হুইটনী হাষ্টন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(হুইটনী হা'ষ্টন ৰ পৰা পুনঃনিৰ্দেশিত)
হুইটনী হাষ্টন

২০০৯ চনৰ ১ চেপ্তেম্বৰত চেন্ট্ৰেল পাৰ্কত "গুড মৰ্ণিং আমেৰিকা" অনুষ্ঠানত গীত পৰিবেশন কৰা দৃশ্য
প্ৰাথমিক তথ্য
জন্মৰ নাম হুইটনী এলিজাবেথ হা'ষ্টন
Whitney Elizabeth Houston
জন্ম আগষ্ট ৯, ১৯৬৩
নেৱাৰ্ক, নিউ জাৰ্ছী, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ফেব্ৰুৱাৰী ১১, ২০১২ (৪৮ বছৰ)
বেভাৰ্লী হিল্‌ছ, কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
সংগীতৰ প্ৰকাৰ পপ্‌, ছ'উল, আৰ এণ্ড বি, ডান্স, গচ্‌পেল
পেচা গায়িকা, অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ পৰিচালক,[1] ৰেক'ৰ্ড প্ৰযোজক,[2] গীতিকাৰ
বাদ্যযন্ত্ৰ ভকেল্‌, পিয়ানো
সক্ৰিয় হৈ থকা সময় ১৯৭৭-২০১২
ৰেকৰ্ড লেবেল এৰিষ্টা, আৰ চি এ'
সহযোগী কাৰ্য চিচী হা'ষ্টন, ডায়'ন ৱাৰৱিক, এৰিথা ফ্ৰেঙ্কলিন, জাৰমেইন জেক‌চন, মাৰিয়া কাৰে, এন্‌ৰিক ইগ্‌লেচিয়াছ, ববী ব্ৰাউন
ৱেবছাইট আনুষ্ঠনিক ৱেবছাইট


হুইটনী এলিজাবেথ হা'ষ্ট'ন (আগষ্ট ৯, ১৯৭৩ – ফেব্ৰুৱাৰী ১১, ২০১২) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল আছিল। ২০০৯ চনত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে তেখেত বিশ্বৰ সবাতোকৈ বেছি পুৰস্কাৰ পোৱা নাৰী[3]। ২০১০ চন পৰ্য্যন্ত তেখেতৰ জীৱনযোৰা ৪১৫ সংখ্যক পুৰস্কাৰসমূহৰ ভিতৰত ২ টা এমী এৱাৰ্ড, ৬টা গ্ৰেমী এৱাৰ্ড, ৩০ টা বিলব'ৰ্ড মিউজিক এৱাৰ্ড ‌আৰু ২২ টা আমেৰিকান মিউজিক এৱাৰ্ড মুখ্য। ইয়াৰ উপৰিউ হা'ষ্টন বিশ্বৰ অভিলেখসংখ্যক পৰিমানে বিক্ৰী হোৱা বিভিন্ন শ্রাব্য-দৃশ্য মাধ্যমৰ প্রকাশকাৰী সংগীতজ্ঞ[4][5]। তেখেতৰ পৰিয়ালৰে প্ৰসিদ্ধ ছ'উল গায়ক সংগীতজ্ঞসকলৰ, বিশেষকৈ মাক চিছি হা'ষ্টন, সম্বন্ধীয় ডায়'ন ৱাৰৱিক আৰু ডী ডী ৱাৰৱিকি, আৰু গডমাডাৰ এৰিথা ফ্ৰেঙ্কলিনৰ পৰা অনুপ্ৰাণিত হৈ হা'ষ্টনে ১১ বছৰ বয়সৰপৰাই তেখেতৰ নিউ জাৰ্চী গীৰ্জাৰ জুনিয়'ৰ গচ্‌পেলত choir গাই সংগীত জীৱনৰ পাতনি মেলে[6]। পাছত মাকৰ লগত নিউয়ৰ্কৰ চহৰ এলেকাৰ নৈশ ক্লাবত গান গাই থাকোঁতে তেখেত এৰিষ্টা ৰেকৰ্ডৰ লেবেল-হেড ক্লাইভ ডেভিচৰ চকুত পৰে। হা'ষ্টনে সাতখন ষ্টুডিঅ' এলবাম আৰু তিনিখন চাউণ্ডট্ৰেক এলবাম মুকলি কৰে; আটাইখিনিয়ে ডায়মণ্ড, মালটি প্লেটিনাম, প্লেটিনাম বা গ'ল্ড চাৰ্টিফিকেচ্যন জুবিলী পালন কৰে।

২০১২ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেলিফ'ৰ্ণিয়াৰ বীভাৰ্লি হিলৰ বীভাৰ্লি হিল্টন হোটেলত কোনো অজ্ঞাত কাৰণবশতঃ হা'ষ্ট'নৰ মৃত্যু হয় [7]



[সম্পাদনা কৰক] তথ্যসূত্ৰ

[সম্পাদনা কৰক] অধিক পঢ়ক

  • Whitney Houston (March 1999). My love is your love: piano, vocal, chords. Alfred Publishing Co., Inc.. ISBN 978-0-7692-7734-9. 
  • Kevin Ammons (April 1998). Good Girl, Bad Girl: An Insider's Biography of Whitney Houston. Carol Pub Group. ISBN 978-0-8065-8012-8. 
  • Jeffery Bowman (February 1995). Diva: the totally unauthorized biography of Whitney Houston. Harper. ISBN 978-0-06-100853-5. 
  • Ted Cox (January 1998). Whitney Houston (Black Americans of Achievement). Chelsea House Publishers. ISBN 978-0-7910-4456-8. 
  • Craig Halstead (September 2010). Whitney Houston: For the Record. Authors OnLine, Limited. ISBN 978-0-7552-1278-1. 
  • James Robert Parish (September 2003). Whitney Houston: The Unauthorized Biography. Aurum Press. ISBN 978-1-85410-921-7. 
  • James Robert Parish (April 2010). Whitney Houston: Return of the Diva. John Blake. ISBN 978-1-84454-919-1. 

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত