বাৰ্তা:বহুৱা নাচ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

একত্ৰীকৰণ তথ্য[সম্পাদনা কৰক]

সোনোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত বহুৱা নাচ লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এই নাচ পৰিৱেশন কৰিলে গাঁৱৰ অপায়-অমংগল দূৰ হয় বুলি এক জনবিশ্বাস প্ৰচলিত হৈ আহিছে। ব'হাগ বিহুৰ সাতদিনৰ পাছত এই উৎসৱ পালন কৰা হয়। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা অঞ্চলত এই উৎসৱ উলহ-মালহেৰে উদযাপন কৰাৰ উপৰি লখিমপুৰ জিলাৰ বগীনদী, বিহপুৰীয়া আদিত এই উৎসৱ পালন কৰা দেখা যায় । এই নাচ পৰিৱেশনত স্থান বিশেষে পাৰ্থক‍্য দেখা যায়।

   জনবিশ্বাস অনুসৰি অতীজতে দুটা কিম্ভূত কিমাকাৰৰ জীৱ আহি সোনোৱাল কছাৰী বসতি কৰা গাঁৱত প্ৰৱেশ কৰাত গাঁওবাসী আতংকিত হৈ পৰে। আতংকিত গাঁওবাসীয়ে এই অদ্ভুত জীৱ দুটাক মৃদংগ বজাই দলে -বলে খেদি যোৱাত সিহঁত দুটাই নাচি নাচি গাঁৱৰ বাহিৰ হৈ কাষৰে নদীত ডুবি অদৃশ‍্য হৈ যায়। এই অদৃশ‍্য হৈ যোৱা জীৱ দুটাৰ লগতে গাঁৱৰপৰা অপায় - অমংগল তথা মাৰি মৰক আঁতৰিল বুলি সোনোৱাল কছাৰীসকলে বিশ্বাস কৰে । 
 বহুৱা নাচত ওলাবলগীয়া লোককেইজনে আগদিনাৰেপৰা উপবাসে থাকে। পাছদিনা তেওঁলোকক হাবিৰ মাজত অন্তৰ্বাসৰ বাহিৰে আন কাপোৰ-কানি খুলি গা-টোত চিৰিলি চিৰিলি ফলা ১০১ খন কলপাতেৰে মেৰিয়াই সুন্দৰ তথা দৃষ্টিনন্দনকৈ সজোৱা হয়। বহুৱাক আদিম ৰূপত মুখাও পৰিধান কৰোৱা হয়। বিশেষকৈ মতা আৰু মাইকী এই দুই ৰূপত সজোৱা হয় বহুৱাক। মতা বহুৱাৰ শিং থাকে আৰু মাইকী বহুৱাই খোপা পিন্ধে। আঁৰ-কাপোৰ দি মৃদং আৰু গায়ন-বায়নেৰে বহুৱাক হাবিৰপৰা প্ৰদৰ্শন স্থলীলৈ নিয়ম-নীতিৰে উলিয়াই অনা হয়।বহুৱা নাচৰ প্ৰদৰ্শনৰ পাছত বহুৱাক বহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰথা অনুসৰি ঢোলৰ ছেৱে ছেৱে নচুৱাই নদীৰ পাৰলৈ লৈ যোৱা হয়। উত্তৰ পাৰৰ প্ৰথা অনুসৰি নদীৰ পাৰত সাত পাক দি আৰু দক্ষিণ পাৰৰ প্ৰথা অনুসৰি পথাৰত সাত পাকে দি বহুৱাই নদীত বুৰ মাৰি কলপাতৰ বসন খুলি থৈ আহে। বহুৱাই ঘূৰি অহাৰ সময়ত পিছলৈ ঘূৰি চোৱাৰ নিয়ম নাই আৰু ৰাস্তাত বগৰীৰ জেং, কাঁইট আদি দি অহাৰ নিয়ম। তদুপৰি গছপাত আদিত গাঁঠি দি অহাৰো নিয়ম আছে। ভূত-প্ৰেত, অপায়-অমংগল, মাৰি-মৰক আদিক নদীত বিসৰ্জন দিয়া বুলি বিশ্বাস কৰি সেইবোৰ যাতে গাঁৱলৈ আহিব নোৱাৰে তাৰ বিশ্বাসতে এই ব‍্যৱস্থা সমূহ কৰা হয়। শেষত গাঁৱলৈ ঘূৰি আহি ৰাইজে মিলি-জুলি একেলগে এসাঁজ ভাত খোৱাৰ ব‍্যৱস্থা কৰে।
    এই নাচত গোৱা নিৰ্দিষ্ট গীত-মাতক বহুৱা নাচৰ গীত-মাত আখ‍্যা দিয়া হয়। উদাহৰণ- 
   আগলৈ চাবা
   পিছলৈ চাবা
   ঐ বহুৱা গুৰুদেৱ
   আগলৈ দিবা খোজ।
 বহুৱা গীতত বহুৱাৰ সৃষ্টি, সাজ-পাৰ তথা শৰীৰৰ আৱৰণৰ উল্লেখো আছে--
মনুষ‍্যৰ মূৰে শুভে ঘন কলা চুলি 
 বহুৱাৰ গাত শোভা কৰে কলপাতৰ জুলি
 মনুষ‍্যৰ গাৱে শুভে ৰূপালী কাপোৰ
 বহুৱাৰ গাৱে শুভে কলপাতবোৰ।

তথ‍্যসূত্ৰ: ১) সোনোৱাল কছাৰীসকলৰ সমাজ-সংস্কৃতি আৰু ভাষাৰ পৰিচয়, নন্দেশ্বৰ কছাৰী ২) সোনোৱাল কছাৰীসলৰ গীত-মাত আৰু প্ৰধান নাচসমূহ, ৰবীন শইকীয়া সোনোৱাল, হাইদাং, মুখ‍্য সম্পাদক : ধৰ্মানন্দ সোনোৱাল, সম্পাদক: উচ্চকমল বড়া, ৪০ পৃষ্ঠা

বহুৱা নাচ প্ৰবন্ধৰ পৰা কথাখিনি হুবহু তুলি আনি ৰখা হ'ল। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:21, 17 মে' 2021 (ইউ.টি.চি.)

 কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 18:22, 17 মে' 2021 (ইউ.টি.চি.)