ভাংৰা (সংগীত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাংৰা (পঞ্জাবী উচ্চাৰণ: [ˈpə̀ŋɡ(ə)ɽaː] ) হৈছে ব্ৰিটেইন, বিশেষকৈ চাউথলত উৎপত্তি হোৱা পঞ্জাবৰ এক প্ৰকাৰৰ অগতানুগতিক সংগীত। ব্ৰিটেইনৰ পঞ্জাবী প্ৰব্ৰজনকাৰীৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ জনপ্ৰিয় সংগীত। এই শৈলীৰ উৎপত্তি পঞ্জাৱৰ লোক-সংগীতৰ লগতে ১৯৭০ আৰু ১৯৮০ চনৰ পশ্চিমীয়া পপ সংগীতৰ পৰাই হৈছে। এই সংগীত সংযোজনৰ পূৰ্বে ভাংৰা কেৱল স্থানীয় পঞ্জাৱত নৃত্যৰ ৰূপ হিচাপে আছিল। এই পঞ্জাবী সংগীত এই দিশত অনন্য আছিল যে ই পৰম্পৰাগত নাছিল আৰু ই কোনো প্ৰামাণ্যতাও বিচৰা নাছিল। পঞ্জাৱৰ পৰম্পৰাগত লোকসংগীতত বিভিন্ন গায়কে ব্যৱহাৰ কৰা সুৰৰ সৈতে মিল থাকিলেও ভাংৰা আছিল এক প্ৰকাৰৰ কঠোৰ "বেণ্ড সংস্কৃতি" আৰু ইয়াৰ প্ৰতিটো গীতৰ বাবে নতুন নতুন সুৰ ৰচনা কৰা হৈছিল। সেয়ে ভাংৰা গীতত গায়কসকলৰ সমানেই সংগীতকাৰ সকলকো গুৰুত্ব প্ৰদান কৰা হৈছিল।

উৎপত্তি[সম্পাদনা কৰক]

আধুনিক ভাংৰা সংগীতৰ ভেটি ১৯৬০ চনৰ পঞ্জাবৰ শিখ পাঞ্জাবী সম্প্ৰদায়ৰ পৰাই আৰম্ভ হৈছিল। যুক্তৰাজ্যত এই ধৰণৰ সংগীতৰ এটা প্ৰাৰম্ভিক পপ সংগীত আৰু আধুনিক ৰেকৰ্ডিং গ্ৰুপ আছিল ভূঝাংগী গ্ৰুপ (Bhujhangy Group), যিটো ১৯৭১ চনত বাৰ্মিংহামত টাৰলোচন সিং বিলগা, বলবীৰ সিং খানপুৰ, গুৰপাল, ৰাজিন্দৰ ধোনা আৰু দলবিৰ কাহানপুৰীয়ে প্ৰতিষ্ঠা কৰিছিল।[1] ভূঝাংগী গ্ৰুপৰ প্ৰথমটো ডাঙৰ হিট গীত আছিল "ভবিয়ে আখ লাৰ গেই"। গীতটো ১৯৭৫ চনৰ আৰম্ভণিতে টাৰলোচন সিং বিলগাই লিখিছিল আৰু বাৰ্মিংহামৰ অৰিয়েণ্টেল ষ্টাৰ এজেন্সিজৰ বেনাৰত মুক্তি লাভ কৰিছিল। পৰম্পৰাগত এছিয়ান সংগীতৰ সৈতে আধুনিক পশ্চিমীয়া বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটোৱা এইটোৱেই আছিল প্ৰথম ভাংৰা গীত।[2]

লোকসংগীতৰ সৈতে থকা পাৰ্থক্য[সম্পাদনা কৰক]

যদিও ভাংৰা সংগীতত পঞ্জাবী লোকসংগীতৰ বহু উপাদান ব্যৱহাৰ কৰা হৈছিল, তথাপিও ই আধুনিকতাকো আকোৱালি লোৱাৰ বাবে লোকসংগীতৰ পৰা পৃথক বুলি গণ্য কৰা হৈছিল। এটা সাধাৰণ ভাংৰা গীতৰ গঠনত চাৰিটা পদ, এটা কোৰাছ, লগতে দুটা বিকল্প বাদ্যযন্ত্ৰৰ সেঁতু বন্ধন পৰিলক্ষিত হয়। সেয়েহে ইয়াত ইয়াৰ লোক-পূৰ্বসূৰীতবোৰতকৈ অধিক সাংগীতিক বৈশিষ্ট্য আছিল।

