হেনৰি মেটিশ্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেনৰি মেটিশ্ব

হেনৰি মেটিশ্বৰ আলোকচিত্ৰ (কাৰ্ল ভেন ভেস্‌টেন, ১৯৩৩)
নাম হেন্‌ৰি-এমিল-বেন'য় মেটিশ্ব
জন্ম ৩১ ডিচেম্বৰ, ১৮৬৯
লা শ্বেটু-কেমব্ৰেছিছ, নৰ্ড
মৃত্যু ৩ নৱেম্বৰ, ১৯৫৪ (৮৪ বছৰ)
নাইচ, আল্প্‌ছ-মেৰিটাইম্‌ছ
দেশ ফ্ৰান্স
পেচা চিত্ৰশিল্প, ছপাশিল্প, ভাস্কৰ্য, অংকন, কলাজ
প্ৰশিক্ষণ জুলিয়ান একাডেমি, উইলিয়াম-এডল্ফ বুজেৰো, গুস্তাভ ম'ৰিউ
বিপ্লৱ ফ'ভিজম (Fauvism), আধুনিক (modernism), ইম্প্ৰেশ্বনিজম (impressionism)
কৰ্মৰাজী Woman with a Hat (Madame Matisse), 1905

in museums:

পৃষ্ঠপোষক Gertrude Stein, Etta Cone, Claribel Cone, Michael and Sarah Stein, Albert C. Barnes
প্ৰভাৱ John Peter Russell, Paul Cézanne, Paul Gauguin, Vincent van Gogh, Paul Signac
প্ৰভাৱ পেলায় Hans Hofmann, David Hockney, Tom Wesselmann

হেন্‌ৰি-এমিল-বেন'য় মেটিশ্ব (Henri-Émile-Benoît Matisse) (French: [ɑ̃ʁi matis]; 31 December 1869 – 3 November 1954) এগৰাকী ফৰাছী চিত্ৰশিল্পী। তেখেতৰ ৰঙৰ ব্যৱহাৰ আৰু গতিশীল অংকনৰ বাবে জনাজাত। চিত্ৰশিল্পৰ বাহিৰেও তেখেত অংকন, ছপাশিল্প আৰু ভাস্কৰ্য-কলাৰো চৰ্চা কৰিছিল, অৱশ্যে চিত্ৰশিল্পৰ বাবে তেখেত বেছি প্ৰখ্যাত।[1] পাবলো পিকাছো আৰু মাৰ্চেল ডুচেম্প-ৰ লগত মেটিশ্ব-ক বিংশ শতাব্দীৰ আৰম্ভণিতে জোঁৱাৰ অনা 'প্লাষ্টিক শৈলী'ৰ (plastic art) বিকাশ ঘটাই ইয়াক সুনিৰ্দিষ্ট কৰা প্ৰতিষ্ঠাপক শিল্পী বুলি কোৱা হয়।[2][3][4][5] প্ৰাম্ভিক কালছোৱাত তেখেতক 'বন্য শৈলী'r (Fauve (wild beast)) চিত্ৰকৰ বুলি ধৰা হৈছিল যদিও ১৯২০-ৰ পাছত ফৰাছী চিত্ৰশিল্পীৰ ধ্ৰূপদী পৰম্পৰাৰ বাহক বুলি গণ্য কৰা হয়।[6]

অৰ্ধশতিকা জুৰি ব্যস্ত হৈ থকা এই গৰাকী শিল্পীক ৰঙ ব্যৱহাৰত বুৎপত্তি আৰু অংকণ বিদ্যাৰ বাবে আধুনিক চিত্ৰশিল্প-ৰ এগৰাকী গুৰুত্বপূৰ্ণ শিল্পী হিচাপে স্থান দিয়া হৈছে।.[7]

শৈশৱ আৰু শিক্ষা[সম্পাদনা কৰক]

Woman Reading, ১৮৯৪, মিউজিয়াম অৱ মডাৰ্ন আৰ্ট, পেৰিছ

মাটিশ্বৰ জন্ম হৈছিল ফ্ৰান্সৰ নৰ্ড চহৰত। পিতৃ এগৰাকী আঢ্যৱন্ত ধান-চাউলৰ ব্যৱসায়ী আছিল।[8] তেখেত ডাঙৰ-দীঘল হৈছীল ফ্ৰান্সৰ পিকাঘ্‌দি চহৰত। ১৮৮৭ চনত আইন পঢ়িবলৈ পেৰিছলৈ যায় আৰু শিক্ষা লাভ কৰি লা শ্বেটু-কেম্ব্ৰেছিছ-ৰ আদালতত প্ৰশাসক হিচাপে যোগ দিয়ে। ১৮৮৯ চনত ছবি অঁকা আৰম্ভ কৰে। এপণ্ডিচাইটিছ হৈ ভাল হৈ পৰি থকাৰ সময়ত মাকে আনি দিয়া ৰঙ আৰু তুলিকাৰে তেওঁ ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। পাছত তেখেতে কৈছিল যে সেই ছবি অঁকাৰ সময়ত তেওঁ যেন হাতেৰে স্বৰ্গ ঢুকি পাইছিল।[9] তাৰ পাছতেই তেওঁ চিত্ৰশিল্পী হ'বলৈ মন মেলে, য'ত দেউতাকে আপত্তি কৰিছিল।[10][11] ১৮৯১ চনত পেৰিছলৈ উভতি গৈ চিত্ৰাংকনৰ শিক্ষা গ্ৰহণ কৰি জুলিয়ান একাডেমি-ত। একাডেমিত তেখেতৰ গুৰু আছিল উইলিয়াম এডল্ফ বুজেৰো আৰু গুস্তাভ মোৰিউ। জড়-বস্তু ছবিৰে চিত্ৰাঙ্কন আৰম্ভ কৰিছিল যদিও পাছলৈ প্ৰাকৃতিক দৃশ্যত মনোনিবেশ কৰে। উভয় শিল্পতে তেখেতে বুৎপত্তি লভিছিল। মেটিশ্ব অনুপ্ৰাণিত হৈছিল জ'-বেপ্তিষ্ট-ছিমিয়ন শ্বাৰ্দিন, নিক'লাছ পুছিন আৰু এন্তয় ৱাটিউ আদি প্ৰাক-কালৰ শিল্পীৰ দ্বাৰা, তৎকালীন আধুনিক শিল্পী এডৱাৰ্ড মানে আৰু জাপানৰ শিল্পৰ দ্বাৰাও তেওঁ প্ৰভাৱান্বিত হৈছিল। মাটিশ্বে শ্বাৰ্ডিনৰ ছবিৰ আটাইতকৈ বেছি প্ৰশংসা কৰিছিল, আৰু ছাত্ৰাৱস্থাত শ্বাৰ্ডিনৰ লুভ্‌ৰ-ত সংগৃহীত ছবিৰ নকল আঁকিছিল।[12]

