সদস্য বাৰ্তা:Johirul000

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিঞা কোন?

মিঞা বুলি অসমৰ সমগ্র মুছলমানক সাঙুৰি লোৱা হৈছে! যদি কোনোবাই সেই পৰিচয় নিদি অন্য পৰিচয় দিব বিচাৰে তাত আমাৰ ক'বলগীয়া নাই। সেই বুলি মিঞা জনগোষ্ঠীৰ আওতাৰ পৰা কাৰোবাক বাদ দি এই জনগোষ্ঠী বা স্বায়ত্ব পৰিষদৰ দাবী কৰা হোৱা নাই। যিয়ে ইচ্ছা কৰিব মিঞা হিচাপে থাকিব অনিচ্ছা থাকিলে অন্য পৰিচয় ডাঙি ধৰিব পাৰে। সিহঁতৰ বা তাৰ ব্যক্তিগত কথা। তাত মিঞা সাহিত্য সভাৰ কোনো আপত্তি নাই।

মিঞা হিচাপে যিয়েই নিজকে পৰিচয় দিব বিচাৰে তেওঁৱেই মিঞা বা মিঞা জনগোষ্ঠীৰ (চৰ্ত থাকিব পাৰে নোৱাৰে) অন্তৰ্ভুক্ত। যিয়ে নিদিয়ে তেওঁ এই জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নহয়। অসমৰ কোনো এগৰাকী মুছলমান যদি কয় মই মিঞা নহও তেন্তে তাতো আমাৰ আপত্তি নাই। আকৌ যদি ভাৱে মই এতিয়া মিঞা হিচাপে পৰিচয় দিয়া দৰকাৰ(?) তেন্তে তেওঁকো সাঙুৰি লোৱা হ'ব মিঞা বুলি। গতিকে কোনখিনি,কাক, মিঞা হিচাপে স্বীকৃতি দিয়া হৈছে, হ'ব, নহ'ব, এইবোৰ কথা বিতৰ্কৰ মাজৰ পৰা কাহানিবাই ডেমেজ হৈ গল বা বাদ দিয়া হ'ল।

ফিতা কাটি টুকুৰা কৰি ব্যক্তিগত স্বাৰ্থসিদ্ধি কৰিব বুলি ভৱা একাংশই মিঞাৰ সজ্ঞা সলনি কৰি নিৰ্দিষ্ট এমুঠি জনসমষ্টিক মিঞা বুলি প্ৰচাৰ কৰিব বিচৰা সকলে এই কথা জানি থোৱা ভাল যে- মিঞাৰ সজ্ঞাৰ অন্তৰ্ভুক্ত অসমৰ ভৌগোলিক চাৰিসীমাৰ আওতাত থকা প্ৰাকস্বাধীনতাৰ উত্তৰপুৰুষ অসম চুক্তিৰ অন্তৰ্ভুক্ত মুছলমানক ৰখা হৈছে বাধাহীন ভাৱে। অসম চুক্তি মতে মিঞা সিহঁতে যিহঁতে নিজকে মিঞা বুলি স্ব-ইচ্ছাই প্ৰকাশ কৰে বা ভাৱে বা পৰিচয় দি গৌৰৱ অনুভৱ কৰে।

জহিৰুল ইছলাম

মূখ্য সাধাৰণ সম্পাদক মিঞা সাহিত্য সভা

A tag has been placed on সদস্য:Johirul000, requesting that it be speedily deleted from Wikipedia. This has been done for the following reason:

Nonsense

Under the criteria for speedy deletion, articles that do not meet basic Wikipedia criteria may be deleted at any time.

If you think that the page was nominated in error, contest the nomination by clicking on the button labelled "Click here to contest this speedy deletion" in the speedy deletion tag. Doing so will take you to the talk page where you can explain why you believe the page should not be deleted. You can also visit the page's talk page directly to give your reasons, but be aware that once a page is tagged for speedy deletion, it may be removed without delay. Please do not remove the speedy deletion tag yourself, but do not hesitate to add information that is consistent with Wikipedia's policies and guidelines. If the page is deleted, you can contact one of these administrators to request that the administrator userfy the page or email a copy to you. {{u|সৌৰভ}}সদস্য বাৰ্তা:saurabhsaha 07:27, 29 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মিঞা জনগোষ্ঠী, মিঞা কোন কাৰ বংশধৰ ? কোনখিনি মুছলমান প্ৰকৃত ভুমিপুত্ৰ?[সম্পাদনা কৰক]

মিঞা কোন কাৰ বংশধৰ ? কোনখিনি মুছলমান প্ৰকৃত ভুমিপুত্ৰ?

অসমত মিঞাৰ বাহিৰে থকা কোনো মুছলমানেই ভূমিপুত্ৰ বা খিলঞ্জীয়া হয়নে ?

             জহিৰুল ইছলাম,৭০০২০৬৪৯৮২।

আপুনি এগৰাকী সাহিত্যিক,সচেতন, জ্ঞানী যেন অনুভৱ হয়। নিশ্চয় জনগোষ্ঠী আৰু ধৰ্মৰ পাৰ্থক্য জানেই। আপুনি ধৰ্মৰ পৰিচয়ত কিয় ৰাখিব বিচাৰে মুছলমান সকলক। আপুনিও জানে অসম তথা ভাৰতীয় মুছলমান ৯৯% স্থানীয় বিভিন্ন গোত্ৰ গোষ্ঠীৰ পৰা ধৰ্মান্তৰিত। এতিয়াও চলিয়েই আছে সেই প্ৰথা। আজি যদি কোনোবা বড়ো,মেচ,কচাৰী, আহোম, ঠেঙাল, মৰাণ,মটক আদি কোনোবা ধৰ্মান্তৰিত হৈ মুছলমান হয় সিহঁতৰ পৰিচয় উক্ত ধৰণে নাথাকিবনে?অৰ্থাৎ  যদিও সিহঁতৰ ধৰ্ম মুছলমান হৈ যায়  গোত্ৰ বা গোষ্ঠী পৰিচয় কিন্তু বড়ো,মেচ,কচাৰী, আহোম, ঠেঙাল, মৰাণ,মটক আদি নাথাকিব নে? নিশ্চিত আদিয়ে থাকিব। গতিকে এইখিনিতে ভুল বুজাবুজি এটা হৈ আছে যে মুছলমান সকলৰ পৰিচয় নাই। কিন্তু প্ৰকৃততে মুছলমান সকল ইয়াৰেই ভূমিপুত্ৰ বুলি দাবী কৰা অমুছলমান সকলৰ বংশধৰ। মানে আপোনাৰেই বংশধৰ। কেৱল ধৰ্মীয় বিশ্বাস সলাইছে। হয় এটা কথা ঠিক যে- ছৈয়দ বংশ ,মোগল আদি কিছুমান ইয়াৰ ভূমিপুত্ৰ নহয় । ইহঁতে ভাৰতীয় মূলৰেই নহয়। দুখৰ বিষয় যে, যিসকল মুছলমান আপোনালোকৰ বংশধৰ নহয় সেইখিনিকেই আপোনাসবে আপোন বুলি গণ্য কৰে, অৰ্থাৎ আৰৱীয়ান, পাৰ্চী মূলীয় মমিনুল আৱাল,চৈয়দ জাৰিৰ আদিহতেই অসমৰ ভূমিপুত্ৰ নহয়। সিহঁতে বিদেশমূলৰ হৈওঁ সিহঁতক আপুনি আপোন বুলি গণ্য কৰে কিন্তু যি সকলে ইমান দিনে নিজৰ জনগোষ্ঠীৰ কথা বুজি পোৱা নাছিল, আজি অলপ অলপ বুজি উঠি নিজকে জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰিব বিচাৰি মিঞা নামটো বাছি লৈছে সিহঁতক আপোনাৰ দৰে সচেতন মহলে তিৰস্কাৰ কৰিব বিচাৰি আছে। কিন্তু মিঞা সকল যে প্ৰকৃত খিলঞ্জীয়া সেই কথাখিনি কেৱলমাত্ৰ ভুল বুজাবুজিৰ বাবেই একাংশই তিৰস্কাৰ কৰি থকা পৰিলক্ষিত হৈছে।

যি সকল বিদেশীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ স্বিদ্ধি কৰিবলৈ আহি আবদ্ধ হৈ থাকি গল সিহঁতৰ বংশধৰ বিদেশী মূলৰ নহয় বুলি কোৱা অসম্ভৱ যদিও সিহঁতকেই প্ৰকৃত ভূমিপুত্ৰ বুলি ভাৱি আছে আৰু যিখিনি ইয়াৰেই নিজৰ বংশধৰে ধৰ্ম সলাই মুছলমান হ'ল সিহঁতকেই পাত্তা দিয়া হোৱা নাই। অথচ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় বিদেশৰ পৰা অহা মুছলমান খান,পাঠা,চৈয়দ, মোগল আদি টাইটেল থকা। মিঞা সকলৰ টাইটেল বৰ্তমানলৈকেও ঠিক নাই , অৰ্থাৎ বিচ্ছিন্ন। ইয়াৰ কাৰণ ইহঁতে বিভিন্ন দিশৰ পৰা ধৰ্মান্তৰিত। সেয়ে এতিয়াও ইহঁতৰ টাইটেল প্ৰযন্ত্য ঠিক কৰিব পৰা নাই।

