বিনোদ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিনোদ কুমাৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২০ জুলাই, ১৯৮০ (৪৩ বছৰ)
ৰোহতক, হাৰিয়ানা, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া পেৰা-এথলেটিকছ
শিতান ডিচকাছ থ্ৰ'

বিনোদ কুমাৰ (ইংৰাজী: Vinod Kumar, জন্ম ২০ জুলাই ১৯৮০) এগৰাকী ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ।[1] তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল,[2][3] পিছে টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱায়।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বিনোদ কুমাৰৰ জন্ম হৈছিল হাৰিয়ানাৰ ৰোহতক চহৰত।[5] তেওঁ ভাৰতীয় সীমা সুৰক্ষা বলত যোগদান কৰিছিল। তেওঁ প্ৰশিক্ষণৰ সময়ত লেহত এটা শিলৰ পৰা পৰি ভৰি আঘাত পায় আৰু শৰীৰৰ তলভাগত জীৱনজোৰা পক্ষাঘাত হয়। পক্ষাঘাতত ভুগি, বিনোদে এখন গেলামালৰ দোকান চলাবলৈ আৰম্ভ কৰে।[5] তেওঁৰ দেউতাকে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত যুঁজিছিল।[6] ২০১৬ ৰিঅ' পেৰালিম্পিকত দীপা মালিকক ৰূপৰ পদক বিজয়ী প্ৰদৰ্শনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ পেৰা-ক্ৰীড়া খেলাৰ সিদ্ধান্ত লৈছিল[5] আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ৰোহতক কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল।[7]

কেৰিয়াৰ[সম্পাদনা কৰক]

বিনোদ কুমাৰে ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম পদক আছিছিল পেৰিছত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত লাভ কৰা ব্ৰঞ্জ পদকটো। তাৰ দুমাহৰ পাছত তেওঁ ডুবাই চেম্পিয়নশ্বিপত কৰা ১৯.২৯ মিটাৰৰ থ্ৰ'ৰে টকিঅ' পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।[5]

২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল।[2] পিছে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আন কিছু প্ৰতিযোগীয়ে তেওঁৰ এফ৫২ প্ৰতিবন্ধকতা শ্ৰেণীবিভাজনক লৈ প্ৰতিবাদ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিয়ে তেওঁৰ প্ৰদৰ্শন "সমীক্ষাৰ অধীনত" ৰাখিছিল আৰু পদক প্ৰদান অনুষ্ঠান স্থগিত কৰিছিল।[7] পিছদিনা তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত এফ৫২ শ্ৰেণীৰ বাবে অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱাব লগাত পৰে।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Vinod Kumar Vinod Kumar". olympics.com. Archived from the original on 29 August 2021. https://web.archive.org/web/20210829134803/https://olympics.com/tokyo-2020/paralympic-games/en/results/athletics/athlete-profile-n1589669-vinod-kumar-vinod-kumar.htm। আহৰণ কৰা হৈছে: 29 August 2021. 
  2. 2.0 2.1 "Tokyo Paralympics 2021: Vinod Kumar wins bronze in discus throw". espn.com. 29 August 2021. https://www.espn.com/olympics/story/_/id/32107377/tokyo-paralympics-2021-vinod-kumar-wins-bronze-discus-throw। আহৰণ কৰা হৈছে: 29 August 2021. 
  3. http://dhunt.in/ldU0b?s=a&uu=0x3decfdfd072ac655&ss=pd
  4. 4.0 4.1 Livemint (2021-08-30). "Tokyo Paralympics: Vinod Kumar declared ineligible in classification assessment" (en ভাষাত). https://www.livemint.com/sports/olympics-news/tokyo-paralympics-vinod-kumar-loses-bronze-after-being-declared-ineligible-in-classification-assessment-11630316667191.html. 
  5. 5.0 5.1 5.2 5.3 Sharma, Manish (2021-08-29). "From being a BSF personnel to running a grocery shop, Vinod Kumar wins bronze at Tokyo Paralympics" (en ভাষাত). https://thebridge.in/tokyo-2020-paralympics/bsf-personnel-grocery-shop-vinod-kumar-bronze-medal-tokyo-paralympics-24767. 
  6. "Tokyo Paralympics: Vinod Kumar's discus throw bronze on hold". timesofindia.indiatimes.com. 29 August 2021. https://timesofindia.indiatimes.com/sports/tokyo-paralympics/tokyo-paralympics-vinod-kumars-discus-throw-bronze-on-hold/articleshow/85739817.cms। আহৰণ কৰা হৈছে: 29 August 2021. 
  7. 7.0 7.1 "Tokyo Paralympics: Vinod Kumar's Discus Throw Bronze "Under Review" After Protest Over Classification In F52 Category" (en ভাষাত). https://sports.ndtv.com/olympics-2020/tokyo-paralympics-vinod-kumars-discus-throw-bronze-on-hold-after-protest-over-classification-in-f52-category-2522961.