লেৰেলা বড়ো

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লেৰেলা বড়ো(ইংৰাজী: Lerela Boro) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ বিয়াল্লিছৰ আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত আহত হৈ পিছত বৰ শোকজনক অৱস্থাত মৃত্যু হয়৷[1][2] লেৰেলা বড়োৰ জন্ম ঢেকিয়াজুলি মৌজাৰ কেহেৰুখন্দা গাঁৱত৷ পিতৃৰ নাম গপ কছাৰী৷ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় আছিল বাবে প্ৰাইমাৰী বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰিছিল৷ পিছত প্ৰায় ২১-২২ বছৰ বয়সত কংগ্ৰেছৰ ভলণ্টিয়াৰ হৈ আন্দোলনত যোগ দিয়ে৷ ১৯৪২ চনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলৰ লগত গৈছি লেৰেলা বড়ো৷ সমদলৰ আগত যোৱা জনতাক লাঠিচালনা কৰি অত্যাচাৰ কৰাত আৰু গুলীয়াই বহু মানুহক নিহত কৰাত লেৰেলা বড়োই পুলিচক নিৰস্ত্ৰ কৰিবলৈ টনা-আঁজোৰা কৰিছিল৷ ফলত পুলিচে গুলী কৰে আৰু তেওঁ থানা ফিল্ডত পৰি থাকে৷ আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁক আনসকলৰ সৈতে গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰে যদিও কোনো চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ পিছত তেওঁৰ আঘাতপ্ৰাপ্ত স্থানবোৰ গেলি-পচি তাৰ যন্ত্ৰণাতে তেওঁৰ মৃত্যু হৈছিল৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ২৪১. ISBN 978-81-7339-428-7. 
  2. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০২. 
  3. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৫০০.