বাৰ্তা:গেৰেলা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰাণীবিধৰ সঠিক চিনাক্তকৰণ বা নামকৰণ এতিয়াও হোৱা নাই বুলি তথ্যসুত্ৰত উল্লেখ আছে৷ কোনোবাই অধিক জানিলে অনুগ্ৰহ কৰি যোগ দিয়ে যেন৷ বিশেষকৈ ইংৰাজী আৰু বৈজ্ঞানিক নাম তথা চিত্ৰৰ প্ৰয়োজন৷ জলি বৰা (talk) 08:05, 15 জুন 2014 (UTC)

খাদ্য অংশত 'মেচেকা' বুলি উল্লেখ কৰা হৈছে। 'গেৰেলা' বা 'মেচেকা' একেই নেকি? -উদ্দীপ তালুকদাৰ

ফেচবুকৰ গ্ৰুপতো এজনে প্ৰসংগক্ৰমে গেৰেলাক গেন্দেৰা বুলি লিখিছে। অস ৱিকিৰে আন ঠাইত গেন্দেৰাক Large Indian Civet বুলি লিখা আছে। দুয়োটা একে নেকি? প্রভাকৰ শৰ্মা নেওগ (talk) 02:00, 28 জুন 2014 (UTC)

গেৰেলা আৰু মেচেকা দুয়োবিধ বেলেগ বেলেগ প্ৰাণী বুলি তথ্যসুত্ৰত উল্লেখ কৰিছে৷ খাদ্য অংশত ভুলতে মেচেকা বুলি লিখি পালো-এতিয়া শুধৰাই দিছোঁ৷ গেৰেলা আৰু গেন্দেৰা একেই হ'বও পাৰে৷ অধিক সমল পালে কথাটো নিশ্চিত কৰিব পৰা হ'ব৷ জলি বৰা (talk) 10:18, 29 জুন 2014 (UTC)

গেণ্ডেৰা/গেন্দেৰাৰ (কোনটো শুদ্ধ?) নামটো কোনোবাই "হগা গেণ্ডেৰা" বোলা শুনিছোঁ। ইফালে হিন্দীতো গঁড়ক গেণ্ডা/গেন্দা কয়। গঁড়েই গেণ্ডেৰা নহয়তো? গঁড়েও তো সদায় একে স্থানতে মলত্যাগ কৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 02:53, 30 জুন 2014 (UTC)