বাৰ্তা:মোমাই তামুলী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উপসৰ্গ: চাও[সম্পাদনা কৰক]

@দিব্য দত্ত ৱিকিপিডিয়াৰ নিয়ম অনুসৰি যিসকল ব্যক্তিৰ প্ৰত্যয় উপাধি নাথাকে তেওঁলোকৰ উপসৰ্গ উপাধি সমূহ দিয়া হয়। আপুনি লাচিত বৰফুকনৰ পৃষ্ঠা আৰু এই পৃষ্ঠাত যথেষ্ঠ চাও নাঙ আদি আঁতৰাই দিছে। গতিকে এনে নকৰিবলৈ আহবান জনালোঁ। উদাহৰণ : ঠাউমুং সন্দিকৈ আগৰ পৰা চাও আঁতৰাব পাৰিব কিন্তু লাচিত, থুক, মৰঙী, আদিৰ আগৰ পৰা চাও আঁতৰাব নালাগে কাৰণ তেওঁলোক কোনো পদবীত নাছিল গতিকে তেওঁলোকৰ পাছত উপাধি নাই। KZ 16:11, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আহোম ‘চাও’ শব্দ অসমীয়া ‘শ্ৰী’ আৰু ‘নাং’ শব্দ ‘শ্ৰীমতী’ হিচাপে ব্যৱহৃত হয়। সেয়ে প্ৰতিটো নামৰ আগত চাও, নাং আদি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। লগতে আপোনাক এটা কথা কব বিচাৰিছোঁ, এয়া হৈছে “অসমীয়া ৱিকিপিডিয়া” গতিকে ইয়াত অসমীয়া ভাষাত অসমীয়া শব্দ প্ৰয়োগ কৰি প্ৰবন্ধ লিখিব লাগে। কেতিয়াবা পৰিচয়সূচক ভাবে দুই-এটা আহোম শব্দ ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ’ব পাৰে, তেতিয়া ব্যৱহাৰ কৰাত আপত্তি নাই। যেনে আপুনি ‘স্বৰ্গদেউ’ শব্দৰ পৰিবৰ্তে সকলো ঠাইতে ‘চাওফা’, ‘চৰাইদেউ’ৰ পৰিবৰ্তে ‘চে-ৰাই-দয়’ আদি বাৰে বাৰে ব্যৱহাৰ কৰাৰ চেষ্টা কৰি আছে। এই ক্ষেত্ৰত আপোনাক আগতেও কোৱা হৈছে যে প্ৰবন্ধবোৰত আহোম শব্দ যোগ কৰাৰ সলনি আপুনি আহোম ভাষা পৃষ্ঠাটোত আহোম শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব ৱিকিপিডিয়া “সত্য প্ৰতিস্থা কৰাৰ মঞ্চ” নাইবা “নিজস্ব মতবাদ প্ৰতিস্থাৰ মঞ্চ” নহয়। কোনো বিষয়ৰ যদি একাধিক মতবাদ আছে, সকলো যোগান ধৰি কোনটো সত্য কোনটো অসত্য তাৰ বিচাৰ পঢ়ুৱৈৰ ওপৰত এৰিব লাগে। দিব্য দত্ত (বাৰ্তা) 17:21, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ঐকমত্য প্ৰকাশ কৰিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 17:25, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সহমত প্ৰকাশ কৰিলোঁ।--চন্দন চিৰিং ফুকন ✉️ 03:36, 26 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত প্ৰতিটো নামৰ আগত চাও, নাং আদি ব্যৱহাৰ কৰাৰ কথা কোৱা হোৱা নাই যিসকলৰ উপাধি নাই তেঁওলোকৰ আগত চাও নাং ব্যবহাৰ কৰাৰ নিয়ম আছে। চাওফা এটা উপাধি যিটো সমগ্ৰ দক্ষিণ পূৱ এছিয়াত ব্যবহাৰ হয় ইয়াক ইংৰাজী ৱিকিপিডিয়াত heavenly lord বুলি লিখিব নোৱাৰি। যিদৰে ভাৰতৰত্ন টো Indian gem বুলি লিখি দিব নোৱাৰে সেইদৰে এই উপাধি সমূহো সলনি কৰিব পৰা নাযায়। নামবাচক শব্দ সমুহত আহোম প্ৰবন্ধ সমূহত আহোম ভাষাতে লিখিব লাগিব ইয়াত আপোনাৰ মোৰ পছন্দ নাহে। নিজস্ব মতবাদ প্ৰতিস্থাৰ মঞ্চ নকৰিবলৈ মই উৎস দিছোঁ। একাধিক