১৮৯৬-৯৭ চনত মাটিশ্বে অষ্ট্ৰেলিয়াৰ চিত্ৰশিল্পী জন পিটাৰ ৰাছেল-ক লগ পায়। ৰাছেলেই তেখেতক ইম্পৰেশ্বনিজম-লৈ আগ্ৰহী কৰি তোলে, লগতে ভেন গঁগ-ৰ ছবিৰ প্ৰতিও তেখেতৰ দৃষ্টি নিক্ষেপ কৰায়। ভেন গঁগ আৰু ৰাছেল বন্ধু আছিল যদিও সেই সময়ত ভেন গঁগ অনামী শিল্পীহে আছিল। এই সাক্ষাৎকাৰৰ পাছতে মাটিশ্বৰ ছবি অঁকাৰ শৈলী সলনি হয়। মাটিশ্বে পাছত কৈছিল যে "ৰাছেল আছিল মোৰ গুৰু, আৰু ৰাছেলেই 'ৰঙৰ তত্ব' (Colour Theory) মোক বাখ্যা কৰি বুজাইছিল।"

"Russell was my teacher, and Russell explained colour theory to me."

[11] ১৮৯৬ চনত মাটিশ্বে পাঁচখন ছবিৰে এখন প্ৰদৰ্শনী পাতে। Société Nationale des Beaux-Arts-ত পতা এই প্ৰদৰ্শনীতে দুখন ছবি ৰাজ্যই কিনি লয়।[13]

এগৰাকী মডেল কেৰ'লিন জব্‌লু-ৰ সতে হোৱা সম্বন্ধেৰে তেখেতৰ প্ৰথমা কন্যা মাৰ্গেৰিটাৰ জন্ম হয় ১৮৯৪ চনত। ১৮৯৮৯ চনত তেখেত বিয়া কৰায় এমিলি ন'য়িলি পাৰাৰে-ক। পতি-পত্নীয়ে উভয়ে মিলি মাৰ্গেৰিটাক ডাঙৰ-দীঘল কৰে। তেওঁলোকৰ দুজন পুত্ৰ সন্তান ক্ৰমে জীন (জন্ম ১৮৯৯) আৰু পিয়েৰ (জন্ম ১৯০০)। মাৰ্গেৰিটা আৰু এমিলি-দুয়োগৰাকীয়েই মাটিশ্বৰ ছবিৰ বাবে মডেলৰ কাম কৰিছিল।[14]

কেমলি পিছাৰ'-ৰ পৰামৰ্শ মতে মাটিশ্ব ১৮৯৮ চনত লণ্ডনলৈ আহে আৰু জে এম ডব্লু টাৰ্ণাৰৰ ছবিসমূহ অধ্যয়ন কৰে, ইয়াপৰা তেওঁ কৰ্ছিকালৈ যায়।[15] ১৮৯৯ চনৰ ফেব্ৰুৱাৰী মাহত পেৰিছলৈ ঘূৰি আহি তেওঁ এলবাৰ্ট মাৰ্কেট-ৰ লগত কাম কৰিবলৈ লয় আৰু লগ পায় আন্দ্ৰে ডেৰিয়েন, আৰু জঁ পাই-ক।[16] and Jules Flandrin.[17] মাটিশ্বে অন্যান্য শিল্পীৰ ছবি কিনি অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাত লাহে লাহে ধাৰত পোত যাবলৈ ধৰে। তেখেতৰ ঘৰত আছিল আগষ্ট ৰ'ডিন নিৰ্মিত এটা প্লাষ্টাৰ বাষ্ট, পল গঁগাৰ এখন ছবি, ভেন গঁগৰ এখন অংকন আৰু পল চেজান-ৰ 'থ্ৰী বেদাৰছ' নামৰ ছবিখন। ছেজানৰ ছবিৰ গঠন আৰু ৰঙেই আছিল মাটিশ্বৰ অণুপৰেৰণাৰ মূল উৎস।[16]

১৯৮-ৰপৰা ১৯০১ চনলৈ মাটিশ্বৰ ছবিবোৰত Divisionism-ৰ প্ৰয়োগ দেখা যায়। পল ছাইনেক-ৰ লিখা "D'Eugène Delacroix au Néo-impressionisme" পঢ়ি মাটিশ্ব এই শৈলীলৈ আকৃষ্ট হৈছিল।[15] ১৯০২-০৩ চনত মাটিশ্বৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেই সময়ৰ ছবিখিনিত কিছু নৰম ভাৱ দেখা যায়, লগতে মূলত গঠন লৈ পৰীক্ষা-নিৰীক্ষা কৰা পৰিলক্ষিত হয়। ১৮৯৯ চনত এন্তইন লুই বাৰয়ে-ৰ এটা ভাস্কৰ্যৰ নকল নিৰ্মাণ কৰি তেখেতৰ ভাস্কৰ্য কৰ্মৰ সূত্ৰপাত হয়। ১৮৯৯ চনত তেওঁ ঘাইকৈ মাটিৰ ভাস্কৰ্য নিৰ্মাণ কৰাত গুৰুত্ব দিছিল আৰু ১৯০৩ চনত নিৰ্মাণ কৰি উলিয়াইছিলি 'দাসজন' (The Slave)[18]

প্ৰথম কালৰ চিত্ৰ[সম্পাদনা কৰক]

বন্যবাদ (Fauvism)[সম্পাদনা কৰক]