এটা কথা মন কৰিবলগীয়া যে- কোনো এটা জনগোষ্ঠীৰ পৰিচয়েই পূৰ্বৰ পৰা নাছিল। সময় কাল চাহিদা আদিৰ আবেষ্টনিৰ পাকচক্ৰত পৰি সকলোৱে নিজৰ নিজৰ সুবিধাৰ্থে জনগোষ্ঠীয় পৰিচয় দি আহিছে। কোনোবাই কথাখিনি বুজোতে অলপ পূৰ্বে বুজি পালে আৰু কিছুমানে বুজোতে দেৰি (পলম) হৈছে। মুঠতে এয়াই পাৰ্থক্য। একাংশ বিদেশী মূলৰ চতুৰ লোকে বহু পূৰ্বতে এইবোৰৰ কথা বুজি নিজকে সাজু কৰি তুলিছে আৰু দৰিদ্ৰতাৰ স্বীকাৰ হোৱা খিনিয়ে লাহে লাহে চাহিদাৰ অৱগত হৈ আছে। এয়া ই মুঠতে পাৰ্থক্য।

উল্লেখযোগ্য যে-এয়া এটা ৰাজনৈতিক এজেন্ডাত আপোনাৰ দৰে সচেতন মহলক ঠেলি দি ৰাজনীতিবিধ সকলে পাকচক্ৰত পেলাই জোল খাই আছে। আৰু আমি বংশই বংশৰ সত্ৰুতা কৰিছোঁ।

জহিৰুল ইছলাম

মুখ্য সম্পাদক, মিঞা সাহিত্য সভা

7002064982 Johirul000 (বাৰ্তা) 03:46, 19 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসম সাহিত্য সভা আৰু মিঞা সাহিত্য সভাৰ সম্পৰ্ক[সম্পাদনা কৰক]

অসম সাহিত্য সভাৰে সৈতে মিঞা সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন:

কালি অৰ্থাৎ ২ জুলাই ২০১৯ তাৰিখত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী চাহাবৰ পৌৰাহিত্যত এখন চিন্তন বৈঠক সম্পন্ন হয় অসম সাহিত্য সভা ভৱনত । এই সভাত অসম সাহিত্য সভাৰ বিষয়ববীয়া সকল, অসম সাহিত্য সভাৰ চৰ-চাপৰিৰ উপ সমিতিৰ প্ৰতিনিধি সকল আৰু মিঞা সাহিত্য সভাৰ সাত জনীয়া দল উপস্থিত থাকে ।

অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত আয়োজিত এই বৈঠকখনত এন আৰ চি , ভাষাকেন্দ্ৰীক চলো পাল্টাই, মিঞা কবিতা বিতৰ্কক আদি আৰু বিভিন্ন বিষয় স্থান পায় ।

মিঞা কবিতা , সাহিত্য চৰ্চা লৈ একাংশৰ গাত বিছা লাগিলেও মিঞা সাহিত্য সভাই কিন্তু মিঞা জনগোষ্ঠীৰ সামান্তৰালকৈ সমানেই চিন্তিত অসম,অসমীয়া জাতিৰ বাবে । মিঞা অধ্যুষিত এলেকাৰ সৰ্বস্থৰৰ উন্নীতকৰণৰ আশা লৈয়েই মিঞা সাহিত্য সভাই কালিও অসম সাহিত্য সভাই আয়োজিত চিন্তন বৈঠকত আমন্ত্ৰণ মৰ্মে উপস্থিত থাকে ছয় জনীয়া এটা সজাতি দলৰ প্ৰতিনিধিয়ে । এন আৰ চি ক লৈ উদ্ধেক প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী চাহাবে কয় যে- ৰাজ্যত ভাষাকেন্দ্ৰীক চলো পাল্টাইৰ সুত্ৰপাত হ'লেও আমি সংঘবদ্ধভাৱে সমিলমিলে এইবোৰ অপশক্তি দূৰ কৰিব লাগিব ।

মিঞা সাহিত্য সভাই ৰাজ্যৰ সকলো ধৰণৰ জাতীয় সংগঠনৰ উপৰি বৌদ্ধিক মহলে এক ঘুৰণীয়া মেজমেলৰ যোগেদি NRC,D Voter,FT আদিৰ নিৰ্মূল আৰু যিসকল প্ৰকৃত ভাৰতীয়ক বিনা কাৰণত, সামান্য তাৰতম্য আদিৰ দ্বাৰা নিৰ্যাতন চলোৱা বিষয়বোৰ বন্ধ কৰিব পৰা ব্যৱস্থা আৰু অভয় বানীৰে নিৰ্যাতিতাক আশ্বস্ত কৰিব পাৰিলে এনে চলো পাল্টাই নিৰ্মূল কৰিব পৰা যাব। যদিও, সেই অভয় বাৰ্তা আৰু একাংশ দল সংগঠনে কৰা নিৰ্যাতন বন্ধ কৰিব পাৰিলেহে সুফল পোৱা যাব পাৰে । এই খিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অসম সাহিত্য সভাৰ সভাপতি চাহাবে আলোচনা প্ৰসংগত কয় যে- চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কৰ্তৃপক্ষৰ গাফিলতিত প্ৰকৃত ভাৰতীয় নাগৰিকক বাদ পেলালে উপযুক্ত নথি পত্ৰ থকা প্ৰতিগৰাকী নাগৰিকৰ হৈ অসম সাহিত্য সভাই ন্যায় প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰে ।

কিন্তু সেই অভয় বাৰ্তা মিঞা সাহিত্য সভাই গ্ৰাছ লেভেলত লৈ গ'লে নহ'ব যদিহে আছু,যুৱ ছাত্ৰ পৰিষদ আদি সকলে সিহঁতক আশ্বস্ত নকৰে । কাৰণ, অধিকাংশ লোক আছুৰ নেতৃত্বত থকা সংগঠনৰ একাংশ উগ্ৰ সদস্যৰ দ্বাৰাহে নিৰ্যাতন চলাই আজিৰ ঘৃণাৰ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে । গতিকে সিহঁতৰ নমনীয়তাইহে সেইসকল ৰাইজৰ ক্ষোভ প্ৰসমিত কৰিব পাৰিব বুলি আমাৰ বিশ্বাস হয় । অসমৰ সকলো স্থৰৰ লোক,জাতীয় সংগঠন, অসম সাহিত্য সভাক ধৰি একত্ৰিত হৈ ৰাইজৰ কাষ চাপিব লাগে বুলি প্ৰস্তাৱ আগবঢ়োৱাত সেই প্ৰস্তাৱটো গ্ৰহণ কৰে অসম সাহিত্য সভাই । সেই মৰ্মেই চলিত জুলাই মাহত অসমৰ মিঞা অধ্যুষিত বিভিন্ন অঞ্চল সমূহত  আছু,জাতীয়তাবাদী যুৱ পৰিষদক আদি কৰি জাতীয় সংগঠন সমূহক লগত লৈ জাতীয় চিন্তন বৈঠক পাতিব লাগে বুলি সভাত সৰ্ব সন্মত প্ৰস্তাৱ গ্ৰহণ অসম সাহিত্য সভাই ।

উল্লেখ যে - মিঞা জনগোষ্ঠীৰ আৰ্থিক, শৈক্ষিক, সামাজিক দৈন্যতা দূৰ কৰিবলৈ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰি এই সভাত পশ্চিম অসমত বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কেও মিঞা সাহিত্য সভাৰ ফালৰ পৰা আন এটা প্ৰস্তাৱ ৰখা হয় ।

জহিৰুল ইছলাম সম্পাদক মিঞা সাহিত্য সভা

Johirul000 (বাৰ্তা) 04:55, 19 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মিঞা সাহিত্য সভা"ৰ প্ৰাসংগিকতা আৰু ইতিবাচক নেতিবাচক ধ্যান ধাৰণা লৈ একলম:[সম্পাদনা কৰক]

"মিঞা সাহিত্য সভা"ৰ প্ৰাসংগিকতা আৰু ইতিবাচক নেতিবাচক ধ্যান ধাৰণা লৈ একলম:

জহিৰুল ইছলাম ; ৭০০২০৬৪৯৮২ ।

অসমৰ ভিতৰত আটাইতকৈ পিছপৰা জনগোষ্ঠী সমূহৰ অন্যতম হৈছে মিঞা জনগোষ্ঠী আৰু চাহ জনগোষ্ঠী দুটা । ১৯০৫ চনৰ পৰা বৃটিছৰ পৃষ্ঠপোষকতাত পাঁচ টকীয়া টিকটৰ সহায়ত অসম মূলকত কৰ্মসূত্ৰে অহা চাহজনগোষ্ঠীৰ লোকৰ উত্তৰণৰ বাবে চৰকাৰে ইতিমধ্যে কিছু পদক্ষেপ লোৱা দেখা গৈছে; যি প্ৰসংশনীয় বুলি ধৰিব পাৰি যদিও বহু পূৰ্বে এই পদক্ষেপ হাতত লোৱা উচিত আছিল । বিগত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ১৯ টা উন্নয়ন পৰিষদ , ৬ টা স্বায়ত্ব পৰিষদ গঠন কৰি বন্টনীয় ৰাজনীতিৰ জৰিয়তে হ'লেওঁ বহুখিনি পিছপৰা লোকক উত্তৰণৰ দিশত ঠেলি দিয়াৰ সামান্তৰালকৈ বাকী ৬ টা জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদানৰ প্ৰস্তাৱ দিল্লীত পঠাইছিল । যাৰ ভিতৰত চাহ জনগোষ্ঠীও অন্যতম । কিন্তু ১৯৯৪ চনৰ পৰা মিঞা পৰিষদ নামৰ অৰাজনৈতিক সংগঠন এটাই গাৱে-ভূঞে (বৰ্তমান যিখিনিক মিঞা বুলি ধাৰণা কৰা হয়) বিভিন্ন প্ৰকাৰে সাধ্যানুযায়ী মিঞা জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংবিধানিক অধিকাৰৰ সংগ্ৰাম অব্যাহত ৰখাৰ কথাটো কোনেও অস্বীকাৰ কৰাৰ সম্ভৱ নহয় যদিও কিছু ৰাজনৈতিক দল সংগঠনৰ নেতৃত্বতৰ কৌশলপূৰ্ণ অৱস্থানৰ বাবেই মিঞা জনগোষ্ঠীৰ লোকখিনি বহু পিছুৱাই থকা বুলি ক'লেওঁ ভুল নহ'ব । বৰ্তমান চৰকাৰে উক্ত ছয় জনগোষ্ঠীক জনজাতি কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে  তাৰ লগত মিঞা জনগোষ্ঠীটো থকাটো ফৰজ (অত্যন্ত জৰুৰী) আছিল যদিও নথকাটো অতিকৈ দুৰ্ভাগ্যজনক ।

সামান্তৰালকৈ বৰ্তমান সমাজৰ মিঞা জনগোষ্ঠীৰ এচাম উঠি অহা শিক্ষিত তথা সচেতন মহলে বিভিন্ন জাতি জনজাতিৰ সামান্তৰালকৈ যাতে মিঞা জনগোষ্ঠীৰ লোকেও আগুৱাই যাব পাৰে তাৰ বাবে নিজৰ ভাষা-সাহিত্য, কলা-কৃষ্টি, ইতিহাস তথা স্বগোষ্ঠীয় পৰিচয়, ঐতিহ্য সম্পৰ্কে চিন্তা-চৰ্চা তথা অধ্যয়নৰ যোগেদি অসমীয়া জাতিৰ সমন্বয় বিচাৰি আগবাঢ়িবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে ৷ বিগত সময়চোৱাত বহুতেই মিঞা জনগোষ্ঠীৰ লোকক লৈ কেৱল ভোটবেংকৰ ৰাজনীতি কৰি জনগোষ্ঠীটোৰ লগত অসম, অসমীয়া জাতিৰ উন্নয়নৰ বাটত হেঙাৰ হিচাপে থিয় কৰাই তুচ্ছ তাচ্ছিল্য কৰি মানসিক নিৰ্যাতন আদি কৰাটো সচেতন মহলে বুজিব পাৰিয়েই বহু নৱপ্ৰজন্মই এনে কুটিলতা দুৰ কৰি সমন্বয় বিচাৰি ওলাই অহা পৰিলক্ষিত হৈছে । এই জনগোষ্ঠীটোক চৌদিশে স্থমিত কৰাত যে কেৱল ৰাজনৈতিক হাত উজাই আছিল সেয়াই নহয় বৰং স্বগোষ্ঠীয় কিছু বৌদ্ধিক মহলেও হাত উজান দি আহিছে । আজি যি সময়ত বিজ্ঞান ভিত্তিক মনোষ্কৰে জাতিটোৰ চৌদিশ উত্তৰণ ঘটাই সু-শিক্ষাৰ জৰিয়তে জাতিটোৰ হকে একাংশ যুৱপ্ৰজন্ম ওলাই আহিবলৈ প্ৰচেষ্টা চলাই আছে (?) তেনে সময়তে আকৌ উক্ত দুটা মহলৰ একাংশই সক্ৰিয় ভাৱে পাছফালৰ পৰা টানি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

ৰাজনৈতিক অথবা অৰাজনৈতিক ভাৱেই হওঁক জনগোষ্ঠীটোক সময়ৰ গতিত বিভিন্নজনে নিজৰ খেয়াল খুচিমতে বিভিন্ন ধাৰাত আখ্যায়িত কৰি কেতিয়াবা মিঞা, ন-অসমীয়া, পমুৱা, লুইতপৰীয়া, চৰুৱা, বঙ্গমূলীয়, বাংলাদেশীমুলীয় আদিৰ দৰে বিশেষ্যণেৰে এক ধূৱলী কূৱলী আলিদোমোজাৰ মাজত ৰাখিছে । এই অভিধাৰা সমূহ সম্পূৰ্ণৰূপে বিসৰ্জনৰ ব্যৱস্থাৰ বিপৰীতে গৈ  জনগোষ্ঠীটোৰ এক সুনিৰ্দিষ্ট নামকৰণ আৰু সেই নামেৰে স্বকীয় ভাষা-সাহিত্য-সংস্কৃতি চৰ্চাৰ লক্ষ্য আৰু উদ্দেশ্যে সৰ্গত কৰিয়ে মিঞা সাহিত্য সভা গঠনৰ যি পদক্ষেপ লোৱা বিষয়টো সকলোৱে আদৰী লোৱাৰ বিপৰীতে ঋণাত্মক সমালোচনা আৰু আশংকা থাকিব পাৰে বুলি ধাৰণা নহয় ৷ যিদৰে মিঞা সকল অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ সেই কথা কোনেও অস্বীকাৰ কৰাৰ থল নাই একেদৰে স্বগোষ্ঠীয় ভাষা-সাহিত্য-সংস্কৃতি সংৰক্ষণ আৰু সংবৰ্ধনৰ মাধ্যমেৰে অসম, অসমীয়া জাতিৰ সমন্বয়ত এক শক্তিশালী ভুমিকা পালনৰ প্ৰচেষ্টা কোনোগুণেই ক্ষতিৰ অৱকাশ আছে বুলি নাভাৱো । এনে পদক্ষেপে সমাজখনলৈ যে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব তাতো কোনো সন্দেহৰ থল নাই ৷ কিন্তু পৰিতাপৰ বিষয় যে এনে এক ইতিবাচক চিন্তাৰ বিপৰীতে গৈ  প্ৰতিক্ৰিয়াস্বৰূপে একাংশ ব্যক্তিয়ে দাঙি ধৰা নেতিবাচক চিন্তা-চৰ্চাসমূহ এক প্ৰকাৰ দুৰ্ভাগ্যজনক বুলি আখ্যায়িতই নহয় বৰং জনগোষ্ঠীটোক আৰু এখোজ পিছুৱাই ৰখাহে হ'ব ।