মতবাদ থকা সকলো বিষয়ত মই দুইটা পক্ষ উল্লেখ কৰিছোঁ। বাঘ হাজৰিকা পৃষ্ঠাতো একে ধৰণৰ দোষ জাপি দিয়া হৈছিল যত নেকি মই কোনজন লেখকে কত আৰু কোনখন উৎস বুৰঞ্জীৰ পৰা লিখিছে সেই পৰ্যন্ত লিখি দিছিলোঁ। গতিকে সকলো চালি জাৰি চাই যেন আপোনাৰ মনৰ পছন্দ নহল বুলিয়ে যে আনজন সম্পাদকে ভুল কৰিছে সেয়া নহবও পাৰে। হ KZ 17:56, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অসমীয়াত চাওফাৰ সলনি স্বৰ্গদেউ ব্যৱহাৰ কৰা হয়। ‘চাওফা’ মূল শব্দ হ’ল বুলিয়েই আপুনি স্বৰ্গদেউৰ সলনি সকলোতে চাওফা ব্যৱহাৰ কৰিব নেকি? দিব্য দত্ত (বাৰ্তা) 18:03, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
wp:ueia নিয়ম অনুসৰি মই initial আৰু Infobox অংশত চাওফা ব্যবহাৰ কৰিছোঁ কৰ্মজীৱন অংশত কত মই স্বৰ্গদেউ আঁতৰাই চাওফা লিখা দেখিলে??? আগত দিয়া কৰ্মজীৱন অংশৰ এটা স্বৰ্গদেউ আঁতৰোৱা নাই। নিয়ম মতে মই কৰি গৈ আছোঁ আপোনালোকেহে ভালদৰে নুচু
ৱাকে মিছা অভিযোগ কৰি আছে একপক্ষীয় বুলি। KZ 18:09, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
wp:ueia নিয়ম অনুসৰি আপুনি লিখিছোঁ বুলি কৈছে, কিন্তু নিয়মটো হোৱা নাই। আপুনি সেই নিয়মমতে লিখিবলৈ হ’লে “চাওফা অৰ্থাৎ স্বৰ্গদেও চন্দ্ৰকান্ত সিংহ” নাইবা “স্বৰ্গদেউ (চাওফা) চন্দ্ৰকান্ত সিংহ” এনেদৰেহে লিখিব লাগে। দিব্য দত্ত (বাৰ্তা) 18:20, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত অসমীয়াত চাওফা সলনি স্বৰ্গদেউ ব্যবহাৰ কৰাৰো বিৰোধী কাৰণ চাওফা কেবল টাই শাসক সকলে ব্যবহাৰ কৰিব পাৰে আনহাতে মটক ৰজা সৰ্বানন্দ সিংহই স্বৰ্গদেউ ব্যবহাৰ কৰিছিল আৰু কছাৰী সকলেও সৰগৰদেউ ব্যবহাৰ কৰে। ফুকন উপাধি সলাই যিদৰে সেনাপতি কৰিব নোৱাৰি যত নেকি অসমীয়াত ফুকনৰ সলনি সেনাপতি শব্দ ব্যৱহাৰ হয়। গতিকে আমি নিয়ম মানি প্ৰথম অংশত চাওফা ব্যবহাৰ কৰিব পাৰোঁ। পাছৰ অংশত স্বৰ্গদেউ ব্যবহাৰ কৰিলেও নিয়ম মতে পাৰি। KZ 18:17, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
লগতে আপুনি wp:ueia নিয়মটো ভালকৈ চাওক, তাত স্পষ্টকৈ লিখা আছে “The body of each article, preferably in its first paragraph, should list all frequently used names by which its subject is widely known.” গতিকে বিষয়টোৰ সকলো বিকল্প নাম লিপিবদ্ধ কৰিব লাগে, সম্পৰ্কীত শব্দবোৰৰ নহয়। “মোমাই তামুলী” পৃষ্ঠাটোত “মোমাই তামুলী”টোহে বিষয়, স্বৰ্গদেউ বা চাওফা বিষয় নহয়। দিব্য দত্ত (বাৰ্তা) 18:28, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত MOS:FOREIGN মতে চাওফা () ত দিব পাৰে KZ 18:33, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সেইটো আপোনাক আগৰে পৰা কৈ অহা হৈছে। আপুনি অসমীয়া শব্দটো আঁতৰাই নিদিব। বন্ধনীৰ মাজত