যুক্তৰাজ্য[সম্পাদনা কৰক]

১৯৭০[সম্পাদনা কৰক]

১৯৭০ চনত ব্ৰিটেইনত পঞ্জাবৰ পৰা যোৱা লোকসকলে নিজৰ থলুৱা লোকসংগীত আৰু আতিথ্য দেশৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সংমিশ্ৰণৰ পৰিৱৰ্তন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছিল বুলি কোৱা হয়। সৰল আৰু পুনৰাবৃত্তিমূলক পঞ্জাবী লোকসংগীতৰ সৈতে ব্ৰিটেইনৰ ৰক সংগীতৰ প্ৰৱেশ ঘটোৱাই সৃষ্টি কৰা এই নতুন ধাৰাটোৱে ব্ৰিটেইনৰ পঞ্জাবী লোকগায়কৰ মাজত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ দ্বাৰা ব্ৰিটিছ সংস্কৃতি আৰু বৰ্ণবাদী উপাদানৰ সৈতে উত্তেজনা হোৱা পৰিস্থিতিত অভিজ্ঞতাভিত্তিক আত্মবোধ, যেনে ভাষা, ইংগিত, শাৰীৰিক অৰ্থ, ইচ্ছা আদিক কেন্দ্ৰ কৰি আত্মসচেতন আৰু স্বকীয়ভাৱে বিদ্ৰোহী ব্ৰিটিছ এছিয়ান যুৱ সংস্কৃতিৰ বিকাশৰ ইংগিত দিয়া হৈছিল ব্ৰিটিছ সমাজত বহুতো সংখ্যালঘু জনগোষ্ঠীৰ মাজত বিচ্ছিন্নতা আহিছিল, ইতিবাচক পৰিচয় আৰু সংস্কৃতিৰ দৃঢ়তাৰ প্ৰয়োজনীয়তাৰ অনুভূতি গঢ়ি তুলিছিল আৰু ব্ৰিটিছ পাঞ্জাবী পুৰুষসকলক নিজৰ পুৰুষত্ব প্ৰমাণ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিছিল।[3][4][5][6]

১৯৮৫ চনৰ পৰা ১৯৯৩ চনলৈকে মোটামুটিভাৱে চলি থকা ১৯৮০ দশকৰ ভাংৰা সংগীতৰ যুগটো সাধাৰণতে সোণালী যুগ বা ভাংৰা সংগীতৰ যুগ বুলি জনা যায়। এই সংগীতত খুব কমেইহে লোকবাদ্যৰ ব্যৱহাৰ কৰা হৈছিল।

যোৱা কেইবাটাও দশকৰ অন্যতম ডাঙৰ ভাংৰা তাৰকা হৈছে মলকিত সিং আৰু তেওঁৰ বেণ্ড গোল্ডেন ষ্টাৰ। ১৯৬৩ চনৰ জুন মাহত পঞ্জাবৰ হুছেইনপুৰ গাঁৱত সিঙে জন্মগ্ৰহণ কৰিছিল। ১৯৮০ চনত তেওঁ পঞ্জাবৰ জলন্ধৰৰ ল্যালপুৰ খালছা মহাবিদ্যালয়ত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাতেই তেওঁৰ গুৰু অধ্যাপক ইন্দৰজিৎ সিঙক লগ পায়, যিয়ে তেওঁক পাঞ্জাবী লোকগীত আৰু ভাংৰা নৃত্য শিকাইছিল। সিঙৰ তত্ত্বাৱধানৰ বাবে এই সময়ছোৱাত মালকিতে সংগীত প্ৰতিযোগিতাত প্ৰৱেশ কৰি জয়ী হয়। ১৯৮৩ চনত পঞ্জাৱৰ অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ত তেওঁৰ "গুৰ্হ নলন ইছক মিঠা" (Gurh Nalon Ishq Mitha) গীতটো পৰিবেশন কৰি সোণৰ পদক লাভ কৰে, যিটো গীত পিছলৈ তেওঁৰ প্ৰথম এলবাম “নাচ গিধে উইচ”ত (album, Nach Gidhe Wich) সন্নিবিষ্ট কৰিছিল। গীতৰ কথা আছিল তাৰলোচন সিং বিলগাৰ আৰু ১৯৮৫ চনত মুক্তি পোৱা এই এলবামটো মেনেজাৰ টাৰলোচন সিং বিলগাৰ সৈতে নিৰ্মাণ কৰিছিল। বেণ্ডটোৱে ২৭খন দেশ ভ্ৰমণ কৰিছে। ভাংৰা সংগীতৰ প্ৰতি কৰা সেৱাৰ বাবে ৰাণীয়ে মলকিতক ‘এম. বি. ই.’ (MBE) বঁটা প্ৰদান কৰিছে।