আমি কোনেও সমালোচনাৰ উৰ্ধত নহও যদিও সমালোচনাবোৰে যদি ধনাত্মক দিশত খোঁজ দিয়াৰ বাবে কৰা হয় সেয়া নিশ্চিত ভাৱেই আদৰণীয় । হয়তো সমালোচক সকলৰ কিছু কথা অপ্ৰাসংগিক নহয় যদিও বৰ্তমান প্ৰেক্ষাপটত মিঞা সাহিত্য সভাৰ যে প্ৰয়োজনীয়তা নাই বুলি কোৱা কথাৰো কোনো যুক্তিযুক্ততা আছে বুলিব নোৱাৰি ৷ কিয়নো, যি সময়ত বিশ্বৰ সৰু-বৰ সকলো জাতি-জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা,স্বগোষ্ঠীয় পৰিচয় দাঙি ধৰি গৌৰাম্বিতবোধ কৰে, নিজৰ ঐতিহ্য, পৰম্পৰা ধৰি ৰাখিবলৈ প্ৰচেষ্টা কৰি আছে , তেনে সময়ত নিজৰ তথা স্বগোষ্ঠীয় পৰিচয়ৰ তথা ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰয়োজন নাই বুলি কোৱা কথাবোৰৰ কিমান যুক্তি আছে ?  একাংশৰ মতে (ক)" মিঞা সাহিত্য সভা" যে গঠন কৰিব খোজা হৈছে মিঞা ভাষা,সাহিত্য, সংস্কৃতি আদিৰ গৱেষক-সাহিত্যিক কেইজন আছে বা ক'ত ? (খ) কোনো নিজস্ব লিপিওতো মিঞাৰ নাই ৷ এই চেগতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে- বিশ্বৰ বহু ভাষা,সাহিত্যৰ নিজস্ব লিপি আজিও নাই যদিও সিহঁতে নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ কোনো সংকিত হোৱা দেখা নাই । উদাহৰণ হিচাপে বড়ো,গাৰো আদি জনগোষ্ঠীৰো নিজস্ব লিপি নাই ; সিহঁতে কিন্তু ইংৰাজী লিপিৰেই সিহঁতৰ কৃষ্টি-কলা,সংস্কৃতি,সাহিত্য সাধনা আদিৰ চৰ্চা অব্যাহত ৰাখিছে । মিঞা সমাজ জীৱনক কেন্দ্ৰ কৰি যে কোনো সাহিত্য চৰ্চা একেবাৰে কৰা নহয় সেয়াও ভাৱিলে ঠিক নহ'ব । মিঞা সমাজক কেন্দ্ৰ কৰি মিঞা ভাষাৰ ৰচনা,কিতাপ আদিও প্ৰকাশিত ইতিমধ্যে হৈছে । আজিলৈ যিখিনি গৱেষণা বা সাহিত্য-সংস্কৃতি ৰচনা কৰা হৈছে সেয়া অসমীয়া,বাংলা আদি লিপিতেই হৈছে ৷ কিন্তু বহুতে বাংলা সাহিত্য সভাৰ পোষকতা কৰিব বিচাৰে যদিও সেয়া যে অসম্ভৱ সেই কথা বাৰে বাৰে প্ৰমাণ কৰিছে মিঞা সমাজে । ১৭৩৬-৭২ লৈ বৃটিছৰ নেতৃত্বত অসমত বাংলাৰ প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰি থাকোঁতে মিঞা সকলে অসমীয়া জাতিৰ অংগ হিচাপে বাংলা ভাষাৰ বিপৰীতে স্থিতি লৈছিল, ভাষা,মাধ্যম আন্দোলন আদিতো মিঞা জনগোষ্ঠীৰ যি অৱদান সেয়া কোনেও অস্বীকাৰ কৰাৰ থল নাই । আচৰিত ধৰণে একাংশই মিঞা জনগোষ্ঠীৰ ইতিহাস নাই বুলি চৰ্চা কৰে যদিও সিহঁতে এই কথা অস্বীকাৰ কৰাৰ কোনো যুক্তি নাই যে মাধ্যম আন্দোলনত শ্বহীদ হোৱা সকলৰ ভিতৰত বুধু মিঞা, তনু মিঞা আদি সকলৰ নামেই ইতিহাস ৰচনা কৰি থৈছে । তাৰোপৰি আমি জনা দৰকাৰ যে কোনো জনগোষ্ঠীৰেই ইতিহাস নাছিল প্ৰথমাৱস্থাত , আনকি ইতিহাস অকলে সৃষ্টিও নহয় । ঘটি যোৱা ঘটনাক সংৰক্ষণৰ জৰিয়তে ইতিহাস সৃষ্টি কৰা হয় ।  আমি সকলোৱে মনত ৰখা ভাল যে- এটা সময়ত ইতিহাসৰো ইতিহাস যে নাছিল এই কথাষাৰ।

  তদুপৰি মিঞা নামৰ  তেনে কোনো স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠী নাই যদিও ই কোনো প্ৰধান কথা বা কাৰক হ'ব নোৱাৰে ৷ প্ৰধান কথা হ'ব লাগে যে - বিগত ১৯৯৪ চনৰে পৰাই নেৰানেপেৰাকৈ হ'লেও মিঞা সকলক জনগোষ্ঠীয় মৰ্য্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি অহাটোহে । একাংশ লেখক- লেখিকাই স্ব-ইচ্ছাই এই দাবীক সিহঁতৰ কলমৰে তুলি নধৰাটোহে ৰহস্যৰ বিষয় ।

আনহাতে একাংশৰ মতে মিঞা ভাষা বাংলা ভাষাৰহে আঞ্চলিক ৰূপ ৷ গতিকে মিঞা নামেৰে সুকীয়া ভাষা, সুকীয়া সাহিত্য, সুকীয়া সংস্কৃতি সৃষ্টি কৰাটো কিমানদূৰ সফল হ'ব পৰা যাব, সেয়া সন্দেহৰ আৱৰ্তত।" আনকি বাংলা সাহিত্য সভাহে হ'ব লাগে । এই কথাখিনিৰ আঁত ধৰি আমি দুটা কথা ক'ব খুজিছো - (ক) ইতিমধ্যেই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই ফাস্ট নিউজ অসম নামৰ ৱেব নিউজ পৰ্টেলৰ এক সাক্ষাৎকাৰত উল্লেখ কৰি সকলোকে স্পষ্ট কৰি দিছে যে মিঞা দোয়ান বা ভাষা বাংলা ভাষা নহয় বা ক'লে ভুল হ'ব ; বৰং এই ভাষা প্ৰাচীন কামৰূপৰ অপভ্ৰংশহে । (খ) যিকোনো এটা জনগোষ্ঠীয় ভাষা বা দোৱানত সাহিত্য -সংস্কৃতিৰ , গৱেষণা,চৰ্চা আদি কৰিবলৈ কেৱল সেই জনগোষ্ঠীয় গৱেষক, সাহিত্যিকৰেই যে প্ৰয়োজন তেনে কোনো ধৰাবন্ধা নিয়মো নাই ৷ অন্যান্য জনগোষ্ঠীয় গৱেষক-সাহিত্যিক,পণ্ডিতেও গৱেষণা, চৰ্চা আদি কৰিব পাৰে ৷ তাৰ বাবে প্ৰয়োজন মাথোঁ গৱেষকজনৰ সেই ভাষাটো মূলাৰ্থ বুজিব পৰা ব্যৱস্থা ৷ উদাহৰণস্বৰূপে- ইছমাইল হুছেইন (কনিষ্ঠ) তাৰ জলন্ত প্ৰমাণ ; তেখেতে ইতিমধ্যে শংকৰদেৱৰ ব্ৰজাৱলী ভাষাৰ সাহিত্য চৰ্চাৰে শংকৰী সাধকৰ খ্যাতিও অৰ্জন কৰিবলৈ সক্ষম হৈছে । এতিয়া কথা হৈছে আপোনালোকে বা আমি স্বগোষ্ঠীয় লোকেই যদি নিজৰ সংস্কৃতি, দোয়ান, ভাষা আদি বিসৰ্জন,জলাঞ্জলী দিব খোজোঁ, তেন্তে ভিন্ন গোষ্ঠীয় মানুহে তাক লৈ কিমান চিন্তা চৰ্চা,গৱেষণা কৰিব ? এটা উপভাষা বা দোৱানৰ নিজস্ব কোনো লিপি নাথাকিবও পাৰে ৷ সেই দোৱান বা উপভাষাত সাহিত্য চৰ্চা কৰিবলৈ হ'লে, উপভাষাটো যি ভাষাৰ উপভাষা হয় সেই ভাষাৰ লিপি বা অন্যান্য সুবিধাজনক বা বুজিব পৰা সহজ যিকোনো লিপি ব্যৱহাৰ কৰিব পাৰে বা অসুবিধা নাই ৷ পূৰ্বতে উল্লেখ কৰিছোঁ যে পৃথিৱীত যিমানবোৰ ভাষা-উপভাষা আছে, সিমানবোৰ লিপি কিন্তু নাই ৷ খাপ খোৱাকৈ বা বুজিব পৰাকৈ মানুহে বেলেগ বেলেগ ভাষাৰ লিপি ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায় তাৰো উদাহৰণ পূৰ্বে দি আহিছোঁ

জনগোষ্ঠী এটাৰ নামকৰণ কৰিবলৈ সেই জনগোষ্ঠীটো যি নামেৰে পৰিচিত তথা জনপ্ৰিয় হয় বা হোৱাৰ সম্ভাৱনা আছে তেনে যিকোনো নামেই গ্ৰহণ কৰা সম্ভৱ ৷ কোনো নামেই কেতিয়াও স্বীকৃতপ্ৰাপ্ত হৈ নাহে, স্বীকৃতি গোষ্ঠীটোৱে নিজেই বা আনে দিবহে লাগে ৷ সাম্প্ৰতিক সময়ত যি জনগোষ্ঠীক মিঞা বুলি জনা যায়, সেই জনগোষ্ঠী মৈমনসিঙীয়া,ঢাকাইয়া, কিশোৰগঞ্জীয়া, ৰংপুৰীয়া আদি কেইবাটাও উপ ভাষা-ভাষীৰ জনসমষ্টি বুলি ধৰা হয় ৷ এই মিশ্ৰিতাৱস্থাৰ পৰিৱৰ্তে কেৱল এটা উপভাষা হ'লেতো কোনো ভেজালেই নাছিল ৷ গতিকে সকলোৰে পৰিচিত মিঞা নামটো গ্ৰহণ কৰাত আপত্তিৰ থল বিচাৰি নাপাওঁ বা কাৰোবাৰ থাকিওঁ নালাগে ৷ মিঞা ভাষা বাংলা ভাষাৰ অথবা অসমীয়া ভাষাৰ উপভাষা হ'লেও অসমীয়াত মিঞা সাহিত্য চৰ্চা কৰাত বাধানো ক'ত ? সমগ্ৰ অসমে জানে মিঞা সমাজৰ শিক্ষা-দীক্ষাৰ মাধ্যম, কাৰ্য্যালয়ৰ ভাষা, লোকপিয়লৰ ভাষা, সংযোগী ভাষা হিচাপেও অসমীয়া ভাষাই ব্যৱহাৰ হৈ আহিছে বা কৰি আছে ৷ ইয়াৰোপৰি জনগোষ্ঠীয়ভাৱে আমিবোৰ মিঞা হ'লেও জাতিগতভাৱেও যিহেতুকে অসমীয়া, গতিকে অসমীয়া লিপিৰে মিঞা সাহিত্য সভাৰ জৰিয়তে সাহিত্য চৰ্চা কৰাত কোনো ধৰণৰ অসুবিধা আহিব পাৰে বুলি ধাৰণা নহয় ৷ ইয়াত বাংলা লিপি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও আছে বুলি আমি মানি লোৱাৰ থল থাকিব পাৰে বুলি ভাৱ নহয় ।