বন্যবাদ (Fauvism (ফৰাছী শব্দ Le Fauves (অৰ্থ: বন্য জীৱ)-ৰপৰা উৎপত্তি হোৱা হেতুকে অসমীয়াত বন্যবাদ বোলা হৈছে) চিত্ৰাংকনৰ এটা শৈলী। ১৯০০ চনত আৰম্ভ হৈ ১৯১০ চনত সমাপ্ত হোৱা এই বাদৰ ভৰণ সময় আছিল চাৰিটা বছৰ (১৯০৪-১৯০৮)।[19][20] তিনিখন প্ৰদৰ্শনীৰে উদ্ভুত হোৱা এই শৈলীৰ মূল হোৱা আছিল মাটিশ্ব আৰু আন্দ্ৰে ডিৰেইন[19] ১৯০৪ চনৰ মাটিশ্বৰ প্ৰথমখন প্ৰদৰ্শনী বিশেষ সফল হোৱা নাছিল।[16] উজ্জ্বল ৰঙৰ প্ৰতি তেখেতৰ আসক্তি আৰম্ভ হৈছিল ১৯০৪ চনত ছেইণ্ট ট্ৰ'পেজ-ত কটোৱা সময়ৰ পাছত। সেই সময়ত তেওঁ নব্য ইম্প্ৰেছনিষ্ট ধাৰা শিল্পী ছিনাক (Signac) আৰু হেন্‌ৰি এডমাণ্ড ক্ৰছ (Henri-Edmond Cross)-ৰ লগত কাম কৰিছিল।[15] সেই বছৰেই তেখেতেই নব্য-ইম্প্ৰেছনিছম ধাৰাৰ অতি গুৰুত্বপূৰ্ণ কৰ্ম Luxe, Calme et Volupté অংকণ কৰে।[15] ১৯০৫ চনত ডিৰেইন-ৰ লগত তেখেতে কলিউৰ-লৈ যায় আৰু এই সময়ৰ ছবিত চেপেটা ক্ষেত্ৰ আৰু নিয়ন্ত্ৰিত ৰেখাৰ ব্যৱহাৰ দেখা যায়, তেখেতে 'বিন্দুবাদ' (pointillism)-ৰ প্ৰয়োগ কৰাও দেখা যায়।

এইখিনি সময়ত মাটিশ্ব আৰু সংগী শিল্পীসকলৰ শৈলীক 'বন্যবাদ' বুলি অভিহিত কৰা হয়, আৰু ১৯০৫ চনত তেওঁলোকৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় Salon d'Automne-ত। মাটিশ্বে তেখেতৰ Open Window আৰু Woman with the Hat প্ৰদৰ্শন কৰে। তেওঁলোকে ছবিত প্ৰাকৃতিক ৰঙৰ পৰিৱৰ্তে ৰঙৰ উগ্ৰ বন্যতাৰ বাবেই শৈলীটোক বন্যবাদ বোলা হৈছিল। প্ৰদৰ্শন স্থলীত থকা Donatello নামৰ ভাস্কৰ্যক চাৰিওফালৰ ছবিৰ মাজত সমালোচকসকলে 'Donatello among the wild beasts' বুলি উল্লেখ কৰাৰ পাছতেও বন্যবাদ শব্দটো প্ৰচলিত হয়।[21][19][21] প্ৰদৰ্শনীখন তীব্ৰভাৱে সমালোচিত হৈছিল, য'ত 'ৰঙৰ টেমা ৰাইজৰ মুখলৈ দলিওৱা' বুলি কোৱা হৈছিল। অৱশ্যে সমালোচক Camille Mauclair-এ যোগাত্মক মনোভাৱ দেখুৱাইছিল।[21] অৱশ্যে তীব্ৰভাৱে সমালোচিত Woman with the Hat নামৰ ছবিখন বিক্ৰী হোৱা দেখি মাটিশ্ব কিছু পৰিমাণে আশস্ব হৈছিল।[21]

মাটিশ্ব আৰু ডিৰেইন-ক বন্যবাদৰ নায়ক বুলি ধৰা হয়। দুয়োগৰাকীৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা চলি থাকিছিল। গুস্তাভ ম'ৰিউ-য়ে এই শৈলীৰ অনুপ্ৰেৰণাদায়ক গুৰুৰ দায়িত্ব লৈছিল। তেখেতে ছাত্ৰসকলক প্ৰচলিত ধাৰণাৰ উৰ্ধলৈ গৈ নিজস্ব দৃষ্টিভংগীক অনুসৰণ কৰিবলৈ উদগনি দিছিল। ১৯০৭ চনলৈ মাটিশ্বৰ কিছু প্ৰশংসা হৈছিল[22] যদিও, সামগ্ৰিক ভাৱে সমালোচিত হৈ আছিল আৰু তেখেতৰ বাবে ছবি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ আছিল। তেখেতৰ ছবি Blue Nude (১৯০৭)-ৰ প্ৰতিকৃতি দাহ কৰা হৈছিল ১৯১৩ চনত চিকাগো-ৰ Armory Show-ত।[23]

বন্যবাদ-ৰ প্ৰভাৱ ১৯০৬-ৰ পাছলৈ খীণ হৈ আহিছিল যদিও মাটিশ্ব-ৰ চিত্ৰকৰ জীৱনত কোনো সলনি অহা আছিল। তেখেতৰ শ্ৰেষ্ঠ ছবিসমূহ ১৯০৬-ৰপৰা ১৯১৭ চনৰ ভিতৰত অঁকা। বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ তাৰ শৈলী নিজৰ চিত্ৰাংকণত প্ৰয়োগ কৰিছিল। ১৯০৬ চনত আলজিৰিয়া ভ্ৰমণ কৰি তেওঁ প্ৰাচীন ছবিৰ শৈলী, ১৯০১ চনত মিউনিখ-ত অনুষ্ঠিত এক বিশাল প্ৰদৰ্শনীৰ পৰা ইছলাম শৈলী, স্পেইনত মুৰসকলৰ শৈলী, ১৯১২ আৰু ১৩ চনত দুবাৰকৈ মৰক্কো ভ্ৰমণ কৰি তাৰ শৈলী প্ৰয়োগ কৰি নিজৰ ছবিত ক'লা ৰঙৰ প্ৰয়োগ আৰম্ভ কৰে।[24][25][26]

ৰুছিয়াৰ কলা সংগ্ৰাহক ছেৰ্গেই ছুশ্বকিন-ৰ লগত মাটিশ্বৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। ছুশ্বকিনৰ লগত হোৱা চুক্তি মৰ্মে তেখেতে দুখন প্ৰমুখ ছবি La Danse (The Dance) আৰু Music অংকণ কৰে।

গাৰট্ৰুড ষ্টেইন, মাটিশ্ব একাডেমি আৰু কোন ভগ্নীদ্বয়[সম্পাদনা কৰক]