আহোম শব্দটো দিব কিন্তু এটা প্ৰবন্ধত এটা শব্দত এবাৰেই, বাৰে বাৰে নহয়। দিব্য দত্ত (বাৰ্তা) 18:44, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপুনি “অসমীয়াত চাওফা সলনি স্বৰ্গদেউ ব্যবহাৰ কৰাৰো বিৰোধী” বুলিয়েই ৱিকিত তাৰ ব্যৱহাৰ নকৰাৰ যুক্তি নাই। কাৰণ অসমৰ বহু মূল্যবান গ্ৰন্থ, নাটক, আদিত লেখকসকলে স্বৰ্গদেউ ব্যৱহাৰ কৰি আহিছেদিব্য দত্ত (বাৰ্তা) 18:33, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এই প্ৰবন্ধটোত উল্লেখ আছে “তেওঁ কৰ্মজীৱন ম'মাই হিচাপে আৰম্ভ কৰিছিল।”, তেন্তে তেওঁৰ জন্মনাম ‘লাজু ম'মাই’ কেনেকৈ হ’ব? তেওঁৰ পিতৃ-মাতৃয়ে জন্মতে জানিছিল নেকি তেঁও ‘ম'মাই’ পদ লাভ কৰিব? দিব্য দত্ত (বাৰ্তা) 17:28, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্তউৎস অনুসৰি:
এতিয়া নিয়ম মতেটো আমি উৎস প্ৰসংগ মানিয়ে লিখিব লাগিব। KZ 17:34, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
লাজু ম’মাই লিখিব পাৰে কিন্তু জন্ম নাম বুলি নহয়। ‘birth_name’ তেতিয়া ব্যৱহাৰ কৰা যদি কোনো ব্যক্তিৰ নাম পিছত সলনি হয়, যেনে জুবিন গাৰ্গদিব্য দত্ত (বাৰ্তা) 17:55, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্তOther name লৈ স্থানানতৰিত  কৰা হ'ল KZ 18:03, 25 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মোমাই বা মৌমাই বা ম'মাই শব্দটো আহোম ভাষাৰ শব্দ "মাক-মৌ" ৰ অপভ্ৰংশ হোৱাৰ সম্ভাৱনা আছে।
মাক-মৌ বা মাক-ম' শব্দই গুটি তামোল অথবা তামোলৰ বাৰীক বুজায়। RexAnupam (বাৰ্তা) 05:37, 22 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@RexAnupam আহোম বুৰঞ্জীত 𑜉𑜠 𑜉𑜩 (মা-মাই) আৰু 𑜉𑜀𑜫 𑜉𑜥 (মাক-মূ) দুইটা পৃথক ভাবে ব্যৱহাৰ হৈছে। আহোম বুৰঞ্জীৰ পৃষ্ঠা ৩৩ অনুসৰি 𑜉𑜡𑜰𑜫 𑜀𑜨𑜃𑜫 𑜏𑜢𑜤𑜐 𑜀𑜫𑜧 𑜀𑜠 𑜎𑜃𑜫 𑜍𑜩 𑜎𑜤𑜂𑜫 𑜍𑜪𑜨 𑜀𑜫𑜧 𑜉𑜠 𑜉𑜩 𑜊𑜣 𑜀𑜩𑜨 𑜋𑜪 𑜈𑜡 𑜍𑜂𑜫 𑜊𑜧 । 𑜌𑜧𑜨 𑜉𑜢𑜤𑜂𑜫 𑜎𑜃𑜫 𑜇𑜣 𑜉𑜠 𑜈𑜨𑜡 𑜃𑜡 𑜋𑜰𑜫 𑜇𑜡 𑜇𑜥 𑜆𑜨𑜀𑜫 𑜉𑜀𑜫 𑜉𑜥KHI-LAN-TZI 09:30, 22 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোমাই তামুলী বৰবৰুৱাৰ নাম দেওধাই অসম বুৰঞ্জীত ঠাই বিশেষে ত্যিৰিঙ্গ ফিছেঙ বুলি উল্লেখ আছে।[সম্পাদনা কৰক]

মোমাই তামুলী বৰবৰুৱাৰ নাম লাজু ম'মাই নহয়। লাজু ম'মাই অন্য এজন পৃথক ব্যক্তি। দেওধাই অসম বুৰঞ্জীত মোমাই তামুলী বৰবৰুৱাৰ নাম ঠাই বিশেষে ত্যিৰিঙ্গ ফিছেঙ বুলি উল্লেখ আছে। তেওঁৰ জন্ম ১৫৯৮ চনত নহয়। অনুমানিক ১৫৮৫ চনত হোৱাৰ সম্ভাৱনা আছে। RexAnupam (বাৰ্তা) 17:45, 21 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@RexAnupam পৃষ্ঠা সমুহ দিব। অবশ্যে মই আহোম বুৰঞ্জীত ফু-কেলুং লান-ফিমা বুলি পাইছোঁ।ত্যিৰিঙ্গ ফিছেঙ নামটো বিচাৰি চাও। KHI-LAN-TZI 17:53, 21 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]