     একাংশই সমালোচনা কৰিবলৈ গৈ ধাৰণা কৰিছে -মিঞা সাহিত্য সভা কৰিলে, ইতিহাস, সংস্কৃতি চৰ্চা আদি কৰিলে এটা লাভালাভ অৱশ্যে হ'ব আৰু সেয়া হৈছে মিঞা সাহিত্য সভা বা পৰিষদ আদিৰ সভাপতি, সম্পাদক, উপদেষ্টা, আদিৰ দৰে গুৰুত্বপূৰ্ণ পদৰ বিষয়ববীয়া সকলে মিঞা অধ্যুষিত এলেকাত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে এমএলএ,এমপি বা ৰাজনৈতিক দল আদিৰ পৰা কিছু সাহায্য পাব বা লৈ, দুই এক জাগাত মিঞা গামোচাৰে সম্বৰ্ধনা গ্ৰহণ কৰি শেষত কংগ্ৰেছ, ইউ ডি এফ বা তেনে কোনো ৰাজনৈতিক দলৰ পৰা ইলেকচন খেলাৰ বাবে টিকট লৈ নিৰ্বাচন খেলি জয়ী হোৱা বা নিৰ্বাচনত হাৰিলেও প্ৰদেশ কংগ্ৰেছ, ইউ ডি এফ সমিতি আদিৰ সাধাৰণ সম্পাদক হ'ব বা চৰকাৰী পক্ষত থাকি কিছু ঠিকা ঠাকুলিৰে পেটে ভাতে চলিব পাৰিব। কিন্তু মিঞা জনগোষ্ঠী, ভাষা, সাহিত্য আদি য'ৰ পৰা আৰম্ভ হৈছিল তাতেই শেষ বা বিলিন হ'ব। লাভৰ ভিতৰত বিষয়ভাৱ লোৱাকেইজনৰ আৰ্থিক - সামাজিক উন্নতি হ'ব পাৰে । মুঠৰ ওপৰত জনগোষ্ঠীৰ কোনো উন্নতি নহয়। এই প্ৰসংগত আমি ক'ব বিচাৰিছোঁ যে বাহিৰৰ কথা বাদেই আজিলৈকে অসমৰে কোনো সাহিত্য সভাৰ বিষয়ববীয়াই তেনে কোনো পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰমাণ আদি নাই যদিও আমি বিচাৰোঁ কোন কোন সাহিত্য সভাৰ কিমানজন সভাপতি- সম্পাদকে এম এল এ/এমপি আদিৰ টিকট লৈ ৰাজনীতি খেলিছে তাৰ কোনো প্ৰমাণ্য দলিল থাকিলে প্ৰকাশ কৰিলে আমিবোৰেও বিষয়টোলৈ চিন্তা চৰ্চা কৰাৰ অৱকাশ পাম । কিমানজন সভাপতি-সম্পাদকে ঠিকাদাৰী কৰি আছে উল্লেখ কৰিব পাৰিবনে কোনোবাই ? আমি জনা মতে এগৰাকী নিস্বাৰ্থৱান লোকেহে সাহিত্য সভাৰ সভাপতি হোৱাৰ যোগ্যতা আৰু পোষকতা কৰে । সাহিত্য চৰ্চাত ভৰ্তি থকা ব্যক্তি অতি সাধাৰণতেই ৰাজনৈতিক পাকচক্ৰৰ পৰা বেছিভাগ দূৰতে থাকে যদিও সমালোচনাত মুখৰিত হ'ব পাৰে ৷ আজিলৈ যিখিনি আমি জানোঁ সাহিত্য সভা এখনৰ জৰিয়তে সমাজৰ কল্যাণ নহ'লেও ক্ষতি হোৱাৰ উদাহৰণৰো তেনে কোনো নজিৰ নাই ৷

কিছুমানে আকৌ ধাৰণা কৰে এই কথিত ভাষাবোৰত ইতিমধ্যে সাহিত্য সৃষ্টি হৈছেই ৷ যি তাহানিৰ পূৰ্ববঙ্গ আৰু বৰ্তমান বাংলাদেশৰ কথিত ভাষাতো কিছু সাহিত্যাদি পোৱা যায় ৷ এটা কথা স্পষ্ট ভাৱে ক'ব পাৰি যে - অসমৰ পূৰ্বে কিন্তু বাংলাদেশৰ জন্ম হোৱা নাই যদিও সিহঁতে সাহিত্য চৰ্চা কৰি আছে । এইক্ষেত্ৰত আমিহে নিজেই পিছ পৰি আছোঁ ; কাৰণ, পাছত জন্মগ্ৰহণ কৰা বাংলাদেশে যদি সাহিত্য চৰ্চা কৰিব পাৰিছে আমি নোৱাৰাটো দুৰ্ভাগ্যজনক । আনকি এসময়ত যিহেতু বাংলাদেশ অসম আদি একে মাপ জৰিপত চলিছিল সেয়ে আমাৰ বা সিহঁতৰ কিছু আচৰণ আদিৰ মিল থকাটো অস্বাভাৱিক নহয় । সেই বুলি যে আমাৰ সংস্কৃতি সিহঁতৰেই সেয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । এটা কথা ঠিক আৰু স্বাভাৱিক যে বাংলাদেশত বেছিভাগে মান্য ভাষা বাংলাতহে সাহিত্য চৰ্চা কৰে ৷ তেওঁলোকৰ মতে ছবি জগতৰ অভিনয় আদিক বাদ দি বাঙালী বুলি ক'ব লাগিব আনকি বিশ্বত বাঙালী বুলিয়েই পৰিচিত ৷ এনে ধৰণৰ অদ্ভুৎ চিন্তাবোৰ আপোনাসবে কৰে যে কেনেকৈ তাকেহে ভাৱিলে আচৰিত হওঁ ৷ বাংলাদেশৰ মান্য বা জাতীয় ভাষা বাংলা, সেয়ে তাত বাংলাত সাহিত্য চৰ্চা হোৱাটো কোনো অস্বাভাৱিক কথা নহয় ৷ কিন্তু মিঞা সকলৰ সকলো মাধ্যম অসমীয়া হোৱাৰ পিছতো কোন যুক্তিত বাংলাত সাহিত্য চৰ্চা কৰিবলৈ মত পোষণ কৰে ? অসমীয়া লিপিৰেই স্বকীয় দোৱানত সাহিত্য চৰ্চা কৰাত সমস্যানো ক'ত ?

     সদৌ শেষত কওঁ যে- আমাৰ মাজত মতবিৰোধ থকা অস্বাভাৱিক নহয় । কিন্তু বৃহত্তৰ স্বাৰ্থত সকলো বিষয়ত কেৱল নেতিবাচকভাৱে নলৈ কিছু পৰিমাণে ইতিবাচক চিন্তা চৰ্চা কৰি অসমীয়া জাতীয় জীৱনৰ লগত সংগতি ৰাখি সমাজখন বা জনগোষ্ঠীটোৰ অদূৰ ভৱিষ্যতে কিদৰে কল্যাণ সাধন কৰা যায় (?) আহক তাক লৈ সংঘবদ্ধভাৱে আগবাঢ়ি যাওঁ ৷ দোষ গুণ,ভুল ত্ৰুটি আদি থাকিবই, সেই বুলি কেৱল বহি বহি সমস্যাৰ সমাধান বিচাৰি থাকিলে সমস্যাৰ সমাধান কিন্তু নহয় । সমস্যাৰ সমাধান বিচাৰিলে লাগে এক সংগ্ৰামী মনোভাৱ, ত্যাগ , অধ্যয়ন, সহযোগিতা আদিৰ প্ৰয়োজন ৷ বৰ্তমান প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ সচেতন মহলে ব্যপক চিন্তিত । গতিকে আমি অন্যান্য চিন্তা চৰ্চা যিমানেই নকৰোঁ প্ৰাথমিক ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নহা বা হ'বলগীয়া কামত সকলোৱে সহযোগিতা কৰাটো এক দায়িত্ব বুলি লোৱা উচিত। বিষয়টো সকলোৱে গুৰুত্ব সহ লৈ দৰিদ্ৰ নাগৰিক ৰ লগত কৰ্মকৰ্তাক সহযোগিতাৰে সুকলমে নাগৰিক পঞ্জীখন হোৱাত সকলোৱে হাতে কামে আগবাঢ়িব লাগিব। Johirul000 (বাৰ্তা) 17:44, 20 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মিঞা সাহিত্য সভা সংক্ৰান্তত এলাৰ্জি অথবা জলাতংক কিয় ?[সম্পাদনা কৰক]

মিঞা সাহিত্য সভা সংক্ৰান্তত এলাৰ্জি অথবা জলাতংক কিয় ?