Henri Matisse in Paris, 13 August 1913. Photograph by Carl Van Vechten

১৯০৬ চনৰ এপ্ৰিলৰ সময়ছোৱাত মাটিশ্বে পাবলো পিকাছো-ক লগ পায় আৰু তেতিয়াৰপৰাই দুয়োৰে মাজত বন্ধুত্বৰ সূচনা হয়। ১১ বছৰে সৰু পিকাছোৰ লগত মাটিশ্বৰ জীৱনজোৰা বন্ধুত্বৰ লগতে প্ৰতিযোগিতাও আছিল; দুয়োৰে ছবিৰ তুলনাও প্ৰায়ে কৰা হয়।[11] মাটিশ্বে প্ৰকৃতিৰ অনুপ্ৰেৰণাৰে ছবি অঁকাৰ বিপৰীতে পিকাছোৱে কল্পনাৰ ভিত্তিত ছবি আঁকিছীল। দুয়োগৰাকী শিল্পীয়ে নাৰী আৰু জড় বস্তুৰ ছবি বেছিকৈ অংকন কৰিছিল। দুয়ো প্ৰথমে লগ হৈছিল পেৰিছত--গাৰট্ৰুড ষ্টেইনৰ চ'ৰাত (saloon)। বিংশ শতাব্দীৰ প্ৰথমটো দশকত পেৰিছত থকা আমেৰিকানৰ এটা গোট--গাৰট্ৰুড ষ্টেইন, লিঅ' ষ্টেইন (গাৰট্ৰুডৰ ভাতৃ), মাইকেল ষ্টেইন আৰু মাইকেলৰ পত্নী ছাৰা ষ্টেইন--আছিল মাটিশ্বৰ ছবিৰ সংগ্ৰাহক আৰু সমৰ্থক। গাৰট্ৰুডৰ বন্ধুসকলৰ বাহিৰেও বাল্টিমোৰৰ কোন ভগ্নীদ্বয় ক্ৰমে ক্লেৰিবেল আৰু ইটা, এওঁলোকো আছিল মাটিশ্ব আৰু পিকাছো-ৰ পৃষ্ঠপোষক। কোন ভগ্নীদ্বয়ৰ সংগ্ৰহত থকা ছবি এতিয়া বাল্টিমোৰ কলা মিউজিয়াম-ত ৰখা হৈছে।[27]

ষ্টেইনৰ চ'ৰাত বহুতো শিল্পীৰ আহ-যাহ আছিল যদিও ছবৰে ছবি ষ্টেইনৰ চ'ৰা ২৭ ৰু ডি ফ্লেৰুছ-ত প্ৰদৰ্শিত হোৱা নাছিল। পিয়েৰ-আগষ্ট ৰেনোৱা, চেজান, মাটিশ্ব আৰু পিকাছো, কেউজনৰে ছবি লিঅ' আৰু গাৰট্ৰুডৰ সংগ্ৰহত আছিল, আনহাতে ছাৰা ষ্টেইনৰ সংগ্ৰহ ঘাইকৈ আহিল মাটিশ্বৰ ছবিৰ।[28]

লিঅ' আৰু গাৰট্ৰুডৰ সমকালীন হোৱা হেতুকে মাটিশ্ব আৰু পিকাছো তেওঁলোকৰ সামাজিক জীৱনৰ অংগ হৈ পৰিছিল আৰু নিয়মীয়াকৈ তেওঁলোকৰ বাসভৱনত ২৭ ৰু ডি ফ্লেৰুছত শনিবাৰৰ সন্ধিয়াত লগ হৈছিল। শনিবৰীয়া চ'ৰাৰ আৰম্ভণি মাটিশ্বৰ বাবেই হোৱা বুলি গাৰট্ৰুডে কৈছিল।[29]

Henri Matisse, The Back Series, bronze, left to right: The Back I, 1908–09, The Back II, 1913, The Back III 1916, The Back IV, c. 1931, all Museum of Modern Art, New York City[30][31][32]

মাটিশ্বৰ বন্ধমণ্ডলীৰ বাহিৰেও পিকাছোৰ বন্ধু-বান্ধৱো চ'ৰালৈ আহিছিল, তেওঁলোকৰ ভিতৰত প্ৰধান আছিল ফাৰ্নাণ্ডে অলিভিয়েৰ (পিকাছোৰ সংগিনী), জৰ্জ ব্ৰাক, আন্দ্ৰে ডিৰেইন; কবি মেক্স জেকব, গুইলেমি এপ'লিনেয়াৰ, মেৰি লৰেন্সিন (এপ'লেনিয়াৰৰ সংগিনী আৰু চিত্ৰশিল্পী) আৰু হেনৰি ৰুছো[33]

মাটিশ্বৰ বন্ধু-বান্ধৱে তেখেতৰ বাবে অৰ্থদান দি স্থাপন কৰিছিল 'মাটিশ্ব একাডেমি'। পেৰিছ ব্যক্তিগত আৰু অব্যৱসায়িক চিত্ৰশিল্পৰ বিদ্যালয়। বিদ্যালয়খন ১৯০৭ চনৰপৰা ১৯১১ চনলৈ চলিছিল। বিদ্যালয়ৰ আটাইতকৈ নিয়মীয়া ছাত্ৰসকলৰ ভিতৰত আছিল হান্স পাৰমেন আৰু ছাৰা ষ্টেইন।

মাটিশ্বে ১৯১২ চনত মৰক্কোলৈ গৈ তাত সাত মাহ কটাইছিল। এই সময়ছোৱাত তেখেতে ২৪ খন পেইণ্টি আৰু বহুতো ছবি আঁকে। পাছৰ কালত দেখা পূৱৰ চিত্ৰকল্প এই সময়খিনিৰ অৱদান।[34]

নিৰ্বাচতি ছবি, পেৰিছ, ১৯০১-১৯১৭[সম্পাদনা কৰক]

পেৰিছৰ পাছত[সম্পাদনা কৰক]

Odalisque with Arms Raised, (of Henriette Darricarrière), 1923, National Gallery of Art, Washington, D.C.

