সৰোজিনী মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰোজিনী মেহতা
Sarojini Mehta

১৯৩২ চনমানত সৰোজিনী মেহতা
জন্ম ১৮৯৮
মৃত্যু ১৯৭৭
জনা যায় সমাজ-সংস্কাৰক, শিক্ষাবিদ আৰু লেখিকা
আত্মীয়-স্বজন বিনোদিনী নীলকণ্ঠ (ভগ্নী)
সাৰদা মেহতা (খুড়ীয়েক)

সৰোজিনী মেহতা (ইংৰাজী: Sarojini Mehta, (১৮৯৮-১৯৭৭) আছিল গুজৰাট, ভাৰতৰ এগৰাকী চুটিগল্পকাৰ।

১৮৯৮ চনত সৰোজিনী মেহতাৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰমনভাই নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল বিদ্যাগৌৰী নীলকণ্ঠ। তেওঁলোক উভয়েই সমাজ-সংস্কাৰক আৰু লেখক আছিল। ১৯১৯ চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে ১৯২৩ চনত লণ্ডন স্কুল অৱ ইক'নমিকছৰ পৰা সমাজতত্ত্ব অধ্যয়ন কৰে। আহমেদাবাদত থকা বনিতা বিশ্ৰামত তেখেতে এগৰাকী ছুপাৰিণ্টেডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1] তেখেতে নানক মেহতাৰ লগত দাম্পত্য জীৱন আৰম্ভ কৰে। নানক আছিল সুমন্ত মেহতাৰ কনিষ্ঠ ভ্ৰাতৃ।[2]

তেখেতৰ দুখনমান চুটি গল্প-সংকলন হৈছে: একাদশী (১৯৩৫), চাৰ পাথাৰনি মা (১৯৫৩) আৰু ৱালাতা পানী (১৯৬২)। তেখেতৰ গল্পৰ বিষয়বস্তু আছিল সমাজ, পৰিয়াল, বাল্য বিবাহ আৰু সমাজত নাৰীৰ স্থান।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Chaudhari, Raghuveer, ed (2005). "લેખિકા-પરિચય" (gu ভাষাত). વીસમી સદીનું ગુજરાતી નારીલેખન (1st সম্পাদনা). প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 351. ISBN 8126020350. OCLC 70200087. https://www.worldcat.org/oclc/70200087. 
  2. Parikh, Shailaja Kalelkar (2013). Marching to a Different Beat: The Nilkanths of Gujarat. প্ৰকাশক Ahmedabad: Akshara Prakashan. পৃষ্ঠা. 150. ISBN 978-93-82255-35-2.