।[4]
ব্যৱহাৰ[সম্পাদনা কৰক]
ব'ৰ'লিন এণ্টিচেপ্টিক বৰিক এচিড, সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰা জিংক অক্সাইড আৰু লেন'লিন মিহলি কৰি তৈয়াৰ কৰা হয়৷ ইয়াক কটা ছাল, ফঁটা ওঁঠ, খহটা ছাল, ঘাঁ আদিৰ চিকিৎসাৰ বাবে অনেকে ব্যৱহাৰ কৰে।[5]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Fashion". Telegraphindia.com. 2016-03-17. http://www.telegraphindia.com/1160317/jsp/t2/story_74837.jsp। আহৰণ কৰা হৈছে: 2016-10-14.
- ↑ "Archived copy". Archived from the original on 2015-04-27. https://web.archive.org/web/20150427052810/http://superbrandsindia.com/images/brand_pdf/consumer_3rd_edition/Boroline.pdf। আহৰণ কৰা হৈছে: 2015-05-14.
- ↑ Panda, Tapan Kumar (2006). Contemporary Marketing. ISBN 9788131405505. https://books.google.com/books?id=lupICYa3BiIC&q=boroline+cream+1929&pg=PA53.
- ↑ "GD Pharmaceuticals Private Limited : Boroline". boroline.com. Archived from the original on 2007-12-13. https://web.archive.org/web/20071213235624/http://www.boroline.com/boroline.php। আহৰণ কৰা হৈছে: 2022-06-03.
- ↑ "11 amazing uses of Boroline cream for your skin - Health & Healthier" (en-US ভাষাত). 2022-03-22. https://healthandhealthier.com/uses-of-boroline-cream-for-your-skin/। আহৰণ কৰা হৈছে: 2022-03-23.