জহিৰুল ইছলাম;৭০০২০৬৪৯৮২ ।

মিঞা সাহিত্য সভা সংক্ৰান্তত এলাৰ্জি বা জলাতংক কিয় ? হয় আপোনালোকক কৈছোঁ । যি সকলে মিঞা সাহিত্য সভাৰ নাম শুনামাত্ৰেই চটাংকৈ উঠিছে সিহঁতে নিজকে কি বুলি পৰিচয় দিয়ে ? সিহঁতে আজিলৈ কেইজনে ডি ভোটাৰকলৈ ৰাজ পথত আহি প্ৰতিবাদ কৰিছে ? দুই চেৰেকে কলমৰ মূৰত তুলিছে যদিও সিহঁতে কিয় এই অবৈধ প্ৰক্ৰিয়া ৰোধ কৰাব নোৱাৰিলে ? নিজকে অতি উচ্চখাপৰ বুদ্ধিদিপ্ত বুলি ভৱা সকলে আজি মিঞা সাহিত্য সভাৰ বিৰোধীতা কৰাৰ নৈতিক অধিকাৰ আছেনে ? যদি আছে তাৰ ব্যাখ্যা আগবঢ়াবলৈ অনুৰোধ থাকিল । এই লিখনিৰ তলে ওপৰে কিছু কথা আলোচনা কৰিম, আশা কৰোঁ সমালোচনা কৰা সনামধন্য সকলে লিখনিক প্ৰত্যাহ্বান জনাই নৎসাত কৰি দি আমাৰ দাবী আৰু মিঞা সাহিত্য সভা গঠন যে এটা ভুল প্ৰক্ৰিয়া তাক প্ৰমাণ কৰিব । আমিও তেতিয়া সেই সকল মহান বুদ্ধিজীৱীৰ কথামতেই সকলো ত্যাগ কৰি সিহঁতে দেখুৱা পথত চলিবলৈ চেষ্টা কৰিম । বহুতেই অসমৰ অসমীয়া মুছলমান সমাজৰে এক বুজন সংখ্যক লোকক তাহানিৰ পৰাই বিভিন্ন নামাকৰণেৰে (মানুহখিনিকলৈ নিজৰ নিজৰ) জোলখোৱা ৰাজনীতি কৰি আহিছে ! সেয়া লেখক বুদ্ধিজীৱী যিয়েই নহওক । এইক্ষেত্ৰত নামধাৰী একাংশ মুছলামান বুদ্ধিজীৱীয়েও হাত উজান দি নিজকে অসম,অসমীয়া জাতি প্ৰেমৰ তোকমাৰে খেতিপথাৰত ৰাসায়নিক সাৰ ছটিয়াই আহিছে । নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ইমানেই উত্ৰাৱল সিহঁত যে- সঁচা অৰ্থাৎ সিহঁতে অসমৰ মুছলমান সমাজৰ কান্ধোত ভৰ দি কেৱল নিজৰ জনগোষ্ঠীটোকেই প্ৰতাৰণা কৰা নাই বৰং সিহঁতে অসম, অসমীয়া জাতিকো প্ৰতাৰণা কৰিছে । সিহঁতে লিখা-মেলাৰে সাহিত্য জগতখন চহকী কৰিছে সেয়া অস্বীকাৰ কৰা নাই যদিও সিহঁতে অসমীয়া জাতিক প্ৰতাৰণা যে কৰিছে সেয়া এশ শতাংশই খাটাং । কাৰণ, অসমত অসমীয়া নামৰ কোনো নিৰ্দিষ্ট জনগোষ্ঠীয়েই যিহেতু নাই (?) (বিভিন্ন গোত্ৰ গোষ্ঠীৰ সংমিশ্ৰিত এক উমৈহতীয়া জাতিহে অসমীয়া) তেনে মূহুৰ্তত মিঞা জনগোষ্ঠী তথা মিঞা সাহিত্য সভাৰ বিৰোধীতা কৰাৰ যুক্তি আছেনে ? যি সকলৰ আজি মিঞা সাহিত্য সভাৰ নাম শুনতেই কচু লগাদি গাত লাগিছে (?) আৰু মিঞা সাহিত্য সভা গঠনৰ অগ্ৰণী ভূমিকা লোৱা সকল যদি অসমীয়া জাতী বিদ্বেষৰ গোন্ধ পাইছে তেন্তে সিহঁতে বড়ো,গাৰো,ৰাভা,তিঞা আদি জনগোষ্ঠীৰ সাহিত্য সভাক বা সিহঁতকো অসমীয়া জাতি বিৰোধী বুলি কোৱাৰ দূৰ সাহস আছে নে ? নে সিহঁতে অসমীয়া জাতিৰ অংগ নহয় বুলি ভাৱে ?

কিছুমানে মিঞা জনগোষ্ঠী নামকেই নাকচ কৰিব বিচাৰে । মোৰো কোনো আপত্তি নাই সলনি হ'লে ; কিন্তু ১৯৯৪ চনৰ পৰাই যি সকলে মিঞা জনগোষ্ঠী মিঞা জনগোষ্ঠী বুলি জনজাতিৰ মৰ্য্যদা বিচাৰি চিঞৰ বাখৰ কৰি আছে সিহঁতৰ লগত আজিৰ তাল-ফাল কৰা সকলে কেতিয়াবা এখন মেজত বহি কোনো সিদ্ধান্তলৈ অহাৰ প্ৰচেষ্টা কৰিছিল নে ? নে তলে তলে জোলখোৱাৰ আশাত ভাৱিছিল যে ইহঁতে আগুৱাব নোৱাৰিব কোনোদিনেই আমিবোৰে জোল খাই থাকোঁ ? আজি যেতিয়া উঠি অহাচামে নিজৰ ভাল আৰু সাংবিধানিক স্বাধীকাৰৰ কথা বুজি পাই নিজে ওলাই আহিবলৈ লৈছে তেনে মূহুৰ্তত সেই সকল বুদ্ধিৰ ঢিপাই সকলে আজি নিজে সংকিত হোৱাৰ কাৰণ কি ? নামাকৰণ প্ৰসংগত বহুতেই এই বুজন সংখ্যক মানুহক বিভিন্ন নামেৰে পিতৃ পৰিচয়হীন লোকৰ দৰে লানত দিবলৈ কৃপণালী কৰা নাছিল ।