১৯১৭ চনত মাটিশ্ব ফ্ৰান্স ৰিভিয়েৰাৰ চিমিয়েজ-লৈ আহে। নাইচ চহৰৰ অৱকণ্ঠ অঞ্চলৰ এই স্থানতে দহবছৰত অংকন কৰা ছবিসমূহত তেখেতৰ পদ্ধতি আগতকৈ ধীৰ আৰু নমনীয় দেখা যায়। তেখেতৰ "return to order"-এ প্ৰথমবিশ্বযুদ্ধ-ৰ পাছৰ সাধাৰণ চিত্ৰৰ শৈলী দেখুৱায়, যাক পিকাছো আৰু আইগৰ ষ্ট্ৰাভিন্‌স্কি-ৰ নৱ্যধ্ৰূপদী ধাৰাৰ বুলি ধৰিব পাৰি। আনহাতে ডিৰেইন পাৰম্পৰিক ছবিৰ শৈলীলৈ উভতি যায়।

তেখেতৰ পূবৰ দেশৰ ছবিসমূহত এই কালৰ ধৰ্ম দেখা যায়। তেখেত ছবি জনপ্ৰিয় হৈ আহিবলৈ ধৰিছিল যদিও, কিছূ সমকালীন সমালোচকে সেয়া অগভীৰ আৰু আলংকৰিক বুলি অভিহিত কৰিছিল।[36]

১৯২০ চনৰ শেহৰফালে মাটিশ্বে আকৌ অন্যান্য শিল্পীৰ লগত সহযোগিতা কৰিবলৈ আৰম্ভ কৰে। মাটিশ্ব ফৰাছী, ডাচ্চ, জাৰ্মান, স্পেনীয় শিল্পীৰ লগত কাম কৰাৰ উপৰিও আনকি আমেৰিকান আৰু আমেৰিকাৰপৰা অহা প্ৰবাসী শিল্পীৰ লগতো কাম কৰিছিল।

১৯৩০ চনৰ পাছত তেখেতৰ ছবিত তেজ আৰু সাহসী সৰলীকৰণ লক্ষ্য কৰা যায়। আমেৰিকাৰ ছবি সংগ্ৰাহক এলবাৰ্ট চি. বাৰ্নেছৰ কথামতে 'বাৰ্নছ ফাউণ্ডেশ্বন'ৰ বাবে মাটিশ্বে এখন বৃহৎ ম্যুৰেল আঁকিবলৈ মান্তি হয়। ম্যুৰেলখনৰ নাম আছিল 'The Dance II'। ম্যুৰেলখন অঁকাৰ কাম ১৯৩২ চনত শেষ হয়। একেটা ফাউণ্ডেশ্বনে মাটিশ্বৰ কেবাখনো ছবি সংগ্ৰহ কৰিছীল। অতিসৰলীকৰণ আৰু কাট-আউট পদ্ধতিক চমুৱাই অনাটো মাটিশ্বৰ আন এখন ছবি 'Large Reclining Nude'-তো (১৯৩৫) দৃশ্যমান। প্ৰায় ছমাহজোৰা এই কামৰ সময়ত মাটিশ্বে কাম চলি থকা অৱস্থাত ২২খন ছবি তুলি ইটা কোন-লৈ প্ৰেৰণ কৰিছিল।[37]

দ্বিতীয় বিশ্বযুদ্ধৰ কাল[সম্পাদনা কৰক]

মাটিশ্বৰ ৪১ বছৰীয়া জীৱন-সংগিনীৰ লগত বিচ্ছেদ হয় ১৯৩৯ চনত। ১৯৪১ চনত মাটিশ্বে ক'ল'ষ্টমী অপাৰেশ্বন কৰাব লগীয়া হয়। ইয়াৰ পাছতেই তেওঁৰ জীৱন হুইল চেয়াৰতে আবদ্ধ হৈ থাকে। এগৰাকী ৰাছিয়ান নাৰী লিডিয়া ডেলেকট'ৰস্কায়া-ই তেখেতৰ দেখা-শুনাৰ ভাৰ লৈছিল। লিডিয়াই আগতে মাটিশ্বৰ ছবিৰ ম'ডেল হিচাপে কাম কৰিছিল। সহকাৰীসকলৰ সহায়ত তেখেতে পেপাৰ কাটি কলাজ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। প্ৰায়েই তেখেতৰ কলাজ আছিল বৃহৎ, যাক নাম দিয়া হৈছিল--gouaches découpés. তেখেতৰ বিখ্যাত 'নীলা নগ্ন' ছিৰিজত তেখেতে 'কেঁচীৰে ছবি অঁকা' বুলি নাম দিয়া পদ্ধতিৰে প্ৰস্তুত কৰা। এই পদ্ধতিলৈ তেখেত ৰঙৰ ব্যহাৰ আৰু পৰিমিতি আনি তাক শক্তিশালী কৰি তোলে।

১৯৪০ চনত তেখেতে পেচাদাৰী ভাৱে আলোচনী আদিৰ বাবে ক'লা-বগা ছবি আঁকে আৰু লিথুগ্ৰাফ প্ৰস্তুত কৰে। তেখেতৰ এশতকৈ বেছি লিথুগ্ৰাফ পেৰিছৰ মৰ্লো ষ্টুডিঅ'ত (Mourlot Studio) পোৱা গৈছে।

১৯৪১ মাটিশ্বে ধাত্ৰীৰ বাবে দিয়া বিজ্ঞাপনৰ সূত্ৰ ধৰি মনিকা বুৰ্জোৱা মানে এগৰাকী ছোৱালী মাটিশ্বৰ সান্নিধ্যলৈ আহে। দুয়োৰে মাজত এক প্লেট'নিক সম্পৰ্ক গঢ়ী উঠে। তেওঁ জানিব পাৰিছিল ছোৱালীজনেও অপেচাদাৰী চিত্ৰশিল্পী, সেয়ে তেওঁ পৰিমিতি-ৰ শিক্ষা দিবলৈ আৰম্ভকৰে। চাকৰি এৰি যোৱাৰ পাছতো মাজে মাজে ছোৱালীজনীক ছবিৰ ম'ডেল হ'বলৈ আমন্ত্ৰণ দিছিল। বুৰ্জোৱা পাছলৈ 'ডমিনিকান নান' হৈছিলগৈ।

গ্ৰীক ন'এল বিজয়ী কবি ওডিছাছ এলিটিছ আছিল মাটিশ্বৰ প্ৰশংসক আৰু বহু ক্ষেত্ৰত তেওঁ মাটিশ্বৰ উল্লেখ কৰিছিল। মাটিশ্ব ৰাজনৈতিকভাৱে সক্ৰিয় নাছিল। কিন্তু জীয়ৰী মাৰ্গাৰেটে 'ৰেজিষ্টান্স' বাহিনীত যোগদান কৰিছিল আৰু ধৰা পৰি অত্যাচাৰ সহিব লগীয়াত পৰিছিল। এই ঘটনাই মাটিশ্বক শোকাকূল কৰি তুলিছিল। মাৰ্গাৰেটক ৰেনেছ কাৰাগাৰলৈ নিয়া হৈছিল আৰু তাৰ পৰা ৰেভেন্সব্ৰুক কনচেনট্ৰেশ্বন কেম্পলৈ শাস্তিৰ বাবে যাবলৈ আদেশ দিয়া হৈছিল।[10] কনচেন্ট্ৰেশ্বন কেম্পলৈ যোৱা ৰেলৰপৰা পলাই মাৰ্গাৰেট মুকলি হয়, আৰু হাবিয়ে বননিয়ে কেবাদিনো ঘূৰি ফুৰাৰ পাছত নিজৰ সংগীসকলৰ দ্বাৰা উদ্ধাৰ পায়। [38])


