বৈসাবি উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৈসাবি(ইংৰাজী: Baisabi Festival) বাংলাদেশৰ তিনি জনজাতিৰ লোকৰ নতুন বছৰক আদৰাৰ উৎসৱ৷ ত্ৰিপুৰী, মাৰমা আৰু চাকমা জনগোষ্ঠীৰ বৈসু, সাংগ্ৰাই আৰু বিজু উৎসৱৰ প্ৰথম আখৰ তিনিটা লগ কৰি বৈসাবি নাম কৰা হৈছে৷[1] নানা ধৰণৰ আনন্দ উৎসৱ আৰু খেল-ধেমালিৰ মাজেৰে বৈসাবি পালন কৰা হয়৷ অসমীয়া বছৰৰ শেষৰ দুটা দিন আৰু নতুন বছৰৰ প্ৰথম দিনটোত বৈসাবি পালন কৰা হয়৷ ই অসমৰ ব’হাগ বিহুৰ দৰেই এক নতুন বছৰক আদৰাৰ উৎসৱ৷[2]

ত্ৰিপুৰীসকলৰ নৱবৰ্ষক আদৰা উৎসৱ “বৈসু’’ তিনিদিনত পালন কৰা হয়৷ এই তিনিটা দিন তিনি নামে জনা যায়, হাৰি বৈসু, বিসুমা বৈসু আৰু আতাদাং বা বিসিকাতাল বৈসু৷ প্ৰথম দিনা পু উঠি ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি গাত হালধি আৰু এবিধ গছৰ পাতৰ ৰস সানে৷ গৰু আৰু আন পোহনীয়া জন্তুক গা ধুৱায় আৰু গৰ-দুৱাৰ ফুলেৰে সজাই তোলে৷ শিশুসকলে ঘৰে ঘৰে ফুল বিতৰণ কৰি ফুৰে আৰু যুৱক-যুৱতীসকলে ইজনে আনজনক ফুল উপহাৰ দিয়ে৷ তেওঁলোকে নদীৰ পানীৰ ফুল ছটিয়াই দেৱতাক উদ্দেশ্যি পূজা কৰে৷ মহিলাসকলে নানা তৰহৰ পিঠ-পনা তৈয়াৰ কৰে৷ এই উৎসৱ উপলক্ষে বিভিন্ন খেল-ধেমালিও অনুষ্ঠিত কৰা হয়৷ দ্বিতীয় দিনা সকলোৱে মন্দিৰত পূজা কৰি ইঘৰ-সিঘৰত ঘূৰি ফুৰে আৰু পিঠা-পনা খায়৷ সেইদিনা তেওঁলোকে নিৰামিষ ভোজন কৰে আৰো কোনো প্ৰাণী হত্যা নকৰে৷ তৃতীয়দিনাও অনুৰূপধৰণে পূজা-উপাসনা কৰে আৰু ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়৷ [2]

মাৰমাসকলে নতুন বছৰ আদৰাৰ উৎসৱ হিচাপে সাংগ্ৰাই পালন কৰে৷ নতুন কাপোৰ পিন্ধি ইজনে সিজনৰ ঘৰলৈ যায় আৰু কুশল বাৰ্তা বিনিময় কৰে৷ নানা তৰহৰ পিঠা-পনা তৈয়াৰ কৰা হয় আৰু খোৱা হয়৷ বৃদ্ধসকলে বৌদ্ধ মন্দিৰত অষ্টশীল নীতি পালন কৰি পূজা-উপাসনা কৰে আৰু যুৱক-যুৱতীসকলে পানী ছটিওৱা খেল খেলে৷ পানীক পৱিত্ৰতাৰ প্ৰতীক হিচাপে লৈ তেওঁলোকে বছৰটোলৈ গ্লানিমুক্ত হয়৷

চাকমাসকলৰ নৱবৰ্ষক আদৰা উৎসৱ হ’ল বিজু৷ চ’ত মাহৰ শেষৰ দুটা দিন আৰু ব’হাগৰ প্ৰথম দিনটোত “বিজু’’ পালন কৰা হয়৷ উৎসৱৰ প্ৰথম দিনা ফুল বিজু৷ সিদিনা অৰণ্যৰ পৰা ফুল আৰু নিমপাত সংগ্ৰহ কৰা হয় আৰু নদীৰ পানীত উটুৱাই দি পূজা কৰে৷ দ্বিতীয় দিনা গজ্যাপজ্যা পূজা৷ মূল বিজুৰ দিনা অসংখ্য কেঁচা পাচলি মিহলাই “পাচন’’ বা ঘণ্ট তৈয়াৰ কৰা হয়৷ ইয়াৰ উপৰি পায়স আৰু পিঠা-পনাও থাকে৷ সেইদিনা চাকমাসকলে জাতীয় সাজ পৰিধান কৰি শোভাযাত্ৰা কৰে৷ সন্ধিয়া ঘৰ-চোতাল, গোহালি আদিত চাকি জ্বলাই সকলোৰে মংগল কামনা কৰে৷ [2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "পাহাড়ে বৈসাবি উৎসব". https://www.prothomalo.com/amp/story/photo/glimpse/%E0%A6%AA%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A7%9C%E0%A7%87-%E0%A6%AC%E0%A7%88%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A6%BF-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A6%AC। আহৰণ কৰা হৈছে: 11 March 2023. 
  2. 2.0 2.1 2.2 "বৈসাবি". https://bn.banglapedia.org/index.php?title=%E0%A6%AC%E0%A7%88%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A6%BF। আহৰণ কৰা হৈছে: 11 March 2023.