পমুৱা নামেৰেও বিচ্ছিন্ন কৰি আহিছে বুলি আমি ভাৱো - পমুৱা মানে হৈছে - পাম পাতি বসবাস কৰা; সচাই আমি পামত বাস কৰি আহিছো নে ? আহো অভিবাসীলৈ - ইয়াৰ মানে হৈছে এখন দেশৰ ৰাজনৈতিক ভূখণ্ডত আন এখন দেশৰ পৰা আহি অস্থায়ীভাৱে বসবাস কৰা লোকক বুজাবলৈ ব্যৱহাৰ কৰা হয় ; তেন্তে সচাই আমিবোৰ অস্থায়ী নে ? আমি অষ্ট্ৰেলীয়া, আমেৰিকা,আৰবীয়ান আদি কোন দেশৰ পৰা আহি এই ভূখণ্ডত আছোঁ ? মৈমনসিঙিয়া বুলিও ইতিকিং কৰা হৈছে আজিও । হয়, তাহানিৰ মৈমনসিং কোনখন ৰাষ্ট্ৰৰ অধিনত আছিল আৰু আজি ক'ত আছে ? অনকি এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ ইখন জিলাৰ পৰা সিখন জিলালৈ কোনোবাই বাসস্থান সাল-সলনি কৰিলে তাক বিদেশী বুলি বা সেই পূৰ্বৰ জিলাখনৰ নামেৰে নামাকৰণ কৰিব লাগিব বুলি সংবিধানৰ কোনখণ অধ্যায়ত আছে ? ই এক চৰম অপমান নহয়নে ? তথাপিতো কওঁ যে কেৱল মৈমনশিং জিলাখনৰ পৰাই স্থানান্তৰ হৈছিল নেকি ? নিশ্চয় নহয় । আমি জনাত ১৯০৫ ৰ পৰা ১৯১১ চনলৈ অভিভক্ত অসমৰ ৰাজধানীখনেই আছিল বৰ্তমান বাংলাদেশৰ ঢাকা ; এতিয়াও বাংলাদেশত আহোম মূলীয় লোক ৰৈ থকাৰ সঅন্তৰালকৈ বড়ো, ৰভা, গাৰো আদি ৰৈ আছে । এখন পৰিয়াল চাৰি ভাই-ককাই থাকিলে পিছৰ পৰ্য্যায়ত সিহঁতে পৃথকে হ'লে ভাই-ককাই পৰিচয় মচি দিয়া হয় নে ? তেন্তে কোনখিনিক বুজাব বিচাৰে এই সকল সনামধন্য বুদ্ধিৰ ৰজা সকলে মৈমনশিঙা নামেৰে ? ন-অসমীয়া (?) অসমীয়াৰ ন-পূৰান বুলি কেতিয়া, কোনখন আইন বা নিয়ম তৈয়াৰ কৰা হৈছিল ? জনাবলৈ আবেদন থাকিল । আজিলৈ কোনখিনিক অসমীয়া বুলি কোৱা হয় বা অসমীয়াৰ পূৰ্ণাংগ সুত্ৰ দাঙি ধৰিব নোৱাৰা বুদ্ধিৰ বেপাৰী সকলে কাক ন আৰু কাক পুৰাতন অথবা কাক মধ্য অসমীয়া বুলি ভাৱে ? আশা কৰো উত্তৰ পাম ; আনকি ধৰি ল'লো (অযুক্তিকৰ যদিও) এতিয়াও ন-অসমীয়া হৈ আছেনে এই সকল মুছলমানে ? আমি ভাৱো আপোনাসৱে নিজৰ ব্যক্তিগত স্বাৰ্থত ইমান দিনে কৰি অহা চলনা আজিৰ সমাজে ইমান সহজেই গ্ৰহণ কৰাৰ বিপৰীতে তাক বিবেচনা কৰিহে আগবাঢ়িব । বিভিন্ন স্বাৰ্থান্নেসী নামবোৰে সীমাৱদ্ধতা আৰু বিতৰ্কিত হৈ থকাৰ বাবেই ওপৰৰ এটা নামো গ্ৰহণযোগ্য নহয়, আনকি নিজকে মিঞা বুলি ভৱাখিনিয়ে মানিও নলয় আৰু ভালো নাপায়। তাৰ সলনি মিঞা (মান্যজনক দিয়া সন্মানৰ অৰ্থত বুজোৱা উপাধি, বিশেষ্যণ) নামটোহে সমাজৰ সৰহ সংখ্যকেই পছন্দ কৰে (মূলসুঁতিৰ মাজত যদিও নিন্দা অৰ্থজনক) । এই সম্পৰ্কে বিভিন্ন আলোচনা-বিলোচনাৰ অন্তত বেছিভাগেই মিঞা নামটো গ্ৰহণযোগ্য বুলিও কৈছে আৰু মানি লৈছে ।

দ্বিতীয়তে আহিছোঁ, মিঞা ভাষা অথবা দোৱান লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰি বুদ্ধিজীৱী নামধাৰী একাংশ মুছলিমে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক ভুল বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰচেষ্টা চলাই নিজৰ ৰাম ৰাজত্ব বৰ্তাই ৰখাৰ অহৰনিশি চেষ্টা কৰিছে । দুটামান কথা নক'লে নহ'ব সেয়ে জানি থোৱা ভাল যে- (ক) ইতিমধ্যেই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই ফাস্ট নিউজ অসম নামৰ ৱেব নিউজ পৰ্টেলৰ এক সাক্ষাৎকাৰত উল্লেখ কৰি সকলোকে স্পষ্ট কৰি দিছে যে মিঞা দোয়ান বা ভাষা বাংলা ভাষা নহয় বা ক'লে ভুল হ'ব ; বৰং এই ভাষা প্ৰাচীন কামৰূপৰ অপভ্ৰংশহে । (খ) যিকোনো এটা জনগোষ্ঠীয় ভাষা বা দোৱানত সাহিত্য -সংস্কৃতিৰ , গৱেষণা,চৰ্চা আদি কৰিবলৈ কেৱল সেই জনগোষ্ঠীয় গৱেষক, সাহিত্যিকৰেই যে প্ৰয়োজন তেনে কোনো ধৰাবন্ধা নিয়মো নাই ৷ অন্যান্য জনগোষ্ঠীয় গৱেষক-সাহিত্যিক,পণ্ডিতেও গৱেষণা, চৰ্চা আদি কৰিব পাৰে ৷ তাৰ বাবে প্ৰয়োজন মাথোঁ গৱেষকজনৰ সেই ভাষাটো মূলাৰ্থ বুজিব পৰা ব্যৱস্থা ৷ উদাহৰণস্বৰূপে- ইছমাইল হুছেইন (কনিষ্ঠ) তাৰ জলন্ত প্ৰমাণ ; তেখেতে ইতিমধ্যে শংকৰদেৱৰ ব্ৰজাৱলী ভাষাৰ সাহিত্য চৰ্চাৰে শংকৰী সাধকৰ খ্যাতিও অৰ্জন কৰিবলৈ সক্ষম হৈছে । দুৰ্ভাগ্য যে- সিহঁতে নিজকে বুদ্ধিজীৱী বুলি প্ৰতিষ্ঠিত কৰিছে যদি এই সামান্যতম ধাৰণাখিনিও নাই । মিঞা সকলে সচাৰচাৰ ব্যৱহ্ত্ব ভাষা বাংলা আৰু অসমীয়া আদিৰে মিশ্ৰিত হৈ পৰিছে । সংমিশ্ৰণত এক মিশ্ৰিত আচুতিয়া দোৱান হিচাপে পৰিগণিত হৈছে বুলি বহুতে ক'ব খুজে যদিও সেয়াও সঠিক নহয় । চাহবাগানৰ সাদাৰি ভাষা, লগতে অন্যান্য জাতি-জনগোষ্ঠীয় দোৱান যেনেকৈ তেওঁলোকৰ নিজৰ দোৱানৰ ভাষিক ৰূপৰ লগতে অসমীয়া আৰু অন্যান্য ভাষাৰ মিশ্ৰণ ঘটি অসমীয়াৰ উপভাষা ( চাহ বাগানৰ কথিত অসমীয়া) । মিঞা সকলে আজিও ঘৰত ব্যৱহাৰ কৰা ভাষা বহুতেই বঙালুৱা বুলি দাবী কৰে যদিও সেয়া গোকাট মিছা কথা । মিঞা সকলে ব্যৱহাৰ কৰা দোৱান বা ঘৰুৱা ভাষা হৈছে প্ৰাচীন কামৰূপীয়া ভাষা । মিঞা সকলৰ প্ৰচলিত দোৱানত ব্ৰজাৱলী ভাষাৰ পৰিচয় বহন আজিও কৰে , যি বঙালুৱা বা ষ্টাণ্ডাৰট অসমীয়াও নহয় । অসমীয়া ভাষাও প্ৰাচীন কামৰূপ, কমতাপুৰী ভাষাৰ পৰাই মান্যতালৈ ৰূপান্তৰ হৈছে । কামৰুপীয়া বা কমতাপুৰীয়া বুলি কোৱাৰ লগে লগেই প্ৰচলিত বাংলা আৰু অসমীয়া সৃষ্টিৰ ৰহস্যও তাতে লুকুৱাই আছে । প্ৰাচীন কামৰূপ,প্ৰাকজোতিষপুৰ,কমতাৰ পশ্চিম অংশৰ মানুহখিনিয়ে ব্যৱহাৰ কৰা দোৱানবোৰ উন্নত পৰ্যায়লৈ ধাৱমান কৰোৱা আৰু ব্যৱহাৰ্য্য ভাষা আজিৰ বাংলা আৰু যি .....

ঠিক তেনেদৰে মিঞা মুছলমানৰ কথিত অসমীয়াও অসমীয়াৰ উপভাষা পাবৰ যোগ্য (ভুলতো বাংলাৰ নহয়) বুলি ধাৰণা নকৰা এক অমূলক কথাৰ বাদে একো নহয় ।

মিঞা সাহিত্য সভাৰ নাম শুনিয়েই একাংশৰ নাক মন্দিৰৰ ঘণ্টিৰ দৰে বাজি উঠিছে ৰাজনৈতিক গোন্ধ পোৱা বুলি । সিহঁতে নিজৰ নিম্ন কু-ৰুচিতাও প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে । কিবা এটা কৰিব বিচাৰিলেই ৰাজনৈতিক গোন্ধে নাক চুই যোৱাও একপ্ৰকাৰৰ ব্যক্তিবাদী ৰাজনৈতিক জোলত পানী লগা যেন অনুভৱ হয় । মিঞা সাহিত্য সভাৰ কথা শুনিয়েই কিছুমানে বাংলাক প্ৰাধান্য দিয়াৰ এক প্ৰচেষ্টা বুলি অপ-প্ৰচাৰ কৰা দেখা গৈছে । আমি সিহঁতক ক'ব বিচাৰোঁ যে- মিঞা দোৱানক মৰ্য্যদা দিলেই যদি বাংলাদেশীৰ ফালে টান উঠাৰদৰে ঘৃণনীয় অপপ্ৰচাৰ আৰু সন্দেহ হয় (?) তেন্তে জানি থোৱা ভাল যে- অসমত অসমীয়া ভাষাৰ উৎপত্তি কি ? কেনেকৈ হৈছে ? কোন কোন ভাষাৰ পৰশত জীপাল হৈছে ।