১৯৪৪ চনত মাটিশ্বৰ ছাত্ৰ ৰুডল্ফ লেভি-ৰ অশ্বৱিজ কনচেনট্ৰেশ্বন কেম্পত মৃত্যু হৈছিল।[39][40]

১৯৪৭ চনত মাটিশ্বে প্ৰকাশ কৰি উলিয়ায় 'জেজ' (Jazz) নামৰ এখন পুস্তক। ইয়াত তেওঁ প্ৰায় এশখন কলাজৰ পূৰ্ণাংগ ৰঙীন ছবিৰ লগতে নিজৰ চিন্তাৰ লিখিত বিৱৰণ দিছিল। মাটিশ্বৰ কাট-আউটক ষ্টেনচিল প্ৰিণ্ট কৰি উলিয়াইছীল টেৰিয়াডে।

জীৱনৰ শেহছোৱা[সম্পাদনা কৰক]

Henri Matisse, The Snail, 1953, Gouache on paper, cut and pasted, on white paper, collection Tate Modern
Cover of Jazz by Henri Matisse

১৯৫১ চনত চাৰিটা বছৰ জোৰা এটা প্ৰজেক্ট চেপেল ডু ৰ'ছাইৰ ডি ভেন্স-ৰ অন্তৰমহলৰ দৃশ্যসজ্জা, খিৰিকী আৰু ঘৰৰ সজ্জাৰ কাম কৰিছিল। এই গীৰ্জাটোক মাটিশ্ব গীৰ্জা বুলি ওজনা যায়। মাটিশ্ব নিজে নাস্তিক আছিল যদিও বন্ধু বুৰ্জোৱা আৰু ভনী জেকুছ-মেৰীৰ অনুৰোধ মৰ্মে সেই কামৰ দায়িত্ব গ্ৰহণ কৰিছিল।[41][42] They had met again in Vence and started the collaboration, a story related in her 1992 book Henri Matisse: La Chapelle de Vence and in the 2003 documentary "A Model for Matisse".[43]

১৯৫২ চনত নিজৰ কামৰ প্ৰদৰ্শনীৰ বাবে এক যাদুঘৰ স্থাপন কৰে। যাদুঘৰটোৰ নাম--মাটিশ্ব মিউজিয়াম (লা চেতু), এই যাদুঘৰত থকা মাটিশ্বৰ কলাৰ সংখ্যা সমগ্ৰ ফ্ৰান্সৰ ভিতৰতে তিনি নম্বৰ স্থানত।

ডেভিড ৰকফেলাৰৰ মতে মাটিশ্বৰ শেষ কাম হৈছে পকেন্টিকো পাহাৰৰ ইউনিয়ন গীৰ্জাৰ গ্লাছ-পেইণ্ট কৰা খিৰকী এখন। এই গীৰ্জা ৰকফেলাৰ ভূমিৰ উত্তৰ দিশে অৱস্থিত। ৰকফেলাৰৰ মতে খিৰিকীখন ১৯৫৬ চনত স্থাপন কৰা হৈছিল।[44]

১৯৫৪ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মাটিশ্বৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ। তেখেতৰ নশ্বৰ দেহ নাইচ চহৰৰ 'মনাষ্টেয়াৰ নট্ৰে ডেম ডে চিমিয়েজ' শ্মশানলৈ নি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

উত্তৰকাল[সম্পাদনা কৰক]

Tombstone of Henri Matisse and his wife Noellie, cemetery of the Monastère Notre Dame de Cimiez, Cimiez, France

ৰাজহুৱা ভাৱে সংগৃহীত মাটিশ্বৰ প্ৰথমখন ছবি আছিল 'Still Life with Geraniums' (১৯১০), ইয়াক পিনাকোথেক ডেৰ মডাৰ্না-ত ৰখা হৈছে।[45]

তেখেতৰ 'The Plum Blossoms' (১৯৪৮) খন ২০০৫ চনত কিনি মিউজিয়াম অৱ মডাৰ্ন আৰ্টত ৰখা হয়। এইখনৰ হিচাপী মূল্য ২৫ নিযুত আমেৰিকান ডলাৰ। এই্ ছবিখন ১৯৭০ চনলৈ আৱিষ্কাৰ হোৱা নাছিল।[46] ২০০২ চনত মাটিশ্বৰ এটা ভাস্কৰ্য 'Reclining Nude I (Dawn),' বিক্ৰী হৈছিল অভিলেখ মূল্য ৯.২ নিযুত আমেৰিকান ডলাৰ মূল্যত।

মাটিশ্বৰ জীয়ৰী মাৰ্গাৰেটে পাছলৈ মাটিশ্বৰ বিষয়ে অধ্যয়ন কৰা লোকক তেখেতৰ কাম কৰাৰ অন্তদৃষ্টি আদিৰ বিষয়ে জ্ঞান দিছিল। ১৯১২ চনত মাৰ্গাৰেটৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতে দেউতাকৰ ছবিৰ তালিকা এখন প্ৰস্তুত কৰি আছিল।[47]

মাটিশহবৰ পুত্ৰ পিয়েৰ মাটিশ্বে (১৯০০-১৯৮৯) নিউ-য়ৰ্কত এখন আৰ্ট গেলাৰী স্থাপন কৰে। ১৯৮৯ চনত তেখেতৰ মৃত্যুৰ সময়লৈকে এই আৰ্ট গেলেৰী সক্ৰিয় হৈ আছিল।[48][49]

মাটিশ্বৰ নাতি পল মাটিশ্ব এজন চিত্ৰশিল্পী আৰু আৱিষ্কাৰক; বাসস্থান মাছাছুছেট্‌ছ। তেওঁৰ নাতিনী ছফি মাটিশ্বো এগৰাকী চিত্ৰশিল্পী। লা হেৰিটিয়েৰ্ছ মাটিশ্ব তেখেতৰ গৃহীত কাৰ্যালয়।[50]

