লায়েট ন-চুঙী গাঁও
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
লায়েট ন-চুঙী যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এখন গাঁও। এই গাঁওখন বিৰিণশায়েক গাঁও পঞ্চায়ত আৰু আমগুৰি খৰিকটীয়া মৌজাৰ অন্তৰ্গত॥গাঁওখনৰ দাঁতি-কাষৰীয়া গাঁওকেইখন হ’ল- ফালেঙীচুক, বেপাৰীচুক, হাঁহখোৱা চুক,হাতীপৰা, মৰাণি চুক চেলাউৰীয়া, চেঙেলীচুক, দিহিঙ্গীয়া, অগ্নিগাঁও আৰু বিৰিণাশায়েক গাঁও।[1]
নামৰ উৎপত্তি
[সম্পাদনা কৰক]লায়েট নামটো আহিছে লায়েক শব্দৰ পৰা। পুৰণি কালত অঞ্চলটোত এখন বাচক-বনীয়া উৰ্ব্বৰ পথাৰ আছিল যাৰ নাম আছিলে 'লায়েক বছা পথাৰ'। পিছলৈ ইয়াৰে অপভ্ৰংশ ৰূপত নামটো হয় 'লায়েট বছা পথাৰ'। এই পথাৰৰ উপকণ্ঠত এখনি গাঁও আছিল যাৰ নাম আছিল লায়েট বছা গাঁও। কুৰি শতিকাৰ আৰম্ভণিতে যেতিয়া কলেৰা মহামাৰী হৈছিল তেতিয়া গাঁওখনটো ইয়াৰ প্ৰভাৱ পৰিছিল; যিকেইঘৰ মানুহ সুস্থ আছিল তেওঁলোক এক ফাৰ্লং মান উজাই আহি নতুনকৈ গাঁও স্থাপন কৰিলে আৰু ন-চুং পাতিলে। গাঁৱৰ নাম সলাই তেতিয়া লায়েট ন-চুঙী গাঁও ৰখা হ'ল।[1]
যাতায়াত
[সম্পাদনা কৰক]গাঁওখনৰ মাজেদি দিহিঙ্গীয়া-বিৰিণাশায়েক পথটো গৈছে। এই পথটো এটা পকী পথ। এই পথটোৰ পৰা ওলোৱা উপপথবোৰে গাঁওখনক চুবুৰীয়া গাঁওকেইখনৰ লগত সংযোগ কৰিছে।
অনুষ্ঠানসূহ
[সম্পাদনা কৰক]গাঁওখনৰ মূলপথটোৰ দাঁতিতে গাঁওখনৰ প্ৰাথমিক, আৰু অংগনবাড়ী বিদ্যালয়কেইখন আছে। গাঁওখনৰ যুৱ-সংঘৰ নাম হ’ল ‘জাগৰণ যুৱ সংঘ’। এই সংঘটোৱে ১৯৪৮ চনত জন্ম লাভ কৰিছিল লায়েট ন-চুঙী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ চৌহদত। তেতিয়া ইয়াৰ নাম আছিল লায়েট ন-চুঙী যুৱক সংঘ ।[1] গাঁওখনৰ মইনা-পাৰিজাত সংগঠনটোৰ নামো "জাগৰণ"।