আনহাতে , এই কথাও নজনাকৈ কথাকোৱা মানে নিজৰ অতি ভক্তিৰে কাৰোবাক ঠগাবলৈহে প্ৰচেষ্টা চলোৱা ; অসমত মিঞা দোৱানত সাহিত্য চৰ্চা কৰিলেই যদি খেদ হয়, তেন্তে জানিব বিচাৰোঁ যে অসমত অসমীয়াৰ সূত্ৰ বা ব্যাখ্যা কি ? অসমীয়া বুলি কোনো এটা নিৰ্দিষ্ট গোষ্ঠী আছে নেকি ? এই কথাখিনিৰো উত্তৰ আশা কৰিলোঁ । অ হয়, মই কিন্তু অসমীয়া কিন্তু তথাকথিত অতি অসমীয়া মুছলমানৰ দৰে নহয় , যিদৰে ৰংবং তেৰাং ডাঙৰীয়া, পৰমানন্দ ৰাজবংশী ডাঙৰীয়াহঁত অসমীয়া ঠিক একেদৰেই মইও অসমীয়া ।

প্ৰখৰ বৰষুণ ৰ'দক নেওঁচি গাত ৰ'দ নগ'লা আৰু বৰষুণ নপৰা এটা জনগোষ্ঠী এই মিঞা সকল ! আমিবোৰ নিৰ্লজ্জৰ দৰে এই সকলক লৈ ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত গোমণ কৰিব নোৱাৰাটোহে কিমান নিচ মানসিকতাৰ তাকে চিন্তা কৰা দৰকাৰ । লেট্ৰিনৰ টেংকী পৰিস্কাৰ কৰা কৰ্মীজনৰ পৰা আৰাম্ভ কৰি নলা পৰিস্কাৰ কৰা, ঘাঁহ কটা, বাগিছা চাফ কৰা , কাপোৰ ধোৱা,বাচন-বৰ্তন ধোৱা কৰ্মী ! ঠেলা চলোৱা, ৰিস্কা চলোৱা, ড্ৰাইভাৰি, হেণ্ডিমেন, মাছৰ বেপাৰী, শাক-পাচলিৰ বেপাৰী, ফল-মূলৰ বেপাৰী ,হাঁহ-মুৰ্গীৰ বেপাৰী,নাঙল মাৰি খেতি কৰা, শস্য উৎপাদন কৰা - ধান, গোমধান, তিল, মাহ জাতীয় শস্য, মৰাপাট, কুঁহিয়াৰ, বিভিন্ন শাক-পাচলি, ফল-মূল , হাঁহ, পাৰ, মুৰ্গী চৰাই, ছাগলী আদি আৰু যিমান আছে কি কৰা নাই ? চহৰীয়া বাবু সকল বাদেই যি সকলে আজি মিঞা সাহিত্য সভাৰ নাম শুনি মৰা গৰুৰ ওপৰত শগুণ পৰাদি পৰিব বিচাৰিছে আপুনিও অস্বীকাৰ কৰিব পাৰে নে যে- আপোনাৰ সপোনৰ ঘৰখনৰ ইটাত লাগি আছে যি সকলৰ হাতৰ পৰশ, মন্দিৰ,মছজিদৰ টাইলচত লাগি আছে যিসকলৰ শ্ৰম ঘাম সেই কথাবোৰ  পাহৰি যায় নে যে এইবোৰতো মিঞাৰ অৱদান আছে বুলি ? তেন্তে কি স্বাৰ্থত মিঞা সকলে ব্যৱহদ্ধ কৰ্মৰাজি,সংস্কৃতি আদিক ধৰি ৰাখিবলৈ মিঞা সাহিত্য সভা গঠন কৰিব নোৱাৰে ? আপোনালোকে প্ৰকৃতাৰ্থত বিচাৰে কি ? কিমান দিন এই সকলৰ কান্ধত জুৱলী থৈ হাল মাৰিব ? কিমান দিন ভুল পথে চশমা পিন্দাই ঘুৰাব ? এশ বছৰীয়া বৃদ্ধৰ পৰা আৰম্ভ কৰি ৭ বছৰীয়া দেৱ শিশুকো আপোনালোকে এৰি দিয়া নাই বৰং ইহঁতক আধাৰ হিচাপে লৈ নিজৰ নিজৰ মনোবাঞ্চা পূৰণ কৰিবলৈও আপোনাসবে কুণ্ঠাবোধ কৰা নাই। ডজনে ডজনে D ভোটাৰৰ নোটিচ,ডিটছন কেম্পত গৰু ছাগলীৰ দৰে দূৰ্বিহ জীৱন এইবোৰ কাৰ বাবে হৈছে ? আপোনাসবৰ এই নিজস্ব স্বাৰ্থবাদীতা তথা এনে অলিক চিন্তাৰ ফল । আৰু কিমান দিন এনেদৰে কুঁহিয়াৰ পেৰা দি পেৰিব ? উপকাৰৰ দিশবোৰ আদিৰ পৰা অন্তলৈ হিচাব কৰি গণি উলিয়াব নোৱাৰা মিঞা সকলক লৈ আৰু হেতালী নকৰাৰ বাবে আমি আহ্বান জনাইছোঁ । এটা কথা মনত ৰাখিব যে- কেৱল কেইখনমান পুথি ৰচনা কৰিছে মানেই আপোনাসবেই সকলো বুজি পায় সেয়া কিন্তু নহয়, বৰং ঠেলা,ৰিক্সা চলোৱা সকলেও নিজৰ নিজৰ ঘৰখন চলাই আছে য'ত আপোনাৰ দৰে সকলে শিকাই নিদিয়ে । হয়তো আপোনাৰ দৰে বেশবুশা নাথাকিব পাৰে বা অলপ কম বুজিব পাৰে কিন্তু একেবাৰে নুবুজা বুলি ভৱাটো চৰম বৰ্বৰতাক দোহাৰে আৰু যি আপোনালোকে মিঞা সাহিত্য সভাৰ জৰিয়তে জাতি ধ্বংস হোৱাৰ জলাতংকৰ ভুল বাৰ্তা বিয়পাই ইতিমধ্যে প্ৰতিফলিত কৰিছে । আমি ক'ব বিচাৰোঁ আপোনালোকে হয়তো বুদ্ধিক খটাই বা ব্যৱহাৰ কৰি আনৰ ওপৰেদি সকলো থাপিথুপি দি নিজে নিজৰ ঘৰ সংসাৰ চলাই গৈছে কোনো কষ্ট নকৰাকৈ ; কিন্তু আমিবোৰ যিমানেই গাধ খটাদি খাটি চলিলেও আপাত কিছু হ'লেও ভাল বেয়া অনুভৱ কৰিব পাৰি । একেবাৰে বুজি নাপাও বুলি গণ্য নকৰিব বুলি আশা কৰোঁ । বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, মহামাৰীৰ সমস্যা, নিৰক্ষৰতা, বাল্যাবিবাহ, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি এশ এবুৰিৰে সমস্যা জৰ্জৰ জনগোষ্ঠীটোৰ প্ৰতি অলপো দয়া-মমতা নহয় নে !"আন্ধাৰ বুলি অভিশাপ দিয়াতকৈ দে চলাইৰ কাটিৰে বাৰুদ ঘহি এডাল মমবাতি জ্বলাই দিয়াটোহে জ্ঞানী লোকৰ পৰিচয়" । কিন্তু কিমান দিনলৈ ! মিঞা সকলে সকলো ত্যাগ কৰিছে । যিখিনি লগত লৈ জীয়াই আছে সেইখিনি মিঞা সাহিত্য সভাৰ জৰিয়তে ৰাজ্যখনৰ অন্যান্য জনগোষ্ঠীৰ লগত, সহযোগত ধৰি ৰাখি আগুৱাই যোৱা প্ৰচেষ্টা কৰিব বিচৰাত আপোনাসবৰ অসুবিধা আহে কিয় ? কামুৰণি বা কিয় উঠে ? যিদৰে অন্যান্য জাতি জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কৃষ্টি ,কলাৰে উমৈহতীয়া অসমীয়া জাতীয় জীৱন সমৃদ্ধিশালী কৰিছে, মিঞা সাহিত্য সভাৰ যোগেদি মিঞা সকেলেও যদি অসমীয়া জাতীয় জীৱনক আৰু অধিক সমৃদ্ধিশালী কৰিব বিচাৰে তাত আপত্তি কিহৰ ? যদি মিঞা সকলে নিজৰ কৃষ্টি কলাক লগত লৈ অসম,অসমীয়া জাতিৰ এক অধিক সক্ৰিয় ভুমিকাত অৱতীৰ্ণ হ'ব পাৰে তাতো আপত্তি থকাৰ কোনো যুক্তি নাই । মিঞা সাহিত্য সভাৰ নাম শুনিয়ে যি সকলৰ জলাতংক লাগিছে সিহঁতে চাই ল'ৱ ইয়াৰ পূৰ্বেও লিখনি এটা দিছোঁ , য'ত মিঞা সকলে বা মিঞা সাহিত্য সভাই কি কৰিব সেই কথা উল্লেখ আছে । Johirul000 (বাৰ্তা) 17:48, 20 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]