কৰ্মৰ অসম্পূৰ্ণ তালিকা[সম্পাদনা কৰক]

জনপ্ৰিয় মাধ্যমত[সম্পাদনা কৰক]

চলচ্চিত্ৰত
  • 'মাষ্টাৰপিচ' নামে এখন চিনেমা তেখেতৰ জীৱন আৰু ম'নিকা বুৰ্জোৱাৰ লগত তেখেতৰ সম্পৰ্কৰ ওপৰত নিৰ্মাণ।[52] কৰাৰ প্ৰস্তুতি কৰা হৈছে। ছবিখনৰ পৰিচালক দীপা মেহতা আৰু মেটিশ্বৰ ভূমিকাত আছে এল পেচিন'
  • ২০১১ চনৰ 'Midnight in Paris' চলচ্চিত্ৰত মাটিশ্বৰ ভূমিকাত অভিনয় কৰিছিল ভেছ-এণ্টইন স্প'ট'-ৱে।
সাহিত্যত
  • ৰে ব্ৰেডবেৰীৰ চুটি গল্প "The Watchful Poker Chip of H. Matisse"-ত মাটিশ্বৰ উল্লেখ আছে। লাঠী এডালত চকু এটা আঁকি এজন ব্যক্তিক সেইটো নকল চকু হিচাপে ব্যৱহাৰ কৰিবলৈ দিছিল।

গল্প/ৰচনা[সম্পাদনা কৰক]

  • Notes of a Painter,1908
  • Painter's Notes on Drawing,1930.
  • Jazz, 1947
  • Matisse on Art, collected by Jack D. Flam, 1973. ISBN 0-7148-1518-7
  • Chatting with Henri Matisse: The Lost 1941 Interview, Getty Publications 2013. ISBN 978-1-60606-128-2

তথ্য-সূত্ৰ[সম্পাদনা কৰক]

