মালপোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মালপোৱা
প্ৰকাৰ পুৱাৰ জলপান, নিমখীয়া, মিঠাই
অঞ্চল পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, অসম, বিহাৰ, ত্ৰিপুৰা, নেপাল
মুখ্য উপাদান আটা, পিঠগুড়ি, চেনি

ভূটান, ভাৰত, নেপাল আৰু বাংলাদেশত জনপ্ৰিয় পূব ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা মিঠাই হিচাপে ৰাতিপুৱাৰ চাহৰ সৈতে বা দুপৰীয়াৰ চাহৰ সৈতে জলপান হিচাপে পৰিবেশন কৰা মিঠাযুক্ত ব্ৰেকফাষ্ট এবিধক মালপোৱা বা কেতিয়াবা পোৱা বুলি কোৱা হয় ৷ [1]

ইতিহাস[সম্পাদনা কৰক]

বৈদিক যুগৰ আৰ্য্যসকলে খোৱা আটাইতকৈ উৎপাদনশীল শস্য আছিল যৱ ৷ মালপোৱা নামৰ মিঠা পিঠা এবিধ প্ৰস্তত কৰা হৈছিল, য’ত বাৰ্লিৰ আটা হয় ঘিউত ভাজি নতুবা পানীত সিজোৱা হৈছিল। তাৰ পিছত ইয়াক মৌত ডুবাই দিয়া হৈছিল।[2]

প্ৰকাৰ[সম্পাদনা কৰক]

ওড়িশাৰ ৰাজা পৰবৰ বাবে প্ৰস্তুত মালপোৱা

বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ মালপোৱা প্ৰস্তুত কৰা হয়। পশ্চিম বংগ আৰু ওড়িশাৰ মালপোৱা সাধাৰণতে কম মিঠা।[3] অসমৰ মালপোৱাও সাধাৰণতে তেলত ভজা হয় কিন্তু ইয়াক চেনীৰ ৰস, মৌ আদিত ডুবোৱা নহয়। অসমত আটাৰ ঘোলত চেনি বা নিমখ দি মালপোৱা বনোৱা হয়। বাংলাদেশ, ওড়িশা, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ আৰু নেপালত মালপোৱা জনপ্ৰিয় য'ত উৎসৱৰ সময়ত ইয়াক অন্যান্য মিঠাইৰ লগতে পৰিবেশন কৰা হয়।[4] অসমতো মিঠা সোৱাদৰ মালপোৱা প্ৰচলিত।

কিছুমান অঞ্চলত মালপোৱাৰ বাবে ঘোল পকা কল বা (বাংলাদেশত) নাৰিকল ৰুকি আটা, আৰু পানী বা গাখীৰ দি প্ৰস্তুত কৰা হয়। এই মিশ্ৰণটোত কেতিয়াবা সুক্ষ্মভাৱে ইলাচিৰ জুতি যোগ কৰা হয়। ইয়াক তেলত ডুবাই ভজা হয়, আৰু গৰমে গৰমে পৰিবেশন কৰা হয়। ওড়িশাত মালপোৱা ভাজি লোৱাৰ পিছত ৰসত ডুবাই থোৱা হয়। এই খাদ্যৰ বিহাৰী সংস্কৰণত ভজাৰ আগতে ঘোলত চেনি মিহলাই দিয়া হয়।

আমলু (মালপোৱা) ভগৱান জগন্নাথৰ ছাপন্ন ভোগৰ অন্যতম আৰু ইয়াক সঞ্জ ধূপত (সন্ধিয়া প্ৰাৰ্থনা) অন্তৰ্ভুক্ত কৰা হৈছে। মালপোৱাৰ অন্যান্য ভিন্নতাত কলৰ সলনি আনাৰস বা আম ব্যৱহাৰ কৰা হয়। বাংলা, ভোজপুৰী, মাইথিলী আৰু ওদিয়া মালপোৱা পৰম্পৰাগতভাৱে কেৱল ঘন গাখীৰ আৰু অলপ আটা (কেতিয়াবা ঘেঁহুৰ আটাৰ সলনি চাউলৰ গুড়ি) লৈহে তৈয়াৰ কৰা হয়।

উত্তৰ ভাৰতৰ মালপোৱা, বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৰাজস্থানৰ মালপোৱাত ফল নাথাকে। ময়দা, চেৱৈ, গাখীৰ, আৰু দৈও ব্যৱহাৰ কৰা হয়। ঘোলখিনি কেইঘণ্টামান থৈ গৰম তেলত দি মালপোৱা তৈয়াৰ কৰা হয়। তাৰ পিছত ইয়াক ডাঠ চেনিৰ ৰসত ডুবাই দিয়া হয়। হিন্দু ধৰ্মীয় উপলক্ষে হোলীত বনাব পৰা জনপ্ৰিয় মিঠাই হৈছে মালপোৱা ৷ ভোজপুৰী অঞ্চলৰ নআমিষভোজী গৃহত হোলীৰ সময়ত ছাগলী মাংসৰ তৰকাৰীৰ লগতে মালপোৱাও পৰিবেশন কৰা হয় ৷[5]

নেপালৰ মালপোৱা যাক মাৰ্পা বুলিও কোৱা হয়, কাঠমাণ্ডু উপত্যকাত বিশেষভাৱে তৈয়াৰ কৰা হয় য’ত ময়দা, পকা কল, পিপলি, চফ, গাখীৰ আৰু চেনি গুড়ি কৰি ঘোলত ব্যৱহাৰ কৰা হয় আৰু ভাৰতৰ দৰেই প্ৰস্তুত কৰা হয়।

মুছলমানৰ পবিত্ৰ ৰমজান মাহৰ বিখ্যাত খাদ্য হৈছে মালপোৱা। সমগ্ৰ ভাৰতবৰ্ষৰ মুছলমান পৰিয়ালসমূহে, লগতে পাকিস্তানে ইফতাৰৰ (ৰোজা ভংগ কৰিবলৈ খাদ্য) বাবে মালপোৱা প্ৰস্তুত কৰে। এই মালপোয়াত ময়দা, ৰাৱা, আৰু খোয়া/ মাৱা অন্তৰ্ভুক্ত কৰা হয়, আৰু পেনকেকৰ আকৃতি ল'বলৈ তেলত ডুবাই ভজা হয়। কিছুমান ৰেচিপিত মালপোৱাক পৰিবেশনৰ আগতে চিৰা নামৰ চেনিৰ ৰসত ডুবাই দিয়া হয়। ওডিয়া খাদ্যত ই বিখ্যাত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Ray, Dipti (2007). Pratapararudradeva: The Great Suryavansi King Of Orissa 1497 To 1540. Lecture Notes in Mathematics 1358. Northern Book Centre. ISBN 978-8172111953. 
  2. Achaya, K.T. (1998). Indian Food: A Historical Companion. Oxford University Press. পৃষ্ঠা. 33. ISBN 978-0195644166. 
  3. "Error: no |title= specified when using {{Cite web}}". 
  4. "From the Bihari malpua to Maharashtrian puranpoli: Dig into signature Holi treats" (en ভাষাত). The Times of India. 2021-03-29. https://m.timesofindia.com/life-style/food-news/from-the-bihari-malpua-to-maharashtrian-puranpoli-dig-into-these-signature-holi-treats/photostory/81742367.cms। আহৰণ কৰা হৈছে: 2022-08-23. 
  5. Upadhyay, Karishma (2018-07-19). "Feasting Bhojpuri style" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/life-and-style/food/feasting-bhojpuri-style/article24463291.ece.