লোক প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

ভাংৰাৰ দৰে লোকসংগীত নিৰ্ভৰ কৰে নিৰ্দিষ্ট সংখ্যক পৰম্পৰাগত সুৰৰ ওপৰত যিবোৰ হয়তো শ শ বছৰ পুৰণি হ’ব পাৰে। প্ৰতিজন নতুন গায়কে কেৱল সেই সুৰবোৰৰ এটা ব্যৱহাৰ কৰি নতুন গীতৰ কথা লিখে।

নব্বৈৰ দশকৰ মাজভাগত অৰ্থৰ প্ৰতি আকৰ্ষিত বহু বেণ্ডবিহীন গায়কে কেৱল সেইটোৱেই কাৰাওকে মেচিনৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি ভাংৰা সংগীতৰ পৰা আঁতৰি আহি মূল, পৰম্পৰাগত লোকগীতলৈ ঘূৰি আহিছিল, তেওঁলোকে প্ৰায়েই অধিক ঢোল আৰু টুম্বীক অন্তৰ্ভুক্ত কৰিছিল। ভাংৰা সংগীতৰ প্ৰতি আকৰ্ষিত হৈ বহুতো পঞ্জাবী লোক শিল্পীৰ উত্থান ঘটিছিল। তেওঁলোকক হিপ-হপৰ নমুনা লোকগীতৰ সৈতে সংমিশ্নন কৰা ডিজে (DJs) সকলে সহায় কৰিছিল।

গীতৰ কথা[সম্পাদনা কৰক]

সাধাৰণতে সামাজিক বিষয় বা প্ৰেমক সামৰি লোৱা ভাংৰা গীতৰ কথা পঞ্জাবী ভাষাত গোৱা হয়। ভাংৰা গীতৰ কথা সাধাৰণতে ধাৰাটোৰ সৃষ্টিকৰ্তাসকলে ইচ্ছাকৃতভাৱে সৰল কৰি ৰাখিছিল কিয়নো যুৱক-যুৱতীসকলে জটিল গীতৰ কথা বুজি নাপাইছিল। পৰম্পৰাগত পাঞ্জাবী লোকগীতৰ কথা সাধাৰণতে অধিক জটিল আৰু প্ৰায়ে পাঞ্জাবী ইতিহাসৰ কাহিনী কয়। ভাংৰা গীতসমূহৰ কথা সাধাৰণতে পঞ্জাবী গৌৰৱৰ বিষয়বস্তু আৰু পঞ্জাবী বীৰসকলৰ প্ৰতি উৎসৰ্গিত। পঞ্জাবৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গীতৰ কথা সৃষ্টি কৰা হয়। বিশেষকৈ উধাম সিং আৰু ভগত সিংক লৈ বহু ভাংৰা গীট লিখা হৈছে। কম গুৰুতৰ বিষয়সমূহৰ ভিতৰত আছে তেওঁলোকৰ ৰঙীন দুপাট্টা পিন্ধা ধুনীয়া যুৱতীসকল। গীতৰ কথাবোৰ শস্য আৰু নতুন ঋতুৰ আগমনৰ বিষয়েও হ’ব পাৰে। ভাংৰাক গীতৰ মাজে মাজে প্ৰায়ে “বল্লে বল্লে” বা “চাকদে ফাটে” বুলি চিঞৰা হয়। যিয়ে আনন্দ-উল্লাস বা গৌৰৱক প্ৰতিনিধিত্ব কৰে।