  1. Myers, Terry R. (July–August 2010). "Matisse-on-the-Move". The Brooklyn Rail. http://brooklynrail.org/2010/07/artseen/matisse-on-the-move. 
  2. "Tate Modern: Matisse Picasso". Tate.org.uk. http://www.tate.org.uk/modern/exhibitions/matissepicasso/। আহৰণ কৰা হৈছে: 13 February 2010. 
  3. Adrian Searle (7 May 2002). "Searle, Adrian, A momentous, tremendous exhibition, The Guardian, Tuesday 7 May 2002". Guardian (UK). http://www.guardian.co.uk/culture/2002/may/07/artsfeatures। আহৰণ কৰা হৈছে: 13 February 2010. 
  4. "Trachtman, Paul, Matisse & Picasso, Smithsonian, February 2003". Smithsonianmag.com. http://www.smithsonianmag.com/arts-culture/matisse.html। আহৰণ কৰা হৈছে: 13 February 2010. 
  5. "Duchamp's urinal tops art survey". news.bbc.co.uk. 1 December 2004. http://news.bbc.co.uk/2/hi/entertainment/4059997.stm। আহৰণ কৰা হৈছে: 10 December 2010. 
  6. Wattenmaker, Richard J.; Distel, Anne, et al. (1993). Great French Paintings from the Barnes Foundation. New York: Alfred A. Knopf. ISBN 0-679-40963-7. p. 272
  7. Magdalena Dabrowski Department of Nineteenth-Century, Modern, and Contemporary Art, The Metropolitan Museum of Art Source: Henri Matisse (1869–1954) | Thematic Essay | Heilbrunn Timeline of Art History | The Metropolitan Museum of Art Retrieved 30 June 2010
  8. Spurling, Hilary (2000). The Unknown Matisse: A Life of Henri Matisse: The Early Years, 1869–1908. University of California Press, 2001. ISBN 0-520-22203-2. pp. 4–6
  9. Leymarie, Jean; Read, Herbert; Lieberman, William S. (1966), Henri Matisse, UCLA Art Council, p.9.
  10. 10.0 10.1 Bärbel Küster. "Arbeiten und auf niemanden hören." Süddeutsche Zeitung, 6 July 2007. সাঁচ:De icon
  11. 11.0 11.1 11.2 The Unknown Matisse, pp 352–553..., ABC Radio National, 8 June 2005
  12. Spurling, Hilary. The Unknown Matisse: A Life of Henri Matisse, the Early Years, 1869–1908. p.86. accessed online 15 July 2007
  13. Henri and Pierre Matisse, Cosmopolis, No 2, January 1999
  14. Marguerite Matisse Retrieved 13 December 2010
  15. 15.0 15.1 15.2 15.3 Oxford Art Online, "Henri Matisse"
  16. 16.0 16.1 16.2 Leymarie, Jean; Read, Herbert; Lieberman, William S. (1966), Henri Matisse, UCLA Art Council, p.10.
  17. [1] on page 23 of Google Book Link
  18. Leymarie, Jean; Read, Herbert; Lieberman, William S. (1966), Henri Matisse, UCLA Art Council, pp.19–20.
  19. 19.0 19.1 19.2 John Elderfield, The "Wild Beasts" Fauvism and Its Affinities, 1976, Museum of Modern Art, p.13, ISBN 0-87070-638-1
  20. Freeman, Judi, et al., The Fauve Landscape, 1990, Abbeville Press, p. 13, ISBN 1-55859-025-0.
  21. 21.0 21.1 21.2 21.3 Chilver, Ian (Ed.). "Fauvism", The Oxford Dictionary of Art, Oxford University Press, 2004. Retrieved from enotes.com, 26 December 2007.
  22. Picasso and Braque pioneering cubism, William Rubin, published by the Museum of Modern Art, New York, copyright 1989, ISBN 0-87070-676-4 p.348.
  23. "Matisse, Henri." Encyclopædia Britannica. 2007. Encyclopædia Britannica Online. Retrieved 30 July 2007.
  24. The Moroccans, MoMA
  25. Matisse in Morocco: The Paintings and Drawings, 1912–1913, NGA
  26. Review: John Russell, Matisse and the Mark Left On Him By Morocco, NY Times
  27. Cone Collection, Baltimore Museum of Art. Retrieved 29 July 2007.
  28. (MoMA, 1970 at 28)
  29. Mellow, 1974, p. 84
  30. The Guardian, Hillary Spurling on The Back Series
  31. MoMA, the collection
  32. Tate
  33. Mellow, 1974, p. 94-95
  34. Jack Cowart, Pierre Schneider, John Elderfield (1990). Matisse in Morocco: The Paintings and Drawings, 1912–1913. 
  35. Matisse, Luxe, calme et volupté, 1904, Musée d'Orsay, Paris, France
  36. Jack Cowart and Dominique Fourcade. Henri Matisse: The Early Years in Nice 1916–1930. Henry N. Abrams, Inc., 1986. p. 47. ISBN 978-0810914421.
  37. Henri Matisse Photographic documentation of 22 progressive states of Large Reclining Nude, 1935, The Jewish Museum
  38. Heftrig, Ruth; Olaf Peters; Barbara Maria Schellewald [editors] (2008), Kunstgeschichte im "Dritten Reich": Theorien, Methoden, Praktiken, Akademie Verlag, p. 429; Spurling, Hilary, Matisse the Master: A Life of Henri Matisse, the Conquest of Colour, 1909–1954, p.424.
  39. Gilbert, Martin (2002). The Routledge Atlas of the Holocaust. Psychology Press. পৃষ্ঠা. 10. ISBN 978-0-415-28145-4. http://books.google.com/books?id=pYs5OSnsrHwC&printsec=frontcover&dq=The+Routledge+atlas+of+the+Holocaust&hl=en&ei=VjZYTf2UO4Sq8AaSr9GABw&sa=X&oi=book_result&ct=result&resnum=1&ved=0CCsQ6AEwAA#v=snippet&q=Rudolf%20Levy&f=false. 
  40. Ruhrberg, Karl (1986). Twentieth Century art: Painting and Sculpture in the Ludwig Museum. Rizzoli. পৃষ্ঠা. 55. ISBN 978-0-8478-0755-0. http://books.google.com/books?ei=61RbTffWD8KC8gbAk43KDQ&ct=result&id=VqRPAAAAMAAJ&dq=%22rudolf+levy%22+aushwitz&q=%22rudolf+levy%22+#search_anchor. 
  41. Catherine Bock-Weiss (2009). Henri Matisse: Modernist Against the Grain. Penn State Press. পৃষ্ঠা. 147. ISBN 9780271035123. "Natural enough, since he was surrounded by priests and nuns during his later illnesses and while working on the Venice Chapel, even though he remained a convinced atheist." 
  42. Sister Jacques-Marie Influence for Matisse's Rosary Chapel, Dies, NY Times, 29 September 2005 Retrieved 27 July 2010
  43. French Professor Directs "Model for Matisse", Carnegie Mellon Today, 30 June 2003. Retrieved 30 July 2007.
  44. David Rockefeller, It is a pleasure to welcome you to the Union Church of Pocantico Hills, Union Church of Pocantico Hills website, accessed 30 July 2010
  45. Butler, Desmond. "Art/Architecture; A Home for the Modern In a Time-Bound City", The New York Times, 10 November 2002. Retrieved 25 December 2007.
  46. The Modern Acquires a 'Lost' Matisse, The New York Times, 8 September 2005
  47. "Marguerite Duthuit, a Model In Art of Matisse, Her Father", New York Times, 3 April 1982
  48. Russell, John (1999). Matisse, Father & Son. New York: Harry N. Abrams. pp.387–389 ISBN 0-8109-4378-6
  49. Metropolitan Museum exhibition of works from the Pierre Matisse Gallery, accessed online 20 June 2007, http://www.metmuseum.org/special/Matisse/collection_more.htm
  50. http://arsny.com/requested.html | Most frequently requested artists list of the Artists Rights Society
  51. Nan Robertson. "Modern Museum is Startled by Matisse Picture" New York Times, 5 December 1961.
  52. Child, Ben (14 February 2011). "Al Pacino to play Henri Matisse". The Guardian. http://www.guardian.co.uk/film/2011/feb/14/al-pacino-to-play-henri-matisse। আহৰণ কৰা হৈছে: 29 April 2012. 
তথ্য-সমল
  • Alfred H. Barr, Jr., Matisse: His Art and His Public New York: The Museum of Modern Art, 1951. ISBN 0-87070-469-9; ISBN 978-0-87070-469-7.
  • Olivier Berggruen and Max Hollein, Editors. Henri Matisse: Drawing with Scissors: Masterpieces from the Late Years. Prestel Publishing, 2006. ISBN 978-3791334738.
  • F. Celdran, R.R. Vidal y Plana. Triangle : Henri Matisse – Georgette Agutte – Marcel Sembat Paris, Yvelinedition, 2007. ISBN 978-2-84668-131-5.
  • Jack Cowart and Dominique Fourcade. Henri Matisse: The Early Years in Nice 1916–1930. Henry N. Abrams, Inc., 1986. ISBN 978-0810914421.
  • Raymond Escholier. Matisse. A Portrait of the Artist and the Man. London, Faber & Faber, 1960.
  • Lawrence Gowing. Matisse. New York, Oxford University Press, 1979. ISBN 0-19-520157-4.
  • Hanne Finsen, Catherine Coquio, et al. Matisse: A Second Life. Hazan, 2005. ISBN 978-2754100434.
  • David Lewis. "Matisse and Byzantium, or, Mechanization Takes Command" in Modernism/modernity 16:1 (January 2009), 51–59.
  • John Russell. Matisse, Father & Son, published by Harry N. Abrams, NYC. Copyright John Russell 1999, ISBN 0-8109-4378-6
  • Pierre Schneider. Matisse. New York, Rizzoli, 1984. ISBN 0-8478-0546-8.
  • Hilary Spurling. The Unknown Matisse: A Life of Henri Matisse, Vol. 1, 1869–1908. London, Hamish Hamilton Ltd, 1998. ISBN 0-679-43428-3.
  • Hilary Spurling. Matisse the Master: A Life of Henri Matisse, Vol. 2, The Conquest of Colour 1909–1954. London, Hamish Hamilton Ltd, 2005. ISBN 0-241-13339-4.
  • Alastair Wright. Matisse and the Subject of Modernism Princeton, Princeton University Press, 2006. ISBN 0-691-11830-2.

অধিক জানিবলৈ[সম্পাদনা কৰক]

  • Nancy Marmer, "Matisse and the Strategy of Decoration," Artforum, March 1966, pp. 28–33.

বৰ্হি-সংযোগ[সম্পাদনা কৰক]

সাঁচ:Matisse সাঁচ:Fauvism