বাৰ্তা:যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে
ৰেলৱে> ৰেলসেৱা বা ৰে'লৱে' হ'ব নেকি (আটাইকেইটা প্ৰবন্ধতে)? লগতে ষ্টেট>ষ্টে'ট ? — গীতাৰ্থ বৰদলৈ (talk) 08:54, 5 এপ্ৰিল 2014 (UTC)
- অসমীয়া ভাষাত "এ" আখৰটোৱে দুটা ধ্বনি প্ৰতিনিধিত্ব কৰে- এ (ɛ) আৰু এ' (e)। ইংৰাজী Rail শব্দটো IPAত এনেদৰে লিখা হয়- "reɪl"। সেই অনুসৰি অসমীয়া ভাষাত Railৰ আটাইতকৈ ওচৰ চপা লিপ্যন্তৰ হ'ব- ৰে'ইল। পিছে বেছিভাগে ৰেল বুলিয়ে লিখেচোন। বিজ্ঞসকলে সিদ্ধান্ত লওক।
- Jorhat (Jorehaut) Provincial Railwayক পোনেপোনে লিপ্যন্তৰ কৰা হৈছে "যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে" বুলি। "Railway"ক অসমীয়া ভাষাত "ৰেল" বা "ৰেলৱে" বুলি কোৱাই বেছি ভাল হ'ব; "ৰেলসেৱা" ভুল। উদাহৰণ: "Indian Railway"ক অসমীয়া, হিন্দী, বাংলা আদি ভাষাত "ভাৰতীয় ৰেল" বুলিয়ে লিখা হয়। বাবুল বৈশ্য 15:04, 5 এপ্ৰিল 2014 (UTC)
- "ৰেল" শব্দটো বহুল প্ৰচাৰিত আৰু অভিধানগত শব্দ, সেইটো সলাব নোৱাৰি। Railway-ৰ প্ৰতিশব্দহে অসমীয়া অভিধানত নাই। সেইটো ৰে'লৱে' বা ৰ'ইলৱে' কৰিব পাৰি চাগে। ("ৰেল" শব্দটোৱে আক' ৰেলৰ আলি আৰু ৰেলসেৱা- এই দুয়োটা অৰ্থ বুজায়।) — গীতাৰ্থ বৰদলৈ (talk) 20:08, 5 এপ্ৰিল 2014 (UTC)
- Railwayৰ প্ৰতিশব্দ অসমীয়া অভিধানত নাই হবলা। কিন্তু ইয়াক ৰেল বা ৰেলৱে বুলিয়ে লিখি থকা হৈছে। সমস্যা হৈছে কেবল ঊৰ্দ্ধকমা দিয়া নিদিয়াকলৈ। মোৰ মতে নালাগে। দিলেও কোনো আপত্তি নাই। e (এ') ধ্বনি থকা অসমীয়া ভাষাৰ বহু শব্দত ঊৰ্দ্ধকমাটো নিদিওঁ। পিছে Railwayৰ প্ৰতিশব্দ ৰেলসেৱা কৰাত আপত্তি আছে। কাৰণ ৰেলসেৱাই Rail Serviceকহে বুজাব যেন লাগে। অসমীয়াৰ ভগ্নীভাষাকেইটাতো Railwayৰ প্ৰতিশব্দ ৰেলসেৱা নাই। - বাবুল বৈশ্য 01:28, 6 এপ্ৰিল 2014 (UTC)