বাদ্যযন্ত্ৰ[সম্পাদনা কৰক]

ভাংৰা গীতত সাধাৰণতে পঞ্জাবী বাদ্যযন্ত্ৰ, বিশেষকৈ ঢোল সংগত কৰা হয়। বিংশ শতিকাৰ ভাংৰা গীতৰ সৈতে টুম্বি,[7] সাৰংগী,[8] ঢোলক (ঢোলতকৈ সৰু), বাঁহী, জিথাৰ, ফিডল, হাৰমনিয়াম, তবলা, গীটাৰ, মেণ্ডোলিন, চেক্সোফোন, চিন্থেচাইজাৰ, ড্ৰাম চেট, আৰু অন্যান্য পশ্চিমীয়া বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়।[9]

ভাংৰাগ্গা[সম্পাদনা কৰক]

ভাংৰাগ্গা বা ভাংৰামুফিন[10] হৈছে ১৯৯৩ চনত মুক্তি পোৱা ‘আপাচি ইণ্ডিয়ান’ৰ প্ৰথম এলবামত “ন ৰিজাৰভেশ্বন” (No Reservations) ব্ৰিটিছ এছিয়ান প্ৰযোজক চাইমন আৰু ডাইমণ্ডে ভাংৰা আৰু ডান্সহল সংগীতৰ উপাদানসমূহ মিশ্ৰিত কৰি সৃষ্টি কৰা এটা নতুন সংগীতৰ ধাৰা।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Folkard, Claire, ed (2004). Guinness World Records 2005. প্ৰকাশক Enfield: Guinness World Records. পৃষ্ঠা. 199. ISBN 0851121926. 
  2. "Osa History". Oriental Star Agencies. Archived from the original on 2014-03-23. https://web.archive.org/web/20140323032510/http://www.osa.co.uk/feature_content.asp?feature_id=1। আহৰণ কৰা হৈছে: 2013-09-09. 
  3. Sharma, Sanjay. "Noisy Asians or 'Asian Noise'?" In Disorienting Rhythms: The Politics of the New Asian Dance Music
  4. Sehyon.com Archived 2016-03-03 at the Wayback Machine, a composer of Bhangra music
  5. "Moodle.brandeis.edu". Archived from the original on 2014-03-03. https://web.archive.org/web/20140303071628/https://login.brandeis.edu/?factors=BRANDEIS.EDU%2Cldapauth&cosign-moodle-prod&https%3A%2F%2Fmoodle.brandeis.edu%2Ffile.php%2F3404%2Fpdfs%2Fsharma_noisy-asians.pdf। আহৰণ কৰা হৈছে: 2024-02-29. 
  6. "What's right with Asian boys". Financial Times. 2006-04-21. https://www.ft.com/content/9f2bb9fc-d03b-11da-b160-0000779e2340. 
  7. Roy, Anjali Gera (2010-01-01). Bhangra Moves: From Ludhiana to London and Beyond. Ashgate Publishing, Ltd.. ISBN 9780754658238. https://books.google.com/books?id=8O9tua3CjhMC&q=tumbi&pg=PA115. 
  8. Roy, Anjali Gera (2010-01-01). Bhangra Moves: From Ludhiana to London and Beyond. Ashgate Publishing, Ltd.. ISBN 9780754658238. https://books.google.com/books?id=8O9tua3CjhMC&q=sarangi&pg=PA58. 
  9. "bhangra | dance". Encyclopædia Britannica. https://www.britannica.com/art/bhangra. 
  10. Zachariah, Preeti (28 November 2017). "Make way for this Indian" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/music/apacheindianintown/article21037254.ece। আহৰণ কৰা হৈছে: 1 February 2023. "the genre of music he pioneered, bhangramuffin — ragamuffin dancehall with Indian influences — is an expression of the ethnic mosaic and diversity he grew up in.".